A science-fiction story authored by me published in famous Assamese fortnightly Prantik 1-15 May 2001. In this story, I am talking about averting a major earth-quake by countering it with controlled thermonuclear reactions.
Thursday, August 19, 2021
Sunday, June 6, 2021
গণতন্ত্ৰ, প্ৰশাসন আৰু কৃত্ৰিম বুদ্ধিমত্তা
আমি প্ৰায়ে শুনিবলৈ পাওঁ, কৃত্ৰিম বুদ্ধিমত্তা থকা ৰবটে বা যন্ত্ৰ-মানৱে তেজ-মঙহৰ মানুহৰ কামবোৰ কঢ়ি ল’ব, তেওঁলোক কৰ্মহীনতাত ভুগিব৷ আমোজনকভাৱে চাকৰি হেৰুৱাবলগীয়া লোকসকলৰ ভিতৰত হয়তো প্ৰথম হ’ব ৰাজনীতিজ্ঞসকল অৰ্থাৎ আমাৰ সাংসদ, বিধায়কসকল !!
ইণ্টাৰনেটত বিচৰণ কৰি ফুৰোতে শেহতীয়কৈ এক আমোদজনক নিবন্ধত চকু পৰিল৷ স্পেইনত অৱস্থিত আই-ই বিশ্ববিদ্যালয়ৰ “চেণ্টাৰ ফৰ দা গভাৰ্ণেন্স অৱ চেঞ্জ” বা “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ গৱেষকসকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১১খন দেশৰ ২৭৬৯জন বিশেষজ্ঞক সুধিছিলে, তেওঁলোকে দেশৰ সাংসদসকলৰ আসন, কিছুমান কৃত্ৰিম বুদ্ধিমত্তাক গতাই দিয়া কথাটোৰ বিষয়ে কি ভাৱে? এই সমীক্ষাৰ ফলাফল অলপতে প্ৰকাশ পাই৷ দেখিবলৈ পোৱা গ’ল, বৰ্তমানৰ কৃত্ৰিম-বুদ্ধিমত্তাৰ বহুতো সীমাবদ্ধতা থকা স্বত্তেও, ইউৰোপৰ সঁহাৰি দিওঁতাসকলৰ ৫১% ই এই পদক্ষেপক সমৰ্থন কৰে৷ ইউৰোপৰ বাহিৰত, চীনদেশত ৭৫%ই এই প্ৰস্থাৱ সমৰ্থন কৰে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০%ই ইয়াক বিৰোধ কৰে৷
Ref:
আই-ই বিশ্ববিদ্যালয়ৰ “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ শৈক্ষিক সঞ্চালক আৰু প্ৰতিবেদনখনৰ অন্যতম মুখ্য গৱেষক শ্ৰী অস্কাৰ জনছনে কৈছিল যে “সমীক্ষাৰ এনে ফলাফলৰ মূল কাৰক হৈছে যোৱা কেই দশকমান ধৰি প্ৰশাসনৰ এক প্ৰকাৰ ৰূপে 'গণতন্ত্ৰ'ত মানুহৰ বিশ্বাস হ্ৰাস পাই অহাটো।”
কাৰকসমূহ সম্ভবতঃ ক্ৰমবৰ্ধিত ৰাজনেতিক মেৰুকৰণ, মিথ্যাচাৰ, সীমিত আৰু ভ্ৰান্তিকৰ তথ্য প্ৰচাৰ আদিৰ লগত সম্পৰ্ক থাকিব পাৰে৷ শ্ৰী জনছনে আৰু কয়, “আজি প্ৰতিজন নাগৰিকৰ ধাৰণা হ’বলৈ ধৰিছে যে ৰাজনীতিৰ ক্ৰমান্নয়ে অৱনতি ঘটিছে, আৰু তাৰ বাবে জগৰীয়া কৰা হৈছে ৰাজনীতিবিদসকলক৷ গতিকে, মই ভাৱো, জনগণই তেওঁলোকৰ সাংসদজনক কিমান চিনি পাই, কিমান জনে সাংসদজনৰ লগত সম্পৰ্কত থাকে অথবা কিমানজনে সাংসদজনে কি কৰি আছে তাৰ ভু লয় আদিৰ পৰিপেক্ষিতত এই প্ৰতিবেদনখনে হয়তো সৰ্বসাধাৰণৰ উমৈহতীয়া মনোভাৱ প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে৷”
