Sunday, July 6, 2014

নতুন শব্দ


আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ প্ৰতি দিনে আমি কোনো নতুন আহিলাৰ উৎভাৱন হৈছে আৰু ক্ৰমান্নয়ে সেইবোৰ আমি ব্যৱহাৰ কৰিবলৈ লৈছো৷ মবাইল ফোন, কম্পিইটাৰ আদিৰ দৰে কিছুমান আমাৰ জীৱনত ওতঃপ্ৰোতঃ ভাৱে জৰিত হৈ গৈছে৷ এই পাৰ্থিৱ বস্তুবোৰৰ লগে লগে কিছুমান অপাৰ্থিৱ ধাৰণায়ো আমাৰ জীৱনত প্ৰভাৱ পেলাব ধৰিছে৷ অনলাইন-আলোচনী, অনলাইন-বেংকিং, ৱেৱ-চাইট আদিৰ দৰে অপাৰ্থিৱ ধাৰণাসমূহো আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে৷  
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়৷ এই আহিলাসমূহক বা ধাৰণসমূহক আমি অসমীয়াত কি বুলি ক’ম? ইংৰাজী শব্দটোৱেই লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰিম নে কোনো নতুন অসমীয়া শব্দ উদভাৱন কৰি তাক ব্যৱহাৰ কৰিম? সহজ উপায় প্ৰথমটো, অৰ্থাৎ ইংৰাজী শব্দটোকে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা৷ এই ক্ষেত্ৰত আমাৰ দুটা কাম নকৰাকৈ হয় – (ক) কোনো নতুন শব্দৰ উৎভাৱন কৰিব নালাগে, (খ) নতুন শব্দটোৰ অৰ্থ সুনিৰ্দিষ্ট কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন নাই৷ ইংৰাজী শব্দটো ইতিমধ্যে মানুহে বুজি পায়৷
বৰ্তমান এই প্ৰথাই সঘণে অবলম্বন কৰা দেখিবলৈ পোৱা গৈছে৷ কথিত ভাষাটো বাদেই, লিখিত ভাষাতো প্ৰায়েই ইংৰাজী শব্দ প্ৰতক্ষভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু আমি সদায় এই সহজ উপায়টোকে লৈ থাকিলে হ’বনে? এনে কৰিলে অসমীয়া ভাষাটো ইংৰাজী ঋণ শব্দৰে ভৰি পৰিব৷ ইতিমধ্যে অমি এনে বাক্য ক’বলৈ লৈছোৱেই – “মাউচটোৱেদি ৱেবচাইটোৰ লিংকটোত ক্লিক কৰক৷” এইবাক্যটোৰ ৫টা শব্দৰ ৪টা ইংৰাজী শব্দত বিভিন্ন বিভক্তি যোগ গৈছে৷ 
কথাটো অলপ গমি চালে দেখা যায়, আমাৰ ২০শ শতিকাৰ মাজ ভাগত পৰা হয়তো শেষভাগলৈকে কিছুমান অতি সুন্দৰ অসমীয়া শব্দৰ উদভাৱন হৈছিলে৷ এনে কিছুমান শব্দ তালিকা-১ত দিয়া হ’ল৷
তালিকা-১:
অসমীয়া শব্দ
ইংৰাজী প্ৰতিশব্দ
গড়-কাপ্তানী
PWD
অনাতাঁৰ / আকাশবাণী
Radio
বেতাঁৰ
Wireless
আকাশী জাহাজ / উৰা জাহাজ
Aeroplane
দূৰদৰ্শন
Television
বিদ্যুৎ
Electricity
আলোকচিত্ৰ
Photograph

