Sunday, December 27, 2015

শ/স/ষ আদিৰ বাবে 'X' কিয়?

বন্ধু-১: আজিকালি প্রায়ে দেখা গৈছে যে 'স', 'শ' 'ষ' এই শব্দ কেইটা লিখোতে ইংৰাজী 'X' আখৰটো ব্যৱহাৰ কৰে। এই 'X' আখৰৰ প্রয়োগ কিমানদূৰ সমীচিন?

বন্ধু-২: ইংৰাজী আখৰবোৰৰ একাধিক উচ্চাৰণ থাকিব পাৰে৷ যেনে put=পুট, but=বাট; apple = এপল, assam = আচাম৷ঠিক তেনে ধৰণে x আখৰটোৰ এটা উচ্চাৰণ 'জ'ৰ দৰে, আনটো 'ক্স'ৰ দৰে৷ 'xerox' শব্দটোতেই প্ৰথম x-ৰ উচ্চাৰণ 'জ'ৰ দৰে আনটোৰ 'ক্স'ৰ দৰে৷ অসমীয়া 'স'/'শ'/'ষ' ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ কিন্তু এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'X' ব্যৱহাৰ কৰে৷ যেনে স্পেনিচত Mexico আৰু Texas ক মেসিকো আৰু টেসাচ বুলি উচ্চাৰণ কৰে৷ "International Phonetic Alphabet" মতেও 'X' ব্যৱহাৰ কৰিব লাগে৷ ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/Voiceless_velar_fricative 
সেয়ে অসমীয়াত স/শ/ষ - ৰ বাবে X ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ৷

বন্ধু-১: স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি ভাষাৰ উচ্চাৰণ হুবহু অসমীয়া 'স'-ৰ দৰে হয় জানো?

বন্ধু-২: হুবহু বুলি ক’ব নোৱাৰি যদিও, প্ৰায় একেই৷
উদাহৰণ ১: মেক্সিক’ক "মেসিকো" বুলি কেনেকৈ উচ্চাৰণ কৰা হয় প্ৰখ্যাত ষ্টেণ্ড-আপ কমেডিয়ান গেব্ৰিয়েল ইংলেচিয়াই এইদৰে কয় --

বন্ধু-১: ইমান দিনে আমি মেস্কিকো বুলি শুণি আহিছো দেখোন৷
বন্ধু-২: আমি প্ৰায়েই ইংৰাজীৰ প্ৰিজমেৰে বস্তুবোৰ চাও৷ ইংৰাজীত মেক্সিক’ (Mexico) বুলি কয়, কাৰণে আমিও সেইবুলি শিকিলোঁ৷ অসমীয়া মানুহ কোনো মেক্সিকানৰ সম্পৰ্কলৈ অহাৰ আগতে শব্দটো হয়তো অসমলৈ আহিলে৷

বন্ধু-১: আমি 'স'-ৰ বাবে x লিখিলো বাৰু৷ শ আৰু ষ-ৰ বাবে কি লিখিম? xh, x এইদৰে নে কি?
বন্ধু-২: নহয়৷ মোৰ মাতে সকলো স-ৰ বাবে x লিখিলেই হ’ল৷ অসমীয়া ভাষাত স/শ/ষ-ৰ উচ্চাৰণৰ পাৰ্থক্য আছে বুলি নাভাবোঁ৷ আমি উচ্চাৰণটো অনুকৰণ কৰি কেৱল x লিখিলেই হ’ব৷

বন্ধু-১: আমি যদি "অসম"ক Axom বুলি লিখোঁ, অনা-অসমীয়া এজনে খুব সম্ভৱ "অক্সম" বা "অক্জম" এইদৰে পঢ়িব৷ তেওঁ কেনেকৈ জানিব যে X থাকিলে স-উচ্চাৰণ কৰিব লাগিব বুলি?

