Showing posts with label ঘটনা. Show all posts
Showing posts with label ঘটনা. Show all posts

Saturday, June 20, 2020

এজন তৈল অভিযন্তা হিচাপে ক’ব বিছাৰো ---

বাঘজানৰ ঘটনাটোৱে সকলোকে আমনি কৰাৰ দৰে ই মোকো আমনি কৰিছে৷ বায়ু-জল-স্থল প্ৰদূষণ হোৱাৰ কাৰণে আন বহুতৰ দৰে মোৰ অন্তৰেও কান্ধিছে৷ আজি খাদটোত জুই জ্বলি উঠাৰ বাবে মৰ্মাহিত হৈছো৷ কিন্তু লগতে দুখ লাগিলে বহু লোকে এই উদ্যোগৰ লগত জড়িত সকলোকে গোৱাল গালি দিয়াৰ বাবে৷

তেওঁলোকে হয়তো নাজানে, এই অনিয়ন্ত্ৰিত হৈ পৰা খাদটোৰ দৰে আন বহু খাদ আজিও নিয়ন্ত্ৰিত হৈ আছে৷ সেই নিয়ন্ত্ৰিত খাদবোৰৰ পৰা উৎপাদিত খনিজ তেল, বহু প্ৰক্ৰিয়াৰ মাজেৰে শোধিত হৈ প্ৰস্তুত হোৱা পেট্ৰল-ডিজেলৰ দ্বাৰাই তেওঁলোকৰ গাড়ী চলিছে, কোৰোনা মহামাৰীৰ সময়ত এম্বুলেঞ্চ চলিছে, খোৱা যোগান ধৰা মাল বাহী গাড়ীবোৰ চলিছে৷ হয়তো বিজুলি চাকিও চলিছে এনে এটা খাদৰ পৰা ওলোৱা গেছ দহন কৰি চলোৱা এটা টাৰ্বাইনৰ সহায়তে৷

প্ৰকৃতিয়ে দিয়া এই সম্পদবোৰ আমি মানুহ জাতিয়ে নিজৰ কামত লগাব পৰাটোৱে আমাক জীৱশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে৷ প্ৰকৃতিৰ এই অপাৰ শক্তিক নিয়ন্ত্ৰণত ৰাখি নিজৰ কামত ব্যৱহাৰ কৰা কামটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ কোনো দুৰ্ঘটনা নোহোৱাকৈ, বায়ু-পানী প্ৰদূষণ নোহোৱাকৈ, পশু-পক্ষী কিম্বা মানৱ জীৱন ক্ষতি নোহোৱাকৈ, তৰু-লতাৰ কোনো হানি নোহোৱাকৈ কৰাটো৷ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি আমি তৈল-কাৰ্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছো৷

তাতে বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত আৰু কোৰোনা মহামাৰীৰ বাবে চাহিদা কমি যোৱাৰ কাৰণে আন্তৰ্জাতিক বজাৰত খনিজ তেলৰ দাম কমি আহিছে৷ ফলত আমাৰ ওপৰত হেঁ‌চাও বহুত৷ সকলোতে উৎপাদন খৰচ কমোৱাৰ হেঁ‌চা৷ ইতিমধ্যে বহু তৈল-কোম্পানী দেৱলীয়া হৈছে, বহুজনে চাকৰি হেৰুৱাব লগাও হৈছে৷ বিশ্বৰ বহু তৈল কৰ্মী আজি কৰ্মহীনতাত ভুগিছে৷

সি যিকি নহওক, বাঘজানৰ দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বা যান্ত্ৰিক বিজুতি বা যি কাৰণতেই নহওক, আমি আশাবাদী ই শীঘ্ৰেই নিয়ন্ত্ৰণত আহিব৷ সময় লাগিব পাৰে, কিন্তু ই নিশ্চয় অভিযন্তাসকলৰ হাতৰ মুঠিলৈ আহিব৷ ওচৰৰ গাওঁবাসীয়ে উচিত ক্ষতিপুৰণ পাব আৰু হাবি-বননি আকৌ সেউজ হৈ উঠিব৷ সেই সেউজীয়া গছ-গছনীৰে আৱৰা এই বাঘজান খাদৰ পৰাই উৎপাদিত গেছ আহি আমাৰ ৰান্ধনি ঘৰৰ চৌকা জ্বলাব৷

Thursday, May 1, 2014

উৰাজাহাজখন ক’ত গ’ল ?

প্ৰায় ২৫০জন যাত্ৰী কঢ়িয়াই নিব পৰা ২২০ টন ওজনৰ এখন উৰাজাহাজ আকাশত অন্তৰ্ধান হৈ গ’ল !!

হয়, 'মালায়চিয়া এয়াৰলেইঞ্চ'ৰ উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়চিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ১৪খন দেশৰ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ প্ৰায় ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা নোহোৱা হৈ যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷

লগে লগে এক বিশাল আন্তৰ্জাতিক সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত সন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই সন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত কৰা হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়চিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত বিমানখনৰ কোনো ভগ্নাংশ নোপোৱাত, ১৫মাৰ্চৰ দিনা অনুসন্ধানকাৰীসকলে ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি বিমানখন ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চিম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰে৷ সেইবাবে মালায়চিয়াৰ অনুৰোধত, অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলায়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ যুজাৰু বিমান, সাগৰীয় জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানীত, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ধাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজ 'ব্লুফিন-২১'-ৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷
ব্লুফিন-২১

এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