Wednesday, December 15, 2010

মোৰ বেতাঁৰ নিগনিটো...

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে "মাউচ্" বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি' বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷

এই কথা কওঁতে এজন বন্ধুৱে মোক যুক্তি দিলে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ৱ৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো' বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷

আন এজন বন্ধুৱে ক’লে এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰিব৷ মই ভাৱো প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালীৰ সৃষ্টি নহয়৷ কিন্তু ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷

আন এটা শব্দ - "সতাঁৰ"৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ কিয় বাৰু? আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত উদ্যমী নহওঁ কিয়?

যাহওঁক,  তথ্যপ্ৰযুক্তি সমন্ধীয় কিছুমান ন-পুৰণি অসমীয়া শব্দ আপোনালোকৰ নিজস্ব জালপঞ্জী বা আন লিখনিত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো৷
১৷ নিগনি
২৷ নিগনি(ৰ)-দলিচা
৩৷ কঠিনতন্ত্ৰ
৪৷ স্নিগ্ধতন্ত্ৰ
৫৷ পৰ্দা
৬৷ পৰশ-পৰ্দা
৭৷ বিনোদ-দণ্ড
৮৷ চাবিফলি
৯৷ কোলাতলোৱা
১০৷ মেজতথোৱা
১১৷ আন্তঃজাল
১২৷ জালস্থান
১৩৷ জালপৃষ্ঠা
১৪৷ স্মৃতি
১৫৷ সতাঁৰ
১৬৷ পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭৷ সন্ধানযন্ত্ৰ
১৮৷ যান্ত্ৰিক মকৰা
১৯৷ জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০৷ সতাঁৰ
২১৷ বেতাঁৰ
২২৷ মুদ্ৰক
২৩৷ নিবেশপেৰা
২৪৷ নিৰ্গমপেৰা
২৫৷ প্ৰেৰিতপেৰা
২৬৷ চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭৷ আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮৷ জুলিয়া ষ্ফটিক পৰ্দা

আদি৷ অৰ্থসমূহ মই ইয়াত লিখি নিদিও৷ যদি অৰ্থ ধৰিব পৰা নাই, তেন্তে ই ভাল শব্দ নহয়, গতিকে ব্যৱহাৰ নকৰিব৷

ব্যৱহাৰেহে কোনটো শব্দ গ্ৰহণীয় হ’ব বা নহ’ব তাক নিৰূপণ কৰিব৷ গতিকে just ব্যবহাৰ কৰক, শব্দটো জনপ্ৰিয় কৰি তোলক, বছ, আন কোনো তৰ্ক-বিৰ্তক, যুক্তি-অযুক্তি কৰাৰ প্ৰয়োজন নাই৷ সময়ৰ অগ্নি-পৰীক্ষাত এইবোৰে যদি উত্তীৰ্ণ হয়, সমাজে যদি গ্ৰহণ কৰে, এসময়ত এইবোৰে অভিধানত স্থান পাব৷ অন্যথা ভাষানৈয়ে পাৰত এৰি থৈ যাব আৰু ক্ৰমান্নয়ে সময়ৰ বুকুত জাহ যাব৷

ইয়াকে কৈ আজি মই বেতাঁৰ নিগনিটোৰ বাওঁবুটামটোত টিপা মাৰিলো৷

5 comments:

  1. আপোনাৰ জালপঞ্জী পঢ়ি ভাল লাগিল...এনেধৰণৰ শব্দ সমূহ আমি নিশ্চয় ব্যৱহাৰ কৰিব পাৰো...সম্পূৰ্ণ যুক্তিগত শব্দ এইকেইতা....

    ReplyDelete
  2. পঢ়ি ভাল লাগিল৷ মোৰ বোধেৰে শব্দবোৰ যদি আমাৰ কাকত-আলোচনীয়ে গ্ৰহণ কৰি প্ৰকাশ নকৰে তেন্তে বিশেষ লাভ নহ'ব৷ প্ৰথম কথা আমি নিজেই শব্দবোৰ লিখি একোটা লেখা প্ৰস্তুত কৰিব লাগিব৷ কিন্তু সম্পাদকৰ স্বাধীনতাক কোনে বাধা দিব? ইয়াৰ বাবে প্ৰথমতে কোনো কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব৷ CILL-য়ে এনে শব্দৰে আমাক এখন তালিকা প্ৰস্তুত কৰি দিছিল৷ কিন্তু আমি কাম কৰিবলৈ অহাৰ সময়ত সেইবোৰ নাকচ কৰা হৈছিল৷ কাৰণ সকলোৱে সহজতে বুজি পোৱাটোকে প্ৰাধান্য দিয়ে৷ তেওঁলোকৰ মতে ম'বাইল, ৰেডিঅ' যেনেকৈ অসমীয়া শব্দ হৈ পৰিছে সেইদৰে মাউচ, ইণ্টাৰনেট শব্দবোৰো অসমীয়া হৈ পৰিছে৷ এনে শব্দবোৰে অসমীয়া উচ্চাৰণ গ্ৰহণ কৰিছে৷ কিন্তু মই আপোনাৰ লগত একমত৷

    ReplyDelete
  3. This comment has been removed by the author.

    ReplyDelete
  4. This comment has been removed by the author.

    ReplyDelete
  5. কাঞ্চন, ধন্যবাদ৷ শুদ্ধ কৰি দিলো, কিন্তু তোমাৰ অনুৰোধ মতে মন্তব্যটো বাতিল কৰাটো প্ৰয়োজনীয় বুলি নাভাবিলো, গতিকে ৰাখিলো৷

    ReplyDelete