Wednesday, July 15, 2015

দিন-৫ (১৫-জুলাই/বুধবাৰ): হৌ চি মিন চিটি

ৰাতিপুৱা ৮:৩০ বজাত হৌ চি মিনৰ হোটেলৰ ল’বিত কালি আমাক বিমান বন্দৰৰ পৰা অনা ড্ৰাইভাৰজন ৰৈ আছিল৷ তেওঁৰ লগত আন এজন ব্যক্তি৷ নিজকে 'মিষ্টাৰ টাইগাৰ' বুলি চিনাকি দিলে৷ খীন কায়ৰ মানুহজনৰ বয়স হয়তো ৪০-৪৫ৰ ভিতৰত হ’ব৷ তেওঁ আমাৰ অহা তিনিদিনৰ বাবে "টুৰ গাইড"৷ আচল নামটো সুধিছিলোঁ যদিও টুকি থবলৈ নহ’লে, পিছতো মনত পেলাব নোৱাৰিলো৷ পয্যাটকসকলে মাতিবলৈ সুবিধাৰ বাবে নিজকে 'টাইগাৰ' বুলি নিজৰ উপনামটোৱেদি চিনাকি দিয়ে৷ চীনা জ্যোতিষৰ মতে বাঘৰ বছৰটোত তেওঁৰ জন্ম হৈছিল বাবে এই নাম৷

ভ্ৰমণসূচী অনুযায়ী আমি পোন প্ৰথমে কু চি সুৰংগসসমূহলৈ (Cu Chi Tunnel Systems) গ’লো৷ চহৰৰ পৰা ৭০ কিমি উত্তৰ-পশ্চিম দিশে৷ গাড়ীত প্ৰায় ১:৩০ ঘণ্টামান সময় লাগিব৷ টাইগাৰে আমাক বাটে বাটে ভিয়েটনামৰ বুৰঞ্জী কৈ গ’ল৷ বহুতো কথা ক’লে৷ মানুহজনে ভালকৈ ভিয়েটনামৰ বুৰঞ্জী জানে৷ তেওঁ কোৱা কথাখিনি থল-মূলকৈ এনে -- 

১৮৬২ চনৰ পৰা ফৰাচীসকলে এখোজ-দুখোজকৈ সমগ্ৰ ভিয়েটনাম দখল কৰি আহে৷ তেওঁলোকে স্থানীয় ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় কাম-কাজত হস্তক্ষেপ কৰিবলৈ লয়৷ এইবোৰ সহিব নোৱাৰি ফৰাচী শাসকসকলৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ হয়৷ ১৯৪৬ চনত মাৰ্ক্সিষ্ট-লেনিনিষ্ট চিন্তাধাৰাৰ নেতা হৌ চি মিনৰ নেতৃত্বত উত্তৰৰ হানৈ চহৰত কেন্দ্ৰ কৰি তেওঁলোকে স্বাধীনতা ঘোষণা কৰিলে৷ ফৰাচীসকলে দক্ষিণ ভিয়েটনামৰ চাইগন (Saigon, বৰ্তমান "হৌ চি মিন চিটি") চহৰক কেন্দ্ৰ কৰি "ঙ’ ডিন হু" (Ngô Đình Nhu) নামে এজনক ৰাষ্ট্ৰপতি পাতি পুতলা ৰাজ্য পাতিলে৷ আনহাতে তেওঁলোকে উত্তৰ ভিয়েটনাম আকৌ অধীনলৈ আনিবলৈ চেষ্টা কৰিলে৷ এই অৰিয়া-অৰি বহুদিনলৈকে চলি থাকিল৷ 


দক্ষিণ ভিয়েটনামত কেথলিক  ধৰ্মীয়, পুজীবাদত বিশ্বাসী "ঙ’ ডিন হু"ৰ পুতলা চৰকাৰৰ বিৰুদ্ধে বৌদ্ধ ধৰ্মীয় প্ৰজা আৰু কমিউনিষ্ট কৃষক-শ্ৰমিকসকলৰ বিদ্ৰোহ তীব্ৰ হৈ আহিল৷   উত্তৰ ভিয়েটনামৰ হৌ চি মিনৰ নেতৃত্বৰ কমিউনিষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ৰুছিয়া, চীনা আদি দেশৰ সহায়ত এই বিদ্ৰোহ তীব্ৰতৰ হৈ উঠিল৷ ডিন হুৰ চৰকাৰক সহায় কৰিবলৈ ফৰাচীসকলৰ লগতে ১৯৬৪-৬৫ চনত আমেৰিকা আহি নিজে যুদ্ধত লিপ্ত হৈ পৰে৷ এইদৰেই কুখ্যাৎ America-Vietnam War-ৰ সুত্ৰপাত হয়৷ ১৯৭৫ চনলৈকে যুদ্ধ চলে৷ এই মাৰাত্মক যুদ্ধত দুই পক্ষৰ বহু হানি হ’ল৷ কিন্তু আমেৰিকাৰ শক্তি-শালী টেঙ্ক, বোমা, যুজাৰু বিমান আৰু সুপ্ৰশিক্ষিত সেনা-বাহিনীৰ বিপৰিতে ভিয়েটনামৰ মূলতঃ গাৱলীয়া ডেকা-গাভৰুৱে গঠিত বিদ্ৰোহীসকল কেনেকৈ বৰ্তী আছিল আৰু বিজয়ী হৈছিল ই এক বিষ্ময়কৰ কাহিনী৷ তেওঁলোকৰ নিপুন যুদ্ধ কৌশলত আমেৰিকাৰ সৈন্যও হাৰ মানিব ল’গা হ’ল৷ 

ভিয়েটনামী সকলৰ এই সফলতাত অৰিহণা যোগোৱা অন্যতম উপাদান হ’ল অতি জটিল কুশলী "কু চি সুৰংগ"সমূহ৷ "টাইগাৰ"-এ এই কথাবোৰ অতি মনোগ্ৰাহীকৈ কৈ গৈছিল৷ এনেতে মিনি ভানখন ৰ’ল, আমি "কু চি" আহি পালোহি৷ টিকট কিনি চৌহদটোৰ ভিতৰলৈ সুমাই গ’লো৷  

কু চি সুৰংগ (Cu Chi Tunnels)

