চাওলিন বৌদ্ধ মন্দিৰৰ আটাইতকৈ আকৰ্ষণীয় অনুস্থান হ’ল তেওঁলোকৰ ৰণকলাৰ পৰিৱেশন৷ এই পৰিৱেশন প্ৰত্যেক দুঘণ্টাৰ মুৰে মুৰে তেওঁলোকৰ বিশেষ পৰিৱেশনগৃহত অনুস্থিত হয়৷ পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা ইয়াক চাবলৈ মানুহৰ সমাগম হয়৷ আমি যেতিয়া গৈ পাইছিলো, পৰৱৰ্তি পৰিৱেশন হ’বলৈ এঘণ্টাৰো অধিক সময় বাকী আছিল৷ গতিকে বৌদ্ধ-বিহাৰত থকা আন মন্দিৰসমূহ দৰ্শণ কৰিলো৷ বাটে বাটে গছৰ তলত উলংগ গাৰে কুংফু অনুশীলন কৰি থকা প্ৰিতুৰ বয়সৰ ল’ৰা কেইটামানো দেখি বৰ আনন্দ পালো (আমাৰ তাত ল’ৰাই ক্ৰিকেট খেলে, ইয়াত খেলে কুংফু !)
অতি শান্ত পৰিবেশৰ সুসজ্জিত মন্দিৰৰ ভিতৰলৈ গৈ মন শাঁত পৰি গ’ল৷ নিঃশব্দে মানুহবোৰে মান্দিৰ দৰ্শণ কৰিছে, প্ৰাৰ্থনা কৰিছে আৰু প্ৰসাদ লৈ উভতিছে৷ বৰ্ণনাতীত পৰিবেশ৷
ৰণকলা পৰিৱেশনৰ সময় হ’ল৷ ল’ৰা-ল’ৰিকৈ পৰিৱেশনগৃহ পালোগৈ৷ লোকে লোকাৰণ্য হৈ আছে৷ চান্নিহঁতে আগতে ঠিক কৰি থোৱাৰ বাবে ভাল আসনত বহিবলৈ পালো৷ তেওঁলোকৰ কালজয়ী সেই বিশ্ব বিখ্যাত 'কুং-ফু' ৰণকৌশলৰ পৰিবেশন আৰম্ভ হ’ল৷ সুত্ৰধাৰ এজনে ইংৰাজী আৰু চীনাভাষাত কেতবোৰ আমোদজনক কথা কৈ গ’ল৷ এই বৌদ্ধ মন্দিৰ স্থাপন কৰিছিলে ৪৬৪ খৃষ্টাব্দ মানত 'পশ্চিম-দিশ'ৰ পৰা অহা এজন বৌদ্ধ ভিক্ষুকে৷ পিছত একেই দেশৰ 'বৌধিধৰ্ম' নামৰ এজন বৌদ্ধ ভিক্ষুকে কুং-ফুৰ প্ৰৱৰ্তন কৰিছিলে৷ নামটো ভাৰতীয় যেন লাগিলে, কিন্তু তেওঁ পশ্চিম-দিশৰ! ভাৰততো চীনৰ দক্ষিণে পৰে৷ হিমালয় পৰ্বতমালা থকাৰ কাৰণে সেইসময়ত ভাৰতৰ পৰা মানুহ চীনদেশলৈ মধ্য এছিয়া হৈ আহিব লগা হৈছিল, সেয়ে চীনাসকলে ভাৰতবৰ্ষ তেওঁলোকৰ পশ্চিমদিশে বুলি ভাবিছিল৷ এতিয়াও হেনু তেওঁলোকৰ ভাষাত 'পশ্চিমীয়া দেশ', 'পশ্চিমীয়া আহাৰ' বুলিলে ইউৰূপ নুবুজায়, ভাৰতকহে বুজায় !!!
শান্তিৰ পূজাৰী গৌতম বু্দ্ধৰ মন্দিৰত ৰণৰ অনুশীলন! কথাটো অলপ আচহুৱা! প্ৰবাদ আছে যে কুং-ফু প্ৰথমতে ৰণ কৌশল হিচাপে উত্পত্তি হোৱা নাছিল৷ বৌধিধৰ্মই চাউলিন মন্দিৰত কিছুদিন থাকি অনুভৱ কৰিলে যে তাৰ ভিক্ষুকসকলে কেৱল বৌদ্ধ শাস্ত্ৰ পঢ়ি, অনুবাদ কৰি ব্যস্ত থকাৰ ফলত, শাৰীৰিক পৰিশ্ৰম নকৰাৰ কাৰণে নিশকতীয়া আৰু বেমাৰী হৈ পৰিছে৷ তেওঁলোকৰ স্বাস্থৰ উন্নতিৰহকে বৌধিধৰ্মই তেওঁলোকক যোগাসন আৰু নিৰস্ত্ৰ ব্যায়াম অনুশীলন কৰিবলৈ শিকাইছিল৷ ইয়েই ক্ৰমাত কেৱল আত্ম-ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা কুং-ফু ৰণকলালৈ বিকশিত হ’ল৷ তেওঁলোকে এই ৰণকলাৰ সহায়ত শত্ৰুৰ পৰা নিজৰ বৌদ্ধমন্দিৰ আৰু বৌদ্ধবিহাৰ ৰক্ষা কৰাৰ ওপৰিও, স্থানীয় ৰজাৰ সেনা বাহিনীকো শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰাত সহায় কৰিবলৈ প্ৰয়োজন অনুযায়ী আগবাঢ়ি আহিছিল৷ সেয়ে চীনা জনসাধাৰণে অতীজৰ পৰা আজিলৈকে তেওঁলোকক অতি সন্মানৰ চকুৰে চায় আৰু বিনাকুণ্ঠাই নিজ সন্তানক 'দান' কৰে৷
এইবোৰ চাই-মেলি ঘূৰি অহাৰ কেইবাদিনলৈকে প্ৰিতুৱে কুংফুৰ আংগি-ভংগি দিবলৈ নেৰা হ’ল৷ এবাৰ বিৰক্ত হৈ কৈছিলো - তোক তাতে 'দান' দি থৈ আহিম, একেবাৰে ডাঙৰ হ'লে ঘুৰাই আনিম! তেতিয়াহে সি অলপ শান্ত হ’ল৷
very nice Bikram..looking forward to more writings from you.. DMB
ReplyDeleteদি এম বি,
ReplyDeleteধন্যবাদ৷ তোমাৰোতো অসমীয়াত লিখাৰ হাত আছে৷ কিবা-কিবি নেটত লিখিলে বৰ ভাল লাগিব৷
ধন্যবাদ,
বি এম বি