- এজন এজনকৈ বাছত উঠক।
- আঘাতৰ পৰা ৰক্ষা পাবলৈ কৰবাত ভালকৈ খামুচি ধৰক।
- হঠাতে ব্ৰেক মাৰিলে আপুনি আঘাট পাব পাৰে, সেয়েহে সুবিধাজনক ঠাইত দৃঢ়ভাৱে ধৰি থাকক।
- বাছৰ পৰা নামোতে সন্মূখ আৰু পিছলৈ লক্ষ্য কৰিহে আগবাঢ়ক।
- নির্দ্ধাৰিত ভাৰা আদায় দি কণ্ডাক্টৰৰ পৰা টিকট বিচাৰক।
- আপোনাৰ গধূৰ বন্তুবোৰ বাছৰ ওপৰত (বস্তু-বাহানি ৰখা নির্দিষ্ট স্থান) ৰাখক যাতে ই আনৰ ওপৰত পৰি কোনো আঘাত কৰিব নোৱাৰে৷
- যদি চালকে অত্যাধিক বেগত গড়ী চলাইছে, তেওঁক বাধা দিয়ক।
- আপেনাৰ কিবা অভিযোগ থাকিলে ওচৰৰ থানা বা পৰিবহণ প্রাধিকাৰীক (Transport Authority) অৱগত কৰক৷
- হুৰমূৰকৈ বাছত নুঠিব৷ সুস্থিৰ আৰু শৃংখলাবন্ধভাৱে বাছত উঠক৷ উঠা-নমা কৰোতে আনক অশান্তি নিদিব৷
- বাছৰ পাউদানিত (foot board) ওপৰত উঠি ভ্ৰমণ নকৰিব।
- বাছৰ ওপৰত উটি নাযাব৷
- খিড়িকীৰে বাছৰ বাহিৰলৈ হাত-মূৰ উলিয়াই নাযাব।
- ধপাঁত বা নিচা-জাতীয় সামগ্ৰী সেৱন কৰি বাছত উঠা অপৰাধ।
- বাছৰ চালকৰ লগত চুপতি নামাৰিব, কাৰণ ইয়ে চালকৰ মনোযোগ ব্যাহত কৰে।
- যাত্ৰীবাহী বাছৰ ওপকত দাহ্য সামগ্রী নকঢ়িয়াব বা সন্দেহজনক ৰাসায়নিকসামগ্রী নকঢ়িয়াব।
- মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বাবে গাড়ীৰ পঞ্জীয়ন নম্বৰ স্থানীয় আৰক্ষী থানাত অৱগত কৰক৷
Monday, May 30, 2016
বাছত ভ্রমণ কৰোতে...
খোজ কাঢ়োতে...
- পথ পাৰ হওঁতে সদায় জেব্ৰা ক্ৰচিং ব্যৱহাৰ কৰক।
- পথ পাৰ হওঁতে প্রথমে বাওঁপিনে, পিছত সোঁপিনে, আকৌ পিছত বাওঁপিনে চাইহে পথ পাৰ হওঁক।
- পদপথ বা ফুঠপাথ থাকিলে সেয়া ব্যৱহাব কৰক।
- সদায় পথৰ বাওঁফালেৰে যাব।
- পদপথেৰে খোজকাঢ়োতে সদায় চফা-কৰ্মী সোমোৱা দ্বাৰ বা মেনহ’ল (man hole) বা অন্য কোনো বাধাৰ পৰা নিজক ৰক্ষা কৰক৷
- ৰখাই থোৱা গাড়ী এখনৰ কাষেৰে পাৰ হে যাওঁতে গাড়ীখনৰ দুয়োটা দিশ লক্ষ্য কৰক যাতে অন্য গাড়ীয়ে কোনো দুৰ্ঘটনা ঘ টাব নোৱাৰে।
- নিশা খোজ কাঢ়োতে টর্চলাইট ব্যৱহাৰ কৰক।
- প্ৰাতঃ-ভ্ৰমণ কৰোতে ন- শিকাৰুৱে চলোৱা বাহনৰ পৰা সাৱধান হব। কাৰণ এই সময়খিনিত ন-শিকাৰু অকলে পথত গাড়ী চলায়।
- য’ত পদপথ নাই তাত যিমান পাৰে ৰাস্তাৰ কাষেৰে খোজ কাঢ়ক।
