Tuesday, July 14, 2015

দিন-৬ (১৬-জুলাই/বৃহস্পতিবাৰ): মেকং ব-দ্বীপ

ৰাতিপুৱাৰ জলপান খাই, প্ৰায় ৮ঃ৩০ বজাত হোটেলৰ পৰা চেক আউত কৰি আকৌ ৰাওণা হ’লো --- হৌ চি মিন মহানগৰৰ পৰা ১৫০ কি মি নিলগৰ মেকং ব-দ্বীপ অঞ্চললৈ (Mekong Delta)৷ যোৱা কালিৰ মিনিভানখনতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ - লগত আমাৰ গাইড "টাইগাৰ"৷ প্ৰায় দুঘণ্টা সময় লাগিল৷ ৰাষ্টাত এখন ৰেষ্টোৰা’ত জিৰণি ল’বলৈ ৰৈছিলোঁ৷ ৰেষ্টোৰাখনৰ চৌহদত এটা পুখুৰীত বৰ ধুনিয়া পদুমণি আছিল৷ পুখুৰীৰৰ পাৰত ডাঙৰ ডাঙৰ কৰবি ফুলৰ গছ দুজোপামানো আছিল৷ দেখি ভাল লাগিল৷

মেকং নদীৰ মোহনাত নদীখনৰ বহুতো সুঁতিৰে সৃষ্টি হৈছে এই ব-দ্বীপ অঞ্চল৷ পদ্মা নদীৰ সুন্দৰবন অঞ্চলৰ দৰে৷ আমি নদীৰ পাৰৰ ঘাট এটাৰ পৰা এখন মটৰ নাও (motor boat) ভাড়া কৰিলোঁ - ১০/১২জন মানুহ বহিব পৰা নাও৷ এগৰাকী মহিলাই চলাইছিলে - কথাটো অলপ আচহুৱা লাগিলে - অসমত নাৱ বা ফেৰি ভাড়া মৰা মহিলা মই কেতিয়াও দেখা নাই৷



বিশাল "মেকং" নদীখন অতিক্ৰম কৰিবলৈ ২০ মিনিট মান সময় লাগিল৷ নদীখন কম্পডিয়াত উৎপত্তি হৈ, ভিয়েননামৰ মাজেৰে পাৰ হৈ দক্ষিণ চীনা সাগৰত পৰিছে৷ নদীখন অতিক্ৰম কৰি এটা নদী-দ্বীপ পালোহি৷ ফল-মূল আৰু স্থানীয় লোক-সংগীতেৰে (folk song) আমাক আদৰণী জনোৱা হ’ল৷ আগতে কেতিয়াও নেদেখা কিছুমান আচহুৱা লোক-বাদ্যযন্ত্ৰেৰে এই লোক-সংগীতবোৰে গাৱলীয়া জীৱন যাত্ৰাৰ বিভিন্ন দিশ দাঙি ধৰিছিলে (টাইগাৰে বাখ্যা কৰা মতে)৷ ভাষা একো বুজিব পৰা নাছিলোঁ, তথাপি শুণি বৰ ভাল লাগি৷

এই অঞ্চলটো বিভিন্ন ধৰণৰ ফল-মূলৰ বাবে সমৃদ্ধ৷ আমাক খাবলৈ দিয়া ফলবিলকৰ ভিতৰত কঁঠাল আৰু আনাৰস চিনি পালোঁ৷ বাকীবোৰ ফল আগতে দেখা নাই৷ পৰ্যটকসকলক ফল-মূল খাবলৈ দি তেওঁলোকে এক প্ৰকাৰৰ প্ৰচাৰ কৰাৰ দৰে হৈছে - বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে নিজ দেশলৈ গৈ এই ফলবোৰৰ কথা ক’ব, সেইবোৰৰ চাহিদা বাঢ়িব আৰু ৰপ্তানীৰ সম্ভৱনা বাঢ়িব৷

যাহওক, ইয়াৰ পিছত আমি খোজ কাড়ি এখন মৌ পামলৈ গ’লো৷ তাত তেওঁলোকে মৌ-পালন কেনেকৈ ক’ৰে, তাৰ পৰা কি কি উৎপাদক ক’ৰে আদি দেখুৱালে৷ 

এইবাৰ এখন ঘোৰা গাড়ীত উঠি নাৰিকলৰ মৰ্টন (Coconut Candy) বনোৱা গৃহ-উদ্যোগ এটালৈ গ’লো৷ এই অঞ্চলত হোৱা নাৰিকলৰ পৰা বহুতো কূটীৰ শিল্প/ গৃহ-উদ্যোগ গঢ় লৈ উঠিছে৷ মৰ্টন বাহিৰেও, নাৰিকলৰ গছৰ পৰা বিভিন্নধৰণৰ বস্তু বনাই বিক্ৰি কৰা দেখিলোঁ৷

