এই নাটকখন সৃষ্টি কৰা হৈছিল ২০০৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত আবু-ধাবি চহৰত থকা অসমৰ মানুহ কেইজনমানৰ যৌথ প্ৰচেষ্টাত৷ শ্ৰীমন্দ (মন্দাৱস্থা = Recession) এই নাটৰ সুত্ৰধাৰ তথা খলনায়ক৷ তেওঁৰ কথা কেৱল নৈপথ্যৰ পৰাও কৰিব পাৰি অথবা এজন অভিনেতায়েও কৰিব পাৰে৷
ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হয় ডুবাইৰ ২০০৯ চনৰ ৰঙালী বিহু অনুস্থানত৷
ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হয় ডুবাইৰ ২০০৯ চনৰ ৰঙালী বিহু অনুস্থানত৷
অংশ গ্ৰহণকাৰীসকল: শ্ৰী বিক্ৰম ম. বৰুৱা (ৰাজ), শ্ৰী ধৰ্মানন্দ মজুমদাৰ (শ্ৰীমন্দ), শ্ৰী বিভুতিব্ৰত শৰ্মা (জ্যেষ্ঠ ৰাজ), শ্ৰী সুমন্ত দত্ত (হাচান), শ্ৰী ধ্ৰুৰ্জ্যোতি চলিহা (ৰূপ), শ্ৰী স্থৱীৰজিৎ চলিহা (জিৎ), শ্ৰী প্ৰশান্ত মহন্ত (মিষ্টাৰ কুত্তি) আৰু শ্ৰী পদ্মনীল লহকৰ (বেংক কৰ্মচাৰী - জন)৷
দৃশ্য-১: ফোনত কথা-বতৰা
শ্ৰীমন্দ: হা হা হা! মই শ্ৰীমন্দ, কৰো সকলো লণ্ড-ভণ্ড!! গোটেই পৃথিবী গ্ৰাস কৰি আহি আছো – এতিয়া UAE-ৰ পাল্লা, কি কৰিব পাৰো চাওঁ ৰ ইহতক৷
(ৰাজে পোছাকী কাপোৰ পিদ্ধি অফিচলৈ যাবলৈ সাজু হয়৷)
শ্ৰীমন্দ: ইহ! ৰাজৰ ইস্তাইল চা, কোট টাই মাৰি অফিচ যাব ওলাইছে, মিদল ইস্তত কাম কৰে একেবাৰে ফুলি আছে...
(ফোনটো বাজি উঠে)
শ্ৰীমন্দ: ৰাতিপুৱাই কাৰ ফোন আহিল?
(দেউতাকৰ (জ্যেষ্ঠ ৰাজ) লগত ফোনত কথা পাতি পাতি ---) ৰাজ: হেল্লো, দেউতা, গুৱাহাটিত ভালনে?
জ্যেষ্ঠ ৰাজ: অ’ ভাল, তই ভালে আছনে? শুন! আইজনীৰ বিয়াৰ দিন ঠিক হৈ গ’ল – অহা বহাগৰ 10 তাৰিখে৷
ৰাজ: বৰ ভাল খবৰ, বৰ ভাল খবৰ, তই যা-যোগাৰ কৰি দে… মোৰ ফালৰ পৰা যি পাৰো পইছা পঠিয়াই আছো৷
জ্যেষ্ঠ ৰাজ: হ’ব বাৰু, আৰু শুন, ঘৰৰ বিল্ডাৰৰ পৰা নতুন demand letterখন আহিলে৷
ৰাজ: ঠিক আছে, মই যিমান পাৰো সোনকালে তাৰ পইছাখিনিও পঠিয়াই দিম৷ বাৰু থৈছো এতিয়া৷
জ্যেষ্ঠ ৰাজ: বাৰু থ, ভালে ভালে থাকিবি৷
দৃশ্য-২: কাৰ্যালয়ত
(ৰাজে অফিচৰ সোমাই নিজৰ মেজত বহেগৈ৷ কম্পিউটাৰটো অন কৰি গতানুগতিকভাৱে চলাবলৈ চেষ্টা কৰে৷ কম্পিউটটোৱে গুপ্তশব্দ গ্ৰহণ নকৰে৷)
শ্ৰীমন্দ: কম্পিউটাৰ চলোৱাৰ ইস্তাইল চোৱা, পাচৱৰ্দ পাহৰি গল চাগে... নাই নাই ইয়াৰ কম্পিউটাৰ লক্ হৈ গৈছে !! মই শ্ৰীমন্দ, কৰিছো সকলো পণ্ড!