বিদ্ৰোহীসকলে এইদৰে এই সুৰংগবোৰত
সুমাই অন্তৰ্ধান হৈছিল৷
"কু চি" অঞ্চলেই ভিয়েটনাম যুদ্ধৰ অন্যতম কুৰুক্ষেত্ৰ স্বৰূপ আছিল৷ ই অৱশ্যে গোটেই দেশখন জুৰি থকা এক বৃহৎ মানৱ-নিৰ্মিত সুৰংগ প্ৰণালীৰ এটা অংশ৷ টাইগাৰে আমাক বুজাই গ’ল - প্ৰথমতে গাৱৰ প্ৰতি ঘৰে নিজ নিজ ঘৰৰ তলত যুজাৰু-বিমানৰ পৰা নিক্ষেপিত বোমাৰ পৰা বাছিবলৈ "বাংকাৰ" সাজিছিলে৷ সময়ত অহা-যোৱাত সুবিধা হ’বলৈ তেওঁলোকে এঘৰৰ বাংকাৰ আন ঘৰৰ বাংকাৰৰ লগত সংযোগ কৰি ল’লে৷ এইদৰে ক্ৰমে গোটেই গাওঁখন আৰু তাৰ পিছত গোটেই অঞ্চলটো সংযোগ হ’ল৷ ফৰাচী তলতীয়া চৰকাৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত গাৱলীয়া চহা লোকে সাজিবলৈ আৰম্ভ কৰা এই সুৰংগসমূহ পিছলৈ কমিউনিষ্ট বিদ্ৰোহী ভিয়েট-কং সেনাসকলে আৰু জটিল আৰু কৌশলী কৰি তোলে৷ তিনিটা তৰপ থকা এই সুৰংগ প্ৰণালীত তেওঁলোকে যুদ্ধৰ সময়ত কেইবা সপ্তাহ লুকাই থাকিব ল’গা হৈছিল৷ সেয়ে তাৰ ভিতৰতেই ৰান্ধনীঘৰ, শোৱা কোঠা, শৌচালয় আদি সকলো আছিল৷ 
বিদ্ৰোহী ডকা-গাভৰুসকলৰ জীৱন-যাত্ৰা দেখুৱাই তৈয়াৰ কৰা প্ৰতিমূৰ্তিৰ লগত৷
"টাইগাৰ"-এ মোক ভীয়েট কঙৰ বিদ্ৰোহীসকলে কেনেকৈ নুফুটা বোমাৰ পৰা বাৰুদ উলিয়াই আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিলে, তাক বাখ্যা কৰিছে৷
সুৰংগ ব্যৱস্থাটোৰ এটি প্ৰতিৰূপ

যুদ্ধৰ অৱশেষ সংগ্ৰহালয় (War Remnants Museum)

"কু চি" অঞ্চলৰ পৰা আমি হৌ চি মিন চহৰলৈ উভতি আহিলোঁ৷ এইবাৰ যুদ্ধৰ বিভিন্ন ফটো আৰু অৱশেষ থকা সংগ্ৰাহলয় এটালৈ গ’লো৷ কিছুমান ফটো অতি ভয়ংকৰ, কিছুমান বৰ দুখ লগা৷ সৰু ল’ৰাহঁতক দেখুৱাব নোৱাৰি৷ সেয়ে তাত এটা খেলা-ধুলা কৰা কোঠালী সাজি থৈছে৷ সৰু ল’ৰা-ছোৱালীহঁতক খেলিবলৈ দি মাক-বাপেকহঁতে যাতে শন্তিৰে সংগ্ৰাহলয় চাব পাৰে৷ আমিও তাকে কৰিলোঁ৷ সকলোৱে নিশব্দই ফটোবৰ চাই গৈছে৷ ফটোবোৰৰ কাষে কাষে ইংৰাজী, ফৰাছী আৰু ভিয়েটনামী ভাষাত বৰ্ণনা দি থৈছে৷ আমেৰিকা, ফৰাছী, জাপানী আদি বিভিন্ন দেশৰ আলোকচিত্ৰ গ্ৰহণকাৰীৰ (photographer) বৰঙণীত এই সংগ্ৰাহলয় সৃষ্ঠি হৈছে৷ তেওঁলোক আছিল সংবাদ মাধ্যমৰ ফটো জাৰ্নেলিষ্ট, সেনা-বাহিনীৰ ফটোগ্ৰাভাৰ, সমাজকৰ্মী, ৰেডক্ৰচ আদিৰ কৰ্মী আদি৷ তেওঁলোকৰ কেমেৰাত আবন্ধ ফটোবোৰত জীৱন্ত হৈ পৰিছে সেই যুদ্ধৰ অমানৱীয় বেদনাবোৰ --- মাকৰ মৃত শৰীৰৰ কাষত কান্ধি থকা পানী কেছুৱা, বোমাত বিকলংগ হোৱা ডেকা-গাভৰু, তেজেৰে লুতুৰি-পুতুৰি সৈনিক আৰু এনে বহুত অবৰ্ণনীয় আলোকচিত্ৰ৷ সকলো ফটো চবালৈ সময় নহ’ল৷ যি পাৰো চালো৷ পিছত বাহিৰত দুখনমান ফটো ল’লো৷


তেতিয়া প্ৰায় দুটা বাজিছিল৷ ভোক লাগিছিল৷ সকলোৱে চহৰৰে এখন ৰেষ্টোৰাত দুপৰিয়াৰ আহাৰ খালো৷ তাত চৰাইৰ আকৃতিত আনাৰসৰ মাজত মমবাতি জ্বলাই সজাই দিয়া "স্প্ৰিং ৰ’ল" বোৰ দেখি বৰ আমোদ পালো৷ 


Cathedral and Old Post Office

তাৰ পিছত হৌ চি মিন চহৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি গীৰ্জাঘৰটো চাবলৈ গ’লো৷ পেৰিচৰ নৰ্টে-ডাম (Notre-Dame)  গীৰ্জাৰ আৰ্হিত নিৰ্মিত এই গীৰ্জাঘৰটো ফৰাচীসকলৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল আছিল৷ ওচৰতে ফৰাচীসকলেই সাজি থৈ যোৱা পুৰণি অট্টালিকা এটা আছে৷ ই কেন্দ্ৰীয় ডাক-ঘৰ হিচাপে ব্যৱহৃত হৈ আছে৷

ফৰাচী স্থাপত্যকলাৰে (architecture) নিৰ্মিত এই  দুই পুৰণি অট্টালিকা অতি মনোগ্ৰাহী আছিল৷

বেম থান কেন্দ্ৰীয়  বজাৰ (Bem Thanh Central Market)


আজিৰ অন্তিম গন্তব্যস্থান আছিল "বেম থান কেন্দ্ৰীয় বজাৰ" বুলি এখন বজাৰত৷ কাপোৰ, নকল মণি-মুকুতা, কাঠৰ বস্তু, চামৰ বস্তু আদি বিভিন্ন সামগ্ৰীৰ দোকান৷ মোৰ পৰিবাৰে দুডালমান মণি-মুকুতা আৰু হাতত লোৱা বেগ কিনিলে - কিছুমান নিজৰ বাবে, আন কিছুমান বন্ধু-বান্ধৱক উপহাৰ দিবলৈ৷ ময়ো অলপ সস্তাত পাই চেণ্ডেল-চু এযোৰ কিনিলো৷


ৰাতি মোৰ বন্ধু মহেন্দ্ৰ কুমাৰৰ লগত আহাৰ খালোঁ৷ আমি কলেজত একেলগে পঢ়া৷ সি এতিয়া হৌ চি মিন চহৰত চাকৰি ক’ৰে৷ এখন ভাৰতীয় আহাৰৰ ভোজনালয়ত নিশা সকলো মিলি আহাৰ খালোঁ৷



Tuesday, July 14, 2015

দিন-৬ (১৬-জুলাই/বৃহস্পতিবাৰ): মেকং ব-দ্বীপ

ৰাতিপুৱাৰ জলপান খাই, প্ৰায় ৮ঃ৩০ বজাত হোটেলৰ পৰা চেক আউত কৰি আকৌ ৰাওণা হ’লো --- হৌ চি মিন মহানগৰৰ পৰা ১৫০ কি মি নিলগৰ মেকং ব-দ্বীপ অঞ্চললৈ (Mekong Delta)৷ যোৱা কালিৰ মিনিভানখনতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ - লগত আমাৰ গাইড "টাইগাৰ"৷ প্ৰায় দুঘণ্টা সময় লাগিল৷ ৰাষ্টাত এখন ৰেষ্টোৰা’ত জিৰণি ল’বলৈ ৰৈছিলোঁ৷ ৰেষ্টোৰাখনৰ চৌহদত এটা পুখুৰীত বৰ ধুনিয়া পদুমণি আছিল৷ পুখুৰীৰৰ পাৰত ডাঙৰ ডাঙৰ কৰবি ফুলৰ গছ দুজোপামানো আছিল৷ দেখি ভাল লাগিল৷

