Thursday, January 25, 2018

নিদ্ৰা / ৩

"হাই কনক!!" - বগা ডাক্টৰী কোট পিন্ধা সেই মহিলা গৰাকী মানে ডা মালতী৷ হাতখন আগ বঢ়াই দিলে৷
-"হাই" বুলি কৈ কনকে হাতখন আগ বঢ়াই দিলে৷
-"আহক, মোৰ লগত আহক৷"
মালতিয়ে কনকক পোছাকযোৰ সলাবলৈ দিলে৷ পাতল নীলা পোছাক এযোৰ তাইক পিন্ধিবলৈ দিলে৷  নিজেও বিন্ধিলে৷ তাৰ পিছত দীঘল কৰিড’ৰ এটাইদি গৈ এটা হল ঘৰত সোমালেগৈ৷

এখন যেন হাস্পিতালৰ আই-চি-ইউ কোঠা৷ অসংখ্য যন্ত্ৰপাতিৰ মাজত পাতল নীলা সাজ পিন্ধা কেইবাজন ডাক্তৰ-নাৰ্চ কামত ব্যস্ত৷ কোঠাটোৰ সোঁমাজত বিচনাখন৷ বিচনা ঠিক নহয়৷ এটা সজাই থোৱা কভিন  বুলি ক’লেহে বেছি ৰিজাব৷ মালতিৰ ইংগিত মতে তাই কফিনটোৰ একেবাৰে ওচৰ পালে৷ ওপৰৰ ঢাকনিখন স্বচ্ছ কাছৰ৷ ভিতৰত সেইয়া দীৰ্ঘ-দিনিয়া গভীৰ নিদ্ৰাত - "স্বপ্না"৷ এদিন নহয়, দুদিন নহয়, সম্পূৰ্ণ ১৫০ বছৰ তেওঁৰ শৰীৰৰ বিপাকসমূহ (metabolism) স্তব্ধ কৰি ৰখা হৈছে এই যন্ত্ৰ-পাৰি আৰু বিশেষ ৰাসায়সসমূহৰ সহায়ত৷ এটি মৃদু মিচিকিয়া হাঁহিও যেন "স্বপ্না"-ৰ সতেজ মুখমণ্ডলত স্তব্ধ হৈ থাকিল ডেৰ শতিকা ধৰি৷ অবিশ্বাস্য!!