(শ্ৰীমান কুত্তি (কেৰেলাৰ ভদ্ৰলোক), ৰাজৰ ওপৰৱালা, সোমাই আহে আৰু ৰাজৰ সন্মূখৰ চকিখনত বহেহি৷)
ৰাজ: গুড মৰ্নিং, মিষ্টাৰ কুত্তি !শ্ৰীমান কুত্তি: Good morning, Raj! How are you? How is your work going on?
ৰাজ: Very well. I’ll need another 2-3 days to finish this task.
শ্ৰীমান কুত্তি: Raj, you are a very good employee. As a manager, I like your work. However, as you know we failed to win a number contracts recently and the current contracts are also on hold due lack of fund, we are in a very tight situation.
(শ্ৰীমান কুত্তি থিয় হয়৷ ৰাজৰ ওচৰলৈ আহে আৰু বৰ্খাস্ত-পত্ৰখন দিয়ে৷ ৰাজে লেফাফাটো খুলি চাই, ঠটমট খাই)
শ্ৰীমান কুত্তি: I am very sorry. It’s the decision of top management… our hands are bound. Insa-allah you will get a new job with another company very soon. All the best (shaking hands)!
(ৰাজ মৰ্মাহত হৈ পৰে৷ টাই-কোড খুলি পেলাই৷ নিজৰ বয়-বস্তু লৈ অফিচৰ পৰা প্ৰস্তান কৰে৷)
শ্ৰীমন্দ: হাৱা গল না? আৰু ইয়াৰ কি অনিষ্ট কৰিব পৰা যায়? হা হা হা, মই শ্ৰীমন্দ, কৰো সকলো লণ্ড-ভণ্ড!!
দৃশ্য-৩: বেংকৰ পৰা ফোন
(ৰাজৰ মবাইলটো বাজি উঠে৷ যিমূৰত ফিলিপিনো উচ্চাৰণেৰে 'জন' বুলি বেংক-কৰ্মচাৰীজনৰ মাত৷)
জন: Hi Sir, I am John calling from Gaalf Baank.ৰাজ: Yes.
জন: Your personal loan and car loan premiums are due today. This is a gentle reminder.
ৰাজ: Ok, I’ll try to make the payment as soon as possible.
জন: Thank you. Have a nice day, sir.
দৃশ্য-৪: ভাড়া ঘৰত...
(ৰাজ ঘৰ পালেহি৷ অফিচৰ বয়-বস্তু আৰু বেগটো এঠাইত থৈ অলপ জিৰণি ল’ব বিচাৰে৷এনেতে ঘৰৰ মাকিল, "হাচান", ভঙা-ভঙা ইংৰাজী কোৱা এজন স্থানীয় আৰৱ ভদ্ৰলোক, সোমাই আহে৷)
শ্ৰীমন্দ: ও! ঘৰৰ মালিক দেখোন, এইবাৰ ঘৰৰ মালিকৰ পৰা ....
হাচান (গাম্ভীয্য): Aas-salam wali kom!ৰাজ (অলপ ভয়ে ভয়ে): Walikum salam!
হাচান: Here is the renewal notice. (hands over the notice)
ৰাজ: You double the rent!! This is too much. (while looking at it)
হাচান: Yes, Only double. Other people triple! You pay in one month or vacate the house.
ৰাজ: It is too much! I can’t pay so much. Can I pay in 3 installments?
হাচান: No. Ok, Khalas, pay in 2 installments, OK?
ৰাজ: Ok, I’ll try.
হাচান: Salam Walikum.
(হাচানে প্ৰস্থান কৰে৷ ৰাজ বিচনাখনতে বহি পৰে৷ কপাল হাত দি হতাশা প্ৰকাশ কৰে৷)
দৃশ্য-৫: প্ৰিয়বদ্ধুৰ লগত আলচ
ৰাজ (নিজকে নিজে কৈ কৈ): চেহ, কি কৰা যায়? চাকৰিটোও গ’ল, ভণ্টিৰো বিয়াখন আহি আছে, লো’নটোও মাৰিব লাগে, ঘৰ ভাৰাও দুগুন হ’ল...
শ্ৰীমন্দ: ভুতৰ ওপৰত দানহ, চব একেলগে ধৰিছে৷ এতিয়া কি কৰিব সি?