এই শব্দবোৰ শুণিবলৈ সুমধ, গঠনত খাতি অসমীয়া থচ ভাৱত সম্পূৰ্ণ কাৰিকৰী৷ তাতকৈও ডাঙৰ কথা – এই শব্দবোৰৰ অৰ্থত কোনো খেলি-মেলি নাই, সকলোৱে সঠিককৈ অৰ্থ বুজি পায়৷
আমি আজি-কালি এনেধৰণৰ নতুন অসমীয়া কাৰিকৰী শব্দ সৃষ্টি আৰু ব্যৱহাৰ ব্যৰ্থ হৈছো নেকি? অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, গুৱাহাটি বিশ্ববিদ্যালয়, অসমৰ চৰকাৰী ভাষা প্ৰয়োগ আয়োগ আদি বহুতো প্ৰতিষ্ঠানে ভিন ভিন বিষয়ৰ অসমীয়া প্ৰতিশব্দৰ তালিকা প্ৰস্তুত কৰি আহিছে৷ কিন্তু সেইবোৰৰ বেছিভাগেই দৈনন্দিন কাম-কাজত, লেখা-মেলা, মেল-লিটিং বা কথোপকথনত ব্যৱহাৰ হোৱা দেখা নাযায়৷  ইংৰাজী শব্দটোকেই লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাহে বেছিকৈ দেখা যায়৷ তালিকা-২ত এনে কিছুমান জনপ্ৰিয় শব্দ দিয়া হ’ল৷
তালিকা-২:
অচলিত অসমীয়া শব্দ
চলিত ‘অসমীয়া’ শব্দ
ইংৰাজী প্ৰতিশব্দ
পৰিকলন যন্ত্ৰ
কম্পিউটাৰ
Computer
অম্ল
এচিড
acid
পেচা/জীৱিকা
কেৰিয়াৰ
Career
কৰ্কট ৰোগ
কেন্‌চাৰ
Cancer

 

মোৰ বেতাঁৰ নিগনিটো...

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে "মাউচ্" বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হয়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি'  বুলিয়ে কব নোৱাৰোনে? আমেৰিকাৰ বা ইংলেণ্ডৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই - সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে কলা বৰণীয়া৷
বহুতে যুক্তি দিয়ে যে 'নিগনি'  বুলি কলে বৰ হাঁহি উঠা হব৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো'  বুলি কলেও হাঁহি উঠিবলৈ একো নাই৷ আমি ইয়াত কি নিগনিৰ কথা কৈছোঁ, কি টিপা মৰাৰ কথা কৈছোঁ, মানুহে যেতিয়া বুজি পাব, অভ্যস্ত হৈ পৰিব, তেতিয়া তাত হাঁহি উলিবলগীয়া একো নাথাকিব – ই 'I clicked the mouse'-ৰ দৰেই এটি কাৰিকৰী অৰ্থ থকা বাক্য হৈ পৰিব৷
আন এটা শব্দ - "সতাঁৰ"৷ স+তাঁৰ অৰ্থাৎ “তাঁৰ থকা”৷ ইয়াক ‘বেতাঁৰ’, ‘অনাতাঁৰ’ৰ লগত ৰিজাই online শব্দটোৰ প্ৰতিশব্দ হিচাপে উৎভাৱন কৰিছিলোঁ৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (xobdo.org বা শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ আজিৰ পৰা হয়তো এশ বছৰ আগতে ‘অভিধান’ শব্দৰ সৃষ্টি হৈছিল৷ ই আজি বহুল ভাৱে প্ৰচলিত৷ আমি ‘online dictionary’ক ‘অনলাইন অভিধান’ বা ‘অনলাইন ডিকচনাৰি’ বুলি কোৱাতকৈ ‘সতাঁৰ অভিধান’ বুলি ক’ব নোৱাৰোনে? আমাৰ আগৰ প্ৰজন্মই সৃষ্টি কৰা এটা সুন্দৰ অসমীয়া শব্দৰ লগত আমি আন এটা সুমধুৰ অসমীয়া শব্দ সৃষ্টি আৰু সংযোজনত আপত্তি থাকিব নালাগে৷