Saturday, June 20, 2020
আনালেম্মা
এজন তৈল অভিযন্তা হিচাপে ক’ব বিছাৰো ---
বাঘজানৰ ঘটনাটোৱে সকলোকে আমনি কৰাৰ দৰে ই মোকো আমনি কৰিছে৷ বায়ু-জল-স্থল প্ৰদূষণ হোৱাৰ কাৰণে আন বহুতৰ দৰে মোৰ অন্তৰেও কান্ধিছে৷ আজি খাদটোত জুই জ্বলি উঠাৰ বাবে মৰ্মাহিত হৈছো৷ কিন্তু লগতে দুখ লাগিলে বহু লোকে এই উদ্যোগৰ লগত জড়িত সকলোকে গোৱাল গালি দিয়াৰ বাবে৷
তেওঁলোকে হয়তো নাজানে, এই অনিয়ন্ত্ৰিত হৈ পৰা খাদটোৰ দৰে আন বহু খাদ আজিও নিয়ন্ত্ৰিত হৈ আছে৷ সেই নিয়ন্ত্ৰিত খাদবোৰৰ পৰা উৎপাদিত খনিজ তেল, বহু প্ৰক্ৰিয়াৰ মাজেৰে শোধিত হৈ প্ৰস্তুত হোৱা পেট্ৰল-ডিজেলৰ দ্বাৰাই তেওঁলোকৰ গাড়ী চলিছে, কোৰোনা মহামাৰীৰ সময়ত এম্বুলেঞ্চ চলিছে, খোৱা যোগান ধৰা মাল বাহী গাড়ীবোৰ চলিছে৷ হয়তো বিজুলি চাকিও চলিছে এনে এটা খাদৰ পৰা ওলোৱা গেছ দহন কৰি চলোৱা এটা টাৰ্বাইনৰ সহায়তে৷
প্ৰকৃতিয়ে দিয়া এই সম্পদবোৰ আমি মানুহ জাতিয়ে নিজৰ কামত লগাব পৰাটোৱে আমাক জীৱশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে৷ প্ৰকৃতিৰ এই অপাৰ শক্তিক নিয়ন্ত্ৰণত ৰাখি নিজৰ কামত ব্যৱহাৰ কৰা কামটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ কোনো দুৰ্ঘটনা নোহোৱাকৈ, বায়ু-পানী প্ৰদূষণ নোহোৱাকৈ, পশু-পক্ষী কিম্বা মানৱ জীৱন ক্ষতি নোহোৱাকৈ, তৰু-লতাৰ কোনো হানি নোহোৱাকৈ কৰাটো৷ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি আমি তৈল-কাৰ্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছো৷
তাতে বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত আৰু কোৰোনা মহামাৰীৰ বাবে চাহিদা কমি যোৱাৰ কাৰণে আন্তৰ্জাতিক বজাৰত খনিজ তেলৰ দাম কমি আহিছে৷ ফলত আমাৰ ওপৰত হেঁচাও বহুত৷ সকলোতে উৎপাদন খৰচ কমোৱাৰ হেঁচা৷ ইতিমধ্যে বহু তৈল-কোম্পানী দেৱলীয়া হৈছে, বহুজনে চাকৰি হেৰুৱাব লগাও হৈছে৷ বিশ্বৰ বহু তৈল কৰ্মী আজি কৰ্মহীনতাত ভুগিছে৷
সি যিকি নহওক, বাঘজানৰ দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বা যান্ত্ৰিক বিজুতি বা যি কাৰণতেই নহওক, আমি আশাবাদী ই শীঘ্ৰেই নিয়ন্ত্ৰণত আহিব৷ সময় লাগিব পাৰে, কিন্তু ই নিশ্চয় অভিযন্তাসকলৰ হাতৰ মুঠিলৈ আহিব৷ ওচৰৰ গাওঁবাসীয়ে উচিত ক্ষতিপুৰণ পাব আৰু হাবি-বননি আকৌ সেউজ হৈ উঠিব৷ সেই সেউজীয়া গছ-গছনীৰে আৱৰা এই বাঘজান খাদৰ পৰাই উৎপাদিত গেছ আহি আমাৰ ৰান্ধনি ঘৰৰ চৌকা জ্বলাব৷
Thursday, December 20, 2018
পৰামৰ্শৰ বাবে চিঠি ...