তাৰ পিছত আমাক এখন তুলুঙা নাৱত এটা সৰু সুঁতিৰে লৈ গ’ল৷ দুইকাষে এবিধ বনৰীয়া পানী-নাৰিকল (Water Coconut) গছেৰে আবৃত অতি মনোমোহা দৃ্শ্য৷ কিছুমান নাও আমি যোৱা দিশে গৈছে, কিছুমান বিপৰিত দিশে আহিছে৷ এইদৰে শ শ পয্যটকক অনা-নিয়া কৰি নিতৌ স্থানীয় গাৱলীয়া লোকৰ অৰ্থনীতি তনকিয়াল কৰিছে৷ আমাৰ নাওখনে এহাল দম্পতীয়ে চলাইছিলে৷ আগত পত্নীয়ে বঠা বাইছে, পিছফালে গিৰিয়েকে বঠা বাইছে৷ আমাক সেই সুঁতিৰ মাজে মাজে ফুৰাবলৈ পাই যেন তেওঁলোকেও বৰ আমোদ পাইছে, বিশেষকৈ আমাৰ সৰু ল’ৰাহালৰ আনন্দৰ হাঁহি দেখি৷

প্ৰায় ১৫ মিনিটমানৰ যাত্ৰাৰ অন্তত, আমাক এখন ৰেষ্টোৰাৰ ওচৰত ৰখাই দিলেগৈ৷ তাত সেই অঞ্চলৰ আটাইতকৈ জনপ্ৰিয় আহাৰবিধেৰে আমাক আপ্যায়ন কৰা হ’ল --- "হাতীৰ কাণ" মাছ (Elephant Ear Fish)৷ হাতীৰ কাণখনৰ সমান ডাঙৰ, চেপেটা আকৃতিৰ মাছ৷ গোটে গোটে মছমচীয়াকৈ তেলত ভাজি, থিয়কৈ সজাই দিছেহি৷ প্ৰথমতে দেখি ভয়েই খাই গৈছিলোঁ - কি কাৰবাৰ এইবোৰ !! কিন্তু এই দৰেই ইয়াক সজাই দিয়া আপ্যায়ণৰ নিয়ম৷ ইয়াক কাটি কাটি চাউলৰ কাকজত (Rice Paper) ভৰাই স্প্ৰিং-ৰ’ল তৈয়াৰ কৰি খোৱা হয়৷ বৰ সোৱাদ৷ ইয়াৰ বাহিৰেও আমাক আন বহুতো খোৱা বস্তু দিলেহি৷ যি পাৰো খাই বৈ আমি ঘুৰি যাবলৈ সাজোঁ হ’লো৷ 

নদীৰ পাৰতে আমি ভাড়া কৰা মটৰ-চালিত নাওখন ৰৈ আছিল৷ অলপ বতাহ মাৰিছিলে৷ নাওখনে তুলুং-ভুতু কৰিছিলে৷ কোনোমতে উঠিলো৷ নাওখন উভটনি যাত্ৰা আৰম্ভ কৰিলে৷ নদীৰ সোঁমাজত, বহাত আৰু পানীৰ ঢৌ বাঢ়ি আহিল৷ নাওখন বৰকৈ ল’ৰিবলৈ ধৰিলে৷ মোৰ আৰু মামুনৰ অলপ ভয় লাগিছিল৷ ল’ৰাহঁতে কিন্তু বৰ ফূৰ্তি পালে - যেন ৰ’লাৰ কোষ্টাৰতহে গৈছে৷ কোনো মাতে সিহঁতক ধৰি-বান্ধি ৰাখিলোঁ৷ মামুন বহি থকা চকিখন  এপাকত মজিয়াত ধৰি ৰখা স্ক্ৰু খোল খাই বাগৰিয়েই পৰিলে, তাই বাওঁহাতত আৰু কামিহাড়ত ভালকৈয়ে দুখ পালে৷ কোনো মতে জীৱকেইটা হাতত লৈ পাৰ পালোহি৷ নামি পেলাই অলপ কাঢ়াকৈ কৈ আহিলোঁ - এনে নাৱত কোনো লাইভ জেকেট-চেকেট নথকাটো ভাল হোৱা নাই৷

ঘাটৰ পৰা মিনিভানখনত উঠি, ডেৰ ঘণ্টামানৰ যাত্ৰা কৰি  "মি থৌ" (My Tho) বুলি  চহৰাঞ্চল এটালৈ আহিলোঁ৷ তাতে পূৰ্বে আৰক্ষণ কৰি থোৱা হোটেল এখনত চেক-ইন কৰিলোঁহি৷ টাইগাৰ আৰু ড্ৰাইভাৰজনে  আজিৰ বাবে আমাৰ পৰা বিদায় ল’লে৷ তেতিয়া আবেলি প্ৰায় ৫ বাজিছিলে৷

হোটেলত অলপ জিৰাই-সতাই সাতমান বজাত ওচৰৰ বজাৰ-সমাৰ চাবলৈ ওলাই আহিলোঁ৷ এখন হাটৰ দৰে বজাৰ বহিছিলে৷ বজাৰত দই-এপট বস্তু কিনি আলি বাটৰ কাষৰে ৰেষ্টোৰা এখনত ৰাতিৰ আহাৰ খালো৷ ঘুৰি আহি হোটেলত শুই থাকিলোহি৷


    No comments:

    Post a Comment