মেকং নদীৰ মোহনাত নদীখনৰ বহুতো সুঁতিৰে সৃষ্টি হৈছে এই ব-দ্বীপ অঞ্চল৷ পদ্মা নদীৰ সুন্দৰবন অঞ্চলৰ দৰে৷ আমি নদীৰ পাৰৰ ঘাট এটাৰ পৰা এখন মটৰ নাও (motor boat) ভাড়া কৰিলোঁ - ১০/১২জন মানুহ বহিব পৰা নাও৷ এগৰাকী মহিলাই চলাইছিলে - কথাটো অলপ আচহুৱা লাগিলে - অসমত নাৱ বা ফেৰি ভাড়া মৰা মহিলা মই কেতিয়াও দেখা নাই৷



বিশাল "মেকং" নদীখন অতিক্ৰম কৰিবলৈ ২০ মিনিট মান সময় লাগিল৷ নদীখন কম্পডিয়াত উৎপত্তি হৈ, ভিয়েননামৰ মাজেৰে পাৰ হৈ দক্ষিণ চীনা সাগৰত পৰিছে৷ নদীখন অতিক্ৰম কৰি এটা নদী-দ্বীপ পালোহি৷ ফল-মূল আৰু স্থানীয় লোক-সংগীতেৰে (folk song) আমাক আদৰণী জনোৱা হ’ল৷ আগতে কেতিয়াও নেদেখা কিছুমান আচহুৱা লোক-বাদ্যযন্ত্ৰেৰে এই লোক-সংগীতবোৰে গাৱলীয়া জীৱন যাত্ৰাৰ বিভিন্ন দিশ দাঙি ধৰিছিলে (টাইগাৰে বাখ্যা কৰা মতে)৷ ভাষা একো বুজিব পৰা নাছিলোঁ, তথাপি শুণি বৰ ভাল লাগি৷

এই অঞ্চলটো বিভিন্ন ধৰণৰ ফল-মূলৰ বাবে সমৃদ্ধ৷ আমাক খাবলৈ দিয়া ফলবিলকৰ ভিতৰত কঁঠাল আৰু আনাৰস চিনি পালোঁ৷ বাকীবোৰ ফল আগতে দেখা নাই৷ পৰ্যটকসকলক ফল-মূল খাবলৈ দি তেওঁলোকে এক প্ৰকাৰৰ প্ৰচাৰ কৰাৰ দৰে হৈছে - বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে নিজ দেশলৈ গৈ এই ফলবোৰৰ কথা ক’ব, সেইবোৰৰ চাহিদা বাঢ়িব আৰু ৰপ্তানীৰ সম্ভৱনা বাঢ়িব৷

যাহওক, ইয়াৰ পিছত আমি খোজ কাড়ি এখন মৌ পামলৈ গ’লো৷ তাত তেওঁলোকে মৌ-পালন কেনেকৈ ক’ৰে, তাৰ পৰা কি কি উৎপাদক ক’ৰে আদি দেখুৱালে৷ 

এইবাৰ এখন ঘোৰা গাড়ীত উঠি নাৰিকলৰ মৰ্টন (Coconut Candy) বনোৱা গৃহ-উদ্যোগ এটালৈ গ’লো৷ এই অঞ্চলত হোৱা নাৰিকলৰ পৰা বহুতো কূটীৰ শিল্প/ গৃহ-উদ্যোগ গঢ় লৈ উঠিছে৷ মৰ্টন বাহিৰেও, নাৰিকলৰ গছৰ পৰা বিভিন্নধৰণৰ বস্তু বনাই বিক্ৰি কৰা দেখিলোঁ৷

তাৰ পিছত আমাক এখন তুলুঙা নাৱত এটা সৰু সুঁতিৰে লৈ গ’ল৷ দুইকাষে এবিধ বনৰীয়া পানী-নাৰিকল (Water Coconut) গছেৰে আবৃত অতি মনোমোহা দৃ্শ্য৷ কিছুমান নাও আমি যোৱা দিশে গৈছে, কিছুমান বিপৰিত দিশে আহিছে৷ এইদৰে শ শ পয্যটকক অনা-নিয়া কৰি নিতৌ স্থানীয় গাৱলীয়া লোকৰ অৰ্থনীতি তনকিয়াল কৰিছে৷ আমাৰ নাওখনে এহাল দম্পতীয়ে চলাইছিলে৷ আগত পত্নীয়ে বঠা বাইছে, পিছফালে গিৰিয়েকে বঠা বাইছে৷ আমাক সেই সুঁতিৰ মাজে মাজে ফুৰাবলৈ পাই যেন তেওঁলোকেও বৰ আমোদ পাইছে, বিশেষকৈ আমাৰ সৰু ল’ৰাহালৰ আনন্দৰ হাঁহি দেখি৷

প্ৰায় ১৫ মিনিটমানৰ যাত্ৰাৰ অন্তত, আমাক এখন ৰেষ্টোৰাৰ ওচৰত ৰখাই দিলেগৈ৷ তাত সেই অঞ্চলৰ আটাইতকৈ জনপ্ৰিয় আহাৰবিধেৰে আমাক আপ্যায়ন কৰা হ’ল --- "হাতীৰ কাণ" মাছ (Elephant Ear Fish)৷ হাতীৰ কাণখনৰ সমান ডাঙৰ, চেপেটা আকৃতিৰ মাছ৷ গোটে গোটে মছমচীয়াকৈ তেলত ভাজি, থিয়কৈ সজাই দিছেহি৷ প্ৰথমতে দেখি ভয়েই খাই গৈছিলোঁ - কি কাৰবাৰ এইবোৰ !! কিন্তু এই দৰেই ইয়াক সজাই দিয়া আপ্যায়ণৰ নিয়ম৷ ইয়াক কাটি কাটি চাউলৰ কাকজত (Rice Paper) ভৰাই স্প্ৰিং-ৰ’ল তৈয়াৰ কৰি খোৱা হয়৷ বৰ সোৱাদ৷ ইয়াৰ বাহিৰেও আমাক আন বহুতো খোৱা বস্তু দিলেহি৷ যি পাৰো খাই বৈ আমি ঘুৰি যাবলৈ সাজোঁ হ’লো৷ 

নদীৰ পাৰতে আমি ভাড়া কৰা মটৰ-চালিত নাওখন ৰৈ আছিল৷ অলপ বতাহ মাৰিছিলে৷ নাওখনে তুলুং-ভুতু কৰিছিলে৷ কোনোমতে উঠিলো৷ নাওখন উভটনি যাত্ৰা আৰম্ভ কৰিলে৷ নদীৰ সোঁমাজত, বহাত আৰু পানীৰ ঢৌ বাঢ়ি আহিল৷ নাওখন বৰকৈ ল’ৰিবলৈ ধৰিলে৷ মোৰ আৰু মামুনৰ অলপ ভয় লাগিছিল৷ ল’ৰাহঁতে কিন্তু বৰ ফূৰ্তি পালে - যেন ৰ’লাৰ কোষ্টাৰতহে গৈছে৷ কোনো মাতে সিহঁতক ধৰি-বান্ধি ৰাখিলোঁ৷ মামুন বহি থকা চকিখন  এপাকত মজিয়াত ধৰি ৰখা স্ক্ৰু খোল খাই বাগৰিয়েই পৰিলে, তাই বাওঁহাতত আৰু কামিহাড়ত ভালকৈয়ে দুখ পালে৷ কোনো মতে জীৱকেইটা হাতত লৈ পাৰ পালোহি৷ নামি পেলাই অলপ কাঢ়াকৈ কৈ আহিলোঁ - এনে নাৱত কোনো লাইভ জেকেট-চেকেট নথকাটো ভাল হোৱা নাই৷

