আজি আমাৰ যাত্ৰাৰ অন্তিম দিন৷ গতিকে জা-জলপান খাই, হোটেলৰ পৰা চেক-আউট কৰি বস্তু-বাহিনিবোৰ মিনিভানখনতে থলো৷ পিছবেলা বিমান আছে৷ গতিকে আগবেলাটোত দুঠাইলৈ গ’লো৷
অংকৰৰ শিপিনীসকলৰ কৰ্মস্থান
চিইম-ৰিপ চহৰৰ একোণত থকা "Angkor Artisans" নামৰ হস্তশিল্প উদ্যোগ এটাৰ কাৰখানালৈ গ’লো৷ ইয়াত হস্তশিল্পীসকলে কাঠ, পাথৰ আৰু লোৱা, ৰূপ আদি ধাতুৰ বিভিন্নধৰণৰ বস্তু যেনে দেৱ-দেৱতা, অপ্সৰা, গৌতম বুদ্ধ প্ৰতিমূৰ্তি, সজোৱা বস্তু আদি বনাই থকা দেখিলোঁ৷ কেইবা হাজাৰ স্থানীয় লোকক আৰ্থিকভাৱে আত্ম-নিৰ্ভশীল কৰি তোলা এই উদ্যোগ ইউৰূপীয়ান ইউনিয়নৰ আৰ্থিক সাহাৰ্যত গড়ি উঠিছে৷ মনোযোগেৰে কৰ্মীসকলক কাম কৰি থকা দেখি কিবা এটা ভাল লাগি গ’ল৷
ৰেচম পাম
এইবাৰ আমি ৰেচম পাম এখনলৈ গ’লো৷ ইয়াত পলুবিলাকৰ জীৱন-চক্ৰৰ পৰা আৰম্ভ কৰি ৰেচমৰ কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয় সবিশেষ দেখিবলৈ পালো৷ জয়-জিতে পলুবোৰ হাতত লৈ বৰ আমোদ পালে৷ জয়ে আমি ঘুৰি যাবলৈ অহাৰ আগে আগে আকৌ এবাৰ কৈ পোকবোৰ লিৰিকি-পিদাৰি চাই আহিলেগৈ -- তাৰ যেন মন কেতিয়াও নভৰিব !! মোক সি দুটামান ঘৰলৈ আনি পুহিবলৈ কাকুটি কৰিলে৷ কোনোমতে বুজাই-মেলি তাক ঘুৰাই আনিলোঁ৷
কোৱালা-লামপুৰৰলৈ ৰাওনা
এইদৰে আমাৰ ১০ দিনীয়া ভ্ৰমণসূচীৰ অন্ত পৰিলে৷ দুপৰীয়া দুটামান বজাত বিমান বন্দৰ পালোহি৷ টুৰ গাইড "কিয়া" আৰু ড্ৰাইভাৰজনক বিদায় দি কোৱালালামপুৰৰ বিমানখন ধৰিবলৈ সোমাই আহিলো৷
No comments:
Post a Comment