বন্ধু-২: যি এই উচ্চাৰণৰ লগত পৰিচিত নহয়, তেওঁক কেৱল লিখিত ৰূপত বুজোৱাৰ কোনো উপায় নাই৷ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাক কোনোবাই নিজ কণ্ঠেৰে শিকাই দিব লাগিব৷ অথবা ডিজিটেল মাধ্যমত কোনো চাউণ্ড-ফাইলৰ সহায়ত শিকাই দিব লাগিব৷

বন্ধু-১: তেন্তে আমি "xerox" টো "সেৰস" বুলি ক’ম নেকি?
বন্ধু-২: নকওঁ৷ "জেৰক্স" বুলিয়েই কম৷ প্ৰসংগৰ পৰা জানিব লাগিব x-ৰ কেতিয়া কি হ’ব লাগে৷ xerox শব্দটোতেই প্ৰথম x-টোৱে জ-ৰ উচ্চাৰণ লৈছে, দ্বিতীয়টোৱে ক্স-ৰ উচ্চাৰণ লৈছে৷ থিক তেনেকৈ অসমীয়া শব্দ এটা ৰোমান বৰ্ণত লিখিলে x-এ স-ৰ উচ্চাৰণ লৈছে বুলি আমি জানিব লাগিব৷ যেনে - xobdo, xahitya, xondhan আদি৷

বন্ধু-১: এটা সময়ত ইয়াৰ বাবে বহুতে hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টি কিছুমান ব্যৱহাৰ কৰা পৰিলক্ষিত হ’য়৷ যেনে - hkhagaroloi bohu door (সাগৰলৈ বহু দূৰ)৷ কেবল x ব্যৱহাৰ কৰাতকৈ এইবোৰে উচ্চাৰণটো বেছি শুদ্ধকৈ প্ৰতিনিধিত্ব কৰিব যেন লাগে৷

বন্ধু-২: hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টিবোৰ কোনো মানক মাতে নিৰ্ধাৰিত নহয়৷ x-টো অন্ততঃ International Phonetic Alphabet মানক মতে শুদ্ধ৷ আন হাতে যি ব্যঞ্জনবৰ্ণ বা কোনো সমষ্টি ব্যৱহাৰ নকৰো লাগে, প্ৰকৃত উচ্চাৰণটো নজনাজনক শিকাই দিবই লাগিব৷

বন্ধু-৩: অসম সর্বশিক্ষা অভিযানতকৈয়ো আগতে নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) 'স'ধ্বনি বুজাবলৈ 'X'লিখিছিল। এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ 'X'-কে দিছিল।

বন্ধু-১: বাৰু স, শ, ষ ৰ বাবে X, কিন্তু স,স,ষ ৰ লগত জৰিত স্ক,ক্স,ষ্ক,ক্ষ এই বোৰতো x ব্যৱহাৰ কৰিব লাগে??কেনেকৈ কৰিব?
বন্ধু-২: নহয়৷ উচ্চাৰণ মতে যি হয়, তেনেকৈ লিখিব লাগিব। যেনে -  ক্ষমা = khyoma, পুৰস্কাৰ=puroskar আদি। যুক্তাক্ষৰত সাধাৰণতে স, ষ, শ আদিৰ উচ্চাৰণ সেই কোমল অসমীয়া স উচ্চাৰণ সলনি হৈ হিন্দী, বাংলাৰ স s-ৰ দৰে উচ্চাৰিত হয়। গতিকে সেইমতে s ব্যৱহাৰ কৰিলেহে শুদ্ধ হ’ব৷

সহায়:
https://www.facebook.com/groups/xobdo.org/permalink/10153200569793391/
https://www.facebook.com/groups/xobdo.org/permalink/10151503324533391/
https://www.facebook.com/groups/xobdo.org/permalink/10153342467523391/

