Wednesday, July 4, 2018

ইউনিকোড আৰু আমাৰ কৰণীয়

[ এই প্ৰবন্ধ "নিয়মীয়া বাৰ্তা"ৰ ০৩-জুলাই-২০১৮ আৰু ০৪-জুলাই-২০১৮-ত প্ৰকাশ পায়৷ স্কেন কপি ইয়াত পাব৷ প্ৰকাশৰ পিছত আন কিছু তথ্য পোৱা গ’ল আৰু তাৰ ভিত্তিত এই ব্লগত সংযোজিত/সংশোধিত কৰা হৈছে৷ এই প্ৰবন্ধটিত শ্ৰীপংকজ জ্যোতি মহন্ত, শ্ৰী দিপাংকৰ চেতিয়া, শ্ৰী গুণদ্বীপ চেতিয়া, শ্ৰী সত্যকাম দত্ত আৰু মৃণাল গোস্বামীৰ লিখনি / ফেচবুক পোষ্টৰ বহু অংশ লোৱা হৈছে। তেওঁলোকৰ সেই অংশবোৰ মই মোৰ নিজৰ বুলি কেতিয়াও দাবী কৰা নাই বা নকৰো। এই প্ৰবন্ধটোৰ বিভিন্ন অংশত প্ৰয়োজন আছে বুলি গণ্য কৰি বৃহত্বৰ স্বাৰ্থত মই সেইবোৰ একগোট কৰি compile হে কৰিছোঁ‌। শেষাংত লিঙ্কসমূহ পাব]
         ১৮জুনৰ পৰা ২২জুনলৈকৈ অনুস্থিত আন্তৰ্জাতিক মানক সন্থা (International Standardization Organization - ISO)-ৰ বৈথকত অসমৰ দুজনমান ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে৷  বৈথকত ভাগ লোৱা ড° শিখৰ শৰ্মা ডাঙৰীয়াৰ মতে ISO ই ভাৰত চৰকাৰক তিনিটা পৰামৰ্শ দিছে।
১) ইউনিক’ডৰ “Bengali” Code Chart বা Range ৰ নামত (title) “Assamese” শব্দটো অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দিয়া। (অৱশ্যে, কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেইটো কোৱা নাই। যেনে Bengali-Assamese থাকিবনে, Bengali(Bangla)-Assamese বা Bengali/Assamese বা Assamese-Bengali বা আন কিবা ধৰণে থাকিব সেই বিষয়ে তেওঁলোকে তেখেতক একো কোৱা নাই বুলি কৈছে)৷
২) আখৰ আৰু চিহ্নবিলাকৰ নাম Bengali ৰ লগতে Assamese টোও অন্তৰ্ভুক্ত কৰিব। খুব সম্ভৱ এনেদৰে:
09B6 শ BENGALI LETTER SHA= ASSAMESE LETTER TAALABYA XA (অৱশ্যে গোটেইখিনি capital letter ত থাকিবনে নাই সেইটো কোৱা নাই)
৩) এতিয়ালৈকে Code Chart ত নথকা নতুন কিবা আখৰ বা চিহ্ন থাকিলে অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিয়া৷ সেইটো নতুন কথা নহয়। যিকোনো ক'ড চাৰ্টৰ ক্ষেত্ৰত সংৰক্ষিত স্থান কিছুমান থাকে। আপুনি বা মইও তাত নতুন আখৰ বা চিহ্নৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিব পাৰোঁ। ইউনিকডে বহুত পৰীক্ষা নিৰিক্ষা কৰি গ্ৰহণ কৰে বা অগ্ৰাহ্য কৰে। অৱশ্যে চৰকাৰে পঠিয়ালে অলপ গুৰুত্ত্ব পাব৷
       কিন্ত (১) নংটো অৰ্থাৎ নামটো ২০১৫ চন মানতেই Unicode Consortium-ৰ ৱেবচাইটৰ বেটুপাতৰ  হাইপাৰ লিংকটোত সলনি কৰা হৈছিল, যদিও ভিতৰৰ / আচল Code Chart-ত এতিয়াও ই সলনি হোৱা নাই৷  এই (১) আৰু (২) নম্বৰৰ পৰামৰ্শকেইটা মানি ভাৰত চৰকাৰে যদি প্ৰস্তাৱ দিয়ে আৰু সেই প্ৰস্তাৱ যদি ইউনিক’ড সংঘই কাৰ্যকৰী কৰে তেন্তে ইউনিক’ডত “অসমীয়া লিপিৰ উল্লেখ নাই” এই অভিযোগটো কিছু পৰিমাণে আঁতৰ হ’ব। অৱশ্যে বহুতে কৈ থকা অসমীয়া লিপিৰ “স্বতন্ত্ৰতা” বা “স্বাভিমান” ৰক্ষা হ’বনে নাই সেই বিষয়ে ক’ব নোৱাৰিম। ব্যক্তিগতভাৱে ইমানখিনি হ’লেই সুখী হ’ম। 

