Thursday, May 1, 2014

উৰাজাহাজখন ক’ত গ’ল ?

প্ৰায় ২৫০জন যাত্ৰী কঢ়িয়াই নিব পৰা ২২০ টন ওজনৰ এখন উৰাজাহাজ আকাশত অন্তৰ্ধান হৈ গ’ল !!

হয়, 'মালায়চিয়া এয়াৰলেইঞ্চ'ৰ উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়চিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ১৪খন দেশৰ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ প্ৰায় ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা নোহোৱা হৈ যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷

লগে লগে এক বিশাল আন্তৰ্জাতিক সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত সন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই সন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত কৰা হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়চিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত বিমানখনৰ কোনো ভগ্নাংশ নোপোৱাত, ১৫মাৰ্চৰ দিনা অনুসন্ধানকাৰীসকলে ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি বিমানখন ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চিম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰে৷ সেইবাবে মালায়চিয়াৰ অনুৰোধত, অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলায়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ যুজাৰু বিমান, সাগৰীয় জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানীত, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ধাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজ 'ব্লুফিন-২১'-ৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷
ব্লুফিন-২১

এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷

Thursday, January 2, 2014

উইনড’জ-৮ লেংগুৱেজ পেক্ট (আচামিজ)

দুদিনমান আগতে উইনড'জ-৮ৰ  অসমীয়া সংকৰণটি নমালোঁ আৰু মোৰ কোলাতলোৱাটোত স্থাপন কৰিলোঁ৷ মোৰ পৰিকলন যন্ত্ৰটো ১০০% নহ’লেও ৮০% খাৰ খোৱা অসমীয়া হৈ পৰিল৷ মনটো বৰ ভাল লাগি গ’ল৷ মাক্ৰচফ্টৰ ই এক অতি প্ৰসংশনীয় পদক্ষেপ৷ প্ৰতিজন অসমীয়াক গৌৰৱ অনুভৱ ই কৰাব পাৰিব বুলি ভাৱোঁ৷ ইয়াৰ পৰা এই সুক্ষ্মতন্ত্ৰক নমাব পাৰি ---
Windows-8 Language Pack (Assamese )
http://windows.microsoft.com/en-us/windows/language-packs#lptabs=win8

কিছুপৰ ব্যৱহাৰ কৰাৰ পাছত অৱশ্যে এনে লাগিল যেন, ইয়াক আৰু উন্নত কৰিব পৰা গ’লহেতেঁন, আৰু অলপ 'অসমীয়াত্ব' প্ৰদান কৰিব পৰা গ’লহেতেঁন৷ মই ভাৱিলোঁ মোক এই সংকৰণৰ সম্পাদক পতা হ’লে মই ইয়াৰ কি কি সাল-সলনি কৰিলোহেতেঁন? এই জালপঞ্জীত ইয়াকেই কৰিবলৈ যত্ন কৰিলোঁ, মানে নিজকে ভাবি ল’লো মাক্ৰচফ্টৰ কোনো কাৰ্যলয়ত বহি মই যেন সম্পাদনৰ কাম কৰিছোঁ৷

মোৰ অনুবাদসমূহ দেখি মাজে মাজে আপোনালোকৰ হাঁহি উঠিব পাৰে, কাৰণ মই কিছুমান অতি চহা শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ৷ যেনে "settings" -ৰ বাবে "গত" শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে "তাৰ গতটো চোৱা!" যেনেকৈ কৈ "অৱস্থা" বুজাওঁ, তেনেকৈ৷ মোৰ শব্দটো ব্যৱহাৰ কৰি নিজৰে হাঁহি উঠিছিলে৷ কিন্ত ভাৱি চালো, অৰ্থটোতো উলাইছে!!

মই এইটো কোৱা নাই যে এইবোৰ গ্ৰহণযোগ্য, কিন্তু অনাহকতে অন্ধভাৱে ইংৰাজী শব্দটো লিপ্যান্তৰ কৰাতকৈ কিছুমান সহজ-সৰল বা প্ৰচলিত অসমীয়া শব্দ ব্যৱহাৰ কৰিব পাৰি তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে৷

