ৰহস্যময় মহাকাশখনত সৃষ্টিকৰ্তাই ক’ত কি যে সৃষ্টি কৰি থৈ গৈছে৷ প্ৰাচীন কালৰ পৰা আজিলৈকে মানুহৰ কৌতূহলক জোকাৰি অহা গ্ৰহ-নক্ষত্ৰক বুজিবলৈ আধুনিক মানুহে বহুতো মহাকাশযান প্ৰেৰণ কৰিছে৷ বিভিন্ন দেশৰ কেইবাটাও মহাকাশ প্ৰতিষ্ঠান বৰ্তমান কেতবোৰ "গভীৰ মহাকাশ" (deep space) অভিযানত ব্ৰতী হৈ আছে৷ "গভীৰ মহাকাশ" বুলিলে আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাহিৰৰ অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাহিৰৰ মহাকাশখন বুজোৱা হয়৷ কাৰিকৰী দিশৰ পৰা উন্নত আৰু অতি আমোদজনক এই প্ৰকল্পসমূহৰ বিষয়ে ইয়াত দুআষাৰ লিখিবলৈ যত্ন কৰিলোঁ৷
নিউ হৰাইজ’ন্চ (New Horizons):
'নিউ হৰাইজ’ন্চ' (নতুন দিগন্ত) মানৱসৃষ্ট আটাইতকৈ বেগী যান৷ যোৱা ১৯-জানুৱাৰী-২০০৬ তাৰিখে নিক্ষেপ কৰা এই মহাকাশ যানখন প্ৰতি চেকেণ্ডত ১৬.৩ কি.মি. বেগেৰে বামন গ্ৰহ (draft planet) প্লুট’ৰ দিশত গতি কৰি আছে৷
ইতিমধ্যে বৃহস্পতি আৰু তাৰ উপগ্ৰহসমূহৰ বিভিন্ন জোখ-মাখ আৰু চিত্ৰ গ্ৰহণ কৰি ই বৰ্তমান প্লুট’ৰ ফালে গতি কৰি আছে৷ ১৪-জুলাই-২০১৫ তাৰিখে ই প্লুট’ আৰু তাৰ উপগ্ৰহসমূহ যেনে - চেৰন, স্তিক্স, নিক্স আৰু হাইদ্ৰা (Charon, Styx, Nix & Hydra) আদিৰ পৰিয়ালটিৰ অতি কাষেৰে মানে প্ৰায় ১০,০০০ কি.মি. দূৰেৰে পাৰ হৈ যাব৷ আশা কৰা হৈছে যে ই বিশেষকৈ প্লুট’ আৰু উপগ্ৰহ চেৰনৰ পৃষ্ঠভাগৰ অতি সূক্ষ্ম চিত্ৰ (50m/px) আৰু আন বহুতো জোখ-মাখ ল’ব পাৰিব আৰু বহুতো নতুন নতুন তথ্য আবিস্কাৰ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা ৰহস্যময় প্লুট’-পৰিয়ালৰ বহুতো কথা আমি জানিব পাৰিম৷
নিউ হৰাইজ’ন্চে প্লুট’পৰিয়ালৰ সবিশেষ জোখ-মাখ লৈ সৌৰজগতৰ সীমান্তৰ 'কুইপাৰ পেটি' (Kuiper Belt)ৰ ফালে গতি কৰিব৷ 'কুইপাৰ পেটি' হৈছে অগণন গ্ৰহাণু, মহাকাশীয় শিলা আদিৰ এক বৃহৎ সমষ্টি৷ আশা কৰা হৈছে, ভয়েজাৰ-১, ভয়েজাৰ-২-ৰ দৰেই এই মহাকাশ যানখনেও বহিঃসৌৰজগতৰ বহুতো ৰোমাঞ্চক তথ্য আমালৈ পঠিয়াব পাৰিব৷
সংবেদকসমূহৰ সহায়ত ই গেছীয় গ্ৰহটোৰ গঠন (composition) আৰু সৃষ্টিৰ বিষয়ে নতুন তথ্য পোহৰলৈ আনিব পাৰিব বুলি আশা কৰা হৈছে৷
ৰচেট্টা (Rosetta)
ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠান প্ৰেৰণ কৰা 'ৰচেট্টা' (Rosetta) নামৰ এই মহাকাশ যানখনে চাৰয়ুমভ-গেৰাচিমেনক’ (67P/Churyumov–Gerasimenko) নামৰ ৪ কি.মি. ব্যাসৰ ধূমকেতু এটা বিশদভাৱে অধ্যয়ন কৰিব৷ ২০০৪ চনতেই নিক্ষেপ কৰা এই যানখন ১০ বছৰৰ যাত্ৰাৰ অন্তত ২০১৪ চনৰ মাজভাগত ধূমকেতুটোৰ ওচৰ পাইছেহি৷ মূল যানখনে ধূমকেতুটোক পৰিভ্ৰমণ কৰি সূৰ্যৰ ওচৰ চপাৰ লগে লগে হোৱা পৰিবৰ্তনসমূহ নিৰিক্ষণ কৰিব৷ আনহাতে ই কঢ়িয়াই লৈ যোৱা 'ফিলাই' (Philae) নামৰ যান্ত্ৰিক যান এখন ধূমকেতুটোৰ শিলাময় পৃষ্ঠত অবতৰণ কৰি তিনিখন স্ক্ৰু-যুক্ত ভৰিৰ সহায়ত থিতাপি ল’ব৷ তাৰ পিছত ই ধূপকেতুটোৰ ৰাসায়নিক গঠন, চুম্বক শক্তি, কম্পন আদি বিভিন্ন ধৰণৰ জোখ-মাখ ল’ব৷
ধূমকেতুত অৱৰতণ কৰা ই হ’ব সৰ্ব প্ৰথম মানৱ-নিৰ্মিত যান৷ ধূমকেতুবোৰে সৌৰজগতৰ অতি প্ৰাচীন বাসিন্দা, সেয়ে এই অভিযানে আমাৰ সৌৰজগতখনৰ উৎপত্তিৰ বিষয়ে বহু কথা জানিবলৈ দিব বুলি আশা কৰা হৈছে৷
ৰচেট্টাই গ্ৰহণ কৰা ভিডিঅ’ ইয়াত চাওক ৷
ৰচেট্টাই গ্ৰহণ কৰা ভিডিঅ’ ইয়াত চাওক ৷
ভেনাচ্ এক্সপ্ৰেচ্ (Venus Express)
২০০৫ চনৰ নবেম্বৰ মাহতে আৰম্ভ হোৱা এই অভিযান এতিয়াও চলি আছে৷ ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠানৰ এই যানখনে ২০০৬ চনৰ এপ্ৰিল মাহত শুক্ৰ গ্ৰহত উপনিত হয়গৈ আৰু তেতিয়াৰ পৰা গ্ৰহটোক পৰিভ্ৰমণ কৰি বিভিন্ন তথ্য আমালৈ পঠিয়াইছে৷ ইয়াৰ দ্বাৰা শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলৰ তথ্য আহৰণ কৰি, জলবায়ু নিৰীক্ষণ কৰি পৃথিৱীৰ জলবায়ু-পৰিবৰ্তনৰ বিষয়ে বিজ্ঞানীসকলে অধিক বুজিব পাৰিছে৷
যোৱা জুন মাহৰ শেষৰ ভাগত পৰীক্ষামূলকভাৱে যানখন শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগৰ বহু ওচৰলৈ নি ইয়াৰ অতি ঘন বায়ুমণ্ডলত প্ৰবেশ কৰোৱাই বায়ব্য গতিৰোধ (aerobraking) কৰায়৷
দ’ন (Dawn)
চেংএ-২ (Chang`e-2)
মংগলযান:
আমাৰ ভাৰতবৰ্ষও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ভাৰতীয় মহাকাশ প্ৰতিষ্ঠান ISRO-ৰ গভীৰ মহাকাশলৈ পঠিওৱা প্ৰথম আৰু একমাত্ৰ যান হৈছে - 'মংগলযান'৷ ৫-নবেম্বৰ-২০১৩ চনত নিক্ষেপ কৰা এই যানখনে ৩০০ দিনৰো অধিক যাত্ৰা কৰি ২০১৪ চনৰ চেপ্তেম্বৰ মাহত মংগল গ্ৰহৰ কাষ পাবগৈ আৰু গ্ৰহটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিব৷ এই অভিযানে ভাৰতৰ গভীৰ মাহাকাশ অভিযান কৰিব পৰা কাৰিকৰী অৰ্হতা প্ৰদৰ্শন কৰাৰ লগতে মংগল গ্ৰহৰ পৃষ্ঠভাগৰ মানচিত্ৰ, বায়ুমণ্ডলৰ গঠন আদি অধ্যয়ন কৰিব৷
যথেষ্ট তথ্যপূৰ্ণ হৈছে। ভাল লাগিল
ReplyDelete