ঘাটৰ পৰা মিনিভানখনত উঠি, ডেৰ ঘণ্টামানৰ যাত্ৰা কৰি  "মি থৌ" (My Tho) বুলি  চহৰাঞ্চল এটালৈ আহিলোঁ৷ তাতে পূৰ্বে আৰক্ষণ কৰি থোৱা হোটেল এখনত চেক-ইন কৰিলোঁহি৷ টাইগাৰ আৰু ড্ৰাইভাৰজনে  আজিৰ বাবে আমাৰ পৰা বিদায় ল’লে৷ তেতিয়া আবেলি প্ৰায় ৫ বাজিছিলে৷

হোটেলত অলপ জিৰাই-সতাই সাতমান বজাত ওচৰৰ বজাৰ-সমাৰ চাবলৈ ওলাই আহিলোঁ৷ এখন হাটৰ দৰে বজাৰ বহিছিলে৷ বজাৰত দই-এপট বস্তু কিনি আলি বাটৰ কাষৰে ৰেষ্টোৰা এখনত ৰাতিৰ আহাৰ খালো৷ ঘুৰি আহি হোটেলত শুই থাকিলোহি৷


    Monday, July 13, 2015

    দিন-৭ (১৭-জুলাই/শুক্ৰবাৰ) : মেকং ব-দ্বীপ

    আমাৰ গাইড "মি. টাইগাৰ"ৰ পৰামৰ্শ মতে আজি ৰাতিপুৱা সাতটা বজাতে তৈয়াৰ হৈ নদীঘাট পালোহি৷ ঘাটটো হোটেলৰ পৰা আধা কিলোমিটাৰ মান দূৰত৷ মটৰ-চালিত নাও এখনত উঠাই আমাক লৈ গ’ল, সেই অঞ্চলৰ প্ৰখ্যাত ওপঙা-পাইকাৰী বজাৰখন চাবলৈ৷ মেকং নদীৰ এটা সুঁতিত ৰাতিপুৱা ৫মান বজাৰ পৰা ৯মাান বজালৈকে এই বজাৰ বহে৷ কিনা-বেছা সকলো নাওৰ ওপৰতেই হয়৷ অসংখ্য সৰু ডাঙৰ নাও৷ টাইগাৰে কোৱা মতে ইয়াত নদী পথেদিয়েই দেশৰ বিভিণ্ণ প্ৰান্তত উৎপাদিত শাক-পাছলি, ফল-মূল  আদি অনা হয়৷ পাইকাৰী হাৰত নিতৌ বেহা হয়৷ এটা ওপঙা "পেট্ৰল পাম্প"ও দেখিলো৷ এটি সচাঁকৈ চাব ল’গা দৃশ্য৷ ফৰাছীৰ অধীনত থকা কালত চৰকাৰী কৰৰ পৰা হাত সাৰিবলৈ স্থানীয় বেপাৰীবোৰে প্ৰথমতে এই প্ৰথা লৈছিলে৷ নদীৰ মাজত, ৰাতি আথবা পূৱতিনিশা ফৰাছী tax collector-সকলৰ চকুত ধুলি দি স্থানীয় লোকসকলে কৰা এই বেহা-বেপাৰ এতিয়াও চলি আছে৷ এতিয়া অৱশ্যে ই বৰ্তমান চৰকাৰৰ জ্ঞাত আৰু উৎসাহৰ পাত্ৰ৷  







    তাৰ পৰা ঘুৰি আহি এটা চাউলৰ mill এটালৈ গ’লো৷ ধানৰ পৰা পতান উলিওৱা হয়৷ ওচৰতে এখন গাওঁ  আছিল৷ তাতে এপাক মাৰিলো৷ তাত থকা মুৰ্গী, তাৰ্কী, ছাগলী, গাহৰী আদি চাই ল’ৰাহঁতে বৰ আমোদ পালে৷

    এইবোৰ চাই মেলি হোটেললৈ ঘুৰি আহিলোঁ৷ গা-পা ধুই জলপান খাই হোটেল চেক-আউত কৰিলোঁ৷ প্ৰায় ১০ মান বজাত আমি সকলো বয়-বস্তু লৈ হৌ চিন মিন চহৰলৈ বুলি ওভতি ৰাওনা হ’লো৷ প্ৰায় তিনি ঘণ্টা যাত্ৰাৰ অন্তত হৌ চিন মিন মহানগৰ পালোহি৷ দুপৰীয়াৰ আহাৰ খালো৷ আজি আমি ভিয়েটনাম এৰিম, কিন্তু বিমানলৈ সময় থকা কাৰণে মামুনৰ অনুৰোধত টাইগাৰে আমাক ওচৰতে থকা আগতে ইতিমধ্যে যোৱা বেম-থাম বজাৰখনলৈ গ’লো৷ দুই-এপট বস্তু আকৌ কিনা হ’ল৷

    আবেলি চাৰিমান বজাত বিমান-বন্দৰ পালোহি৷ টাইগাৰ আৰু ড্ৰাইভাৰজনক বিদাই দি আমাৰ যাত্ৰাৰ পৰবৰ্তী্ৰ দফা আৰম্ভ কৰিলোঁ - ভিয়েটনাম বিদায়, কম্বোডিয়ালৈ স্বাগতম !!

    চিইম-ৰিপ, কম্বোডিয়া (Siem Reap, Cambodia)

    মাত্ৰ ৪৫ মিনিট মানৰ বিমান যাত্ৰা আছিল৷ কিন্তু আন্তঃজাৰ্তিক যাত্ৰা হোৱাৰ বাবে ইমিগ্ৰেচন আদি পাৰ হৈ আহিব ল’গা হোৱাৰ বাবে সময় বেছি লাগিল৷ যাহওঁক আঠটামান বজাত কম্বোডিয়াৰ চিইম-ৰিপ চহৰ পালোহি৷ইয়াত ভাৰতীয় নাগৰীকৰ বাবে ভিজা-অন-এৰাইভেল পোৱা যায়৷ প্ৰতিখন ভিজাত USD ৩০ কৈ ল’লে৷