06-জুলাই-2018
প্ৰস্তাৱ নং-১: “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”
প্ৰস্তাৱ নং-২: লিপ্যান্তৰ বিধি
প্ৰস্তাৱ নং-৩: অৰ্হতা পৰীক্ষা
ব্যৱহাৰ কৰা শব্দ
|
সুপ্ৰতিস্থিত অসমীয়া শব্দ
|
অৰ্থ
|
ৰেংক
|
স্থান
|
কোনো পৰীক্ষাৰ ফলাফল
|
পেলিকান
|
ঢেলা চৰাই
|
এবিধ চৰাই
|
দপ্তৰ
|
বিভাগ
|
মন্ত্ৰিত্ব
|
প্ৰস্তাৱ নং-৪: ইউনিকোড ব্যৱহাৰ
Monday, September 10, 2018
ৰানাপ বনাম এন আৰ চি
আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ প্ৰতি দিনে আমি কোনো নতুন আহিলাৰ উৎভাৱনৰ সন্মূখিন হৈছো আৰু ক্ৰমান্নয়ে সেইবোৰ আমি ব্যৱহাৰ কৰিবলৈ লৈছো৷ মবাইল ফোন, কম্পিইটাৰ, কী-বৰ্ড, মাউছ, ছিম-কাৰ্ড, আৰু শেহতীয়াকৈ ‘টোল গেট’ আদিৰ দৰে কিছুমান বস্তু আমাৰ জীৱনত ওতঃপ্ৰোতঃ ভাৱে জৰিত হৈ পৰিছে৷ এই পাৰ্থিৱ বস্তুবোৰৰ লগে লগে কিছুমান অপাৰ্থিৱ ধাৰণায়ো আমাৰ জীৱনত প্ৰভাৱ পেলাব ধৰিছে৷ অনলাইন-আলোচনী, অনলাইন-বেংকিং, ৱেব-চাইট, ই-প্ৰশাসন, জি এছ টি, এন আৰ চি আদিৰ দৰে অপাৰ্থিৱ ধাৰণাসমূহো আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে৷
অসমীয়া শব্দ
|
ইংৰাজী প্ৰতিশব্দ
|
গড়-কাপ্তানী
|
PWD
|
অনাতাঁৰ / আকাশবাণী
|
Radio
|
বেতাঁৰ
|
Wireless
|
আকাশী জাহাজ / উৰা জাহাজ
|
Aeroplane
|
দূৰদৰ্শন
|
Television
|
বিদ্যুৎ
|
Electricity
|
আলোকচিত্ৰ
|
Photograph
|
চলচিত্ৰ
|
Movie
|
মহাসাগৰ
|
Ocean
|
প্ৰশান্ত মহাসাগৰ
|
Pacific Ocean
|
মাটি তেল
|
Kerosene
|
নতুন অসমীয়া শব্দ যেনে - 'ৰানাপ' আদি ব্যৱহাৰ কৰিলে প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালিৰ ক্ৰমে কমি আহিব আৰু অৱশেষত নাইকিয়া হ’ব৷ পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ইংৰাজী কিতাপ-আলোচনী প্ৰকাশ হয়৷ তথাপি নতুন ইংৰাজী শব্দ সৃষ্টি আৰু ব্যৱহাৰত কোনো বেমেজালি হোৱা দেখা নাযায়৷ অসমৰ দৰে এখন সৰু প্ৰদেশত তাৰ তুলনাত কেইখন কিতাপ-আলোচনী প্ৰকাশ পায়? যি কেইখন প্ৰকাশ পাই, বহুলভাৱে প্ৰচাৰ হয়, তেওঁলোকৰ সম্পাদক কেইগৰাকীয়ে মাহেকীয়া এখন সভা পাতি তাত একবদ্ধ হৈ প্ৰতিশব্দবোৰ থিৰাং কৰি সকলোতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলি ভাৱোঁ৷ তাৰ বাবে হয়তো এখন ‘কমিটী’ পাতি ল’ব লাগিব৷
কিন্তু --
সেইদিনাখন কোনো অসমীয়া বাতৰিৰৰ শিৰোনামাত 'ছুপ্ৰিম ক’ৰ্ট' শব্দটো ব্যৱহাৰ কৰা দেখি মনটো সেমেকি গ’ল৷ 'হাই ক’ৰ্ট' বুলিও লিখা দেখা গ'ল৷ অসমীয়া জাতিৰ অস্থিত্বৰ কথা দোহাৰি দি থকা সেই বাতৰি-কাকতসমূহে অসমীয়াত 'উচ্চতম ন্যায়ালয়'ৰ দৰে এটা সুন্দৰ শব্দ থাকোতে, কিয় ইংৰাজী শব্দ এটা লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিলে নুবুজিলোঁ৷ ভাষাটো বিশুদ্ধ কৰি ৰখাতকৈ বিকৃত কৰাতহে যেন তেওঁলোক উৎসাহী৷ কোনো ভাষাত আন ভাষাৰ প্ৰভাৱ পৰিব পাৰে, তাক নুই কৰিব নোৱাৰি৷ ইংৰাজী ভাষাতো আমাৰ ভাষাৰ পৰা 