সচাঁই সম্ভৱ কৰি তুলিছেনে? মালতিলৈ চাই কনকে ক’লে - "ইমান সতেজ হৈ আছে৷ অবিশ্বাস্য, নহয়নে?"
ডা মালতিয়ে হয়ভৰ দি ক’লে - "হয়, ইয়েই বিজ্ঞানৰ মহিমা৷ তোমাৰ আইতা স্বপ্না কিন্তু তোমাৰ দৰেই দেখিবলৈ৷ মানুহে যজা বাই-ভণী বুলিয়েই ক’ব৷"
কনকৰ অবিশ্বাস্যৰে ভৰা মূখখনত হাঁহি বিৰিঙি উঠিল- "হয় নেকি? সচাইনে?"
-"সাইলাখ!!"
-"বাৰু, স্বপ্নাৰ বয়স আচলতে কিমান?"
-"জৈৱিক বয়স (Biological Age) প্ৰায় তোমাৰ সমান,  অৰ্থাৎ ২৭ বছৰ৷ কিন্তু যোৱা ডেৰ শতিকা শুই থকাৰ বাবে সময়-ক্ৰমিক বয়স (Chronological Age) ১৭৭ বছৰ৷"
-"বেছ আমোদজনক৷ আজি বিজ্ঞানে যে কি কি যে সম্ভৱ কৰি তুলিছে !!"
-"আচলতে সম্ভৱ হয় নে নহয় এতিয়াও আমি গম নাপাও৷ এই পৰীক্ষা সফল হৈছে নে নাই আমি  এতিয়ালৈকে নাজানো৷ 'স্বপ্না' সফলতাৰে শাৰ পাই উঠিলেহে আমি ক’ব পাৰিম৷" 
-"অ’ বুজিলো, ঠিকেই৷ তথাপি কথাবোৰ ভাবিয়েই বৰ কিবা কিবা লাগিছে৷ ভয়ো লাগিছে৷ জানোচা শাৰ পাই নুঠে?"
-"সেই একেই উৎকণ্ঠাত আমি বৈজ্ঞানিকসকলো ভুগিছো৷ বৈজ্ঞানিক তত্ব মতে সকলো কৰা হৈছে৷ শাৰ পাব বুলি সকলোৱে আশাবাদী৷ কিন্তু পৰীক্ষাৰ ফলা-ফল নোপোৱা লৈকে একো কব নোৱাৰি৷"
-"বাৰু এনে অদ্ভুত পৰীক্ষা  কিয় কৰা হৈছিল?"
-"মহাকাশ যাত্ৰাৰ কাৰণে৷"
-"মহাকাশ যাত্ৰাতো মানুহে ইতিমধ্যে বহুত কৰিছে৷ এনে পৰীক্ষা নোহোৱাকৈয়ে৷"
-"হয় কৰিছে৷ কিন্তু আমি আন তাৰকা ৰাজ্যলৈ যাবলৈ বহু বছৰৰ প্ৰয়োজন হ’ব৷ কেইবাশ বছৰ৷ এনে যাত্ৰাৰ বাবে আমাক এনে দীৰ্ঘ দিনীয়া নিদ্ৰাৰ প্ৰয়োজন হ’ব৷ সেয়ে এই 'শীতল নিদ্ৰা'ৰ পদ্ধতি উৎভাৱন কৰা হৈছে৷ 'স্বপ্না'ই তাইৰ কন্যা কেছুৱাজনী দুবছৰ থাকোতেই নিজকে এই পৰীক্ষাৰ বাবে উচ্চৰ্গা কৰিছিলে৷"
-"মানে মোৰ মা?"
-"হমমম, আচলতে নহয়৷"
-"মানে?"
-"তুমি আচলতে তেখেতৰ পঞ্চম প্ৰজন্মৰ (fifth generation) সন্তান৷ মানে আজু-আজু-আজু আইতা৷"
-"হা, হা, হা --- আজু-আজু-আজু আইতা 'স্বপ্না' !!"
 (আগলৈ)


Thursday, January 18, 2018

নিদ্ৰা / ২

এ বি আৰ চি ৰ পৰা অহা ডা মালতীয়ে কৈ গ’ল - "আমাৰ গৱেষনাগাৰত যোৱা ১৫০ বছৰ ধৰি আপোনাৰ আজু আইতা 'স্বপ্না' গভীৰ নিদ্ৰাত আছে৷ ইয়াক 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন' বুলি কোৱা হয়৷ নিৰ্ধাৰিত কাৰ্য্যসূচীমাতে আমি ইতিমধ্যে তেওঁক জগোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছো৷ প্ৰায় এমাহ মান সময় এতিয়াও বাকী আছে৷ তেওঁ সম্পূৰ্ণৰূপে নিদ্ৰা ভংগ হ’লে আমি আপোনাক কৰাটো বিচাৰো৷"

এতিয়াও বজ্ৰপাত পৰা মানুহজনীৰ দৰে হতবম্ব হৈ চাই থকা কনকে সুধিলে - "ই কেনে গৱেষণা?  (এই গৱেষণা) কিয় কৰা হৈছিল? মোক এই বিষয়ে কোনেও আজিলৈকে কিয় কোৱা নাই?"

ডা মালতীয়ে উত্তৰ দিলে - "এই গৱেষণাৰ উদ্দেশ্য হৈছে দূৰ তাৰকাৰাজ্যলৈ যাত্ৰা কৰিবৰ বাবে প্ৰয়োজন হোৱা 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন'ৰ প্ৰযুক্তি তথা চিকিৎসা-বিজ্ঞানৰ পদ্ধতিসমূহ পৰীক্ষা কৰা৷ ইয়াক ISRO-ৰ আৰ্থিক সাহায্যত কৰা হৈছিল৷ কিন্তু  এই বিষয়ে আপোনাক কিয় কোৱা নহ’ল  এই বিষয়ে মই ক’ব নোৱাৰিম৷"