    বিমান-বন্দৰৰ আপ্ৰবাস-বিষয়া (Immigration Officer) জনে আমাৰ পাচপৰ্ট-ভিজাবোৰ পৰীক্ষা কৰি থাকোতে মোক কিছু প্ৰশ্ন কৰিলে - ক’ত থাকো, কি ক’ৰো, ক’লৈ যাম আদি৷ তেওঁ মোক মিছিকিয়াই ক’লে "You are VIP for us. Yours is a VIP family. Welcome to Combodia."৷ মই অলপ আচৰিত হ’লো - কিয়নো মোক ইমান VIP, VIP বুলি কৈছে৷ যি হওঁক "ধন্যবাদ" এটা জনাই থিয় হৈ থাকিলো৷ তাৰ পিছত মন কৰিলোঁ তেওঁ আমাৰ পাচপৰ্ট-ভিজাবোৰ লৈ যেন কিবা পুলুং-পালাং কৰি আছে, আৰু মুখৰ ভিতৰতে মোক কিবা এটা ক’ব বিছাৰিছে, মাজে মাজে চোৰ চোৰকৈ বিটচকুৰে তলেদি মোলৈ দুবাৰ মান চালেও৷ মই কিনো ক’ব বিছাৰিছে শুণিবলৈ অলপ হাওলি "yes?" বুলি সুধিলো৷ এইবাৰ তেওঁ কিছু স্পষ্টকৈ ক’লে - "Tips, tips !!". মই অলপ অপ্ৰস্তুত হ’লো, নুবুজাৰ ভাৱ জুৰিলোঁ৷ এইবাৰ তেওঁ অলপ ডাঙৰকৈ আৰু স্পষ্টকৈয়ে ক’লে - "Some tips for me?". মূখৰ মিচিকীয়া হাঁহিটো অৱশ্যে তেওঁৰ এতিয়াও আছে৷ মই পকেট যি আছিল উলিয়াই দিলোঁ৷ ল’গে ল’গে তেওঁৰ হাঁহিটো আৰু বহল হৈ গ’ল, আমাৰ পাচপ’ৰ্টবোৰত ফটা-ফট প্ৰবেশ কৰাৰ মোহৰ লাগি গ’ল আৰু আমি সুমাই আহিলোঁ৷

    বয়-বস্তু লৈ বিমান-বন্দৰৰ বাহিৰ পোৱাৰ ল’গে লেগে এজন চাপৰ আৰু হাঁহিমূখীয়া ২৫-২৬ বছৰীয়ামান যুৱক আমাৰ ওচৰলৈ ঢাপলি মেলি আহিলে৷ হাতত দেখিলো মোৰ নাম লিখি ৰখা কাৰ্ড-বৰ্ড এখন৷ তেওঁ আমাক হাত যোৰ কৰি নমস্কাৰ জনাই  "মি বিক্ৰম এণ্ড ফেমিলি?" বুলি সুধি নিশ্চিত কৰিলে৷ মই "ইয়েচ" বুলি হয়ভৰ দিলো৷  নিজকে "কিয়া" (Kia) বুলি চিনাকী দিলে আৰু মিনি ভান এখনলৈ লৈ গ’ল৷ তেওঁ হ’ব আমাৰ কম্বোডিয়াৰ ট’ৰ গাইড৷ মিনি-ভানখনৰ ওচৰ পোবাৰ ল’গে লাগে তাতে ৰৈ থাক ড্ৰাইভাৰজনেও দুই হাত যোৰ কৰি আমাক নমস্কাৰ জনালে৷ গাড়ীৰে ১৫ মিনিটমান যোৱাৰ পাছত পূৰ্বে আৰক্ষিত হোটেলখন পালোগৈ৷ দাৰোৱান দুজনেও আমি গাড়ীৰ পৰাৰ নমাৰ ল’গে লগে হাত যোৰ কৰি নমস্কাৰ জনালে৷ তেতিয়া ৰাতি ১০মান বাজিছিলে৷ চেক-ইন "কিয়া" আৰু ড্ৰাইভাৰজনে বিদায় ল’লে আৰু কালি ৰাতিপুৱা ৯বজাত ভ্ৰমণ কাৰ্যসূচী আৰম্ব কৰিম বুলি কৈ গ’ল৷

    আমিও হোটেলৰ ৰেষ্টোৰেতে ৰাতিৰ আহাৰ খাই শুই থাকিলোঁ৷

    Sunday, July 12, 2015

    দিন-৮ (১৮-জুলাই/শণিবাৰ) : চিইম-ৰিপ

    ৰাতিপুৱাৰ জলপান খাই উঠি ৯ বজাত হোটেলৰ ল’বি পালোহি৷ আমাৰ টু’ৰ গাইড "কিয়া" আমাৰ বাবে ৰৈ আছিল৷

    Good Morning কোৱাৰ লগতে হাত যোৰ কৰি নমস্কাৰ জনালে। ইমান নমস্কাৰ লোৱাৰ অভ্যাস নাই, অলপ অসুবিধা লাগিল, কিন্তু এইটোৱেই ইয়াৰ আচাৰ। হোটেলৰ দাৰোৱান কেইটা, ৰিচেপচনত থকা ল'ৰা বা ছোৱালী কেইটা সকলোৱে সুবিধা পালেই হাত যোৰ কৰে। 

    যিকি নহওক আমি প্ৰথম ৰাওনা হ'লো অংকৰ ৱাট মন্দিৰলৈ। 

    অংকৰ ৱাট মন্দিৰ প্ৰাংগণ (Angkor Wat Temple Complex)

    এফালে ৩ কিলোমিটাৰকৈ দীঘল দেৱালেৰে আবৃত ই কম্পডিয়াৰ সবাতোকৈ বৃহৎ মন্দিৰ প্ৰাংগণ আৰু বিশ্বৰ ভিৰতে সৰ্ববৃহৎ ধৰ্মীয় কীৰ্তিচিহ্ন (monument)৷ এই মন্দিৰৰ ছবি কম্বোডিয়াৰ জাতীয় পতাকাটো পোৱা যায়৷ দ্বাদশ শতিকাত খ্মেৰ (Khmer) সম্ৰাট সূৰ্য্য বৰ্মণ দ্বিতীয়ই, পূৰ্বৰ ৰজাসকলে শিৱ মন্দিৰ সজোৱা পৰম্পৰা এৰি সজোঁৱা ই এটা বিষ্ণু মন্দিৰ আছিল৷ অৱশ্যে পিছলৈ ইয়াক পৰবৰ্তী সম্ৰাটসকলে বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰ কৰে৷ এই অঞ্চলৰ সকলোতকৈ সুসংৰক্ষিত এই মন্দিৰটো প্ৰথমৰ পৰা আজিলৈকে এটা গুৰুত্বপৃৰ্ণ ধৰ্মীয় অনুস্থান হৈ আহিছে৷ খ্মেৰ স্থাপত্বৰ নিপুনতম কাম দেখিবলৈ পোৱা এই মন্দিৰটো হিন্দু আখ্যান মতে দেৱতাসকলৰ বাসস্থান মেৰু পৰ্বতৰ নমূনা হিচাপে সজোঁৱা হৈছে৷ ইয়াৰ দেৱালত অসংখ্য হিন্দু আখ্যানৰ দেৱতা-অসুৰৰ যুদ্ধৰ কাহিণী বিশেষকৈ সমূদ্ৰ মন্থনৰ লগৰ জড়িত আৰু মহাভাৰত-ৰামায়নৰ কাহিনী খুদিত আছে৷ আমাৰ ট’ৰ গাইড "কিয়া"ই আমাক দেৱালবোৰ দেখুৱাই দেখুৱাই বহুতো ব্যাখ্যা কৰিলো৷ কিছুমান বুজিলোঁ, কিছুমান নুবুজিলোঁ, আন কিছুমান মনত থাকিল, সৰহভাগ মনত নাথাকিল৷ 


