ৰাতিপুৱাৰ জলপান খাই উঠি ৯ বজাত হোটেলৰ ল’বি পালোহি৷ আমাৰ টু’ৰ গাইড "কিয়া" আমাৰ বাবে ৰৈ আছিল৷
Good Morning কোৱাৰ লগতে হাত যোৰ কৰি নমস্কাৰ জনালে। ইমান নমস্কাৰ লোৱাৰ অভ্যাস নাই, অলপ অসুবিধা লাগিল, কিন্তু এইটোৱেই ইয়াৰ আচাৰ। হোটেলৰ দাৰোৱান কেইটা, ৰিচেপচনত থকা ল'ৰা বা ছোৱালী কেইটা সকলোৱে সুবিধা পালেই হাত যোৰ কৰে।
যিকি নহওক আমি প্ৰথম ৰাওনা হ'লো অংকৰ ৱাট মন্দিৰলৈ।
অংকৰ ৱাট মন্দিৰ প্ৰাংগণ (Angkor Wat Temple Complex)
এফালে ৩ কিলোমিটাৰকৈ দীঘল দেৱালেৰে আবৃত ই কম্পডিয়াৰ সবাতোকৈ বৃহৎ মন্দিৰ প্ৰাংগণ আৰু বিশ্বৰ ভিৰতে সৰ্ববৃহৎ ধৰ্মীয় কীৰ্তিচিহ্ন (monument)৷ এই মন্দিৰৰ ছবি কম্বোডিয়াৰ জাতীয় পতাকাটো পোৱা যায়৷ দ্বাদশ শতিকাত খ্মেৰ (Khmer) সম্ৰাট সূৰ্য্য বৰ্মণ দ্বিতীয়ই, পূৰ্বৰ ৰজাসকলে শিৱ মন্দিৰ সজোৱা পৰম্পৰা এৰি সজোঁৱা ই এটা বিষ্ণু মন্দিৰ আছিল৷ অৱশ্যে পিছলৈ ইয়াক পৰবৰ্তী সম্ৰাটসকলে বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰ কৰে৷ এই অঞ্চলৰ সকলোতকৈ সুসংৰক্ষিত এই মন্দিৰটো প্ৰথমৰ পৰা আজিলৈকে এটা গুৰুত্বপৃৰ্ণ ধৰ্মীয় অনুস্থান হৈ আহিছে৷ খ্মেৰ স্থাপত্বৰ নিপুনতম কাম দেখিবলৈ পোৱা এই মন্দিৰটো হিন্দু আখ্যান মতে দেৱতাসকলৰ বাসস্থান মেৰু পৰ্বতৰ নমূনা হিচাপে সজোঁৱা হৈছে৷ ইয়াৰ দেৱালত অসংখ্য হিন্দু আখ্যানৰ দেৱতা-অসুৰৰ যুদ্ধৰ কাহিণী বিশেষকৈ সমূদ্ৰ মন্থনৰ লগৰ জড়িত আৰু মহাভাৰত-ৰামায়নৰ কাহিনী খুদিত আছে৷ আমাৰ ট’ৰ গাইড "কিয়া"ই আমাক দেৱালবোৰ দেখুৱাই দেখুৱাই বহুতো ব্যাখ্যা কৰিলো৷ কিছুমান বুজিলোঁ, কিছুমান নুবুজিলোঁ, আন কিছুমান মনত থাকিল, সৰহভাগ মনত নাথাকিল৷
আধুনিক নাম "অংকৰ ৱাট"ৰ অৰ্থ স্থানীয় খ্মেৰ ভাষাত "মন্দিৰৰ নগৰ"৷ সংস্কৃত "নগৰ" শব্দটোৰ পৰা স্থানীয় কথিত ভাষাত "নকৰ" হৈ "অংকৰ" শব্দটো সৃষ্টি হৈছে৷ আনহাতে "ৱাট" সংস্কৃতও শব্দ যাৰ অৰ্থ চৌহদ বা ৰাষ্টা৷ অসমীয়াৰ "আলি-বাট"ৰ "বাট" শব্দটোও ইয়াৰ পৰা অহা৷
|
| ||||
|
---|
অংকৰ থাম / বায়ন (Ankor Thom / Bayon)
-----
টা প্ৰহম মান্দিৰ বা 'টম্ব ৰাইডাৰ টেম্পল' (Ta Prohm Temple or 'Tomb Raider' Temple)

আজি বহু খোজ কড়া হ’ল৷ ভাগৰ লাগিলে৷ সময় প্ৰায় ২ বাজিলে৷ "কিয়া"ৰ উপদেশ মতে "অংকৰ ৱাট" মন্দিৰৰ কাষৰ এখন স্থানীয় ৰেষ্টোৰাত খাবলৈ সুমালো৷ ইয়াৰ প্ৰসিদ্ধ খাদ্য "Fish Amok" খালো৷ ই মূলতঃ কলপাতত কিছুমান সুগন্ধী শাক (aromatic herbs) লগত মেৰিয়াই ভাপত দিয়া মাছ৷ বঢ়িয়া লাগিল৷
ভাত-পানী খাই হোটেললৈ ঘূৰি আহিলোঁ৷ বাটতে মামুনে এখন ক্লিনিকত সোমালে৷ টলচিলৰ বিষ হৈ আছিল বাবে ডাক্তৰক দেখুৱালে৷
No comments:
Post a Comment