(ৰাজে মোবাইলটো উঠাই লয়৷ প্ৰিয় বন্ধু ৰূপলৈ ফোন কৰে৷)
শ্ৰীমন্দ: কাক ফোন কৰিছে? Best friend ৰূপকে কৰিছে বোধহয়, সিনো কি কৰিব? দেখা যাওক...
ৰাজ: হেল্লো বন্ধু!ৰূপ: অ’ ৰাজ, কোৱা!
ৰাজ: তোমাক কিবা urgent কথা এটা কব লগা আছে| তোমাৰ হাতত অলপ পইছা হ’ব নেকি? মই urgent ঘৰলৈ পঠিয়াব লাগে৷
ৰূপ: ও... অলপ মানে, কিমান?
ৰাজ: ধৰা ২৫ হাজাৰ মান৷
ৰূপ: ২৫ হাজাৰ!!? মই বাৰু চেষ্টা কৰি চাম, কিন্তু হঠাৎ যে ইমান টকা?
ৰাজ: মই মুখে-মুখে কম দিয়া, লগ পাব পাৰোনেকি?
ৰূপ: হ’ব, মই আহিছো৷
(ৰূপে ফোন থয়৷)
শ্ৰীমন্দ: হা হা, ৰুপক হাত পাতিছা? সিনো কি কৰিব পাৰিব? তাৰ নিজৰেই অৱস্থা নাই!
দৃশ্য-৬: জিৎৰ প্ৰথমটো ফোন
(এনেতে জিৎৰ ফোন আহে৷)
শ্ৰীমন্দ: এইবাৰ কাৰ ফোন একা? সেই আলাশতে উৰি ফুৰাটোৰ যেন পাইছো!
জিৎ: হেল্লো ৰাজ! ভাল খবৰটো শুণা – মই প্ৰমোচন পালো, actually double promotion !!
ৰাজ: Congratulation, Jeet!!
জিৎ: Let’s celebrate … I am throwing a party this evening. আহিবা !
ৰাজ: মই আহিব পাৰিম নে নোৱাৰো কব নোৱাৰিছো, মোৰ অলপ প্ৰবলেম চলি আছে|
জিৎ: কি প্ৰবলেমনো এই দেশত? বাদ দিয়া, আহি যাবা পাৰ্টিলৈ|
ৰাজ: মোৰ মানে….
জিৎ: OK dude, see you in the evening….bye now.
(জিতে ফোন থয়৷)
দৃশ্য-৭: ৰূপৰ লগত মূখা-মূখিকৈ আলচ
(ৰূপ সোমাই আহে৷)
শ্ৰীমন্দ: বাহ! সচাই best friend দেই মানিছো; ফোন কৰিছিলহে, আহি পালেই, দেখিছা?
ৰূপ: কি হ’ল বন্ধু?
(ৰাজে গোটেই পৰিস্থিতিটো বৰ্ণনা কৰে -- মৌন অভিনয়ত৷)
শ্ৰীমন্দ: সখিয়েকক দুখৰ বৰ্ণনা দিছে চোৱা! সখিয়ে জানো কিবা কৰিব পাৰিব? লাভ নাই !!
ৰাজ: (গভীৰ চিন্তাত ঘূৰণীয়াকৈ খোজ কাঢ়ি) মই বাৰু পইছাখিনি যোগাৰ কৰিবলৈ যিমান পাৰো চেষ্টা কৰিম| কিন্তু তোমাকটো কিবা এটা চাকৰিৰ দৰকাৰ| ৰবাছোন দুজনমানক ফোন কৰি চাওঁ... তোমাৰ CV-খন দিয়া|
শ্ৰীমন্দ: এই... ইহাতে দেখুন চবকে ফোন কৰিব ধৰচে!! ফোন উঠালে ফছিলে!
ৰূপ: আজি শান্তিৰে শোৱা, কালি আমি কিবা এটা কৰিব লাগিব| চিন্তা নকৰিবা|(ৰূপে প্ৰস্থান কৰে৷ ৰাজে শুবলৈ চেষ্টা কৰে৷)
শ্ৰীমন্দ: শুব আহিছা? শুব নিদিও ৰব্বা !! ইমানতে এৰিমনে? ৰবা !!
