কেতিয়াবা কিছুমান কথা কবলৈ মন যায়... কিন্তু কোনোবাই বেয়া পাব বুলি নকওঁ৷ মনত দোষ পাব বুলি নকওঁ৷ গতিকে এই জালপঞ্জীতে লিখি থওঁ বুলি ভাৱিলোঁ৷
মোৰ সৰুৰে পৰা ইছলাম ধৰ্মীয় বন্ধু-বান্ধবৰ লগত ঘনিষ্ঠতা আছে৷ কিছুমান বাল্য-বন্ধু, কিছুমান স্কুল-কলেজৰ বন্ধু, কিছুমান সহকৰ্মী, আন কিছুমান চুবুৰীয়া৷ বাল্য-বন্ধু সকলৰ লগত একেলগে মাৰ্বল খেলা, ফুটবল খেলা আদি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ঈদত তেওঁলোকৰ ঘৰৰ পোলাও-মাংস আৰু চেৱৈও মই পাহৰিব নোৱাৰোঁ৷ থিক তেনেকৈ, স্কুল-কলেজৰ বন্ধুসকলৰ লগত একেলগে পঢ়া-শুণা কৰা, সহকৰ্মীসকলৰ লগত একেলগে কাম কৰা বা চুবুৰীয়াসকলৰ ঘৰলৈ আহ-যা কৰা আদি সদায় হৈ আহিছে, হয়েই থাকিব - কোনো অসুবিধা নোহোৱাকৈ৷ কোনো ভিন্নতাৰ অনুভৱ নকৰোঁ৷ মোৰ জীৱনলৈ অহা বা মোৰ সম্পৰ্শলৈ অহা ইছলামধৰ্মী লোকসকল বিভিন্ন পটভূমিৰ - অসমীয়া খীলঞ্জীয়া গৰীয়া-মৰীয়াৰ পৰা আৰম্ভ কৰি, ভাৰতৰ আন প্ৰদেশৰ, অসমৰে বংগমূলীয়, প্ৰকৃত বাংলাদেশী, পাকিস্তানী, আৰৱ (এমিৰেটি, ছৌদি, ওমানি, পেলেষ্টাইনী, ইৰাকী), আফ্ৰিকাৰ বিভিন্নদেশৰ (মিচৰ বা ইজিপ্ত, লিবিয়া, চুডান আদি) ইৰানী, মালায়, ইন্দোনেচীয়া আদি প্ৰায় প্ৰতিটো প্ৰান্তৰে ইছলামধৰ্মী লোক মই লগ পাইছো৷ তেওঁলোকৰ লগত একেলগে কাম কৰিছো, খাইছো, বহিছো, উঠিছো৷ প্ৰতিজনকেই একোজন ভদ্ৰ সুনাগৰিক হিচাপেই পাইছোঁ৷ গতিকে মোৰ মনত সদায়েই তেওঁলোকৰ প্ৰতি এটা ভাল মনোভাৱেই আছে৷ তেওঁলোক সময়ৰ ৰাজআলিত মোৰ জীৱনযাত্ৰাৰ 'সহযাত্ৰী'৷