বহুতে আপত্তি কৰে -এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰে৷ ইংৰাজীত সকলোৱে বুজি পোৱা শব্দ এটা থাকোতে অসমীয়াত আন এটা শব্দৰ উৎভাৱন কৰিলে মানুহে বুজি নাপাব৷ আনহাতে বিভিন্ন কিতাপ-আলোচনীয়ে একেইটা অৰ্থৰ বাবে নিজা নিজা অসমীয়া শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে আৰু খেলি-মেলিৰ সৃষ্টি হ’ব৷ উদাহৰণ স্বৰূপে online শব্দটোক কোনোৱে ‘সতাঁৰ’, কোনোৱে ‘সংযোজীত’ (connected) আদি বিভিন্ন শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে৷
হয়, প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হলে,  সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালিৰ ক্ৰমে কমি আহিব আৰু অৱশেষত নাইকিয়া হ’ব৷ পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ইংৰাজী কিতাপ-আলোচনী প্ৰকাশ হয়৷ তথাপি নতুন ইংৰাজী শব্দ সৃষ্টি আৰু ব্যৱহাৰত কোনো বেমেজালি হোৱা দেখা নাযায়৷ অসমৰ দৰে এখন সৰু প্ৰদেশত তাৰ তুলনাত কেইখন কিতাপ-আলোচনী প্ৰকাশ পায়? যি কেইখন প্ৰকাশ পাই, বহুলভাৱে প্ৰচাৰ হয়, তেওঁলোকৰ সম্পাদক কেইগৰাকীয়ে মাহেকীয়া এখন সভা পাতি তাত একবদ্ধ হৈ প্ৰতিশব্দবোৰ থিৰাং কৰি সকলোতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলি ভাৱোঁ৷
ৰাইজে যেতিয়া একেইটা শব্দ একেইট অৰ্থত ব্যৱহাৰ হোৱা দেখিব, বুজি পাব, শব্দটো জনপ্ৰিয় হৈ উঠিব আৰু বেমেজালিবোৰ ক্ৰমান্নয়ে দূৰ হৈ যাব৷
এইখিনিতে আন এটা কথা কৈ থোৱা ভাল হ’ব৷ এটা ইংৰাজী শব্দৰ বাবে বহু প্ৰতিশব্দ ব্যাকৰণ বা যুক্তিগত ভাৱে শুদ্ধ হব পাৰে৷ কেতিয়াবা, এটাও অসমীয়া শব্দই সঠিক অৰ্থ প্ৰকাশ কৰিব নোৱাৰিব পাৰে৷ এইক্ষেত্ৰত প্ৰতিশব্দ উৎভাৱন আৰু নিৰ্বাচন যিমান গুৰুত্বপূৰ্ণ, তাতকৈও বেছি গুৰুত্বপূ্ৰ্ণ শব্দটোক জনপ্ৰিয় কৰি তোলা আৰু সকলোবোৰ প্ৰয়োজনীয় অৰ্থ, ব্যৱহাৰৰ দ্বাৰা শব্দটোক প্ৰদান কৰা৷
ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি?  ভাষাটোৰ এটা নিজস্বতা থাকিব৷ আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত আকৌ উদ্যমী হ’বৰ সময় হ’ল৷
তথ্যপ্ৰযুক্তি সমন্ধীয় কিছুমান ন-পুৰণি অসমীয়া শব্দ আপোনালোকৰ নিজস্ব জালপঞ্জী বা আন লিখনিত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো৷ আদি৷ অৰ্থসমূহ মই ইয়াত লিখি নিদিও৷ যদি অৰ্থ ধৰিব পৰা নাই, তেন্তে ই ভাল শব্দ নহয়, গতিকে ব্যৱহাৰ নকৰিব৷