- অভিভাৱক অবিহনে কণ-কণ ল’ৰা-ছোৱালীক পথত খোজ কাঢ়িৰগৈ নিদিব।
- খোজ কাঢ়োতে দলবদ্ধ বন্ধু-সংগী বাদ দিয়ক৷ কাৰণ ইয়ে নিজৰ লগতে আনৰ বাবেও সমস্যা বঢ়ায়।
- চাইকেলত দুজন উঠাটো এৰাই চলক।
Sunday, May 29, 2016
যান-বাহন আৰক্ষীৰ পৰামৰ্শ / বাণী
- যান-বাহন আইন নিশ্চিতভাৱে মানি চলক৷
- কৰ্তৃত্বপ্ৰাপ্ত আৰক্ষীয়ে দিয়া যিকোনো দিশ নিৰ্দেশনা বা সংকেত মানি চলক৷
- যিকোনো পথ নিৰ্দেশনা ফলক, সাংকেতিক চিহ্ন আদিৰ জৰিয়তে সাংকেতিক চিহ্ন দিয়া হৈছে৷
- স্বয়ংক্ৰিয় সংকেত (Signal) ব্যৱস্থাৰ জৰিয়তে দিয়া দিশ নিৰ্দেশনা৷
- সাৱধানেৰে পথটো আন যাত্ৰীৰ লগত ভগাই লওঁক৷
- কাইলৈ জীয়াই থাকিবলৈ, আজিয়েই সজাগ হওঁক।
- নিৰাপদ গাড়ী চালনাৰ বাবে চিট-বেল্ট ব্যৱহাৰ কৰক, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাওক৷
- অলপ সাৱধানতাই জীৱন মধুৰ আৰু সুন্দৰ কৰে৷
- নিশা ডীপাৰ ব্যৱহাৰ কৰক, সন্মূখৰ জনক সহায় কৰক৷
- সতৰ্কতা আৰু মনোযোগে দুৰ্ঘটনা হ্ৰাস কৰে৷
- প্ৰথমে সাৱধান হওঁক, পিছত গাড়ী চলাওঁক৷
- পথ সজাগতা জীৱনৰ পথেই কৰি লওঁক৷
- যান-বাহন আইন মানি চলক, জীৱন আৰু তেল বচাওঁক৷
- গতি হ্ৰাস কৰক, ধ্বংস হোৱাৰ পৰা ৰক্ষা পাওঁক৷
- গতিবেগে যদিও স্ফূৰ্তিদায়ক, ই সদায় মৃত্যুক হাত বাউলি মাতে৷
- সহিষ্ণুতা দেখুৱাওক, পথত আনৰ অধিকাৰক মৰ্যদা দিয়ক৷
- ৰঙা সংকেতত আপুনি বিশ্ৰাম লওঁক৷
- মনত ৰাখিব দুজনৰ বাবেই দুচকীয়া বাহন৷
- স্মৰণ কৰক, জীৱন অমূল্য৷
- দুৰ্ঘটনাই কন্দুৱাই, নিৰাপদ ভ্ৰমণে হহুৱাই৷
- গাড়ী চলাওতে মবাইল ফোন ব্যৱহাৰ নকৰিব৷ ই এক অপৰাধ৷
- সংকেত মানি চলক, জৰিমনাৰ পৰা আঁতৰি থাকক৷
- সংকেত ৰেখাৰ আগত গাড়ী ৰখাওক৷
- সতৰ্কতাৰে গন্তব্যস্থানত উপনীত হওঁক৷
- নিৰ্দেশনা মানি চলক, দুৰ্ঘটনা এৰাই চলক৷
- সুন্দৰকৈ গাড়ী চলাওক, জৰিমনাৰ পৰা আঁতৰি থাকক৷
- নৰকৰ সংগী হোৱাতকৈ হেলমেট পৰিধান কৰক৷
- সতৰ্কতা আৰু সাৱধানতাৰে নেউচি (Overtake) যাওঁক৷
- সূৰ্য্য অস্তৰ আগতেই হেট লইট জ্বলাওক৷
- সাৱধানেৰে গাড়ী চলাওক, সাহসিকতাৰে নহয়৷
- দুখ কৰাতকৈ দুখৰ প্ৰতিৰোধ কৰক৷
হৰ্ন বজোৱাৰ নিয়মসমূহ
- বিনা কাৰণত হৰ্ন নবজাব.