'মাউট' (Mahout), 'গুৰু' (Guru), 'অৱতাৰ' (Avatar), 'নিৰ্বাণ' (Nirvana), 'যোগ' (Yoga) আদি শব্দ ৰপ্তানি হৈছে, কিয়নো এই শব্দই প্ৰকাশ কৰা ভাৱ ইংৰাজীত নাছিল৷ কিন্তু অসমীয়াত 'উচ্চতম ন্যায়ালয়'ৰ দৰে এটা জনপ্ৰিয় তথা সঠিক ভাৱ প্ৰকাশ কৰিব পৰা শব্দ থাকোতে এখন আনুস্থানিক মঞ্চত 'ছুপ্ৰিম ক’ৰ্ট' শব্দটো বাৰম্বাৰ ব্যৱহাৰ কৰি অসমীয়া ভাষাটোৰ বহু অনিষ্ট কৰি আছে বুলি ভাৱো৷ তেওঁলোকে যুক্তি দিব পাৰে যে 'ছুপ্ৰিম ক’ৰ্ট' শব্দটোৱে সথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, সকলোৱে ইয়াৰ অৰ্থ বুজি পায়, ই অসমীয়া ভাষাৰ এটা শব্দ স্বৰূপ হৈ পৰিছে৷ গতিকে মান্য লিখিত ৰূপত ব্যৱহাৰ কৰিব পাৰি৷ কিন্তু মান্য ভাষাত ইতিমধ্যে এটা সৰ্বজন গৃহীত শব্দ থাকোতে আন এটা শব্দ আমদানী সহজে কৰা উচিত নহয়, ভাষাটোৰ স্থিৰতাৰো প্ৰয়োজন৷
আজিকালি আমাৰ হস্পিতালবোৰত 'আপাতকালীন বিভাগ' বুলি লিখা দেখা যায়। অসমীয়াত এটা শুৱলা সঠিক ভাৱ প্ৰকাশ কৰা শব্দ 'জৰুৰীকালীন' থাকোতে হিন্দীৰ পৰা পোণপতীয়াকৈ 'আপাতকালীন' শব্দটো আমদানী কৰা সমুলি উচিত হোৱা নাই৷ তেনেকৈ প্ৰয়োগ হৈছে - 'অৱগত কৰাওক'৷ অসমীয়াত 'জনাওক' সহজ, সৰল শব্দ এটা আছেই৷
এনে উদাহৰণৰ আজিৰ দিনত সীমা-সংখ্যা নাই৷
অসমীয়া ভাষালৈ আমদানী হৈ থকা এনে কিছুমান শব্দ আৰু বানানে মোৰ মনত প্ৰায়েই খু-দুৱনি লগাই থাকে৷ আমি এই আমদানী দায়ীত্ব সহকাৰে কৰিছোনে? উচ্চ মানদণ্ডৰ নিৰ্ভেজাল চালানী মাছ নিশ্চয় খাম, কিন্তু বিষাক্ত ৰসায়ন দিয়া মাছ বৰ্জন কৰিবই লাগিব৷ থিক তেনেকৈ অনাৱশ্যক শব্দৰ আমদানীও বৰ্জন কৰিব লাগিব৷ 'ৰানাপ', 'নাগৰিকত্ব', 'অসমীয়াৰ সংজ্ঞা', 'অসমীয়াৰ অস্থিত্ব' আদিৰ হুলস্থলবোৰৰ মাজতে এই অস্থিত্বৰ মূল ভেটি আৰু উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন জন-গোষ্ঠিৰ এনাজৰী স্বৰূপ অসমীয়া ভাষাত আমাৰ অজানিতে কেৰোণে ধৰিছে নেকি - সতৰ্কতাৰে চাব লাগিব৷
লিপ্যন্তৰ:
প্ৰতিটো ভাষাত কিছুমান নিজস্ব উচ্চাৰণ শৈলী থকাটো স্বাভাৱিক৷ ইংৰাজী/হিন্দী/বাংলা আদি ভাষাত অসমীয়া 'স' উচ্চাৰণ নাই৷ 'ধ' মানে 'dh' উচ্চাৰণো ইংৰাজীৰ বাবে আচহুৱা - কাৰণ ভাৰতীয় ভাষাৰ পৰা অহা দুটামান শব্দ যেনে 'Dharma', 'Dhoti' আদিৰ বাদে ইংৰাজীৰত কোনো শব্দত 'dh'- থকা দেখা নাযায়৷ আনহাতে, অসমীয়াতো বহু উচ্চাৰণ নাই৷ যেনে - 'ch' উচ্চাৰণ৷ চ/ছ, ত/ট, থ/ঠ, দ/ড, ধ/ঢ, ন/ণ - মূধন্য আৰু দন্ত্য দুযোৰকৈ বৰ্ণ আছে যদিও অসমীয়াত এইবোৰৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ 'স'-ৰ এটা বিশেষ উচ্চাৰণ আছে, কিন্তু স/শ/ষ -ৰ উচ্চাৰণসমূহ একেই৷ এইবোৰ ভাষাটোৰ প্ৰতিবন্ধকতা নহয়, বৈশিষ্ট্যহে৷ এই বৈশিষ্ট্যসমূহ অব্যাহত ৰখা আমাৰ দ্বায়িত্ব।
এতিয়া কথা হ’ল এই বৈশিষ্ট্যসমূহ বজাই ৰাখি আন ভাষাৰ পৰা, বিশেষকৈ ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো শব্দ কেনেকৈ আমদানী কৰিম?