Tuesday, December 1, 2015

"ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে

তিনিটা পৰ্যায়ত "ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে ---


প্ৰথম পৰ্যায়: কিছুমান সন্ত্ৰাসবাদীয়ে পৃথিৱীৰ বিভিন্ন স্থানত তেওঁলোকৰ সৈতে মন নিমিলা কাৰোবাৰ মূৰ কাটি দিব, হাত কাটি দিব, শিলগুটি দলিয়াই-দলিয়াই মাৰিব বা বোমা ফুটাই বহু নিৰিহ-নিৰ্দুষী লোকক হত্যা কৰিব৷ কাকতালীয় ভাৱে এই সন্ত্ৰাসবাদীসকলে নিজকে "প্ৰকৃত ইছলামধৰ্মী" বুলি চিনাকি দিব আৰু এই অত্যাচাৰবোৰ তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসৰ নামত কৰা বুলি দাবী কৰিব - পবিত্ৰ কোৰান চহিবৰ হুবহু উক্তিৰে ঔচিত্য দেখুৱাই৷  এই উক্তিসমূহ যে পবিত্ৰ গ্ৰন্থখনিৰ পৰা হুবহু তোলা হৈছে তাৰ প্ৰমাণ বিজ্ঞসকলক সুধিলেই পোৱা যায়৷

দ্বিতীয় পৰ্যায়: নৰমপন্থী মুছলমানসকলে এই জঘণ্য অত্যাচাৰবোৰ বিপুলভাৱে গৰিহণা দিব, আনহাতে যি পবিত্ৰ গ্ৰন্থ আৰু বিশ্বাসৰ আধাৰত সন্ত্ৰাসবাদীবোৰে সন্ত্ৰাস কৰে সেইবোৰ সৰ্বশক্তিৰে ৰক্ষণাবেক্ষণ কৰিব৷ প্ৰায়ে দিয়া কিছুমান যুক্তি হ’ল:
(ক) পবিত্ৰ গ্ৰন্থৰ পদসমূহ (verse) বুজিবলৈ তাৰ ঐতিহাসিক সন্ধৰ্ভ জানিব/বুজিব লাগিব৷ যি নুবুজে সিয়ে এই সন্ত্ৰাসবাদী কামবোৰ কৰে৷ তেওঁলোক বিপথে চালিত৷
(খ) এইবোৰৰ আচল উদ্দেশ্য ৰাজনৈতিক বা অৰ্থনৈতিক৷ ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই৷
(গ) ইছলামক বদনাম কৰিবলৈ এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ৷

তৃতীয় পৰ্যায়: আন মানুহবোৰ বিভ্ৰান্তিত পৰিব৷ তেওঁলোকে সেই সন্ত্ৰাসবাদীবোৰক ভয় কৰিবলৈ আৰম্ভ কৰাৰ লগতে যিটো ধৰ্ম বা বিশ্বাসে সিহঁতক চালিত কৰে তাকো ভয় কৰিবলৈ আৰম্ভ কৰে৷ বছ, "ইছলাম-ভীতি" আৰম্ভ হৈ যায়৷

মুছলমানসকলৰ প্ৰতি দুৰাচাৰ কৰাটো বেয়া কথা৷ কিন্তু অত্যাচাৰ- সন্ত্ৰাসক জন্ম দিয়া সেই বিকৃত বিশ্বাস, যি কোনো পধ্যে প্ৰকৃত "ইছলাম" নহয়, তাক ভয় কৰাটো স্বাভাৱিক৷

Saturday, November 14, 2015

কেতিয়াবা কিছুমান কথা কবলৈ মন যায় ....

কেতিয়াবা কিছুমান কথা কবলৈ মন যায়... কিন্তু কোনোবাই বেয়া পাব বুলি নকওঁ৷ মনত দোষ পাব বুলি নকওঁ৷ গতিকে এই জালপঞ্জীতে লিখি থওঁ বুলি ভাৱিলোঁ৷

