যোৱা ২০ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত মেস্কিক’ উপসাগৰৰ সমুদ্ৰতলিত থকা তৈলখাদ এটাৰ পৰা প্ৰতি দিনে অনুমানিক ৫০০০ বেৰেলকৈ খনিজ তেল অনিয়ন্ত্ৰিতভাৱে অনগল ওলাই আছে৷ পাৰিপাৰ্শ্বিকতাৰ বিভিষিকা সৃষ্টি কৰা এই খনিজ তেল নিৰ্গত হোৱাৰ হাৰ খাদটোৰ ভিডিঅ’ বিশ্লেষণ কৰি কোনো কোনোৱে ১০০,০০০ বেৰেল প্ৰতি দিন হ'ৱ পাৰে বুলিও অনুমান কৰিছে৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানা নগৰৰ সমুদ্ৰতীৰৰ পৰা ৬৪ কিলোমিটাৰ নিলগত, ১৫০০ মিটাৰ দ পানীত খনিজ তেলৰ বাবে ব্যধন কৰি থকা Deepwater Horizon-নামৰ এখন ওপঙা ব্যধন চাঙত (floating drilling platform) দুৰ্ঘটনাক্ৰমে এটা বিষ্ফুৰণ ঘটে৷ ফলত চাংখনত জুই লাগে আৰু ১১জন কৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ দুদিন ধৰি এই ভয়ংকৰ জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল৷ ফলত লো-তীখাৰ প্ৰকাণ্ড চাংখন ২২ এপ্ৰিলৰ দিনা পানীত ডুবি যায় আৰু তৈলখাদটো অনিয়ন্ত্ৰিত হৈ পৰে৷ প্ৰযুক্তিবিদ্যাৰ আগশাৰীৰ 'বিপি'-নামৰ আন্তঃজাৰ্তিক তৈল কোম্পানীটোৰ দ্বাৰা পৰিচালিত এই খাদটো অবিৰাম প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণৰ অধিনলৈ অহা নাই৷ কোম্পানীটোৱে খাদটো নিয়ন্ত্ৰণ কৰিব কাৰনে আৰু ক্ষতিপুৰণ হিচাপে ইতিমধ্যে প্ৰায় এক বিলিয়ন ডলাৰ ব্যয় কৰিব লগাত পৰিছে৷
প্ৰদূষণঃ
এই দূৰ্ঘটনাই সমূদ্ৰৰ আলফুলীয়া জীৱজগতত অবিৰত ভাৱে ডাঠ কলা খনিজ তেল সিচি দি তাৰ প্ৰকৃতিক ভাৰসাম্য হেৰুৱায় পেলাইছে৷ মেস্কিক’ উপসাগৰৰ উপকূলত ইতিমধ্যে কিছুমান আলকাতৰাৰ লদা (tar ball) আৰু ডাঠ খনিজ তেল দেখিবলৈ পোৱা গৈছে৷ সাগৰীয় মাছ-কাছ, চৰাই-বৃক্ষ আদি হানি কৰাৰ লগে লগে মাছ মৰীয়া, মস্যপাম, নিমখ বনোৱা কাৰখানা, সাগৰ তীৰৰ বিনোদন উদ্যোগ আদিত আৰ্থিক ভাৱে বহু হানি কৰিছে৷
পৰিষ্টিতি ইমানেই গম্ভীৰ ৰূপ লৈছে যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই নিজে ইয়াৰ দৈনিক খতিয়ান লৈছে৷ খাদটো নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰাময় কৰিবলৈ সকলো ব্যৱস্থা যাতে লোৱা হয় তাৰ বাবে তেওঁ সুনিশ্চত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷
নিয়ন্ত্ৰণঃ
সমূদ্ৰপৃ্ষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত পানীৰ চাপ ইমানেই বেছি যে কোনো ডুবাৰু তালৈ যাব নোৱাৰে৷ সকলো কাম অত্যাধুনিক ৰবট-বাহুযুক্ত দূৰৰ পৰা পৰিচালিত যানৰ (ROV = remotely operated vehicles) সহায়তে কৰিব লগা হয়৷
এই দ পানীৰ তলিত থকা খাদটো নিয়ন্ত্ৰণ কৰিবলৈ চালি থকা প্ৰচেষ্টাৰ চলন্ত ভিডিঅ’ দেখিবলৈ পোৱা যায় বিপিৰ জালস্থানত৷ বৰ্তমান এটা প্ৰকাণ্ড ওলোটাই থোৱা চুপিৰ দৰে আহিলা (lower marine riser package)ৰ সহায়ত খাদটো কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ ইয়াৰ চলচিত্ৰ-বিৱৰণ এই সংযোগত পোৱা যায়৷
প্ৰসংগপুঠি / উত্সঃ
১. www.bp.com
২. www.wikipedia.org
৩
৪
আৰু অলপ বিতংকৈ লিখিলে ভাল আছিল। অবশ্যে সময়ৰ কথাও আছে। বুজি পাও। কিন্তু লিখিলে মই, প্রজ্ঞানৰ প্যানোৰামাৰ বাবে লৈ গ'লোহেতেন।
ReplyDeleteউত্সাহ দিয়াৰ বাবে ধন্যবাদ৷ এই ব্লগেই বহলাবলৈ চেষ্টা কৰিম৷
ReplyDeleteএই দুৰ্ঘ্টনাটো সঠিক ভাবে "overpressure detection" কৰিব নোৱাৰাৰ বাবে হৈছিল নিকি বাৰু?
ReplyDelete