এ বি আৰ চি ৰ পৰা অহা ডা মালতীয়ে কৈ গ’ল - "আমাৰ গৱেষনাগাৰত যোৱা ১৫০ বছৰ ধৰি আপোনাৰ আজু আইতা 'স্বপ্না' গভীৰ নিদ্ৰাত আছে৷ ইয়াক 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন' বুলি কোৱা হয়৷ নিৰ্ধাৰিত কাৰ্য্যসূচীমাতে আমি ইতিমধ্যে তেওঁক জগোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছো৷ প্ৰায় এমাহ মান সময় এতিয়াও বাকী আছে৷ তেওঁ সম্পূৰ্ণৰূপে নিদ্ৰা ভংগ হ’লে আমি আপোনাক কৰাটো বিচাৰো৷"
এতিয়াও বজ্ৰপাত পৰা মানুহজনীৰ দৰে হতবম্ব হৈ চাই থকা কনকে সুধিলে - "ই কেনে গৱেষণা? (এই গৱেষণা) কিয় কৰা হৈছিল? মোক এই বিষয়ে কোনেও আজিলৈকে কিয় কোৱা নাই?"
ডা মালতীয়ে উত্তৰ দিলে - "এই গৱেষণাৰ উদ্দেশ্য হৈছে দূৰ তাৰকাৰাজ্যলৈ যাত্ৰা কৰিবৰ বাবে প্ৰয়োজন হোৱা 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন'ৰ প্ৰযুক্তি তথা চিকিৎসা-বিজ্ঞানৰ পদ্ধতিসমূহ পৰীক্ষা কৰা৷ ইয়াক ISRO-ৰ আৰ্থিক সাহায্যত কৰা হৈছিল৷ কিন্তু এই বিষয়ে আপোনাক কিয় কোৱা নহ’ল এই বিষয়ে মই ক’ব নোৱাৰিম৷"
কিছু সময় চিন্তা কৰি কনকে সুধিলে - "তাৰ মানে 'স্বপ্না'-আইতাই এতিয়াও শুই আছে৷"
-"হয়৷ শুই আছে৷"
-"মই শুই থকা অৱস্থাতে চাব পাৰিমনে?"
-"নিশ্চয় পাৰিব৷ আপোনাৰ লগত আমি যোগাযোগ কৰাৰ আৰু এটা উদেশ্য আছে৷"
-"কি, বাৰু?"
ডা মালতীয়ে আকৌ ব্ৰিফকেচটো খুচৰি কাগজ এখন উলিয়াই আগ বঢ়াই দিলে৷
-"কি এইখন?"
-"এইখন স্বপ্নাই নিদ্ৰালৈ যোৱাৰ আগতে লিখি থৈ যোৱ ইচ্ছা-পত্ৰ৷ "Will" বুলি ক’ব পাৰি৷
-"ইয়াত কি লিখা আছে?"
-"ইয়াত বহু কথাই লিখা আছে৷ কিন্তু এতিয়া আপুনি জানিব লগা কথাটো হ’ল - এনে দীৰ্ঘ দিনিয়া শীতল-নিদ্ৰা অন্ত হোৱাৰ পিছত নতুন সমাজখনত মিলি যাবলৈ এগৰাকী ব্যক্তি অহৰনিশে লগত থাকিব লাগে৷ স্বপ্নাই তেখেতৰ আজু-নাতি, অৰ্থাৎ আপোনাক নিৰ্বাচন কৰি থৈ গৈছে এই ইচ্ছাপত্ৰখনত৷ অৱশ্যে আপুনি নিজেও সন্মতি দিব লাগিব৷ গতিকে আমি আপোনাক যোগা-যোগ কৰিছো, এই কথা ব্যক্ত কৰিবলৈ আৰু আপুনি এই কামৰ বাবে ইচ্ছুক হয়নে নহয় জানিবৰ বাবে৷
ডা মালতীয়ে আৰু বহুতো কথা ক’লে৷ কনকে কথাবোৰ ভাৱি-গুণি চাই কামটো কৰিব পাৰিম বুলি ক’লে৷ এইটো তাইৰ নৈতিক কৰ্তব্য বুলিও অনুভৱ কৰিলে৷
***
পিছদিনাখন তাই গভীৰ নিদ্ৰাত থকা তাইৰ আজু-অইতাক চাবলৈ যাব৷ তাইৰ মনটো আনন্দত ওপচি পৰিল৷ নিৰ্দিষ্ট সময়ত তাই এ বি আৰ চিৰ দুৱাৰ দলিত ভৰি দিলে৷

No comments:
Post a Comment