প্ৰথমতে উইণ্ডজৰ "Start" পৃষ্ঠাখনলৈ গ’লো৷ পৃষ্ঠাখনক "আৰম্ভ" বুলি কোৱাত বৰ শুৱাইছে৷ কিন্তু "ফাইনেঞ্চ", "ষ্টৰ", "মেপ", "মেইল" আদি শব্দবোৰে যেন পৃষ্ঠাখনৰ সৌন্ধৰ্য হ্ৰাস কৰি পেলাইছে৷ কিছুমান Propoer Noun বা নামবাচক বিশেষ্য সলনি কৰাৰ যুক্তি নাই৷ কিন্তু বিত্ত, দোকান, মানচিত্ৰ, ই-পত্ৰ আদি ভাৱ প্ৰকাশ কৰা শব্দবোৰ অসমীয়াতে লিখিলে ভাল লাগিব যেন লাগিলে৷



পৰিকলনটোৰ "মেজ" (Desktop) সোঁফালে স্পৰ্শকাতৰ পৰ্দাখনত চোলে এখন সৰু ক’লা খিৰিকিয়ে ভুমুকি মাৰে৷ তাতো কিছুমান শব্দ সাল-সলনি কৰিলে ভাল হ’ব  যেন লাগিলে৷


তাৰ পিছত মই "গত" মানে setting-ত চোলো৷ আন এখন খিৰিকিয়ে ভুমুকি মাৰিলে৷ ইয়াতো কিছুমান সাল-সলনি কৰিলোঁ৷


এইবাৰ মই "কণ্ট্ৰল পেনেল" মানে মোৰ ভাষাত "নিয়ন্ত্ৰণ ফলি" পালোগৈ৷ তাতো বহুতো শুদ্ধ কৰিবলগীয়া পালো৷ এইবোৰক বাৰু ঠিক "ভুল" বুলিব নোৱাৰি, কিন্তু ঠিক "অসমীয়া" বুলিও কবলৈ টান লাগে৷ 


ইয়াত "Touch" শব্দটোক "টাচ্চ" বুলি কোৱাৰ কিবা প্ৰয়োজন আছিলনে? "স্পৰ্শ" বুলি ক’লেই হয়৷ তেনেকৈ system-ক "প্ৰণালী", pen-ক "কলম" বুলি ক’লেই হয়৷  এনে বহু শব্দ পোৱা যায়,  য’ত সুন্দৰ প্ৰচলিত অসমীয়া শব্দ থাকোতে ইংৰাজী শব্দ এটা লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাৰ কোনো যুক্তি বুজি নাপালোঁ৷

আনহাতে কিছুমান শব্দক  অসমীয়াত লিপ্যান্তৰ কৰোঁতে কেতিয়াবা 'চ' আৰু কেতিয়াবা 'ছ' ব্যৱহাৰ কৰা দেখা গৈছে, যেনে processor=প্ৰেচেছৰ, system = ছিষ্টেম৷ কিন্তু আমি জানো, অসমীয়াত চ/ছ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ এনে স্থলত সকলোতে প্ৰথম 'চ' ব্যৱহাৰ কৰিলে বহু খেলি-মেলি কমিব৷
---- 

মালায়াচিয়াৰ বজাৰত অসমীয়া খাদ্য ....

ঢেকীয়া শাক, লাই শাক, মাণিমূণি, বাঁহ গাজ, কল ডিল, তামোল-পাণ --- আপুনি কৈ যাওক, অসমীয়া খাদ্যৰ নাম, মালায়চিয়াৰ প্ৰধান নগৰ কুৱালালামপুৰ মহানগৰৰ বজাৰত বিছাৰি নোপোৱা বস্তু নাই৷

ৰৌ, ইলিছ, পাভ, বৰালী, মাগুৰ, কাৱৈ, সৰু সৰু পোৱামাছ আদি ভিন ভিন প্ৰকাৰৰ মাছো ইয়াত সমানে পোৱা যায়৷

অসমৰ সৰ্বসাধাৰণ আলিবাটৰ কাষৰ হোটেলত (মানে ৰেষ্টোৰেণ্ট) ঢেকীয়া শাকৰ ভাজি, বাঁহ গাজ, কল ডিলৰ ভাজি আদি দেখিছে? মই হ’লে কেতিয়াও দেখা নাই৷ ইয়াৰ হোটেলসমূহত কিন্তু এইবোৰ পোৱা যায়, মানুহে সমানে খায়৷

যোৱাকালি বজাৰৰপৰা কিনি অনা েএনেবোৰ কেছাবস্তু পৰাই এই সাজ ভাত আমাৰ ঘৰত ৰন্ধা হৈছিল - কৃতজ্ঞতাজ্ঞাপন: পৰিবাৰ আৰু মোৰ মা৷