       ভাৰত চৰকাৰৰ পৰা যেতিয়া Unicode Consortiumলৈ ভাৰতীয় ভাষাসমূহ লিখা "লিপি"সমূহ পঠিওৱা হৈছিল তেতিয়া আমাৰ এই লিপিটোৰ নাম লিখি পঠোৱা হৈছিল "বাংলা লিপি" বুলি, আৰু সেই সময়ত অসমীয়া মানুহখিনিয়ে সেই কথাৰ ভূ কে পোৱা নাছিলো। আৰু এইক্ষেত্ৰত লিপিটোৰ বৰ্ণনাত লিখা হৈছিল বাংলা লিপি বাংলা ভাষাৰ উপৰিও সামান্য সালসলনিৰে অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰি আদি আন ভাষাটো ব্যৱহাৰ কৰা হয়। ভাৰত চৰকাৰৰ ভুল তথ্যৰ বাবেই হওক বা আন কাৰোবাৰ বাবেই হওক ইউনিক’ডে অকল "Bengali" বুলি এই কোড ৰেঞ্জৰ নামটো ৰাখি এটা ঐতিহাসিক ভুল কৰিলে। "Bengali" ৰ লগতে "Assamese" শব্দটো সমান গুৰুত্ত্ব সহকাৰে আৰম্ভনিৰেপৰা ৰখা হ’লে আজি এই বিতৰ্ক চাগৈ নহ’লহেঁতেন।

Monday, February 5, 2018

Ad√antage Assam : Some thoughts...

In last few days, the Guwahati City has been beautified in war footing with new paintings, road-side decorations, colorful lighting etc. All right thinking Guwahatians wish this beauty to last forever and be real not something superficial and temporary. For this to happen, both govt/administration and the citizen must act hand-in-hand, like....

GOVT:
(1) Streamline the electrical / telephone / cable-TV/ internet/ fiber optic cables.
(2) The dirty/smelly dust-bin/ garbage collection needs to be removed from main roadside.
(3) Clean the Bhorolu river.
(4) Ban throwing plastic bags/bottles on drains.

PEOPLE:
(1) Stop spiting red paan on the recently colored walls / dividers.
(2) Stop littering the road.

Wires...

Dust-Bins...

Pan-Spits (তামোলৰ পিক) ...

Thursday, January 25, 2018

নিদ্ৰা / ৩

"হাই কনক!!" - বগা ডাক্টৰী কোট পিন্ধা সেই মহিলা গৰাকী মানে ডা মালতী৷ হাতখন আগ বঢ়াই দিলে৷
-"হাই" বুলি কৈ কনকে হাতখন আগ বঢ়াই দিলে৷
-"আহক, মোৰ লগত আহক৷"
মালতিয়ে কনকক পোছাকযোৰ সলাবলৈ দিলে৷ পাতল নীলা পোছাক এযোৰ তাইক পিন্ধিবলৈ দিলে৷  নিজেও বিন্ধিলে৷ তাৰ পিছত দীঘল কৰিড’ৰ এটাইদি গৈ এটা হল ঘৰত সোমালেগৈ৷