ব্যৱহাৰেহে কোনটো শব্দ গ্ৰহণীয় হব বা নহব তাক নিৰূপণ কৰিব৷ গতিকে just ব্যবহাৰ কৰক, শব্দটো জনপ্ৰিয় কৰি তোলক, বছ, আন কোনো তৰ্ক-বিৰ্তক, যুক্তি-অযুক্তি কৰাৰ প্ৰয়োজন নাই৷ সময়ৰ অগ্নি-পৰীক্ষাত এইবোৰে যদি উত্তীৰ্ণ হয়, সমাজে যদি গ্ৰহণ কৰে, এসময়ত এইবোৰে অভিধানত স্থান পাব৷ অন্যথা ভাষানৈয়ে পাৰত এৰি থৈ যাব আৰু ক্ৰমান্নয়ে সময়ৰ বুকুত জাহ যাব৷


তালিকা-৩:
ক্ৰমিক নং
শব্দ
 নিগনি
 নিগনি(ৰ)-দলিচা
 কঠিনতন্ত্ৰ
 স্নিগ্ধতন্ত্ৰ
 পৰ্দা
 পৰশ-পৰ্দা
 বিনোদ-দণ্ড
 চাবিফলি
 কোলাতলোৱা
১০
 মেজতথোৱা
১১
 আন্তঃজাল
১২
 জালস্থান
১৩
 জালপৃষ্ঠা
১৪
 স্মৃতি
১৫
 সতাঁৰ
১৬
 পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭
 সন্ধানযন্ত্ৰ
১৮
 যান্ত্ৰিক মকৰা
১৯
 জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০
 সতাঁৰ
২১
 বেতাঁৰ
২২
 মুদ্ৰক
২৩
 নিবেশপেৰা
২৪
 নিৰ্গমপেৰা
২৫
 প্ৰেৰিতপেৰা
২৬
 চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭
 আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮
 জুলিয়া ষ্ফটিক পৰ্দা 


ককাদেউতাৰ সাধুকথা আৰু কিছু চিন্তা...

জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা লৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷

আজিৰ nuclear family-ৰ যুগত অতিজৰ পৰা চলি অহা এই পৰম্পৰা ভংগ হৈ গৈছে৷ ককাদেউতাকৰ মাত আজিৰ শিশুৱে দূৰভাষত দুই-তিনি মিনিটৰ বাবে শুনিবলৈ পায় বা গৰমৰ বন্ধত ঘৰলৈ গলে কেইদিনমানৰ বাবেহে লগ পায়৷ ককাদেউতাৰ বাঘ ভালুকৰ, ৰাম-সীতাৰ, ৰজা-ৰাণীৰ সাধু আজিৰ পিন্টু, জিন্টুহঁতে বুজি নাপায় বা boring পায়৷ শুনিব বিচাৰে Ben-10, Spiderman, Superman আদিৰ সাধু৷ ককাদেউতাসকলে এইবোৰৰ নামেই শুনা নাই বা শুনিলেও সাধু কয় কেনেকৈ? Generation Gap!

গতিকে যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি অহা ভাষাৰ সেই নিজৰা হঠাতে যেন ৰৈ যাব লগা হৈছে৷ এটা প্ৰকাণ্ড বান্ধে যেন আগভেটি ধৰিছে৷

এই বান্ধ ভাঙিব লাগিব হয়তো Middle Generation টোৱে৷ অৰ্থাৎ পিন্টু, জিন্টুহতঁৰ পাপা, মাম্মা আৰু ককাদেউতাসকলৰ জানটো, মাজনী আমি মাজৰ প্ৰজন্মটোৱে৷ শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি পিন্টু, জিন্টুহতঁক দিব লাগিব Ben-10, Spiderman, Superman আদিৰ সাধু কৈ৷ পাৰিমনে বাৰু আমি এই গুৰুদায়িত্ব লবলৈ?

কিন্তু....

