প্ৰদূষণঃ
এই দূৰ্ঘটনাই সমূদ্ৰৰ আলফুলীয়া জীৱজগতত অবিৰত ভাৱে ডাঠ কলা খনিজ তেল সিচি দি তাৰ প্ৰকৃতিক ভাৰসাম্য হেৰুৱায় পেলাইছে৷ মেস্কিক’ উপসাগৰৰ উপকূলত ইতিমধ্যে কিছুমান আলকাতৰাৰ লদা (tar ball) আৰু ডাঠ খনিজ তেল দেখিবলৈ পোৱা গৈছে৷ সাগৰীয় মাছ-কাছ, চৰাই-বৃক্ষ আদি হানি কৰাৰ লগে লগে মাছ মৰীয়া, মস্যপাম, নিমখ বনোৱা কাৰখানা, সাগৰ তীৰৰ বিনোদন উদ্যোগ আদিত আৰ্থিক ভাৱে বহু হানি কৰিছে৷
পৰিষ্টিতি ইমানেই গম্ভীৰ ৰূপ লৈছে যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই নিজে ইয়াৰ দৈনিক খতিয়ান লৈছে৷ খাদটো নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰাময় কৰিবলৈ সকলো ব্যৱস্থা যাতে লোৱা হয় তাৰ বাবে তেওঁ সুনিশ্চত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷
নিয়ন্ত্ৰণঃ
সমূদ্ৰপৃ্ষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত পানীৰ চাপ ইমানেই বেছি যে কোনো ডুবাৰু তালৈ যাব নোৱাৰে৷ সকলো কাম অত্যাধুনিক ৰবট-বাহুযুক্ত দূৰৰ পৰা পৰিচালিত যানৰ (ROV = remotely operated vehicles) সহায়তে কৰিব লগা হয়৷
এই দ পানীৰ তলিত থকা খাদটো নিয়ন্ত্ৰণ কৰিবলৈ চালি থকা প্ৰচেষ্টাৰ চলন্ত ভিডিঅ’ দেখিবলৈ পোৱা যায় বিপিৰ জালস্থানত৷ বৰ্তমান এটা প্ৰকাণ্ড ওলোটাই থোৱা চুপিৰ দৰে আহিলা (lower marine riser package)ৰ সহায়ত খাদটো কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ ইয়াৰ চলচিত্ৰ-বিৱৰণ এই সংযোগত পোৱা যায়৷
প্ৰসংগপুঠি / উত্সঃ
১. www.bp.com
২. www.wikipedia.org
৩
৪