এখন যেন হাস্পিতালৰ আই-চি-ইউ কোঠা৷ অসংখ্য যন্ত্ৰপাতিৰ মাজত পাতল নীলা সাজ পিন্ধা কেইবাজন ডাক্তৰ-নাৰ্চ কামত ব্যস্ত৷ কোঠাটোৰ সোঁমাজত বিচনাখন৷ বিচনা ঠিক নহয়৷ এটা সজাই থোৱা কভিন  বুলি ক’লেহে বেছি ৰিজাব৷ মালতিৰ ইংগিত মতে তাই কফিনটোৰ একেবাৰে ওচৰ পালে৷ ওপৰৰ ঢাকনিখন স্বচ্ছ কাছৰ৷ ভিতৰত সেইয়া দীৰ্ঘ-দিনিয়া গভীৰ নিদ্ৰাত - "স্বপ্না"৷ এদিন নহয়, দুদিন নহয়, সম্পূৰ্ণ ১৫০ বছৰ তেওঁৰ শৰীৰৰ বিপাকসমূহ (metabolism) স্তব্ধ কৰি ৰখা হৈছে এই যন্ত্ৰ-পাৰি আৰু বিশেষ ৰাসায়সসমূহৰ সহায়ত৷ এটি মৃদু মিচিকিয়া হাঁহিও যেন "স্বপ্না"-ৰ সতেজ মুখমণ্ডলত স্তব্ধ হৈ থাকিল ডেৰ শতিকা ধৰি৷ অবিশ্বাস্য!!

সচাঁই সম্ভৱ কৰি তুলিছেনে? মালতিলৈ চাই কনকে ক’লে - "ইমান সতেজ হৈ আছে৷ অবিশ্বাস্য, নহয়নে?"
ডা মালতিয়ে হয়ভৰ দি ক’লে - "হয়, ইয়েই বিজ্ঞানৰ মহিমা৷ তোমাৰ আইতা স্বপ্না কিন্তু তোমাৰ দৰেই দেখিবলৈ৷ মানুহে যজা বাই-ভণী বুলিয়েই ক’ব৷"
কনকৰ অবিশ্বাস্যৰে ভৰা মূখখনত হাঁহি বিৰিঙি উঠিল- "হয় নেকি? সচাইনে?"
-"সাইলাখ!!"
-"বাৰু, স্বপ্নাৰ বয়স আচলতে কিমান?"
-"জৈৱিক বয়স (Biological Age) প্ৰায় তোমাৰ সমান,  অৰ্থাৎ ২৭ বছৰ৷ কিন্তু যোৱা ডেৰ শতিকা শুই থকাৰ বাবে সময়-ক্ৰমিক বয়স (Chronological Age) ১৭৭ বছৰ৷"
-"বেছ আমোদজনক৷ আজি বিজ্ঞানে যে কি কি যে সম্ভৱ কৰি তুলিছে !!"
-"আচলতে সম্ভৱ হয় নে নহয় এতিয়াও আমি গম নাপাও৷ এই পৰীক্ষা সফল হৈছে নে নাই আমি  এতিয়ালৈকে নাজানো৷ 'স্বপ্না' সফলতাৰে শাৰ পাই উঠিলেহে আমি ক’ব পাৰিম৷" 
-"অ’ বুজিলো, ঠিকেই৷ তথাপি কথাবোৰ ভাবিয়েই বৰ কিবা কিবা লাগিছে৷ ভয়ো লাগিছে৷ জানোচা শাৰ পাই নুঠে?"
-"সেই একেই উৎকণ্ঠাত আমি বৈজ্ঞানিকসকলো ভুগিছো৷ বৈজ্ঞানিক তত্ব মতে সকলো কৰা হৈছে৷ শাৰ পাব বুলি সকলোৱে আশাবাদী৷ কিন্তু পৰীক্ষাৰ ফলা-ফল নোপোৱা লৈকে একো কব নোৱাৰি৷"
-"বাৰু এনে অদ্ভুত পৰীক্ষা  কিয় কৰা হৈছিল?"
-"মহাকাশ যাত্ৰাৰ কাৰণে৷"
-"মহাকাশ যাত্ৰাতো মানুহে ইতিমধ্যে বহুত কৰিছে৷ এনে পৰীক্ষা নোহোৱাকৈয়ে৷"
-"হয় কৰিছে৷ কিন্তু আমি আন তাৰকা ৰাজ্যলৈ যাবলৈ বহু বছৰৰ প্ৰয়োজন হ’ব৷ কেইবাশ বছৰ৷ এনে যাত্ৰাৰ বাবে আমাক এনে দীৰ্ঘ দিনীয়া নিদ্ৰাৰ প্ৰয়োজন হ’ব৷ সেয়ে এই 'শীতল নিদ্ৰা'ৰ পদ্ধতি উৎভাৱন কৰা হৈছে৷ 'স্বপ্না'ই তাইৰ কন্যা কেছুৱাজনী দুবছৰ থাকোতেই নিজকে এই পৰীক্ষাৰ বাবে উচ্চৰ্গা কৰিছিলে৷"
-"মানে মোৰ মা?"
-"হমমম, আচলতে নহয়৷"
-"মানে?"
-"তুমি আচলতে তেখেতৰ পঞ্চম প্ৰজন্মৰ (fifth generation) সন্তান৷ মানে আজু-আজু-আজু আইতা৷"
-"হা, হা, হা --- আজু-আজু-আজু আইতা 'স্বপ্না' !!"
 (আগলৈ)