বৃটিছসকল যেতিয়া প্ৰথম ভাৰতলৈ আহিছিলে, ইংৰাজীলৈ ভাৰতীয় ভাষাসমূহৰ পৰা শব্দ আমদানী কৰোতে নিজৰ সুবিধা মতে কৰি লৈছিল৷ যেনে - Handique (সন্দিকৈ), Gauhati (গুৱাহাটী), Bombay (মুম্বাই), Banarjee (বন্দোপাধ্যায়), Chatterjee (ছট্টোপাধ্যায়), Ganguly (গাংগোপাধ্যায়), Haflong = (উঁই হাফলু)আদি৷ তেওঁলোকে মূল শব্দটোলৈ ভুক্ষেপ নকৰিছিলে, নিজৰ যেনেকৈ সুবিধা হয়, তেনেকৈ কৈছিল বা লিখিছিল৷ সেই সময়ৰ অসমীয়াসকলো কম নাছিলোঁহক৷ চাহাবৰ মুখত যিয়েই নোলাওক, আমাৰ তামোল খোৱা, খাৰ খোৱা জিভাৰে যি উচ্চাৰণ কৰিব পাৰিছিলো তাকেই গৌৰৱেৰে ব্যৱহাৰ কৰিছিলো আৰু আপোন কৰি লৈছিলোঁ৷ যেনে - গিলাছ (glass), বাকছ (box), টেবুল (table), আপেল (apple), আলি (Alley), বিষ্কুট (Biscuit) আদি৷
ইয়েই আছিল সেই সময়ৰ শব্দ আমদানীৰ শৈলী৷ 'উৎস ভাষা'-ৰ উচ্চাৰণ যিয়েই নহওক, 'পাত্ৰ ভাষা'ৰ সুবিধামতে আমদানী কৰা হৈছিল৷
বৰ্তমান সময়ত হয়তো আমি ইয়াৰ ওলোটা কৰিবলৈ যত্ন কৰি আছো, মানে উৎস ভাষা ইংৰাজী উচ্চাৰণটো সঠিক কৈ প্ৰতিফলিত কৰি পাত্ৰ ভাষা অসমীয়ালৈ লিপ্যন্তৰ কৰিবলৈ চেষ্টা কৰিছো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি'য়ে 'অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি' নামক পুস্তিকা প্ৰকাশ কৰে৷ প্ৰথমটি সংস্কৰণ ১৯৭০ চনত ওলায়৷ তেওঁলোকে ইংৰাজীৰ পৰা অসমীয়া লিপ্যন্তৰৰ বাবে এই শৈলী অৱলম্বন কৰে৷ প্ৰতিটো ইংৰাজী ব্যঞ্জন আৰু স্বৰ ধ্বনি কি অসমীয়া লিপিৰে প্ৰকাশ কৰিব তাক বহলভাৱে বৰ্ণনা কৰে৷ আংশিকভাৱে ইয়াৰ কেইটামান উদাহৰণ তালিকা-১ত দিলো৷
ইংৰাজী ধ্বনি
|
লিখিত
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
অসমীয়া লিপ্যন্তৰ বিধি
|
উদাহৰণ
|
s-ধ্বনি
|
s, c
|
দ্বিতীয় ছ
|
sin = ছিন, base = বে’ছ্, atlas =এট্লাছ্, cell =ছে’ল্
|
ŝ-ধ্বনি
|
S, sc,ss, sh, ti, ch, c
|
শ্ব
|
Persia = পাৰ্শ্বিয়া, Mansion = মেনশ্বন, Nation = নেশ্বন, Station = ষ্টেশ্বন
|
c-ধ্বনি
|
ch, tch, tu, ti, ght
|
প্ৰথম চ
|
church = চাৰ্চ্, chalk = চক্, nature = নেচাৰ্, question = কোৱেছ্চন
|
t-ধ্বনি
|
t, th
|
মূধন্য ট
|
Telephone = টেলিফোন
|
d-ধ্বনি
|
d
|
মূধন্য ড
| |
θ-ধ্বনি
|
th
|
দন্ত্য দ
|
Father = ফাদাৰ্, Northern = নৰ্দাৰ্ন্
|
i/ee-ধ্বনি
|
i / ee
|
হ্ৰৰ্স-ই
|
Sin = ছিন, Seen = ছিন
|
প্ৰায়েই এই নিয়মবোৰ মানি চলা দেখা যায় যদিও বহুতে এইবোৰ দৃঢ়ভাৱে মনা দেখা নাযায়৷ এই ক্ষেত্ৰত কেতিয়াবা এক অৰাজক চলি থকা যেন ভাৱ হয়৷