কিছুবছৰ আগতে হিউচতনত (Houston) অসমীয়া পৰিয়াল কিছুমান লগ পাইছিলো৷ তেওঁলোকে নিজৰ মাজত অসমীয়াতে কথা পাতে, কিন্তু লৰা-ছোৱালীবোৰৰ লগত ইংৰাজীত৷
দুদিনমান আগতে দিল্লীনিবাসী মোৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলো৷ মাক-দেউতাক দুয়ো খাতি অসমীয়া৷ লৰা-ছোৱালী এহাল৷ তেওঁলোকে নিজৰ মাজত অসমীয়াতে কথা পাতে, কিন্তু লৰা ছোৱালীহতঁৰ লগত হিন্দীতহে কথা পাতে৷ পিছত গম পালো মোৰ বন্ধু ব্যতিক্ৰম নহয়, বৰং দিল্লীনিবাসী প্ৰায় সকলো অসমীয়া পৰিয়ালৰ একেই অৱস্থা৷
হয়তো কোনোবাই যুক্তি দিব, ৰা-ছোৱালী যি পৰিবেশত ডাঙৰ-দীঘল হয়, তাৰ ভাষা-সংস্কৃতিৰ লগত মিলি যাব লাগে৷ কথাটো যুক্তিসংগত৷ কিন্তু আমি জানো মানুহে অনায়সে তিনি-চাৰিটা ভাষা আহৰণ কৰিব পাৰে৷ বিশেষকৈ লৰালিকালত ভাষা আহৰণৰ ক্ষমতা তীব্ৰ হৈ থাকে৷ ইয়াৰে সুবিধা লৈ তেওঁলোকক বাৰু পৰিবেশৰ ভাষাৰ লগতে অসমীয়াও শিকাই থোৱাব নোৱাৰিনে? বিশেষকৈ যি পৰিয়ালৰ পিতৃ-মাতৃ দুয়ো অসমীয়া!!!
--
Oxom !!
আজিকালি প্রায়ে দেখা গৈছে যে '', '' '' এই শব্দ কেইটা লিখোতে ইংৰাজী 'X' আখৰটো ব্যৱহাৰ কৰে। কিন্তু আমি Xylem, Xerox ইত্যাদি শব্দবোৰৰ 'X' আখৰটো '' হিচাপেহে উচ্চাৰণ কৰোঁ। এইটো বাৰু ইংৰাজী 'S' আখৰটো 'X' হিচাপে লিখাৰ এক নতুন শৈলী নে 'X' আখৰটোৰ এই '', '' '' উচ্চাৰণ শুদ্ধ। অসম সৰ্বশিক্ষা মিছনে প্রথমে 'অসম' শব্দটো ইংৰাজীত 'Axom' বুলি লিখিছিল আৰু তাৰ পিছৰ পৰাই 'X' আখৰৰ পয়োভৰ ঘটা যেন লাগে। এই 'X' আখৰৰ প্রয়োগ কিমানদূৰ সমীচিন হ'ব তাৰবাবে আপোনালোকৰ মতামত বিচাৰিলো। মোৰ বোধেৰে ইংৰাজী fontত লিখিলেও অসমীয়া টাইপিংটো শুদ্ধকে লিখিব লাগে। এইক্ষেত্রত কিবা ভুল হ'লে ক্ষমা কৰিৱ।
ইংৰাজী আখৰবোৰৰ একাধিক উচ্চাৰণ থাকিব পাৰে৷ যেনে put=পুট, but=বাট; apple = এপল, assam = আচাম৷ঠিক তেনে ধৰণে x আখৰটোৰ এটা উচ্চাৰণ ''ৰ দৰে, আনটো ইংৰাজী 'ক্স'ৰ দৰে৷ 'xerox' শব্দটোতেই প্ৰথম x-ৰ উচ্চাৰণ ''ৰ দৰে আনটোৰ 'ক্স'ৰ দৰে৷
অসমীয়া ''/''/'' ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ কিন্তু এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচিয়ান আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণত বাবে 'X' ব্যৱহাৰ কৰে৷ যেনে স্পেনিচত Mexico আৰু Texas ক মেসিকো আৰু টেসাচ বুলি উচ্চাৰণ কৰে৷ "International Phonetic Alphabet" মতেও 'X' ব্যৱহাৰ কৰিব লাগে৷ ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/International_Phonetic_Alphabet
সেয়ে অসমীয়াত স/শ/ষ - ৰ বাবে X ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো৷

‘কেৰিয়াৰ’ ---- আজি-কালি অত ত'কেৰিয়াৰ' শব্দটো ব্যৱহাৰ হোৱা দেখিবলৈ পাইছোঁ৷ সংস্থান, পেচা, জীৱিকা , অন্নসংস্থান, প্ৰৱৰ্ত্তনি, অন্নজল, জীৱনোপায় -- আদি সুন্দৰ অসমীয়া শব্দবোৰৰ এটাও উপযুক্ত নহয়নেকি?  'কেৰিয়াৰ' এটা যথাৰ্থ প্ৰতিশব্দ হয়তো এতিয়া নাথাকিব পাৰে৷ কিন্তু আমি অসমীয়া শব্দ এটা বাচি লৈ তাক যথাৰ্থ সমূহ দিব লাগিব৷ অন্যথা আমি সদায় ইংৰাজী শব্দবোৰ ধাৰলৈ আনিব থাকিব লাগিব৷ আচলতে career শব্দটোৰো আজি যি বহল অৰ্থ, বহু বছৰ আগতে হয়তো এই অৰ্থ নাছিলে৷ ই পুৰণি ফৰাচী শব্দ carriere পৰা আহিছে, যাৰ অৰ্থ পথ/আলি/ৰাষ্টা৷

নতুন শব্দ



Thursday, May 1, 2014

উৰাজাহাজখন ক’ত গ’ল ?

প্ৰায় ২৫০জন যাত্ৰী কঢ়িয়াই নিব পৰা ২২০ টন ওজনৰ এখন উৰাজাহাজ আকাশত অন্তৰ্ধান হৈ গ’ল !!