Monday, December 9, 2013

অ’ত ত’ত য-কাৰ

অসমীয়াত ইংৰাজী শব্দ কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে বহুতো তৰ্ক-বিৰ্তক চলি আছে৷ ই এটা বিশাল বিষয়৷ সকলো ইয়াত আলোচনা কৰিব বিচৰা নাই৷ কিন্তু এটা বিশেষ দিশ ইয়াত উল্লেখ কৰিব বিচৰা হৈছে -- 'য-কাৰ'ৰ ব্যৱহাৰ৷ বাংলাত বহু ইংৰাজী শব্দ লিখোতে য-কাৰ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে - দ্যা/দ্য (the), জ্যাম (jam), ব্যাংক (bank), ব্যাটিং (batting[cricket]), ন্যশ্যনেল (national),  ক্যাম্পাস (campus)  আদি৷

আজি কিছুবছৰ আগলৈকে অসমীয়া কাকত আলোচনীসমূহত এক পৃথক শৈলী অৱলম্বন কৰা দেখা গৈছিল৷
the = দা / দি
jam = জাম
bank = বেংক
batting = বেটিং
national = নেচ’নেল
campus = কেম্পাচ
আদি৷ এইটো অসমীয়া সহজ-সৰল আৰু পোন-পতিয়া উচ্চাৰণৰ লগত মিল থকা শৈলী৷ ই অসমীয়া ভাষাৰ এক নিজস্বও বহন কৰে যেন লাগে৷

কিন্তু শেহতীয়া ভাৱে অসমীয়া কাকত-আলোচনীসমূহে এই বাংলা শৈলী অনুকৰণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ the শব্দটো 'দ্য' এনেকৈ লিখিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ ই বাংলা শৈলীৰ অন্ধ অনুকৰণ নহয়নে? বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ সেয়ে 'অন্য' শব্দটো তেওঁলোকে 'annwa' এনে ধৰণৰ উচ্চাৰণ কৰে৷ সেয়ে 'the' শব্দটো 'দ্য' এইধৰণে লিখিলে ইংৰাজী উচ্চাৰণটোৰ প্ৰায় ওচৰত উচ্চাৰিত হয়৷

আনহাতে অসমীয়াত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ y-ৰ দৰে, সেয়ে 'অন্য' শব্দটো 'annya' এনে ধৰণে উচ্চাৰিত হয়৷ গতিকে 'দ্য' বুলি লিখিলে অসমীয়াভাষী এজনে যেন 'dya' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ 'the' শব্দটোত 'য়'/'য' নাই, তেনে স্থলত 'য-কাৰ' ব্যৱহাৰ কৰাৰ যুক্তি বুজিবলৈ অলপ কঠিন৷ 




Tuesday, February 26, 2013

মঙ্গলযান

বিজ্ঞান, প্ৰযুক্তিয়ে মোক সদায়েই আকৰ্ষিত কৰে, উত্তেজিত কৰে৷ ভাৰতে এই বছৰৰ (২০১৩) নবেম্বৰ মাহত মঙ্গল গ্ৰহলৈ এখন মহাকাশ যান পঠিয়াব৷ নামটো 'মঙ্গলযান'৷ যোৱা বছৰ প্ৰধান মন্ত্ৰী শ্ৰীমনমোহন সিং, আৰু এইবাৰ ৰাষ্ট্ৰপতি মহোদয় প্ৰণৱ মুখাৰ্জীয়েও কথাটো ঘোষণা কৰিলে৷

মঙ্গল যাত্ৰাৰ সকলোতকৈ জটিল কাৰিকৰী প্ৰত্যাহ্বান হ’ল - ইয়াৰ ইঞ্জিনটো প্ৰায় ৩০০ দিন বন্ধ হৈ থকাৰ পিছত আকৌ পূনঃ সজীৱ কৰি তুলাটো৷ পৃথিৱীক অৱৰ্তণ কৰি অৱস্থাত এই ইঞ্জিন ৱ্যৱহাৰ হ’ব কক্ষপথৰ ব্যাস ক্ৰমান্নয়ে বৃদ্ধি কৰিবলৈ৷ তাৰ ৩০০ দিনৰ পিছত মঙ্গল গ্ৰহৰ ওচৰ চপাৰ লগে লগে এই গ্ৰহৰ মধ্যাকৰ্ষণৰ কবলত আহিবলৈ আকৌ  ইঞ্জিনটো চলাব লাগিব৷ ইমান দিন অতিপাত শীতল মহাকাশৰ মাজেৰে যোৱাৰ পিছত ইয়াক সজীৱ কৰিব পৰা যাবনে?

