Wednesday, November 11, 2015

নৈতিক নাস্তিক

প্ৰায়ে "গুৰু-গোসাই নমনা পাষণ্ড" জাতীয় বাক্যাংশ শুনিবলৈ বা লিখা দেখিবলৈ পোৱা যায়৷ যি গোসাই বা ঈশ্বৰক নামানে অৰ্থাৎ নাস্তিক সি "পাষণ্ড" .... এনে ধাৰণা আমাৰ সমাজত আছে৷

কিন্তু গোসাই নমনাৰ লগত পাষণ্ডতাৰ কোনো সমন্ধ নাই৷ বৰং বহু আস্তিক, ধৰ্মভীৰু মানুহ অনাচাৰী, ভ্ৰষ্ট বুলি প্ৰমাণিত হৈ আহিছে৷ দুৰ্নীতি পৰায়ণ নেতা আৰু বিষয়া সকলৰ হাততে এসোপামান গ্ৰহ-নক্ষত্ৰ নিয়ন্ত্ৰণ কৰিব পৰা আঙুঠি আৰু মঠ-মন্দিৰৰ আশে-পাশে বেছিকৈ ঘুৰা-পকা কৰা দেখা যায়৷ 

এতিয়া কথা হ’ল স্থাপিত ধৰ্মবোৰ নোহোৱাকৈ, ঈশ্বৰলৈ ভয় নকৰাকৈ (মানে ধৰ্মভীৰু নোহোৱাকৈ), কোনো ব্যক্তি নৈতিক-সৎ হ’ব পাৰেনে? 

এটা মহা কচুগুটি ল’ৰাক দুই ধৰণে শাসন কৰিব পাৰি - শান্তিৰে বহি থাকিলে আইচ-ক্ৰিম খাবলৈ পাবি বুলি কৈ অথবা উৎপাত কৰি থাকিলে ফলা খৰিৰ কোব খাবি বুলি কৈ৷ প্ৰথমটোক ধনাত্মক সহাঁৰি (Positive Feedback) আৰু দ্বিতীয়টোক ঋণাত্মক সহাঁৰি (Negative Feedback) বোলা হয়৷ ধাৰ্মিক বা ঈশ্বৰ বিশ্বাসীসকলক এই জীৱনত ঈশ্বৰৰ আশীৰ্বাদ আৰু মৃত্যুৰ পিছত স্বৰ্গৰ ধনাত্মক সহাঁৰি দিয়া হয়৷ ঠিক সেইদৰে জীৱিত কালত ঈশ্বৰৰ ক্ৰোধ আৰু মৃত্যুৰ পিছত পাতলপুৰীৰ ঋণাত্মক সহাঁৰি দিয়া হয়৷ কিন্তু নাস্তিক বা যুক্তিবাদী এজনে ঈশ্বৰ-সৰ্গ-পাতাল একোকে বিশ্বাস নকৰে, গতিকে তেওঁ সদায় ভাল বা সৎ কাম কৰিবলৈ কেনেকৈ উৎসাহিত হ’ব?


এজন নাস্তিক কেনেকৈ নৈতিক হ’ব? উত্তৰ বিচাৰি সেই কচুগুটি ল’ৰাটোৰ উদাহৰণটো আকৌ লোৱা যাওক৷ ধৰা হওক ল’ৰাটোৰ কচু এখাপ চৰা - সি আপুনি কোৱা কথা বিশ্বাস নকৰে৷ ধনাত্মক সহাঁৰিত কেবল আইচ-ক্ৰিম খাবলৈ পাবি বুলি ক’লে নহ’ব, সঁচাকৈ অইচ-ক্ৰিম এটা অনি প্ৰলোভন দেখুৱাব লাগিব৷ আনহাতে ফলা-খৰিৰে সচাঁকৈ দুবাৰমান কোবাব লাগিব৷ নাস্তিকজনৰ ক্ষেত্ৰতো ঈশ্বৰ-সৰ্গ-পাতাল আদি নহয়, সচাঁকৈ পুৰস্কাৰ দিব লাগিব বা শাস্তি বিহিব লাগিব৷ এই কাম যিমান পাৰি সোনকালে কৰিলেহে তাৰ প্ৰভাৱ পাব পাৰি৷