হয়, 'মালায়চিয়া এয়াৰলেইঞ্চ'ৰ উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়চিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ১৪খন দেশৰ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ প্ৰায় ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা নোহোৱা হৈ যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷

লগে লগে এক বিশাল আন্তৰ্জাতিক সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত সন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই সন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত কৰা হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়চিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত বিমানখনৰ কোনো ভগ্নাংশ নোপোৱাত, ১৫মাৰ্চৰ দিনা অনুসন্ধানকাৰীসকলে ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি বিমানখন ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চিম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰে৷ সেইবাবে মালায়চিয়াৰ অনুৰোধত, অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলায়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ যুজাৰু বিমান, সাগৰীয় জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানীত, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ধাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজ 'ব্লুফিন-২১'-ৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷
ব্লুফিন-২১

এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷

Thursday, January 2, 2014

উইনড’জ-৮ লেংগুৱেজ পেক্ট (আচামিজ)

দুদিনমান আগতে উইনড'জ-৮ৰ  অসমীয়া সংকৰণটি নমালোঁ আৰু মোৰ কোলাতলোৱাটোত স্থাপন কৰিলোঁ৷ মোৰ পৰিকলন যন্ত্ৰটো ১০০% নহ’লেও ৮০% খাৰ খোৱা অসমীয়া হৈ পৰিল৷ মনটো বৰ ভাল লাগি গ’ল৷ মাক্ৰচফ্টৰ ই এক অতি প্ৰসংশনীয় পদক্ষেপ৷ প্ৰতিজন অসমীয়াক গৌৰৱ অনুভৱ ই কৰাব পাৰিব বুলি ভাৱোঁ৷ ইয়াৰ পৰা এই সুক্ষ্মতন্ত্ৰক নমাব পাৰি ---
Windows-8 Language Pack (Assamese )
http://windows.microsoft.com/en-us/windows/language-packs#lptabs=win8

কিছুপৰ ব্যৱহাৰ কৰাৰ পাছত অৱশ্যে এনে লাগিল যেন, ইয়াক আৰু উন্নত কৰিব পৰা গ’লহেতেঁন, আৰু অলপ 'অসমীয়াত্ব' প্ৰদান কৰিব পৰা গ’লহেতেঁন৷ মই ভাৱিলোঁ মোক এই সংকৰণৰ সম্পাদক পতা হ’লে মই ইয়াৰ কি কি সাল-সলনি কৰিলোহেতেঁন? এই জালপঞ্জীত ইয়াকেই কৰিবলৈ যত্ন কৰিলোঁ, মানে নিজকে ভাবি ল’লো মাক্ৰচফ্টৰ কোনো কাৰ্যলয়ত বহি মই যেন সম্পাদনৰ কাম কৰিছোঁ৷

মোৰ অনুবাদসমূহ দেখি মাজে মাজে আপোনালোকৰ হাঁহি উঠিব পাৰে, কাৰণ মই কিছুমান অতি চহা শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ৷ যেনে "settings" -ৰ বাবে "গত" শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে "তাৰ গতটো চোৱা!" যেনেকৈ কৈ "অৱস্থা" বুজাওঁ, তেনেকৈ৷ মোৰ শব্দটো ব্যৱহাৰ কৰি নিজৰে হাঁহি উঠিছিলে৷ কিন্ত ভাৱি চালো, অৰ্থটোতো উলাইছে!!

মই এইটো কোৱা নাই যে এইবোৰ গ্ৰহণযোগ্য, কিন্তু অনাহকতে অন্ধভাৱে ইংৰাজী শব্দটো লিপ্যান্তৰ কৰাতকৈ কিছুমান সহজ-সৰল বা প্ৰচলিত অসমীয়া শব্দ ব্যৱহাৰ কৰিব পাৰি তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে৷

প্ৰথমতে উইণ্ডজৰ "Start" পৃষ্ঠাখনলৈ গ’লো৷ পৃষ্ঠাখনক "আৰম্ভ" বুলি কোৱাত বৰ শুৱাইছে৷ কিন্তু "ফাইনেঞ্চ", "ষ্টৰ", "মেপ", "মেইল" আদি শব্দবোৰে যেন পৃষ্ঠাখনৰ সৌন্ধৰ্য হ্ৰাস কৰি পেলাইছে৷ কিছুমান Propoer Noun বা নামবাচক বিশেষ্য সলনি কৰাৰ যুক্তি নাই৷ কিন্তু বিত্ত, দোকান, মানচিত্ৰ, ই-পত্ৰ আদি ভাৱ প্ৰকাশ কৰা শব্দবোৰ অসমীয়াতে লিখিলে ভাল লাগিব যেন লাগিলে৷