২০১৩ চনত আমি (xobdo.org-ৰ) কেইজনমানে ইংৰাজী শব্দবোৰ অসমীয়াত লিখি উলিয়াবলৈ থিৰাং কৰিছিলোঁ৷ সেয়ে আমাক এক লিপ্যন্তৰ বিধিৰ প্ৰয়োজন হ’ল৷ ইমেইল / টেলিফোন যোগে বিভিন্নজনৰ কথা-বতৰা পাতিলোঁ৷ মতা-মত ল’লো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তালিকাখন পোণপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি নেকি চিন্তা কৰি চালো৷ ইয়াত এটা সমস্যাই দেখা দিলে - সাধাৰণ অসমীয়া মানুহৰ উচ্চাৰণ শৈলী বা ঠাঁচ (accent) বিশ্লেষণ কৰিলে দেখা যায়, অসমীয়াত মূধন্য আৰু দন্ত্য বৰ্ণ পাৰ্থক্য কৰা নাযায়, প্ৰথম চ আৰু দ্বিতীয় ছ-ও উচ্চাৰণত পাৰ্থক্য নকৰে৷ 'শ্ব' ধ্বনি অসমীয়াত আছে নে নাই ইয়ো বিতৰ্কিত৷ "বিশ্ব" উচ্চাৰণ কৰোতে সৰহভাগ অসমীয়াই "বিচ্-চ’" এই দৰেহে উচ্চাৰণ কৰে৷ গতিকে বিশেষ প্ৰশিক্ষণ নাথাকিলে অসমীয়া বানানটোৰ পৰা সঠিক ইংৰাজী উচ্চাৰণটো ধৰা কঠিন৷ তাতে আমি ভাৱিলো অসমীয়া বাক্য এটাৰ মাজত ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰোঁতে উচ্চাৰণৰ শৈলী একেধৰণৰ হ’লেহে শুৱলা হ’ব৷
সেয়ে আমি অসমীয়াভাষীৰ নিজস্ব উচ্চাৰণ শৈলী অটুট ৰাখি, ইংৰাজী শব্দটো সাধাৰণভাৱে (কোনো বাহিৰা প্ৰভাৱ নথকাকৈ) কেনেকৈ উচ্চাৰণ কৰিলোহেঁতেন তাক প্ৰতিফলিত কৰি এক লিপ্যন্তৰ বিধি তৈয়াৰ কৰি উলিয়ালোঁ৷ বিশ্ব-বিদ্যালয়ৰ তালিকাখনৰ বহুখিনি গ্ৰহণ কৰিলো যদিও এই তালিকাখন কিছু পৃথক হ’ল - কাৰণ আমাৰ ভিত্তি চিন্তাধাৰা পৃথক আছিল৷
আমাৰ চিন্তাধাৰাৰ ভেটি আছিল এনে ধৰণৰ :
১) এক সৰল, সহজে মনত ৰাখীব পৰা, খেলি-মেলি নলগা বিধি৷
২) আমেৰিকান বা বৃটিছ ইংৰাজীৰ উচ্চাৰণ অনুকৰণ কৰাৰ সলনি, থলুৱা অসমীয়াৰ উচ্চাৰণ শৈলীত ইংৰাজী শব্দটো লিখি উলিয়াবলৈ যত্ন কৰা হ’ব৷
৩) অসমীয়া ভাষাত তলৰ বৰ্ণবোৰৰ উচ্চাৰণ একেই বুলি ধৰা হ’ব: চ/ ছ / শ্ব; জ/য; ত/ট/ৎ; থ/ঠ; দ/ড; ধ/ঢ; ন/ণ; স/শ/ষ; ই/ঈ (ি/ ী); উ/ঊ (ু/ ূ); ঙ/ ং
ইংৰাজী শব্দ
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
অসমীয়া লিপ্যন্তৰ বিধি
|
Xobdo.org এ ব্যৱহাৰ কৰা বিধি
|
বাংলা শৈলী
|
Nation
|
নেশ্বন্
|
নেচন্
|
ন্যাশন / ন্যশ্যন
|
Bank
|
বেংক
|
বেংক
|
ব্যাংক
|
Sun
|
ছান
|
চান
|
সান
|
Nature
|
নেচাৰ্
|
নেচাৰ্
|
ন্যাচাৰ
|
The
|
দা / দি
|
ডা / ডি
|
দ্যা / দ্য
|
Issue
|
ইছু
|
ইচু
|
ইছ্যু
|
Seal
|
ছিল
|
চিল
|
সীল
|
তালিকা-৩:
অসমীয়া ধ্বনি
|
ৰোমান লিপি
|
অসমীয়া ধ্বনি
|
ৰোমান লিপি
|
|
অ
|
o
|
থ/ঠ
|
th
|
|
আ/া
|
a
|
দ/ড
|
d
|
|
ই/ঈ/ি/ী
|
i
|
ধ/ঢ
|
dh
|
|
উ/ঊ/ু/ূ
|
u
|
ন/ণ
|
n
|
|
ঋ/ৃ
|
ri
|
ৰ/ড়
|
r
|
|
চ/ছ/স্ব/শ্ব
|
s
|
শ/স/ষ
|
x
|
|
জ/য
|
j
|
ক্ষ
|
khy
|
|
ত/ট
|
t
|
ঢ়
|
rh
|