Thursday, January 18, 2018

নিদ্ৰা / ২

এ বি আৰ চি ৰ পৰা অহা ডা মালতীয়ে কৈ গ’ল - "আমাৰ গৱেষনাগাৰত যোৱা ১৫০ বছৰ ধৰি আপোনাৰ আজু আইতা 'স্বপ্না' গভীৰ নিদ্ৰাত আছে৷ ইয়াক 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন' বুলি কোৱা হয়৷ নিৰ্ধাৰিত কাৰ্য্যসূচীমাতে আমি ইতিমধ্যে তেওঁক জগোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছো৷ প্ৰায় এমাহ মান সময় এতিয়াও বাকী আছে৷ তেওঁ সম্পূৰ্ণৰূপে নিদ্ৰা ভংগ হ’লে আমি আপোনাক কৰাটো বিচাৰো৷"

এতিয়াও বজ্ৰপাত পৰা মানুহজনীৰ দৰে হতবম্ব হৈ চাই থকা কনকে সুধিলে - "ই কেনে গৱেষণা?  (এই গৱেষণা) কিয় কৰা হৈছিল? মোক এই বিষয়ে কোনেও আজিলৈকে কিয় কোৱা নাই?"

ডা মালতীয়ে উত্তৰ দিলে - "এই গৱেষণাৰ উদ্দেশ্য হৈছে দূৰ তাৰকাৰাজ্যলৈ যাত্ৰা কৰিবৰ বাবে প্ৰয়োজন হোৱা 'শীতল-নিদ্ৰা' বা 'হাইবাৰনেচন'ৰ প্ৰযুক্তি তথা চিকিৎসা-বিজ্ঞানৰ পদ্ধতিসমূহ পৰীক্ষা কৰা৷ ইয়াক ISRO-ৰ আৰ্থিক সাহায্যত কৰা হৈছিল৷ কিন্তু  এই বিষয়ে আপোনাক কিয় কোৱা নহ’ল  এই বিষয়ে মই ক’ব নোৱাৰিম৷"