- একে লেথাৰিয়ে, অপ্রয়োজনীয় বা আৱশ্যক নহ’লে হৰ্ন নবজাব।
- নীৰৱ এলেকাত হৰ্ন নবজাব।
- বিকট শব্দ আৰু তীব্ৰ শব্দযুক্ত হৰ্ন নবজাব৷
Saturday, May 28, 2016
গাড়ী পাৰ্ক কৰাৰ নিয়মসমূহ
আপোনাৰ গাড়ীখন তলত উল্লেখিত স্থানত পাৰ্ক নকৰিব:
- পথৰ সংযোগস্থলী, ভাঁজ লোৱা বা একা-বেঁকা পথত, পাহাৰৰ ওপৰত বা
- দলঙৰ ওপৰত।
- পদপথৰ (footpath) ওপৰত।
- ট্রেফিক ছিগনেল বা পথচাৰী অহা-যোৱা পথত।
- মূল ৰাস্তা বা যান-বাহন যাতায়াতৰ প্রধান পথ।
- ৰখাই থোৱা গাড়ীৰ বিপৰিত দিশ বা অন্য বাহন চলাচল কৰা পথৰ বিপৰীত দিশত।
- অন্য ৰখাহ থোৱা বাহনৰ সৈতে একে শাৰীতে।
- পথ বা যি ঠাইত একেৰাহে বগা ৰেখা অংকন কৰা আছে
- বাছ ষ্টপৰ ওপৰত, বিদ্যালয় বা হাস্পতালৰ প্রৱেশ পথ বা যিকোনো চৌহদৰ প্রৱেশ পথ বা ট্রেফিক নির্দেশনা থকা ব’র্ড আঁৰ কৰি বা পথৰ ভুল দিশে আৰু পাৰ্কিং স্থানৰ বাহিৰে অন্য ঠাইত৷
উৎস: Guwahati Traffic Police
নেওচি যোৱাৰ (overtake) নিয়ম
- অপ্রয়োজনায়ভাৱে নেওচি নাযাব (overtake নকৰিব)
- এনে পৰিস্থিতিত নেউচি নাযাব :
- পথৰ সংযোগস্তলীত, ঘূৰণীয়া বা ভাঁজ লোৱা পথ বা পাহাৰীয়া বা অন্য নির্দ্দেশনা থকা ঠাই, য’ত বিপৰীত দিশৰ গাড়ী দেখা নাযায়।
- যেতিয়া বাহনৰ চালকে সন্মূখৰ পৰা নেওচি যোৱাৰ সংকেত নাপায়।
পথত পালনীয় নিয়মাৱলী (Rules of the Road)
- পথত গাড়ী চলাওতে গাড়ীখন যিমান পাৰে বাওঁপিনে ৰাখিব আৰু সন্মূখৰ পৰা অহা গাড়ীবোৰ সোঁপিনেৰে পাৰ হৈ যাবলৈ দিব৷
- বাওঁপিনে ঘূৰিবলগীয়া হ’লেও পথৰ বাওঁকাষেৰে আগবঢ়াব আৰু কোনো পথৰ সোমাবলগীয়া হ’লেও বাওঁফালেৰেই আগবাঢ়িব৷
- সোপিনে ঘুৰিবলঘিয়া হ’লে পথৰ সোঁমাজভাগেৰে যাব যদিও পথত উঠাৰ পিছতেই বাওঁপিনে আগবাঢ়িবলৈ নাপাহৰিব৷
- সোঁপিনে ঘুৰিব বিচৰা এখন গাড়ী পথৰ সোমাজলৈ নিব লাগে আৰু পিছত থকা অন্য গাড়ীবোৰ বাওঁপিনেৰে পাৰ হৈ যাবলৈ দিব লাগে৷
- একে দিশে গৈ থকা গাড়ীবোৰে আগে আগে গৈ থকা গাড়ীক সোঁফালৰ পৰা অভাৰটেক কৰিব লাগে৷
Friday, May 27, 2016
অসম আৰক্ষীৰ যান-বাহন আইনসমূহ
আজি ফাচি-বজাৰৰ ফালে যাওতে আৰক্ষীৰ যান-বাহন বিভাগত সোমালোঁ৷ তাত পোৱা এখন প্ৰচাৰ-পত্ৰিকা ৰাইজৰ উপকাৰ হ’ব বুলি ইয়াত উঠাই দিলোঁ৷ এইবোৰ ইউনিকোডত টাইপ কৰি উলিওৱা হ’ল৷
Subscribe to:
Posts (Atom)