১) অসমীয়া স/শ/ষ-ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ এই বৰ্ণবোৰ থকা অসমীয়া শব্দবোৰ সংস্কৃত / হিন্দী / বাংলা আদিৰ আলম লৈ S / Sh বৰ্ণত লিখিবলৈ আমি অভ্যস্থ, যেনে - Sarma / Sharma, Sibsagar, Asom etc. কিন্তু এইবোৰে শুদ্ধ অসমীয়া উচ্চাৰণ বহন নকৰে৷ এই উচ্চাৰণৰ বাবে আমি X বৰ্ণটো গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ কৰোতে বহু বিৰুধিতাৰ সন্মূখিন হৈছিলোঁ৷ আমি ইয়াৰ যুক্তি দিব লগাত পৰিছিলোঁ যে এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচিয়ান আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'x' ব্যৱহাৰ কৰে৷ "International Phonetic Alphabet" মতেও x ব্যৱহাৰ কৰিব লাগে৷ (এই বিষয়ে ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/International_Phonetic_Alphabet) অৱশেষত অসমীয়াত স/শ/ষ - ৰ বাবে x ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ৷
এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) স-ধ্বনি বুজাবলৈ X লিখিছিল। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ X-কে দিছিল।
২) ইংৰাজীত একোটা ৰোমান লিপিৰ বৰ্ণই একাধিক উচ্চাৰণ প্ৰকাশ কৰিব পাৰে৷ বিশেষকৈ স্বৰ বৰ্ণ কেইটাই৷ যেনে - a (এ = apple, আ=arm), o (অ=omit, ও=hold), u (আ=but, উ=put), g (গ=God, জ=gymnasium) আদি ৷ গতিকে আমি প্ৰতিটো ৰোমান বৰ্ণৰ কোনটো উচ্চাৰণ ব্যৱহাৰ কৰিম তাক থিৰাং কৰি ল’ব লগা হৈছিল৷
৩) বহুতে শ্ব / স্ব-ৰ উচ্চাৰণ অসমীয়াত আছে বুলি দাবী কৰে৷ আন কিছুমানে এই উচ্চাৰণ অসমীয়াত নাই বুলি কয়৷ তেওঁলোকৰ মতে অসমীয়াত সকলো উচ্চাৰণ 'চ'-ৰ দৰে হয়, ৱ-ধ্বনি প্ৰকাশ নাপায়৷ প্ৰথম পক্ষই এওঁলোকৰ উচ্চাৰণ ভুল বুলি ক’ব খোজে৷ তাতে অসমৰ স্থান ভেদে উচ্চাৰণৰ তাৰতম্যও আছে৷ এই বিষয় এতিয়াও বিবাদিত যদিও আমি কেবল চ-ব্যৱহাৰ কৰিম বুলি থিৰাং কৰিলো৷
৪) এক কাক-তালীয় পৰিস্থিতিৰো সৃষ্টি হৈছিল - কথিত ভাষাৰ উচ্চাৰণে বানান নিৰ্ণয় কৰে নে বানানে উচ্চাৰণ নিৰ্ণয় কৰে? আমি কিন্তু শব্দটোৰ অসমীয়াত বানান যিয়েই নহওক কিয়, তাক সচৰাচতে যেনেকৈ উচ্চাৰণ কৰা হয়, তাকহে লিপ্যন্তৰ কৰিছিলো৷
এইখিনিতে আন এটা কৈ থোৱা ভাল হ’ব: "লিপ্যন্তৰ" - "অনুবাদ"(Translation) বা "তৰ্জমা" একে নহয়৷ অনুবাদ কৰিলে কোনো "ভাৱ" এটা ভাষাৰ পৰা আন এটা ভাষাত প্ৰকাশ কৰা হয়৷ কথাটো স্পষ্ট কৰিবলৈ এই উদাহৰণ দিয়া হ’ল: "ভাৰত"-ৰ ৰোমান লিপিত লিপ্যান্তৰ "Bharat", কিন্তু অনুবাদ "India"৷ ঠিক তেনেকৈ "India"-ৰ অসমীয়া লিপিত লিপ্যন্তৰ "ইণ্ডিয়া", কিন্তু অনুবাদ "ভাৰত"৷ এই সকলো শব্দই কিন্তু এটা ধাৰণাই বুজাইছে - আমাৰ দেশখন৷ কেতিয়াবা কিছুমান শব্দৰ "লিপ্যন্তৰ" আৰু "অনুবাদ" কৰাৰ ক্ষেত্ৰত ধুঁৱালী-কুঁৱলী হৈ থকা যেন ভাৱ হয়৷
অসম - Assam / Asom / Axom ইত্যাদি