কিছু সময় চিন্তা কৰি কনকে সুধিলে - "তাৰ মানে 'স্বপ্না'-আইতাই এতিয়াও শুই আছে৷"
-"হয়৷ শুই আছে৷"
-"মই শুই থকা অৱস্থাতে চাব পাৰিমনে?"
-"নিশ্চয় পাৰিব৷ আপোনাৰ লগত আমি যোগাযোগ কৰাৰ আৰু  এটা উদেশ্য আছে৷"
-"কি, বাৰু?"
ডা মালতীয়ে আকৌ ব্ৰিফকেচটো খুচৰি কাগজ এখন উলিয়াই আগ বঢ়াই দিলে৷
-"কি এইখন?"
-"এইখন স্বপ্নাই নিদ্ৰালৈ যোৱাৰ আগতে লিখি থৈ যোৱ ইচ্ছা-পত্ৰ৷ "Will" বুলি ক’ব পাৰি৷
-"ইয়াত কি লিখা আছে?"
-"ইয়াত বহু কথাই লিখা আছে৷ কিন্তু এতিয়া আপুনি জানিব লগা কথাটো হ’ল - এনে দীৰ্ঘ দিনিয়া শীতল-নিদ্ৰা অন্ত হোৱাৰ পিছত নতুন সমাজখনত মিলি যাবলৈ এগৰাকী ব্যক্তি অহৰনিশে লগত থাকিব লাগে৷ স্বপ্নাই তেখেতৰ আজু-নাতি, অৰ্থাৎ আপোনাক নিৰ্বাচন কৰি থৈ গৈছে এই ইচ্ছাপত্ৰখনত৷ অৱশ্যে আপুনি নিজেও সন্মতি দিব লাগিব৷ গতিকে আমি আপোনাক যোগা-যোগ কৰিছো, এই কথা ব্যক্ত কৰিবলৈ আৰু আপুনি এই কামৰ বাবে ইচ্ছুক হয়নে নহয় জানিবৰ বাবে৷

ডা মালতীয়ে আৰু বহুতো কথা ক’লে৷ কনকে কথাবোৰ ভাৱি-গুণি চাই কামটো কৰিব পাৰিম বুলি ক’লে৷  এইটো তাইৰ নৈতিক কৰ্তব্য বুলিও অনুভৱ কৰিলে৷

***

পিছদিনাখন তাই গভীৰ নিদ্ৰাত থকা তাইৰ আজু-অইতাক চাবলৈ যাব৷ তাইৰ মনটো আনন্দত ওপচি পৰিল৷  নিৰ্দিষ্ট সময়ত তাই এ বি আৰ চিৰ দুৱাৰ দলিত ভৰি দিলে৷




Monday, January 15, 2018

নিদ্ৰা / ১

-"কনকৰ লগত কথা পাতিব পাৰোঁ নেকি?"
-"হয়, কনকে কৈছো৷"
-"আপোনালৈ এখন চিঠি পঠিওৱা হৈছিল৷ এ বি আৰ ছি-ৰ পৰা৷ পাইছেনে?"
-"এ বি আৰ ছি? মানে?"
-"উত্তৰ গুৱাহাটীৰ ব্ৰেইন-জ’নৰ এডভাঞ্চ বায়’মেটাবলিজম ৰিচাৰ্চ চেণ্টাৰৰ পৰা৷"
-"হমমম... নাই পোৱা৷ হয়তো মন নকৰিলো৷"
কনক অলপ আচৰিত হ’ল৷ এই নামৰ কোনো অনুস্থানৰ লগত তাইৰ কোনো সম্পৰ্ক নাই৷ কি চিঠি বা পঠিয়াইছে - তাই ভাৱি নাপালে৷
-"আমাৰ ডাটাবেচত আপোনাৰ ঠিকনাটো হয়তো শুদ্ধকৈ নাই৷"
-"অ’, হব পাৰে৷ কি বিষয়ে আছিল, বাৰু?"
-"কথাটো অলপ গুৰুত্বপূৰ্ণ - ফোনত কোৱা উচিত নহ’ব৷ আমাৰ প্ৰতিনিধি এজনে আপোনাক লগ ধৰি সকলো বুজাই দিব৷"