দৃশ্য-৮: জিৎৰ দ্বিতীয়টো ফোন
(জিতে ৰাতি ১টা বজাত ফোন কৰে৷ এক ডিচক’ চলি থকা কুলাহলপূৰ্ণ নেপথ্য৷)
ৰাজ: এই ৰাতি ১টা বজাত কোনে ফোন কৰিলে? হেল্লো!
জিৎ: কি হ’ল? পাৰ্টিলৈ নাহিলাযে?
ৰাজ: Sorry, মই আহিব নোৱাৰিম, বেয়া নাপাবা| কিবা এটা ডাঙৰ প্ৰবলেমত পৰিছো|
জিৎ: আৰে কি প্ৰবলেম? Anyway, ইয়াত বৰ হুলস্থুল হৈ আছে| মই কাইলৈ ফোন কৰিম, থৈছো এতিয়া|
(ৰাজে আকৌ শুবলৈ প্ৰয়াস কৰে৷)
দৃশ্য-৯: বেংকৰ পৰা দ্বিতীয়টো ফোন
শ্ৰীমন্দ: আকৌ শুব আহিছা? নিদ্দিও তোমাক শুব!!
( এলাৰ্ম ঘড়ীটো বাজি উঠে৷ ৰাজ সাৰ পায়৷ এঙামূৰি দিয়ে৷ এনেতে ফোনটো বাজি উঠে৷)
শ্ৰীমন্দ: জলাইছো কিছো, ৰাতিপুৱাই ৰাতিপুৱাই লোনৰ তাগিদা আহিলেই, বঢ়িয়া৷
জন: Sir, you defaulted last two payments. Unfortunately, we will be forced to take action.
ৰাজ: I am trying to make the payments. Please give me few more days.
জন: Sorry sir, our Baank will initiate legal action. (অলপ কাঢ়া সুৰত) Have a nice day.
বেংক-কৰ্মচাৰী জনে ফোন থয়৷ ৰাজে ফোনটো বিচনাখনলৈ দলিয়াই পেলাই দিয়ে৷ হাতত গামোছাখন লৈ গা-ধোবলৈ যায়৷
শ্ৰীমন্দ: বেচেৰাক কিছো জ্বলালো, উপাই নাপাই সি ফোনটোকে বন্ধ কৰি দিলে| চেঃ, এতিয়া কেনেকৈ আমনি কৰা যায়? অ’ ৰ’ব !!
দৃশ্য-১০: ৰূপ, জ্যেষ্ঠ ৰাজ আৰু ৰাজ
জ্যেষ্ঠ ৰাজ: (ফোনটো কৰিবলৈ চেষ্টা চলাই চলাই) ইয়াৰ কি হ’ল ? ফোনটো বন্ধ কৰি থৈছেছোন... ৰূপলৈকে ফোন কৰি চাওঁছোন৷ (ৰূপৰ নম্বৰত ফোন কৰে)
ৰূপ: অ’ খুৰা কওক৷
জ্যেষ্ঠ ৰাজ: ৰাজৰ খা-খবৰ কিবা পাইছিলানেকি? তাৰ ফোন-চোন আজিকালি নলগা হ’ল৷
ৰূপ: পাইছো খুৰা, সি এনেই ভালেই আছে, চাকৰিটোতহে তাৰ অলপ ..., পিছে আপুনি চিন্তা নকৰিব৷
জ্যেষ্ঠ ৰাজ: চাকৰিটোতহে তাৰ অলপ কি? ভালকৈ কোৱাছোন!
ৰূপ: আপুনি তাকেই সুধি ললে ভাল হব| মই তাৰ ওচৰলৈকে আহি আছো, অলপ hold কৰক৷
শ্ৰীমন্দ: বুঢ়াই জ্বলা জুইত ঘী ধালিব এতিয়া.... চাই থাকক৷
ৰাজে মঞ্চৰ পিছফালৰ পৰা গামোছাৰে তিতা চুলি মছি মছি সুমাই আহে৷ ৰূপে ফোনটো ৰাজলৈ আগবঢ়াই দিয়ে৷
ৰাজ: দেউতা!
জ্যেষ্ঠ ৰাজ: কি হ’ল বোপাই? ৰূপে কৈছে তোৰ চাকৰিটোত অলপ কিবা হৈছে?
ৰাজ: অ’ দেউতা, মোৰ চাকৰি গ’ল... প্ৰজেক্ট নাই কাৰণে কাম নাই আৰু সেই কাৰণে...