মোৰ সৰুৰে পৰা ইছলাম ধৰ্মীয় বন্ধু-বান্ধবৰ লগত ঘনিষ্ঠতা আছে৷ কিছুমান বাল্য-বন্ধু, কিছুমান স্কুল-কলেজৰ বন্ধু, কিছুমান সহকৰ্মী, আন কিছুমান চুবুৰীয়া৷ বাল্য-বন্ধু সকলৰ লগত একেলগে মাৰ্বল খেলা, ফুটবল খেলা আদি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ঈদত তেওঁলোকৰ ঘৰৰ পোলাও-মাংস আৰু চেৱৈও মই পাহৰিব নোৱাৰোঁ৷ থিক তেনেকৈ, স্কুল-কলেজৰ বন্ধুসকলৰ লগত একেলগে পঢ়া-শুণা কৰা, সহকৰ্মীসকলৰ লগত একেলগে কাম কৰা বা চুবুৰীয়াসকলৰ ঘৰলৈ আহ-যা কৰা আদি সদায় হৈ আহিছে, হয়েই থাকিব - কোনো অসুবিধা নোহোৱাকৈ৷ কোনো ভিন্নতাৰ অনুভৱ নকৰোঁ৷ মোৰ জীৱনলৈ অহা বা মোৰ সম্পৰ্শলৈ অহা ইছলামধৰ্মী লোকসকল বিভিন্ন পটভূমিৰ - অসমীয়া খীলঞ্জীয়া গৰীয়া-মৰীয়াৰ পৰা আৰম্ভ কৰি, ভাৰতৰ আন প্ৰদেশৰ, অসমৰে বংগমূলীয়, প্ৰকৃত বাংলাদেশী, পাকিস্তানী, আৰৱ (এমিৰেটি, ছৌদি, ওমানি, পেলেষ্টাইনী, ইৰাকী), আফ্ৰিকাৰ বিভিন্নদেশৰ (মিচৰ বা ইজিপ্ত, লিবিয়া, চুডান আদি) ইৰানী, মালায়, ইন্দোনেচীয়া আদি প্ৰায় প্ৰতিটো প্ৰান্তৰে ইছলামধৰ্মী লোক মই লগ পাইছো৷ তেওঁলোকৰ লগত একেলগে কাম কৰিছো, খাইছো, বহিছো, উঠিছো৷ প্ৰতিজনকেই একোজন ভদ্ৰ সুনাগৰিক হিচাপেই পাইছোঁ৷ গতিকে মোৰ মনত সদায়েই তেওঁলোকৰ প্ৰতি এটা ভাল মনোভাৱেই আছে৷ তেওঁলোক সময়ৰ ৰাজআলিত মোৰ জীৱনযাত্ৰাৰ 'সহযাত্ৰী'৷

Wednesday, November 11, 2015

নৈতিক নাস্তিক

প্ৰায়ে "গুৰু-গোসাই নমনা পাষণ্ড" জাতীয় বাক্যাংশ শুনিবলৈ বা লিখা দেখিবলৈ পোৱা যায়৷ যি গোসাই বা ঈশ্বৰক নামানে অৰ্থাৎ নাস্তিক সি "পাষণ্ড" .... এনে ধাৰণা আমাৰ সমাজত আছে৷

কিন্তু গোসাই নমনাৰ লগত পাষণ্ডতাৰ কোনো সমন্ধ নাই৷ বৰং বহু আস্তিক, ধৰ্মভীৰু মানুহ অনাচাৰী, ভ্ৰষ্ট বুলি প্ৰমাণিত হৈ আহিছে৷ দুৰ্নীতি পৰায়ণ নেতা আৰু বিষয়া সকলৰ হাততে এসোপামান গ্ৰহ-নক্ষত্ৰ নিয়ন্ত্ৰণ কৰিব পৰা আঙুঠি আৰু মঠ-মন্দিৰৰ আশে-পাশে বেছিকৈ ঘুৰা-পকা কৰা দেখা যায়৷ 

এতিয়া কথা হ’ল স্থাপিত ধৰ্মবোৰ নোহোৱাকৈ, ঈশ্বৰলৈ ভয় নকৰাকৈ (মানে ধৰ্মভীৰু নোহোৱাকৈ), কোনো ব্যক্তি নৈতিক-সৎ হ’ব পাৰেনে? 