    আধুনিক নাম "অংকৰ ৱাট"ৰ অৰ্থ স্থানীয় খ্মেৰ ভাষাত "মন্দিৰৰ নগৰ"৷ সংস্কৃত "নগৰ" শব্দটোৰ পৰা স্থানীয় কথিত ভাষাত "নকৰ" হৈ "অংকৰ" শব্দটো সৃষ্টি হৈছে৷ আনহাতে "ৱাট" সংস্কৃতও শব্দ যাৰ অৰ্থ চৌহদ বা ৰাষ্টা৷ অসমীয়াৰ "আলি-বাট"ৰ "বাট" শব্দটোও ইয়াৰ পৰা অহা৷ 
    কুৰুক্ষেত্ৰ যুদ্ধৰ দৃশ্য খুদিত দে্ৱালৰ সন্মূখত
    পটভূমিত সম্পূৰ্ণ মন্দিৰটোৰে সপৰিয়াল
    "কিয়া"ই আমাক সমুদ্ৰ মন্থনৰ দৃশ্য থকা এখন দেৱাল বাখ্যা কৰিছে৷ 

    অংকৰ থাম / বায়ন (Ankor Thom / Bayon)

    ইয়াৰ পিছত আমি গ’লো "অংকৰ থাম"লৈ৷ "অংকৰ থম" বা Great City হ’ল ৯ বৰ্গ কিলোমিটাৰৰ এটা পৌৰাণিক মঠ-মন্দিৰেৰে ভৰা চৌহদ৷ ইয়াৰে সবাটোকৈ চকুত লগা মন্দিৰটো হ’ল "বায়ন"৷ ই সূৰ্য বৰ্মণৰ প্ৰায় ৭০ বছৰৰ পাছত অৰ্থাৎ দ্বাদশ শতিকাৰ শেষৰ ফালে সম্ৰাট জয় বৰ্মণে সাজিছিলে৷ বহুতো পিঠিয়া-পিঠিকৈ থকা চাৰিখন হাঁহি থকা গৌতম বুদ্ধৰ মুখৰ অকৃতিৰে সজোৱা মন্দিৰটো বুদ্ধ ধৰ্মৰ প্ৰতি প্ৰজাবৰ্গক আকৰ্ষণ কৰিবলৈ সাজিছিলে বুলি কোৱা হয়৷   ইয়াক Temple of Many Faces বুলিও জনা যায়৷ 
    -----

    টা প্ৰহম মান্দিৰ বা 'টম্ব ৰাইডাৰ টেম্পল' (Ta Prohm Temple or 'Tomb Raider' Temple)

    "অংকৰ থম" চৌহদৰ এক কিলোমিটাৰ মান দূৰত ই এটা মহাযান বৌদ্ধ বিহাৰ (Mahayana Buddhist Monastery) আৰু পুৰণি বিশ্ববিদ্যালয়৷ খ্মেৰ সম্ৰাট জয় বৰ্মণে দ্বাদশ শতিকাৰ শেষভাগত আৰু ত্ৰয়োদশ শতিকাৰ আগভাগত সজাই উলিউৱা এই বৌদ্ধ বিহাৰ যি অৱস্থাত উদ্ধাৰ হৈছিলে, প্ৰায় তেনেকৈয়ে ৰখা হৈছে৷ ঘোৰ জংঘলৰ মাজত ভগ্নাংৱশেষসমূহৰ পৰা ওলাই অহা বৰগছবোৰে এই চৌহদটোৰ এক বিশেষ পৰিবেশৰ সৃষ্টি কৰিছে৷ এই কাৰণেই ই পৰ্যটকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয়৷ ইয়াতেই প্ৰসিদ্ধ অভিনেত্ৰী এঞ্জেলীনা জ’লিয়ে অভিনয় কৰা হলিওডৰ "টম্ব ৰাইডাৰ"নাম কথাছবিৰ চিত্ৰ গ্ৰহণ কৰা হৈছিল৷ সেয়ে পৰ্যটকসকলে ইয়াক "টম্ব ৰাইডাৰ টেম্পল" বুলি কয়৷ এই বৌদ্ধ-বিহাৰৰ পুনৰুদ্ধাৰৰ (restoration) কামত আমাৰ ভাৰতৰ Archaeological Survey of India -এয়ো ধন আৰু কাৰিকৰী জ্ঞান আগবঢ়াইছে৷ ই ইউনেষ্ক’ৰ World Heritage Site-ৰ তালিকাটো অন্তৰ্ভুক্ত৷


    আজি বহু খোজ কড়া হ’ল৷ ভাগৰ লাগিলে৷  সময় প্ৰায় ২ বাজিলে৷ "কিয়া"ৰ উপদেশ মতে "অংকৰ ৱাট" মন্দিৰৰ কাষৰ এখন স্থানীয় ৰেষ্টোৰাত খাবলৈ সুমালো৷ ইয়াৰ প্ৰসিদ্ধ খাদ্য "Fish Amok" খালো৷ ই মূলতঃ কলপাতত কিছুমান সুগন্ধী শাক (aromatic herbs) লগত মেৰিয়াই ভাপত দিয়া মাছ৷ বঢ়িয়া লাগিল৷

    ভাত-পানী খাই হোটেললৈ ঘূৰি আহিলোঁ৷ বাটতে মামুনে এখন ক্লিনিকত সোমালে৷ টলচিলৰ বিষ হৈ আছিল বাবে ডাক্তৰক দেখুৱালে৷

     অপ্সৰা নৃত্য

    হোটেলত ৬ঃ৩০ মান বজালৈকে জিৰালোঁ৷ ৰাতিৰ ভোজন হোটেলৰ পৰা আধা ঘণ্টামান দূৰৰ চিইম-ৰিপ চহৰৰ এখন ৰেষ্টোৰাত আয়োজন কৰা হৈছিল৷ সময় মতে পালোগৈ৷ ইয়াৰ বহু ৰেষ্টোৰাৰ দৰে ইয়াতো ৰাতি ভোজনৰ লগত অপ্সৰা নৃত্য আয়োজন কৰা হৈছিল৷ পুৰণি কালত ৰজা, মহাৰজাসকলৰ আমোদ-প্ৰমোদৰ বাবে এই নৃত্য পৰিবেশন হৈছিল৷ এই প্ৰাচীন পৰম্পৰা সময়ৰ বুকুত হেৰাই গৈছিল৷ মন্দিৰ দেৱালত খোদিত প্ৰতিমূৰ্তিসমূহৰ পৰা এই নৃত্য পৰম্পৰা বৰ্তমান যুগত পুনৰুদ্ধাৰ কৰা হৈছে৷ আহাৰ খাই খাই নৃত্য উপভোগ কৰিলোঁ৷

     




    Saturday, July 11, 2015

    দিন-৯ (১৯জুলাই/দেওবাৰ) : চিইম-ৰিপ

    যোৱা কালি বহুত খোজ কড়াৰ কাৰণে আজি সকলো ভাগৰি আছিলে৷ পেটবোৰ অলপ বেয়া হৈছিলে৷ কি কৰো, কি নকৰো ভাৱি-গুণি আজি আগবেলাটোত মই অকলে ফুৰিবলৈ যাম বুলি সিদ্ধান্ত ল’লো৷ মামুন আৰু ল’ৰাহঁত হোটেলতে থাকিলে৷ সিহঁতৰ আৰু মন্দিৰ চাবলৈ হাবিয়াশো কম আছিল৷ গতিকে ন মান বজাত ৰাতিপুৱাৰ জলপান খাই টুৰ গাইড "কায়"ক লগ ধৰিলো৷ তেওঁ হোটেলৰ ল’বিতে আমাৰ বাবে অপেক্ষা কৰি আছিলে৷