কিছু সময় চিন্তা কৰি কনকে সুধিলে - "তাৰ মানে 'স্বপ্না'-আইতাই এতিয়াও শুই আছে৷"
-"হয়৷ শুই আছে৷"
-"মই শুই থকা অৱস্থাতে চাব পাৰিমনে?"
-"নিশ্চয় পাৰিব৷ আপোনাৰ লগত আমি যোগাযোগ কৰাৰ আৰু  এটা উদেশ্য আছে৷"
-"কি, বাৰু?"
ডা মালতীয়ে আকৌ ব্ৰিফকেচটো খুচৰি কাগজ এখন উলিয়াই আগ বঢ়াই দিলে৷
-"কি এইখন?"
-"এইখন স্বপ্নাই নিদ্ৰালৈ যোৱাৰ আগতে লিখি থৈ যোৱ ইচ্ছা-পত্ৰ৷ "Will" বুলি ক’ব পাৰি৷
-"ইয়াত কি লিখা আছে?"
-"ইয়াত বহু কথাই লিখা আছে৷ কিন্তু এতিয়া আপুনি জানিব লগা কথাটো হ’ল - এনে দীৰ্ঘ দিনিয়া শীতল-নিদ্ৰা অন্ত হোৱাৰ পিছত নতুন সমাজখনত মিলি যাবলৈ এগৰাকী ব্যক্তি অহৰনিশে লগত থাকিব লাগে৷ স্বপ্নাই তেখেতৰ আজু-নাতি, অৰ্থাৎ আপোনাক নিৰ্বাচন কৰি থৈ গৈছে এই ইচ্ছাপত্ৰখনত৷ অৱশ্যে আপুনি নিজেও সন্মতি দিব লাগিব৷ গতিকে আমি আপোনাক যোগা-যোগ কৰিছো, এই কথা ব্যক্ত কৰিবলৈ আৰু আপুনি এই কামৰ বাবে ইচ্ছুক হয়নে নহয় জানিবৰ বাবে৷

ডা মালতীয়ে আৰু বহুতো কথা ক’লে৷ কনকে কথাবোৰ ভাৱি-গুণি চাই কামটো কৰিব পাৰিম বুলি ক’লে৷  এইটো তাইৰ নৈতিক কৰ্তব্য বুলিও অনুভৱ কৰিলে৷

***

পিছদিনাখন তাই গভীৰ নিদ্ৰাত থকা তাইৰ আজু-অইতাক চাবলৈ যাব৷ তাইৰ মনটো আনন্দত ওপচি পৰিল৷  নিৰ্দিষ্ট সময়ত তাই এ বি আৰ চিৰ দুৱাৰ দলিত ভৰি দিলে৷




Monday, January 15, 2018

নিদ্ৰা / ১

-"কনকৰ লগত কথা পাতিব পাৰোঁ নেকি?"
-"হয়, কনকে কৈছো৷"
-"আপোনালৈ এখন চিঠি পঠিওৱা হৈছিল৷ এ বি আৰ ছি-ৰ পৰা৷ পাইছেনে?"
-"এ বি আৰ ছি? মানে?"
-"উত্তৰ গুৱাহাটীৰ ব্ৰেইন-জ’নৰ এডভাঞ্চ বায়’মেটাবলিজম ৰিচাৰ্চ চেণ্টাৰৰ পৰা৷"
-"হমমম... নাই পোৱা৷ হয়তো মন নকৰিলো৷"
কনক অলপ আচৰিত হ’ল৷ এই নামৰ কোনো অনুস্থানৰ লগত তাইৰ কোনো সম্পৰ্ক নাই৷ কি চিঠি বা পঠিয়াইছে - তাই ভাৱি নাপালে৷
-"আমাৰ ডাটাবেচত আপোনাৰ ঠিকনাটো হয়তো শুদ্ধকৈ নাই৷"
-"অ’, হব পাৰে৷ কি বিষয়ে আছিল, বাৰু?"
-"কথাটো অলপ গুৰুত্বপূৰ্ণ - ফোনত কোৱা উচিত নহ’ব৷ আমাৰ প্ৰতিনিধি এজনে আপোনাক লগ ধৰি সকলো বুজাই দিব৷"