কিন্তু ইয়াত দুটা সমস্যা আছে - প্ৰথমে শাস্তি বা পুৰস্কাৰ দিবলৈ আপুনি ল’ৰাটিয়ে উৎপাত কৰা নেদেখিব পাৰে বা তাৰ প্ৰমাণ নাথাকিব পাৰে৷ দ্বিতীয়তে, পুৰস্কাৰ বাৰু যেন-তেন, ফলা-খৰিৰে প্ৰহাৰ কৰিলে সি প্ৰয়োজনতকৈ বেছিকৈ দুখ পাই যাব পাৰে৷ তেন্তে উপায় কি?

কচুগুটি ল’ৰাটিয়ে কৰা উৎপাতবোৰ কিবা এটা কাৰণত তাক কৰিবলৈ হাক দিয়া হয় - যেনে ইয়াৰ দ্বাৰা তাৰ নিজৰে কোনো দূৰ্ঘটনা হোৱাৰ সম্ভৱনা থাকে বা আন কাৰোবাৰ কিবা অনিষ্ট হয় বা হোৱাৰ সম্ভৱনা থাকে৷ তাক এই কথাটোৰ বুজনি দিলেও হয়তো সি উৎপাত বন্ধ কৰিব৷ সি যেতিয়া কিয় তাক উৎপাত কৰিবলৈ মনা কৰা হৈছে বুজি পাব, আনে পাব পৰা কষ্টবোৰ উপলদ্ধি কৰিব, সি নিজে নিজে উৎপাত বন্ধ কৰিব৷ আন কথাত যুক্তিৰে তাক নিজে দুৰ্ঘটনাত ব্ৰতি হ’লে তাৰ সাম্ভাব্য পৰিণতিৰ বিষয়ে অজ্ঞ কৰি তুলিব লাগিব৷ আনে কষ্ট পোৱাৰ বেদনাই তাৰো অন্তৰ কঁপাই তুলিব লাগিব৷ এনে কৰিব পাৰিলে হয়তো তাক শাস্তি নিদিয়াকৈ সমস্যাৰ সমাধান হ’ব৷ সি উৎপাত নকৰাৰ বাবে অৱশ্যে পুৰস্কাৰটো দিব লাগিব৷

একেই যুক্তি বৃহত্তৰ সমাজখনতো খটাব নোৱাৰিনে? এটা কাম বা এটা আচৰণ কোনো এটা কাৰণত বেয়া বা অনৈতিক হয়৷ ইয়াৰ দ্বাৰা আন কোনো এজন ব্যক্তিৰ বা বহুজন ব্যক্তিৰ বা গোটেই সমাজখনৰ অনিষ্ট হয়৷ প্ৰতিজন নাগৰিকে নিজৰ, পৰিয়ালৰ লগতে সমাজৰ প্ৰতি দ্বায়িত্বশীল, আনৰ দুখ-কষ্টৰ প্ৰতি সহানুভূতিশীল কৰি তুলিব নোৱাৰিনে? ইয়াৰ বাবে হয়তো শৈশৱৰ পৰাই সকলোকে প্ৰশিক্ষণ লাগিব৷

এনে কৰিলে কোনো ঈশ্বৰ-বিশ্বাসৰ প্ৰয়োজন নাই৷ শিশুটি হৈ উঠিব - এজন দ্বায়ীত্বশীল নৈতিক-নাস্তিক৷

সহায়:
http://kidswithoutgod.com/teens/ask/where-do-atheists-get-their-morality/
https://www.youtube.com/watch?v=xZ5XuJlkE54
http://www.samharris.org/

No comments:

Post a Comment