    আমি চিইম-ৰিপ চহৰৰ পৰা অলপ দূৰৰ দুটা ভগ্নাৱশেষ চাবলৈ গৈছিলোঁ৷ আমি গাড়ীৰে গৈ পাওতে প্ৰায় ডেৰঘণ্টামান সময় লাগিছিল৷ দুয়ো কাষে সেইজীয়া গছ-গছনীৰে ভৰা ঠেক কিন্তু পকী আলিবাট - দুখন গাড়ী কোনোমতে পাৰ হ’ব পাৰে৷  ড্ৰাইবাৰজনে গাড়ী চলাই আমাক লৈ গৈ থাকিতে বাটত "কিয়া"-ত বহুতো কথা পাতিলো - বিশেষকৈ কম্পোডিয়াৰ বুৰঞ্জী লৈ৷ তেওঁ কম্বোডীয়াৰ গৃহযুদ্ধৰ বিষয়ে কিছু কথা ক’লে৷ "Pol Pot" বুলি জনাজাত বিপ্লবী নেতাজনে সেইসময়ৰ প্ৰশাসনত দূ্ৰ্নীতি দূৰ কৰিবলৈ আৰম্ভ কৰা বিপ্লৱে কেনেকৈ এক তক্তাত্ম গৃহযুদ্ধৰ ৰূপ লয় তাক বহলাই কয়৷ ১৯৬৩ চন মানৰ পৰা ১৯৯৭ চন প্ৰযন্ত চলা এই গৃহ যুদ্ধৰ কথাবোৰ শুণিলে শুণি থাকিবলৈ মন যায়৷ সেই ভাতৃঘাটি যু্দ্ধত দুয়ো কক্ষৰ কেইবা লাখ মানুহে প্ৰাণ হেৰুৱাইছিল৷ যুদ্ধ শেষ হৈ দেশখনত বৰ্তমান  শান্তি আহিলে যদিও এক পক্ষই আন পক্ষৰ হানি কৰিবলৈ ৰূপণ কৰা ভূ-বোমা বা মাইনৰবোৰে এতিয়াও নিৰ্দুষী মানুহৰ প্ৰাণ লয়৷ সেইসময়ত ৰূপণ কৰা লাখ লাখ ভূ-বোমা নিষ্কিয় কৰাৰ বহু প্ৰকল্প বা অভিযান চলোৱা হৈছে যদিও, বহু সক্ৰিয় বোমা এতিয়াও অচিনাক্ত হৈ আছে৷


    এইবোৰ কথা পাতি পাতি আমি চাবলৈ প্ৰথম মন্দিৰটো পালোহি৷ ইয়াৰ নাম আছিল "বানটেই চামৰে" (Banteay Samre)৷ ইয়াৰ পিছত আমি দ্বিতীয় মন্দিৰটোলৈ গ’লো --- প্ৰায় ১৫ মিনিট মানত বাট৷ দ্বিতীয় মন্দিৰটোৰ নাম "বানটেই শ্ৰেই" (Banteay Srei)৷

    দুয়োটাই পৌৰাণিক হিন্দু মন্দিৰ৷ সম্ৰাট সূৰ্য বৰ্মণ দ্বিতীয় আৰু যছু বৰ্মণ দ্বিতীয়ৰ অধিনৰ দ্বাদশ শতিকাৰ আগভাগৰ সজা এই মন্দিৰকএইটা ভগৱান শিৱৰ নামত উৎসৰ্গিত৷

    দুটা মন্দিৰৰ ভিতৰত "বানটেই শ্ৰেই" অংকৰৰ মন্দিৰসমূহৰ ভিতৰত আটাইতকৈ ধুনিয়া বুলি জনা যায়৷ ইয়াৰ দেৱালত খোদিত অতি সুক্ষ্ম ত্ৰিমাত্ৰিক কাৰোকাৰ্য্য দেখি ময়ো চমকি উঠিলো৷ সেয়ে ই পৰ্যটকসকলৰ মাজতো অতি জনপ্ৰিয় আৰু ইয়াক "Jewel of Khmer Art" বুলি জনা যায়৷

    মন্দিৰ দুটা অকলেই চাই ঘুৰি আহি আকৌ হোটেল পাওহি মানে ১২:৩০ বাজিলে৷ এইবাৰ মামুন আৰু ল’ৰাহঁত সকলোকে লৈ ওলালো৷ "কিয়া"ই আমাক এখন স্থানীয় ৰেষ্টোৰাত লৈ গ’ল আহাৰ খাবলৈ৷ দুপৰীয়াৰ আহাৰ খাই আমি এখন আস্তাবললৈ গ’লো৷ কম্বোডিয়াত অশ্বাৰোহণ এটা জনপ্ৰিয় বিনোদন৷ ইয়াত ঘোৰা এঘণ্টাৰ পৰা আৰম্ভ কৰি চাৰি ঘণ্টা, ছয় ঘণ্টালৈকে ভাড়াত ল’ব পাৰি৷ দেশ-বিদেশৰ মানুহ আহি ইয়াত অশ্বাৰোহণ কৰি গাওঁ ফুৰিবলৈ যায়৷ আমিও  ওলালো৷ কিন্তু আমি কোনেও ঘোৰা চলাব নাজানো৷ সেয়ে আমাৰ ল’গে লগে আস্তাবল একোজন কৰ্মচাৰীও লগত গ’ল৷ এঘণ্টামান ফুৰি আহিলো৷ মাজতে কেইমিনিট মানৰ কাৰণে ঘোৰা চেকুৰালোঁও৷ বৰ পুত্ৰ প্ৰিতু আৰু মাজ পুত্ৰ জিতে আটাইটকৈ বেছিসময় চেকুৰালে --- আমাৰ ভয়েই লাগিছিলে৷ কিন্তু কাৰো একো দূৰ্ঘটনা নঘটিল, ভালে ভালে সকলো ঘুৰি আহিলো আৰু বৰ উপভোগ কৰিলোঁ৷

    অশ্বাৰোণৰ পৰা ঘূৰি আহি, হোটেললৈ উভতি আহিলোঁ, হাত-মুখ ধুই সন্ধ্যা ৰাতি বহা বজাৰ এখনলৈ গ’লো৷ মামুনে দুই-এপট বস্তু কিনিলে৷ তাৰ পাৰ ৰাতি ১০মান বজাত ঘুৰি আহি হোটেলতে কিবা এটা সৰুকৈ খাই শুই থাকিলো৷

    Friday, July 10, 2015

    দিন-১০ (২০জুলাই/সোমবাৰ) : চিইম-ৰিপৰ পৰা বিদায়

    আজি আমাৰ যাত্ৰাৰ অন্তিম দিন৷ গতিকে জা-জলপান খাই, হোটেলৰ পৰা চেক-আউট কৰি বস্তু-বাহিনিবোৰ মিনিভানখনতে থলো৷ পিছবেলা বিমান আছে৷ গতিকে আগবেলাটোত দুঠাইলৈ গ’লো৷

    অংকৰৰ শিপিনীসকলৰ কৰ্মস্থান

    চিইম-ৰিপ চহৰৰ একোণত থকা "Angkor Artisans" নামৰ হস্তশিল্প উদ্যোগ এটাৰ কাৰখানালৈ গ’লো৷ ইয়াত হস্তশিল্পীসকলে কাঠ, পাথৰ আৰু লোৱা, ৰূপ আদি ধাতুৰ বিভিন্নধৰণৰ বস্তু যেনে দেৱ-দেৱতা, অপ্সৰা, গৌতম বুদ্ধ প্ৰতিমূৰ্তি, সজোৱা বস্তু আদি বনাই থকা দেখিলোঁ৷ কেইবা হাজাৰ স্থানীয় লোকক আৰ্থিকভাৱে আত্ম-নিৰ্ভশীল কৰি তোলা এই উদ্যোগ ইউৰূপীয়ান ইউনিয়নৰ আৰ্থিক সাহাৰ্যত গড়ি উঠিছে৷ মনোযোগেৰে কৰ্মীসকলক কাম কৰি থকা দেখি কিবা এটা ভাল লাগি গ’ল৷

