Sunday, May 2, 2010

ককাদেউতাৰ সাধুকথা আৰু কিছু চিন্তা...

জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা ল’ৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷



আজিৰ nuclear family-ৰ যুগত অতিজৰ পৰা চলি অহা এই পৰম্পৰা ভংগ হৈ গৈছে৷ ককাদেউতাকৰ মাত আজিৰ শিশুৱে দূৰভাষত দুইমিনিটত বাবে শুনিবলৈ পায় বা গৰমৰ বন্ধত ঘৰলৈ গ’লে কেইদিনমানৰ বাবে লগ পায়৷ ককাদেউতাৰ বাঘ ভালুকৰ, ৰাম-সীতাৰ, ৰজা-ৰাণীৰ সাধু আজিৰ পিন্টু, জিন্টুহঁতে বুজি নাপায় বা boring পায়৷ শুনিব বিচাৰে Ben-10, Spiderman, Superman আদিৰ সাধু৷ ককাদেউতাসকলে এইবোৰৰ নামেই শুনা নাই বা শুনিলেও সাধু কয় কেনেকৈ? Generation Gap!

গতিকে যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি অহা ভাষাৰ সেই নিজৰা হঠাতে যেন ৰৈ যাব লগা হৈছে৷ এটা প্ৰকাণ্ড বান্ধে যেন আগভেটি ধৰিছে৷

এই বান্ধ ভাঙিব লাগিব হয়তো Middle Generation টোৱে৷ অৰ্থাৎ পিন্টু, জিন্টুহতঁৰ পাপা, মাম্মা আৰু ককাদেউতাসকলৰ জানটো, মাজনী আমি মাজৰ প্ৰজন্মটোৱে৷ শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি পিন্টু, জিন্টুহতঁক দিব লাগিব Ben-10, Spiderman, Superman আদিৰ সাধু কৈ৷ পাৰিমনে বাৰু আমি এই গুৰুদায়িত্ব লবলৈ?

কিন্তু....
  • কিছুবছৰ আগতে হিউচতনত (Houston) অসমীয়া পৰিয়াল কিছুমান লগ পাইছিলো৷ তেওঁলোকে নিজৰ মাজত অসমীয়াতে কথা পাতে, কিন্তু ল’ৰা-ছোৱালীবোৰৰ লগত ইংৰাজীত৷
  • দুদিনমান আগতে দিল্লীনিবাসী মোৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলো৷ মাক-দেউতাক দুয়ো খাতি অসমীয়া৷ ল’ৰা-ছোৱালী এহাল৷ তেওঁলোকে নিজৰ মাজত অসমীয়াতে কথা পাতে, কিন্তু ল’ৰা ছোৱালীহতঁৰ লগত হিন্দীতহে কথা পাতে৷ পিছত গম পালো মোৰ বন্ধু ব্যতিক্ৰম নহয়, বৰং দিল্লীনিবাসী প্ৰায় সকলো অসমীয়া পৰিয়ালৰ একেই অৱস্থা৷
হয়তো কোনোবাই যুক্তি দিব, ল’ৰা-ছোৱালী যি পৰিবেশত ডাঙৰ-দীঘল হয়, তাৰ ভাষা-সংস্কৃতিৰ লগত মিলি যাব লাগে৷ কথাটো যুক্তিসংগত৷ কিন্তু আমি জানো মানুহে অনায়সে তিনি-চাৰিটা ভাষা আহৰণ কৰিব পাৰে৷ বিশেষকৈ ল’ৰালিকালত ভাষা আহৰণৰ ক্ষমতা তীব্ৰ হৈ থাকে৷ ইয়াৰে সুবিধা লৈ তেওঁলোকক বাৰু পৰিবেশৰ ভাষাৰ লগতে অসমীয়াও শিকাই থোৱাব নোৱাৰিনে? বিশেষকৈ যি পৰিয়ালৰ পিতৃ-মাতৃ দুয়ো অসমীয়া!!!

5 comments:

  1. বেচ কথা লিখিছে বিক্ৰমদা- এইবোৰ কিছুমান সত্য কথা | বহুতেই নিজৰ ভেটি মজবুত নকৰাকৈ বেলেগৰ ভেটি গঢ়িবলৈ যায়- মূৰকত একো নহয়গৈ - মনজিৎ

    ReplyDelete
  2. Rupankar Mahanta - My kid is in the same situation. Even though we prod at times to try to speak in Assamese, not yielding much result. Already grapling to learn two alien languages -- Hindi and English, it is already hard on them. The saving grace is that she understands Assamese. I think after a couple of years she would automatically like to learn it.

    Bikram Baruah - Inspired by few Bengali families over here, I am planning to conduct weekly classes of Assamese for my kid from next year (when he will be 6 years old) along with other Assamese kids of his age group living in Abu Dhabi/Dubai. I am not sure how much responses I'll get. Can a similar classes can be organized in Delhi? Just talk with your Assamese friends who have kids of same age group and live within driving distance. Why not meet every Sunday, have family party along with an hour long Assamese verbal and later written classes/tutorials?

    Manjit Nath - If I have to comment on this without going inside into the issue- I'd have told what is this? But, in fact, Bikram Da, we need to do something like that only. "Jaisa dex, aisa bhex" bula kotha exaru ase...

    Aklantika Saikia - সৰুতে মা-দেঊতাই প্রায়েই সাধু কৈছিল। দেউতাৰ সাধু কোৱাৰ সময়টো আছিল ঠিক current যোৱা সেই এঘণ্টা-দুঘণ্টাৰ সময়খিনি। মুকলি চোতালত বহি বা দেঊতাৰ লগত খোজ কাঢ়ি কাঢ়ি আমি সেই সাধু শুনিছিলো মুকলি আকাশৰ তলত, তৰা লেখি লেখি। আকৌ, মাৰ সাধু নুশুনাকে পেটলে ভাত নগৈছিল। ভাল লাগিল পঢ়ি লেখাটো। অলপ নষ্টালজ়িক হৈ পৰিলো। পিচে, সাধু কোৱা আৰু শুনাৰ এই পৰম্পৰাটো আমাৰ অসম মুলূকৰ পৰাও উধাও হৈছে নেকি!

    Sushanta Kar - ভাষাৰ লগতে অসমীয়াও শিকাই থোৱাব নোৱাৰিনে?---পাৰি। মোৰ নাগাল্যন্ডত জন্ম। মোৰ মা দেউতাৰ বাহিৰে প্রায় সকলোৱে নাগামিস বা নগা ভাষাবোৰত কথা পাতিছিল। মই তাহানিতেই নাগামিস আৰু বাংলা দুয়োটা ভাষা ক'ব পাৰিছিলোঁ। নিজৰ ভাষাৰ প্রতি অন্তৰত গৌৰব বোধৰ অভাব থাকিলেহে এনে দুর্ঘটনা ঘটিব পাৰে।

    ReplyDelete
  3. দীর্ঘদিন পাছত ঠিক হৈ কালি মোৰ কম্প্যুটাৰ ঠিক হৈ ঘৰত আহিল। ভয়ে ভয়ে চলাই আছো এতিয়াও। সেয়েহে কালি ইয়াত মন্তব্য দিয়া নহৈছিল গৈ। সাধাৰণতে ইয়াতেই মান্তব্য কৰা উচিত।

    ReplyDelete
  4. I still remember nagging you to tell us stories and teach us mathematical tricks :)

    ReplyDelete
  5. আপোনৰ ব্লগটো মনোৰম হৈছে৷ আমি বুঢ়া কালত এই বোৰ শিকিহে আছো৷

    ReplyDelete