জ্যেষ্ঠ ৰাজ: ছেঃ বৰ ডাঙৰ কথা হ’ল নহয়, কেতিয়াৰ কথা? মোক কোৱা নাই কেলেই?
ৰাজ (কান্ধি কান্ধি): মই কি সতে কওঁ? ঘৰত ইমান ডাঙৰ সকাম এটাৰ যা-যোগাৰ চলি আছে আৰু মই...
জ্যেষ্ঠ ৰাজ: তই নাকান্দিবি! চিন্তা নকৰিবি, তই ইয়ালৈকে আহি যা! লোকৰ দেশত ইমান দূৰত অকলে অকলে কষ্ট কৰি থাকি চাকৰি কৰাৰ দৰকাৰ নাই| বিয়াখনো আহি আছে| তই আহ, ইয়াতে আমি কিবা-কিবি কৰি ভাত কেইটা উলিয়াই খাম....
ৰাজ: বাৰু মই চিন্তা কৰি চাওঁ৷
জ্যেষ্ঠ ৰাজ: অ’ বাৰু থৈছো এতিয়া৷
দৃশ্য-১১: জয় আই অসম
(ৰাজে ফোনটো থয়৷ এটা নতুন আশা মূখত বিৰিঙি উঠে৷)
শ্ৰীমন্দ: আৰে? ইয়াৰ মূখত দেখুন হাঁহি!! কি হ’ল?
ৰাজ: দেউতাই মোক অসমলৈকে আহিব কৈছে| বেয়া নহয় idea-টো| তাতে কিবা এটা ব্যৱসায় আৰম্ভ কৰিম|
ৰূপ (তললৈ চাই): বন্ধু কথা এটা কওঁ...
ৰাজ: কি কোৱা|
ৰূপ: ইমান দিনে কম কম বুলি কব পৰা নাছিলো…
ৰাজ: কি কথা? এনেকোৱা কি কথা আছে?
ৰূপ: আজি কেইদিনমান আগতে মোৰো চাকৰি গৈছিল| ময়ো কাম বিচাৰি হাবাধুৰি খাই ফুৰিছো|
ৰাজ: অ’ হয়নেকি? মই একোৱেই নাজানো দেখোন|
ৰূপ: ব’লা অসমলৈকে যাও...
দুয়ো একেলগে (ৰূপ আৰু ৰাজ) নিজ দেশত নিজে কাম কৰিম, ব্যৱসায় আৰম্ভ কৰিম, দহোটা অসমীয়াক চাকৰি দিম আৰু অসমক নদন-বদন কৰি তুলিম!! জয় আই অসম …
(দুয়ো মঞ্চৰ পৰা প্ৰস্তান কৰে৷ নপথ্যত "অসম আমাৰ ৰূপহী ..." গীতটি বাজে৷)
শ্ৰীমন্দ: আৰে এয়া কি হ’ল? মই ভৱা মতে নহ’ল দেখোন!! দুয়ো অসমলৈ গুছি গ’ল, এই খাৰ খোৱা অসমীয়াসোপাৰ আগত মই হাৰ মানিলো, নোৱাৰিলো আৰু! তাত দুয়ো কিবা উদ্যোগ খুলিছেবোলে৷ এনেদৰে ৫ বছৰ উকলিল, জিৎ মিদিল-ইস্টতে থাকিল… এদিন সি চুপাৰমাৰ্টতলৈ যাওতে কি হ’ল চাওক ...
দৃশ্য-১২: পাচ বছৰৰ পিছত...
(নপথ্যত "অসম আমাৰ ৰূপহী ..." কম মাতত (volume)ত বাজি থাকে৷)
জিৎ: (shopping trolley এখন থেলি থেলি বজাৰৰ বস্তুবোৰৰ লেবেল চাই ফুৰে): Made in Japan, Made in China, Made in Assam, India!! “Rup-Raj Industries”. অওঁ!! এইটো দেখোন ৰাজ আৰু ৰূপৰ কোম্পানী, ইয়ালৈকে আহি পালে!! মই ইয়াত কি কৰি আছো! ময়ো অসমলৈ যাওঁ!
(সকলো মঞ্চলৈ ওভতি আহে আৰু দৰ্শকসকলক সম্ভাশন জনায়)
--অন্ত--
আপোনাৰ ব্লগত সেয়াৰ বোতাম লগাওক। আৰু অলপ সজাওক।
ReplyDeleteWe Together done a good job. when is the next?
ReplyDeletenice dada..
ReplyDelete