    ৰেচম পাম 

    এইবাৰ আমি ৰেচম পাম এখনলৈ গ’লো৷ ইয়াত পলুবিলাকৰ জীৱন-চক্ৰৰ পৰা আৰম্ভ কৰি ৰেচমৰ কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয় সবিশেষ দেখিবলৈ পালো৷ জয়-জিতে পলুবোৰ হাতত লৈ বৰ আমোদ পালে৷ জয়ে আমি ঘুৰি যাবলৈ অহাৰ আগে আগে আকৌ এবাৰ কৈ পোকবোৰ লিৰিকি-পিদাৰি চাই আহিলেগৈ -- তাৰ যেন মন কেতিয়াও নভৰিব !! মোক সি দুটামান ঘৰলৈ আনি পুহিবলৈ কাকুটি কৰিলে৷ কোনোমতে বুজাই-মেলি তাক ঘুৰাই আনিলোঁ৷

    কোৱালা-লামপুৰৰলৈ ৰাওনা

    এইদৰে আমাৰ ১০ দিনীয়া ভ্ৰমণসূচীৰ অন্ত পৰিলে৷ দুপৰীয়া দুটামান বজাত বিমান বন্দৰ পালোহি৷ টুৰ গাইড "কিয়া" আৰু ড্ৰাইভাৰজনক বিদায় দি কোৱালালামপুৰৰ বিমানখন ধৰিবলৈ সোমাই আহিলো৷ 

    Tuesday, June 30, 2015

    হে বিপ্লৱী শিল্পী...

    আজি বহুকেইজন অসমীয়া গায়কে আত্ম প্ৰকাশ কৰিছে৷ তেওঁলোক অসমৰ লগতে সৰ্ব ভাৰতীয় স্তৰতো জনপ্ৰিয় হৈ উঠিছে৷ তেওঁলোকৰ সুৱলা মাত, সুমধুৰ বাদ্যযন্ত্ৰৰ লয় আদিৰ সমাবেশেৰে সৃষ্টি হোৱা সংগীত ৰাইজৰ মাজত অতি প্ৰিয়৷ জীৱন, যৌৱন, প্ৰেম, প্ৰকৃতি আদি বিষয়বস্তু লৈ ৰচিত এই সংগীতসমূহে আমাৰ মন মোহিব পাৰিছে ঠিকেই, কিন্তু যেন কিবা এটা শূন্যতা এতিয়াও আছে৷ 

    কলাগুৰু বিষ্ণু ৰাভায়েও বহুতো গান ৰচনা কৰি থৈ গৈছে৷ বহু গান তেওঁ গাইছেও৷ কিন্তু তেওঁৰ গানবোৰৰ এক বিশেষ গুণ আজিৰ প্ৰজন্মৰ কোনো গায়কৰ গানতেই শুনিবলৈ পোৱা নাযায়৷ সেই বিপ্লৱী ৰহণ আজিৰ সংগীতত লুপ্ত৷ কৃষক-শ্ৰমিকক সজাগ কৰি তুলিব পৰা সেই গানবোৰ যেন আজিৰ যুগত হেৰাই গ’ল৷ শিৰাই শিৰাই দেশপ্ৰেমৰ শিহৰণ জগাই তুলিব পৰা গানবোৰো নোহোৱা হৈ গ’ল৷  

    আজিৰ অসমীয়াই নিজৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে৷ অসমতেই ‘অসমীয়া’ কমি আহিছে৷ বিভিন্ন জাতি-উপজাতিৰে গড়িত বৃহত্তৰ অসমীয়া জাতিটোৰ অত দিনে অবিচ্ছিন্ন বুলি ভাৱি অহা অংগবোৰে পৃথক হোৱাৰ প্ৰৱণতা দেখুৱাইছে৷ কৰ্কত ৰোগৰ দৰে আন কিছুমান বহিৰাগতই জাতিটোক ভিতৰৰ পৰাও খাই আহিছে৷ আনহাতে ল’ৰা-ছোৱালীহতে অসমীয়া ক’বলৈ-লিখিবলৈ পাহৰিব ধৰিছে৷ সকলোৱে “বেছি কামত অহা” ভাষাৰ মাধ্যমতহে পঢ়ে৷ 

    এই পৰিস্থিতিত আমাক জীৱন, যৌৱন, প্ৰেম, প্ৰকৃতি আদিৰ গীতৰ লগতে কিছুমান বিপ্লৱী গীতৰ অতিকৈ প্ৰয়োজন হৈছে৷ আজি আমাক আৰু এজন বিষ্ণুৰাভাৰ প্ৰয়োজন হৈছে  - যাৰ অগ্নিবাণী বিপ্লৱী গীতে আমাৰ মাজৰ বীৰ অধিনায়কক জগাই তুলিব পাৰে, যাৰ গীতৰ ছন্দই আমাৰ শিৰাত একতাৰ স্পন্দন তুলি দিয়ে, যাৰ কথা মালিকাৰ গন্ধই আমাৰ ৰন্ধ্ৰই ৰন্ধ্ৰই সোণালী সপোন দেখুৱাই দিয়ে৷  

    এনে কোনো শিল্পী আজি ওলাবনে? মঞ্চত আমাক কেৱল উচ্চ ধ্বনিৰ বাদ্য যন্ত্ৰ নালাগে৷ প্ৰেমত আপ্লুত, বেদনাত জৰ্জৰিত কণ্ঠও নালাগে৷ এক বিপ্লৱী কণ্ঠহে প্ৰত্যাশিত৷ কলাগুৰুৰ দৰে এক আগ্নেয় কণ্ঠ - আমাক নেতৃত্ব দিব পৰা কণ্ঠ, একত্ৰিত কৰিব পৰা কণ্ঠ, জাতীয়তা বোধ জগাই তুলিব পৰা কণ্ঠ৷ 

    হে শিল্পী, ক’ত লুকাই আছা তুমি? আজি তুমি ছদ্মবেশী কিয়? ওলাই আহা অনতি পলমে- আৰু পলম নকৰিবা৷ জোঁৰৰ জুই, আমাৰ হাত পালেহিয়েই৷ আমাৰ বিশ্বাস তুমি কৰোবাত নিঃশব্দই লুকাই আছা৷ এদিন হঠাৎ ওলাই আহিবা, এক বিস্ফুৰিত কণ্ঠেৰে - বিষ্ণু ৰাভাৰ এক নৱ-ৰূপ লৈ৷ সামূহিক মানসৰ দানৱবোৰ জ্বলাই নিঃশেষ কৰি দিবা, তুমিয়েই হ’বা এক বলিষ্ঠ জাতি গঠনৰ অনুঘটক, এক সবল আৰু সুস্থ দেশ গঠনৰ বিক্ৰমী বৰফুকন৷

    এই সপোন তুমি শীঘ্ৰেই দিঠক কৰিবা - আমাৰ দৃঢ় বিশ্বাস, হে বিল্পৱী শিল্পী৷


    (২০-জুন-২০১৫ তাৰিখৰ বিষ্ণু ৰাভা দিৱসৰ বাবে লিখা)