পৰিকলনটোৰ "মেজ" (Desktop) সোঁফালে স্পৰ্শকাতৰ পৰ্দাখনত চোলে এখন সৰু ক’লা খিৰিকিয়ে ভুমুকি মাৰে৷ তাতো কিছুমান শব্দ সাল-সলনি কৰিলে ভাল হ’ব  যেন লাগিলে৷


তাৰ পিছত মই "গত" মানে setting-ত চোলো৷ আন এখন খিৰিকিয়ে ভুমুকি মাৰিলে৷ ইয়াতো কিছুমান সাল-সলনি কৰিলোঁ৷


এইবাৰ মই "কণ্ট্ৰল পেনেল" মানে মোৰ ভাষাত "নিয়ন্ত্ৰণ ফলি" পালোগৈ৷ তাতো বহুতো শুদ্ধ কৰিবলগীয়া পালো৷ এইবোৰক বাৰু ঠিক "ভুল" বুলিব নোৱাৰি, কিন্তু ঠিক "অসমীয়া" বুলিও কবলৈ টান লাগে৷ 


ইয়াত "Touch" শব্দটোক "টাচ্চ" বুলি কোৱাৰ কিবা প্ৰয়োজন আছিলনে? "স্পৰ্শ" বুলি ক’লেই হয়৷ তেনেকৈ system-ক "প্ৰণালী", pen-ক "কলম" বুলি ক’লেই হয়৷  এনে বহু শব্দ পোৱা যায়,  য’ত সুন্দৰ প্ৰচলিত অসমীয়া শব্দ থাকোতে ইংৰাজী শব্দ এটা লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাৰ কোনো যুক্তি বুজি নাপালোঁ৷

আনহাতে কিছুমান শব্দক  অসমীয়াত লিপ্যান্তৰ কৰোঁতে কেতিয়াবা 'চ' আৰু কেতিয়াবা 'ছ' ব্যৱহাৰ কৰা দেখা গৈছে, যেনে processor=প্ৰেচেছৰ, system = ছিষ্টেম৷ কিন্তু আমি জানো, অসমীয়াত চ/ছ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ এনে স্থলত সকলোতে প্ৰথম 'চ' ব্যৱহাৰ কৰিলে বহু খেলি-মেলি কমিব৷
---- 

মালায়াচিয়াৰ বজাৰত অসমীয়া খাদ্য ....

ঢেকীয়া শাক, লাই শাক, মাণিমূণি, বাঁহ গাজ, কল ডিল, তামোল-পাণ --- আপুনি কৈ যাওক, অসমীয়া খাদ্যৰ নাম, মালায়চিয়াৰ প্ৰধান নগৰ কুৱালালামপুৰ মহানগৰৰ বজাৰত বিছাৰি নোপোৱা বস্তু নাই৷

ৰৌ, ইলিছ, পাভ, বৰালী, মাগুৰ, কাৱৈ, সৰু সৰু পোৱামাছ আদি ভিন ভিন প্ৰকাৰৰ মাছো ইয়াত সমানে পোৱা যায়৷

অসমৰ সৰ্বসাধাৰণ আলিবাটৰ কাষৰ হোটেলত (মানে ৰেষ্টোৰেণ্ট) ঢেকীয়া শাকৰ ভাজি, বাঁহ গাজ, কল ডিলৰ ভাজি আদি দেখিছে? মই হ’লে কেতিয়াও দেখা নাই৷ ইয়াৰ হোটেলসমূহত কিন্তু এইবোৰ পোৱা যায়, মানুহে সমানে খায়৷

যোৱাকালি বজাৰৰপৰা কিনি অনা েএনেবোৰ কেছাবস্তু পৰাই এই সাজ ভাত আমাৰ ঘৰত ৰন্ধা হৈছিল - কৃতজ্ঞতাজ্ঞাপন: পৰিবাৰ আৰু মোৰ মা৷