পিছদিনাখন নিৰ্ধাৰিত সময়ত এ বি আৰ ছি-ৰ প্ৰধিনিধিজন কনকৰ দুৱাৰ ডলিত উপস্থিত হ’লহি৷
"মই এ বি আৰ ছি ৰ পৰা আহিছো৷"
"অ আহক, বহক৷"
মানুহজনে হাতত এটা ব্ৰিভকেচ লৈ আহিছিল৷ সেইটো থৈ তেওঁ চ’ফাখনত বহিল৷ কনককো বহিবলৈ ইংগিত দি তেওঁ ক’লে - "আপুনিও বহক৷ মই কিছুমান কথা বুজাই দিব লাগিব৷"

কনক আনখন চফাত বহিল৷ এগৰাকী সম্পূৰ্ণ চিনাকি মানুহ৷ তাইৰ অচহুৱা লাগিল৷ 

ব্ৰিভকেচটো খুলি মানুহগৰাখিয়ে এখন ফটো আগ বঢ়াই দিলে - "এইয়া কোন, চিনি পাইছে?"

এগৰাকী গাভৰু ছোৱালীৰ ফটো৷ তাইৰ সমসাময়িকেই হ’ব হয়তো, মানে ২৬-২৭ বছৰীয়া৷  চেহেৰাটো বৰ চিনাকী লাগিছে৷ কিন্তু তাই সেইয়া কোন চিনিব নোৱাৰিলে৷ কোন বা ক’ত দেখিছিলে মনত পেলাব নোৱাৰিলে৷ 

-"চিনাকি চিনাকি লাগিছে৷  কিন্তু কোন ধৰিব পৰা নাই৷ কোননো এই গৰাকী"
মানুহ গৰাকীয়ে মিচিকিয়াই হাঁহিলে৷ 
-"এইয়া স্বপ্না৷ আপোনাৰ অতি আপোন সম্বন্ধিয়াই হয়৷"
-"হয় নেকি? মই হয়তো লগ পোৱা নাই৷"
-"নাই, আপুনি লগ পোৱা নাই৷ 'স্বপ্না'  বিষয়ে আপোনাক কোনেও কেতিয়াও কোৱা নাই?"
-"নাই কোৱা৷ সৰুতে কৈছিল যদিও মোৰ একো মনত নাই৷"
-"একেত মানে 'স্বপ্না' আপোনাৰ আজু-আইতা৷"
-"আজু-আইতা !!"
-"হয়, এই ফটোখন আজিৰ পৰা ১৫০ বছৰ আগৰ৷ মানে ২০৪০ চনত তোলা৷"
-"কি? সচাঁকৈ?"
 কনকৰ আজু-আইতাকৰ নাম 'স্বপ্না' ? সুন্দৰ নাম - তাই ভাৱিলে৷ কথাটো জানি অলপ আমোদো পালে৷ কিন্তু তাই এতিয়াও বুজি নাপালে এই মানুহজনে আচলিতে কিয় আহিছে৷ সেয়ে তাই সুধিলে - "এইয়া মোৰ আজু-আইতা, কথাটো বাৰু বুজিলো৷ কিন্তু আপুনি অহাৰ উদ্দেশ্যেটো?"
-"অ’ সেইটো ক’বলৈকে আহিছো৷"
-"সকলো ঠিকে থাকে গ’লে, আজিৰ পৰা এমাহৰ পিছত আপুনি 'স্বপ্না'ক সশৰীৰে লগ কৰিব পাৰিব!"
মানুহগৰাকীৰ কথাত কনক আচৰিত হোৱাই নহয়, ঠঠমঠ খালে -"কি? কেনেকৈ?"
-"সময়ত সকলো গম পাই যাবা৷ অ’ মই নিজকে চিনাকী দিবলৈ পাহৰি গৈছিলো - মই ডা মালতী৷ এ বি আৰ ছিৰ শ্ৰেষ্ঠ গৱেষক৷"
(আগলৈ)