বহু বিদেশী সমালোচকে এই বছৰৰ নবেম্বৰ মাহত এই মহাকাশ যান তৈয়াৰ হৈ উঠিব পাৰিব নে নাই সন্দেহ প্ৰকাশ কৰা দেখা যায়৷ তেওঁলোকৰ মতে সময় বৰ টাকৰ - ইমান কম সময়ৰ ভিতৰত বিভিন্ন কাৰিকৰী আহিলাৰ তৈয়াৰ আৰু পৰীক্ষা হৈ উঠাটো প্ৰায় অসম্ভৱ৷ প্ৰকল্পটোৰ পৰিকল্পনাৰ ওপৰতেই ই নিৰ্ভৰ কৰিছে৷ প্ৰতিস্থানৰ কৰ্মকৰ্তাসকলে নিশ্চয় সু-পৰিকল্পিত আচঁনি লৈছে বুলি আশা কৰিছো৷

আমোদজনকভাৱে মই বাতৰি-কাকত আদিৰ বাহিৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিস্থানৰ কোনো চৰকাৰী জালপৃষ্ঠা বিচাৰি পোৱা নাই৷ কোনো পঢ়োৱৈয়ে পালে মোক জনালে নথৈ আনন্দিত হ’ম৷


তথ্যসূত্ৰ:

Friday, April 27, 2012

কোনো দিন এই বাটেৰে ঘৰলৈ যাব পাৰিমনে?

কোনো দিন এই বাটেৰে ঘৰলৈ যাব পাৰিমনে?
I wish, I can go home by this route some day !!





Saturday, March 10, 2012

দিঠকৰ পথৰ সপোনবোৰ...

সপোন-১: মই কলম এটা লৈ কাগজ এখনত অসমীয়াতে কবিতা এটা লিখিলো৷ ইয়াক কেমেৰাটোৰ  আগত ডাঙি ধৰাৰ লগে লগে ই সলসলীয়াকৈ আবৃত্তি কৰি দিলে৷ 
নেপথ্যত: মই এটা সাধাৰণ কলম লৈ অসমীয়াত এটা লিখা কবিতাটো কম্পিউটাৰটোৰ কেমেৰাটোৱে স্কেন কৰি 'শব্দ'লৈ পঠিয়াই দিলে৷ শব্দৰ "অপ্টিকেল কেৰেক্টাৰ ৰিকগ্নিচন" (Optical Character Recognition)-ৰ দ্বাৰা ইয়াক ইউনিকোড অসমীয়ালৈ ৰূপান্তৰ কৰা হ’ল৷  অৱশেষত টেক্স-টু-স্পিটচ্ (Text-to-Speech) প্ৰণালীৰ সহায়ত আবৃত্তি কৰি দিলে৷

সপোন-২:  মোৰ ব্যৱসায়ৰ চীনা অংশীদাৰ (Business Partner) এজনৰ লগত ভিডিঅ’-ছেটিঙৰ সহায়ত কথা পাতি আছো৷ 
নেপথ্যত:  মই কোৱা অসমীয়া কথাবোৰ 'শব্দ'ৰ ৱইচ-ৰিকগনিচন (Voice Recognition) প্ৰণালীৰ অংকীয়কৃত হ’ল৷ সেইবোৰ অসমীয়া-চীনা যান্ত্ৰিক অনুবাদনৰ সহায়ত চীনা ভাষালৈ ৰূপান্তৰ কৰা হ’ল৷ অৱশেষত সেইবোৰ চীনা টেক্স-টু-স্পিটচ্ এটাই পঢ়ি দিলে৷ আনহাতে গয়াং ঝাঙে কোৱা চীনা কথাবোৰ মই অসমীয়াত শুনিবলৈ পালো৷

সপোন-৩: মই লিখা উপন্যাসখনৰ ৩০০ পৃষ্ঠাৰ পণ্ডুলিপি ফটোকপি যন্ত্ৰটোত ভৰাই দিলো৷ মূহুৰ্ততে গোটেইখন ইংৰাজী, বঙালী, বড়ো, তামিল আদি বিভিন্ন ভাষালৈ অনুবাদ হৈ ওলাই আহিল৷