এটা মহা কচুগুটি ল’ৰাক দুই ধৰণে শাসন কৰিব পাৰি - শান্তিৰে বহি থাকিলে আইচ-ক্ৰিম খাবলৈ পাবি বুলি কৈ অথবা উৎপাত কৰি থাকিলে ফলা খৰিৰ কোব খাবি বুলি কৈ৷ প্ৰথমটোক ধনাত্মক সহাঁৰি (Positive Feedback) আৰু দ্বিতীয়টোক ঋণাত্মক সহাঁৰি (Negative Feedback) বোলা হয়৷ ধাৰ্মিক বা ঈশ্বৰ বিশ্বাসীসকলক এই জীৱনত ঈশ্বৰৰ আশীৰ্বাদ আৰু মৃত্যুৰ পিছত স্বৰ্গৰ ধনাত্মক সহাঁৰি দিয়া হয়৷ ঠিক সেইদৰে জীৱিত কালত ঈশ্বৰৰ ক্ৰোধ আৰু মৃত্যুৰ পিছত পাতলপুৰীৰ ঋণাত্মক সহাঁৰি দিয়া হয়৷ কিন্তু নাস্তিক বা যুক্তিবাদী এজনে ঈশ্বৰ-সৰ্গ-পাতাল একোকে বিশ্বাস নকৰে, গতিকে তেওঁ সদায় ভাল বা সৎ কাম কৰিবলৈ কেনেকৈ উৎসাহিত হ’ব?

ঈশ্বৰৰ ভয় : এটা অতি ভয়ানক ধাৰণা

হিন্দু , ইছলাম, খ্ৰীষ্টধৰ্ম আদি প্ৰায় প্ৰতিটো প্ৰধান ধৰ্মতেই "ঈশ্বৰলৈ ভয়" বা "God Fear" ("ধৰ্মভীৰু" শব্দটো আক্ষৰিক অৰ্থ একে নহ’লেও প্ৰায় সমভাৱাৰ্থক বুলিব পাৰি) -ৰ ধাৰণা এটা আছে, সহজ ভাষাত  -- বেয়া কাম কৰিলে ঈশ্বৰে (মানে হিন্দুৰ কোনো ভগৱানে, ইছলামৰ আল্লাই, খ্ৰীষ্টধৰ্মৰ গ’ড আদিয়ে)  শাস্তি দিব, গতিকে বেয়া কাম কৰিব নালাগে৷ তেৰালৈ থকা এই ভয়ৰ বাবেই মানুহে বেয়া কাম নকৰিব আৰু সমাজখনত শান্তি শৃঙ্খলা বাজি থাকিব৷ আনহাতে এই ভয়ৰ অভাৱত মানুহবোৰে অনৈতিক, অসামাজিক কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিব আৰু সমাজখন বিশৃঙ্খল-অৰাজকে ভৰি পৰিব৷ গভীৰভাৱে ভাৱি চালে দেখা যায় সমাজৰ শান্তি-শৃঙ্খলা বজাই ৰাখিবলৈ উদ্ভাৱন কৰা এই ধাৰণা বা পন্থাটিৰ কিছুমান অসুবিধা আছে৷ ভাৰততে অগণন ধৰ্মভীৰু মানুহ দেখা যায় --- নহ’লেনো বাৰু মন্দিৰ-মদজিতত সদায়েই ইমান ভিৰ থাকেনে? কিন্তু ভাৰতবৰ্ষত ভ্ৰষ্টাচাৰী, অনৈতিক মানুহৰ অভাৱ নাই৷ কিয়?

Tuesday, November 10, 2015

ঈশ্বৰৰ "ক্লেচ অফ্ ক্লেন্‌চ"

আজি কেইদিন আগতে লগৰ কেইজনমানৰ কাটৰ অনুৰোধত মোৰ সুপ্ৰতিভ দূৰভাষটোত এটা প্ৰয়োগ স্থাপন কৰি ল’লো - "ক্লেচ অফ্ ক্লেন্‌চ" মানে "ফৈদসমূহৰ সংঘাট" !!