পিছদিনাখন নিৰ্ধাৰিত সময়ত এ বি আৰ ছি-ৰ প্ৰধিনিধিজন কনকৰ দুৱাৰ ডলিত উপস্থিত হ’লহি৷
"মই এ বি আৰ ছি ৰ পৰা আহিছো৷"
"অ আহক, বহক৷"
মানুহজনে হাতত এটা ব্ৰিভকেচ লৈ আহিছিল৷ সেইটো থৈ তেওঁ চ’ফাখনত বহিল৷ কনককো বহিবলৈ ইংগিত দি তেওঁ ক’লে - "আপুনিও বহক৷ মই কিছুমান কথা বুজাই দিব লাগিব৷"

কনক আনখন চফাত বহিল৷ এগৰাকী সম্পূৰ্ণ চিনাকি মানুহ৷ তাইৰ অচহুৱা লাগিল৷ 

ব্ৰিভকেচটো খুলি মানুহগৰাখিয়ে এখন ফটো আগ বঢ়াই দিলে - "এইয়া কোন, চিনি পাইছে?"

এগৰাকী গাভৰু ছোৱালীৰ ফটো৷ তাইৰ সমসাময়িকেই হ’ব হয়তো, মানে ২৬-২৭ বছৰীয়া৷  চেহেৰাটো বৰ চিনাকী লাগিছে৷ কিন্তু তাই সেইয়া কোন চিনিব নোৱাৰিলে৷ কোন বা ক’ত দেখিছিলে মনত পেলাব নোৱাৰিলে৷ 

-"চিনাকি চিনাকি লাগিছে৷  কিন্তু কোন ধৰিব পৰা নাই৷ কোননো এই গৰাকী"
মানুহ গৰাকীয়ে মিচিকিয়াই হাঁহিলে৷ 
-"এইয়া স্বপ্না৷ আপোনাৰ অতি আপোন সম্বন্ধিয়াই হয়৷"
-"হয় নেকি? মই হয়তো লগ পোৱা নাই৷"
-"নাই, আপুনি লগ পোৱা নাই৷ 'স্বপ্না'  বিষয়ে আপোনাক কোনেও কেতিয়াও কোৱা নাই?"
-"নাই কোৱা৷ সৰুতে কৈছিল যদিও মোৰ একো মনত নাই৷"
-"একেত মানে 'স্বপ্না' আপোনাৰ আজু-আইতা৷"
-"আজু-আইতা !!"
-"হয়, এই ফটোখন আজিৰ পৰা ১৫০ বছৰ আগৰ৷ মানে ২০৪০ চনত তোলা৷"
-"কি? সচাঁকৈ?"
 কনকৰ আজু-আইতাকৰ নাম 'স্বপ্না' ? সুন্দৰ নাম - তাই ভাৱিলে৷ কথাটো জানি অলপ আমোদো পালে৷ কিন্তু তাই এতিয়াও বুজি নাপালে এই মানুহজনে আচলিতে কিয় আহিছে৷ সেয়ে তাই সুধিলে - "এইয়া মোৰ আজু-আইতা, কথাটো বাৰু বুজিলো৷ কিন্তু আপুনি অহাৰ উদ্দেশ্যেটো?"
-"অ’ সেইটো ক’বলৈকে আহিছো৷"
-"সকলো ঠিকে থাকে গ’লে, আজিৰ পৰা এমাহৰ পিছত আপুনি 'স্বপ্না'ক সশৰীৰে লগ কৰিব পাৰিব!"
মানুহগৰাকীৰ কথাত কনক আচৰিত হোৱাই নহয়, ঠঠমঠ খালে -"কি? কেনেকৈ?"
-"সময়ত সকলো গম পাই যাবা৷ অ’ মই নিজকে চিনাকী দিবলৈ পাহৰি গৈছিলো - মই ডা মালতী৷ এ বি আৰ ছিৰ শ্ৰেষ্ঠ গৱেষক৷"
(আগলৈ)

Saturday, August 26, 2017

বিলুপ্তি-১ (এক ভয়ানক কল্প-বিজ্ঞান ধাৰাবাহিক)