অসমত আজি এনে এটা ধাৰণা হ’ল - 'অসম' ... অৰ্থাৎ আমাৰ প্ৰদেশখনৰ ধাৰনাটোৱেই৷ আমাৰ ৰাজ্যখনৰ চৰকাৰী ইংৰাজী নাম 'Assam' আৰু অসমীয়াত "অসম"৷ গতিকে ইয়াক ইংৰাজীত প্ৰকাশ কৰিব বিচাৰিলে 'Assam' আৰু অসমীয়াত অনুবাদ কৰিলে বা অসমীয়াত প্ৰকাশ কৰিব বিচাৰিলে 'অসম' এইদৰে লিখাটোহে শুদ্ধ৷ মাজতে অসম বিধান সভাত ৰাজ্যখনৰ ইংৰাজী নাম 'Assam'-ৰ সলনি 'Asom' কৰিবলৈ প্ৰস্তাৱ কৰা হৈছিল৷ সেই সময়ত এই নাম সলনিক লৈ বহু বিৰুধীতা হ’ল৷ অৱশেষত প্ৰস্তাৱটি গৃহীত নহ’ল৷ কিন্তু সেইদিন ধৰি ইংৰাজীত বিভিন্নজনে বিভিন্ন ধৰণে ইয়াক লিখিবলৈ ধৰা দেখা গৈছে৷ যেনে - Asom, Asam, Axom, Oxom ইত্যাদি৷ এইবোৰ হয়তো অসমীয়া 'অসম' শব্দটোৰ লিপ্যন্তৰ কৰাৰহে বিভিন্ন প্ৰয়াস৷ কিন্তু সঠিক লিপ্যন্তৰ কি হোৱা উচিত? প্ৰথমে আহো প্ৰস্তাৱিত 'Asom' বানানটোলৈ৷ ই যদি "অসম" শব্দৰ লিপ্যন্তৰ হয়, তেন্তে এক বিসংগতি দেখা যায়৷ "অসম" শব্দৰ প্ৰথম আৰু দ্বিতীয় দুয়ো ধ্বনিত 'অ' স্বৰ আছে৷ এই ধব্বি বুজাবলৈ যদি a-ব্যৱহাৰ কৰা হয়, তেন্তে লিপ্যন্তৰ হ’ব লাগিছিল - 'Asam'৷ যদি o-ব্যৱহাৰ কৰা হয়, তেন্তে হ’ব লাগিছিল - 'Osom'৷ 'Asom' বানানটোৰ একেটা ধ্বনিৰ বাবে প্ৰথমতে a, পিছত o ব্যৱহাৰ কৰাৰ যুক্তি বুজিব নোৱাৰিলো৷ ইয়াত স-ৰ বাবে s নে x ব্যৱহাৰ কৰিব লাগে সেই আলোচনা নকৰিলোঁ আৰু৷
সামৰণিত ইয়াকে ক’ব বিছাৰিলো যে বৰ্তমান ইংৰাজী-হিন্দী-বাংলা ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাত বাৰুকৈয়ে পৰি আছে৷ ইয়াৰ মাজতে অসমীয়া ভাষাই নিজস্ব উচ্চাৰণ শৈলী, লিপ্যন্তৰ শৈলী, বানান শৈলী অটুট ৰখা অতি প্ৰয়োজন হৈ পৰিছে৷ অসমীয়া ভাষালৈ শব্দ আমদানী কৰোঁতে দায়ীত্ব সহকাৰে কৰা উচিত৷ লিপ্যন্তৰ কৰোতেও কোনো নিয়মাৱলী প্ৰস্তুত কৰি সেইখনৰ মতে সংগতি ৰাখি সকলোতে এক পদ্ধতিৰে পৰা বাঞ্ছনীয়৷ তাৰ বাবে অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত 'চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে' ভূমিকা ল’ব পাৰেনেকি? নে 'অসম সাহিত্য সভাই' এই ভূমিকা ল’ব? নে আমাক এখন নতুন কমিটিৰ প্ৰয়োজন৷ 'ইউনিকোড কনচৰ্টিয়াম'ৰ দৰে হয়তো এটা শক্তিশালী অনুস্থান৷ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ মাজত সমন্নয় ৰখিবলৈ এই কাম কৰিবলৈ আৰু অসমীয়া ভাষাৰ 'একক মান্য ভাষা' (unified standard language) (কথিত / লিখিত দুয়োটা) নিয়ন্ত্ৰক প্ৰাধিকৰণ (Regulatory Authority) এটাৰ জৰুৰীকালীন ভাৱে প্ৰয়োজন হৈছে৷ এই জালপঞ্জীৰ যোগেদি সংশ্লিষ্ট কৰ্তপক্ষক এই আহ্বান জনালোঁ৷
কৃতজ্ঞতা জ্ঞাপন:
শব্দ সংঘৰ (xobdo.org) সতীৰ্থসকলৰ লগত বিভিন্ন সময়ত হোৱা আলোচনা / গঠনমূলক বিতৰ্ক / সহায়-সহযোগিতাৰ আলম লৈ এই প্ৰৱন্ধ প্ৰস্তুত কৰা হৈছে৷ তেওঁলোকৰ ওচৰত মই চিৰ ঋণি৷