ই এটা ভিডিঅ’-খেলা য’ত প্ৰতিজন খেলু্ৱৈয়ে এখন "গাঁও" তত্বাবধান কৰিব লাগে৷ গাৱত গাৱলীয়াসকলক সামৰিক প্ৰশিক্ষণ দিব লাগে৷  কেইখনমান গাঁও  (মানে কেইজনমান খেলুৱৈ) মিলি এটা ফৈদ বা clan তৈয়াৰ হয়৷ এটা ফৌদে আন এটা ফৈদক আক্ৰমাণ কৰি স্বৰ্ণমুদ্ৰা (Gold Coin) আৰু অমৃত (Elixir) লুটি আনিব লাগে৷ আন্তঃজালৰ যোগেদিয়েই এই ফৈদবোৰ তৈয়াৰ হয় আৰু সেইবোৰৰ মাজত যুদ্ধ-বিগ্ৰহ চলি থাকে৷ মন কৰিবলগীয়া কথাটো এই খেলত এবাৰ সৈন্যবোৰ যুদ্ধক্ষেত্ৰত এৰি দিয়াৰ পিছত সেইবোৰে "নিজ বিবেক-বিবেচনা" মতে আনৰ গাঁও আক্ৰমণ কৰি লুটিবলৈ আৰম্ভ কৰি দিয়ে৷ মানৱ-খেলুৱৈজনৰ কোনো নিয়ন্ত্ৰণ নাথাকে৷

এই ভিডিঅ’-খেলা খেলি থকাৰ মাজতে হঠাতে এটা ধাৰণা মনলৈ আহিলে৷ হলিউডৰ 'মেট্ৰিক্স', 'জুপিটাৰ এচেণ্ডিং' আদি চলচিত্ৰসমূহৰ প্ৰভাৱেও হয়তো এই ধাৰণা দৃঢ় কৰি তুলিলে৷ আমি আচলতে ভিন ভিন ঈশ্বৰৰ "ক্লেচ অফ্ ক্লেন" নেকি? ভিন ভিন ঈশ্বৰ-খেলুৱৈয়ে ভিন ভিন ধৰ্ম (ফৈদৰ সমকক্ষ) সৃষ্টি কৰি পৃথিৱীত আমাক এৰি দিলে৷ এতিয়া যিজন খৈলুৱৈয়ে বেছি মানৱ নিজৰ ফলিয়া কৰিব পাৰিব সিয়েই জিকিব৷ তাৰ বাবে প্ৰয়োজন হ’লে এটা ফৈদৰ লগত আন ফৈদৰ আত্মহানী যুদ্ধও কৰোৱা হয়৷ কেতিয়াবা "ক্লেচ অফ্ ক্লেন"ৰ সৈন্যবোৰৰ দৰে মানুহবোৰে নিজ বিবেক-বিবেচনা মতে চলিবলৈ আৰম্ভ কৰি দিয়ে৷ ঈশ্বৰ-খৈলুৱৈজনৰ নিয়ন্ত্ৰণৰ বাহিৰত গুছি যায়৷ তেতিয়া তেওঁ বাৰ্তাবাহক পঠিয়াই বা নিজে অৱতাৰ ধাৰণ কৰি সেইবোৰক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে৷

The Linguistic Mosaic

Indigenous languages are disappearing at an alarming rate around the world has been noted by many noted linguists and social workers. Language carries vocal literature like folklore and folk music. Many such other cultures that uses language as a medium of expression. Imagine 'Bihu' song and dance without Assamese language --- something unimaginable. If Assamese language disappears, so will Bihu and associated cultures.

Around the world as languages disappear so thus many interesting cultures native to the place and people. Perhaps nowhere else in the world is this loss more profound than in Northeast India. With five language families (Tai-Kadai, Tibeto-Burman, Indo-Aryan, Austroasiatic and Dravidan) represented in well over two hundred languages amongst its eight states (Assam, Meghalaya, Manipur, Nagaland, Tripura, Mizoram, Arunachal Pradesh and Sikkim), Northeast India could well be the most linguistically diverse region in the world. Many linguists today see it as their obligation to assist in preventing this great loss to mankind by documenting and describing languages and working with communities to preserve and/or revitalize their languages.