-"হেল্লো, আকাশ-হাৱেলী!"
-"স্বাগতম, ৰংঘৰ"
-"সংযোজনৰ বাবে দ্বাৰ সাজু আছেনে?"
-"নিশ্চয়, ৰংঘৰ৷ দ্বাৰ নং-২ সাজু আছে৷"
-"ধন্যবাদ৷ আমি দ্বাৰ নং-২ দিশে  আগবাঢ়ি আহিছো৷"
-"সেউজ-চাকি, আগবাঢ়ক৷ আমি আপেক্ষা কৰি আছো৷"

কেই মিনিট মানৰ পিছত -
-"ৰংঘৰ! ৰংঘৰ!"
-"হয়, কওক, আকাশ-হাৱেলী"
-"আপোনালোক আমাৰ দৃষ্টিগোচৰ হৈছে৷ ৰাডাৰ-তথ্য মতে আপোনালোক ২.৬৭ কিমি নিলগত আছে৷"
-'হয়, আপোনালোকো আমাৰ দৃষ্টি-গোচৰ হৈছে৷ দ্বাৰ নং-২ আমাৰ দিশে আছেনে?"
-"ইতিবাচক৷ দ্বাৰ নং-২ আপোনালোকৰ দিশে আছে৷ পাৰষ্পৰিক দূৰত্ব ১.৩৪ কিমি৷"
-"ধন্যবাদ, আকাশ-হাৱেলী!"

আৰু কেই মিনিট মানৰ পিছত -
-"আকাশ-হাৱেলী, কাষ চাপি আহিছো৷ পাৰষ্পৰিক দূৰত্ব ২০২ মিটাৰ৷"
-'ৰংঘৰ, সঁহাৰি জনাইছো৷ পাৰষ্পৰিক দূৰত্ব ১৯০ মিটাৰ৷ দ্বাৰ নং-২ সাজু৷ চাপ-সন্তুলক কোঠা প্ৰস্তুত৷ 'মহাবাহু-৩' প্ৰস্তুত৷"
-"ধন্যবাদ, আকাশ-হাৱেলী৷ আমি 'মহাবাহু-৩' এ ঢুকি পোৱা দূৰত্বত উপস্থিত৷ গতিবেগ সন্তুলনকাৰী ৰকেট প্ৰজ্বলন আৰম্ভ৷"
-"স্বয়ংচালিত নিয়ন্ত্ৰণ সক্ৰিয়৷ মহাবাহু-৩ এ আপোনালোকক খামুছি ধৰিবলৈ চেষ্টা চলাইছে৷ সাৱধান, ধৰ্য্য ধৰক৷ সাৱধান, ধৰ্য্য ধৰক৷"

কিছু মুহূৰ্ত সকলো নিঃশব্দ৷
-"প্ৰথম প্ৰয়াসতে সফল্য"
-"বাংগালুৰু, বাংগালুৰু ...."
-"হয়, আকাশ-হাৱেলী আৰু ৰংঘৰ, বাংগালুৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহাঁৰি জনাইছো৷"
-"বাংগালুৰু, আকাশ-হাৱেলীয়ে কৈছো৷ মহাবাহু-৩এ সফলতাৰে কাৰেংঘৰ খামুছি ধৰিলে৷ সকলো নিয়ন্ত্ৰণত৷ এতিয়া দ্বাৰ  নং-২ত ৰংঘৰ সংযোজন কৰাৰ অনুমতি বিচৰা হ’ল৷"
-"আভিনন্দন দুয়োকো৷ অনুমতি দিয়া হ’ল৷"
-"ধন্যবাদ, বাংগালুৰু৷"
-"ৰংঘৰ, ৰংঘৰ!"
-"হয় আকাশ-হাৱেলী, আমি পৰবৰ্তী নিৰ্দেশৰ বাবে প্ৰস্তুত৷"
-"ভাল বাৰু৷ মহাবাহু-৩ ইতিমধ্যে আপোনালোকক দ্বাৰ নং-২ সমিপলৈ লৈ আহিছে৷ ৰংঘৰৰ মুখ্য-দ্বাৰ প্ৰস্তুত নে?"
-"হয়, প্ৰস্তুত৷"
-"ধন্যবাদ৷ সংযোজন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ দুই দ্বাৰৰ খলপাসমূহ খাপ-খোওৱা হৈছে৷ সফলতা৷ বায়ু পথৰুদ্ধ কৰা হ’ল৷  সফলতা৷ এতিয়া আকাশ-হাৱেলীৰ চাপ-সন্তুলক কোঠা সক্ৰিয় কৰি দিয়া হৈছে৷"
-"ধন্যবাদ, আকাশ-হাৱেলী৷ ৰংঘৰৰ চাপ-সন্তুলক কোঠা সক্ৰিয় কৰি দিয়া হৈছে৷"

