Showing posts with label নাটক. Show all posts
Showing posts with label নাটক. Show all posts

Thursday, October 20, 2011

মেইড ইন আচাম !!

এই নাটকখন সৃষ্টি কৰা হৈছিল ২০০৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত আবু-ধাবি চহৰত থকা অসমৰ মানুহ কেইজনমানৰ যৌথ প্ৰচেষ্টাত৷ শ্ৰীমন্দ (মন্দাৱস্থা = Recession) এই নাটৰ সুত্ৰধাৰ তথা খলনায়ক৷ তেওঁৰ কথা কেৱল নৈপথ্যৰ পৰাও কৰিব পাৰি অথবা এজন অভিনেতায়েও কৰিব পাৰে৷

ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হয় ডুবাইৰ ২০০৯ চনৰ ৰঙালী বিহু অনুস্থানত৷
অংশ গ্ৰহণকাৰীসকল: শ্ৰী বিক্ৰম ম. বৰুৱা (ৰাজ), শ্ৰী ধৰ্মানন্দ মজুমদাৰ (শ্ৰীমন্দ), শ্ৰী বিভুতিব্ৰত শৰ্মা (জ্যেষ্ঠ ৰাজ), শ্ৰী সুমন্ত দত্ত (হাচান), শ্ৰী ধ্ৰুৰ্জ্যোতি চলিহা (ৰূপ), শ্ৰী স্থৱীৰজিৎ চলিহা (জিৎ), শ্ৰী প্ৰশান্ত মহন্ত (মিষ্টাৰ কুত্তি) আৰু শ্ৰী পদ্মনীল লহকৰ (বেংক কৰ্মচাৰী - জন)৷


দৃশ্য-১: ফোনত কথা-বতৰা

শ্ৰীমন্দ:    হা হা হা! মই শ্ৰীমন্দ, কৰো সকলো লণ্ড-ভণ্ড!! গোটেই পৃথিবী গ্ৰাস কৰি আহি আছো – এতিয়া UAE-ৰ পাল্লা, কি কৰিব পাৰো চাওঁ ৰ ইহতক৷
(ৰাজে পোছাকী কাপোৰ পিদ্ধি অফিচলৈ যাবলৈ সাজু হয়৷)

শ্ৰীমন্দ:    ইহ! ৰাজৰ ইস্তাইল চা, কোট টাই মাৰি অফিচ যাব ওলাইছে, মিদল ইস্তত কাম কৰে একেবাৰে ফুলি আছে...
 (ফোনটো বাজি উঠে)
শ্ৰীমন্দ: ৰাতিপুৱাই কাৰ ফোন আহিল?
(দেউতাকৰ (জ্যেষ্ঠ ৰাজ) লগত ফোনত কথা পাতি পাতি ---)
ৰাজ:    হেল্লো, দেউতা, গুৱাহাটিত ভালনে?
জ্যেষ্ঠ ৰাজ:    অ’ ভাল, তই ভালে আছনে? শুন! আইজনীৰ বিয়াৰ দিন ঠিক হৈ গ’ল – অহা বহাগৰ 10 তাৰিখে৷
ৰাজ:    বৰ ভাল খবৰ, বৰ ভাল খবৰ, তই যা-যোগাৰ কৰি দে… মোৰ ফালৰ পৰা যি পাৰো পইছা পঠিয়াই আছো৷
জ্যেষ্ঠ ৰাজ:    হ’ব বাৰু, আৰু শুন, ঘৰৰ বিল্ডাৰৰ পৰা নতুন demand letterখন আহিলে৷
ৰাজ:    ঠিক আছে, মই যিমান পাৰো সোনকালে তাৰ পইছাখিনিও পঠিয়াই দিম৷ বাৰু থৈছো এতিয়া৷
জ্যেষ্ঠ ৰাজ:    বাৰু থ, ভালে ভালে থাকিবি৷