কেইচেকেণ্ড মানৰ পিছত৷
-"চাপৰ ব্যৱধান শূন্য হ’ল৷ দ্বাৰ নং-২ মুকলি কৰা হৈছে৷"
-"চাপৰ ব্যৱধান শূন্য - ইতিবাচক৷ ৰংঘৰৰ মূখ্যদ্বাৰ মুকলি কৰা হ’ল৷"

এইদৰেই সম্পাদন হ’ল দক্ষিন এছিয়া মহাকাশ প্ৰতিস্থানৰ মহাকাশ আস্থান - "আকাশ-হাৱেলী" আৰু অসম-মডিউল "ৰংঘৰ"ৰ কক্ষপথস্থ সংযোজন - মহাবাহু-৩ নামৰ 'যান্ত্ৰিক হাত' খনৰ সহায়ত৷

"আকাশ-হাৱেলী"-ৰ কামাণ্ডাৰ কেপ্টেইন খান্নাই ৰংঘৰত অহা মহাকাশচাৰী দুজন - ড. য়ুমনা হাজৰিকা আৰু জেকব ৰংপিক আকুৱালী ল’লে ৷

"বাংগালুৰু, ৰংঘৰৰ দুয়ো মহাকাশচাৰী আকাশ-হাৱেলীত সুকলমে উপস্থিত হ’লহি৷" - কেপ্টেইন খান্নাই ঘোষণ কৰিলে৷

বাংগালুৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা শুণিব পোৱা গ’ল - "সহৃদয় অভিনন্দন, বাংগালুৰু মিচন কন্ট্ৰ’ল, আকাশ-হাৱেলীৰ কৰ্মীদল আৰু ৰংঘৰৰ মহাকাশচাৰীদ্বয় - সকলোকৈ সহৃদয় অভিনন্দন৷"

মাতটো অলপ চিনাকী, চিনাকী লাগিল, কিন্তু সেইটো মিছন-কন্ট্ৰল ড. ৰাংগাৰেড্ডীৰ মাত নাছিল৷ আকাশ-হাৱেলীত উপস্থিত সকলোৱে আচৰিত হৈ ইজনে-সিজনৰ ফালে চালে৷  এনেতে জীৱন্ত-চিত্ৰ আহিবলৈ আৰম্ভ কৰিলে৷ সেই দেখুন প্ৰধানমন্ত্ৰী ৰিজুজু !! মিচিকিয়া হাঁহিটিয়ে তেওঁ হাত-চাপৰি দি পৰ্দাত বিৰাজ কৰিলে৷ কাষত ড. ৰাংগাৰেড্ডী আৰু আন বিজ্ঞানীসকল৷

আগলৈ...





Sunday, March 5, 2017

বিৱৰ্তন - scanned copies

Read the Unicode Version here.
A science-fiction story authored by me published in famous Assamese fortnightly Prantik 1-15 March 2017. In this story, I am talking about a new species - "Homo Cyber Sapiens", a new country -the "United States of South Asia" and hinting at who would be the prime minister. The story revolves around the lives of two childhood buddies - Rakibul Ahmed and Nripen Sharma, who became Advanced Physics researchers and hardcore non-believers.