Thursday, June 3, 2010

মেস্কিক’ উপসাগৰৰ তৈল বিভিষিকা !

যোৱা ২০ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত মেস্কিক’ উপসাগৰৰ সমুদ্ৰতলিত থকা তৈলখাদ এটাৰ পৰা প্ৰতি দিনে অনুমানিক ৫০০০ বেৰেলকৈ খনিজ তেল অনিয়ন্ত্ৰিতভাৱে অনগল ওলাই আছে৷ পাৰিপাৰ্শ্বিকতাৰ বিভিষিকা সৃষ্টি কৰা এই খনিজ তেল নিৰ্গত হোৱাৰ হাৰ খাদটোৰ ভিডিঅ’ বিশ্লেষণ কৰি কোনো কোনোৱে ১০০,০০০ বেৰেল প্ৰতি দিন হ'ৱ পাৰে বুলিও অনুমান কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানা নগৰৰ সমুদ্ৰতীৰৰ পৰা ৬৪ কিলোমিটাৰ নিলগত, ১৫০০ মিটাৰ দ পানীত খনিজ তেলৰ বাবে ব্যধন কৰি থকা Deepwater Horizon-নামৰ এখন ওপঙা ব্যধন চাঙত (floating drilling platform) দুৰ্ঘটনাক্ৰমে এটা বিষ্ফুৰণ ঘটে৷ ফলত চাংখনত জুই লাগে আৰু ১১জন কৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ দুদিন ধৰি এই ভয়ংকৰ জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল৷ ফলত লো-তীখাৰ প্ৰকাণ্ড চাংখন ২২ এপ্ৰিলৰ দিনা পানীত ডুবি যায় আৰু তৈলখাদটো অনিয়ন্ত্ৰিত হৈ পৰে৷ প্ৰযুক্তিবিদ্যাৰ আগশাৰীৰ 'বিপি'-নামৰ আন্তঃজাৰ্তিক তৈল কোম্পানীটোৰ দ্বাৰা পৰিচালিত এই খাদটো অবিৰাম প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণৰ অধিনলৈ অহা নাই৷ কোম্পানীটোৱে খাদটো নিয়ন্ত্ৰণ কৰিব কাৰনে আৰু ক্ষতিপুৰণ হিচাপে ইতিমধ্যে প্ৰায় এক বিলিয়ন ডলাৰ ব্যয় কৰিব লগাত পৰিছে৷

প্ৰদূষণঃ

এই দূৰ্ঘটনাই সমূদ্ৰৰ আলফুলীয়া জীৱজগতত অবিৰত ভাৱে ডাঠ কলা খনিজ তেল সিচি দি তাৰ প্ৰকৃতিক ভাৰসাম্য হেৰুৱায় পেলাইছে৷ মেস্কিক’ উপসাগৰৰ উপকূলত ইতিমধ্যে কিছুমান আলকাতৰাৰ লদা (tar ball) আৰু ডাঠ খনিজ তেল দেখিবলৈ পোৱা গৈছে৷ সাগৰীয় মাছ-কাছ, চৰাই-বৃক্ষ আদি হানি কৰাৰ লগে লগে মাছ মৰীয়া, মস্যপাম, নিমখ বনোৱা কাৰখানা, সাগৰ তীৰৰ বিনোদন উদ্যোগ আদিত আৰ্থিক ভাৱে বহু হানি কৰিছে৷
পৰিষ্টিতি ইমানেই গম্ভীৰ ৰূপ লৈছে যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই নিজে ইয়াৰ দৈনিক খতিয়ান লৈছে৷ খাদটো নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰাময় কৰিবলৈ সকলো ব্যৱস্থা যাতে লোৱা হয় তাৰ বাবে তেওঁ সুনিশ্চত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷
  
নিয়ন্ত্ৰণঃ
সমূদ্ৰপৃ্ষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত পানীৰ চাপ ইমানেই বেছি যে কোনো ডুবাৰু তালৈ যাব নোৱাৰে৷ সকলো কাম অত্যাধুনিক ৰবট-বাহুযুক্ত দূৰৰ পৰা পৰিচালিত যানৰ (ROV = remotely operated vehicles) সহায়তে কৰিব লগা হয়৷
এই দ পানীৰ তলিত থকা খাদটো নিয়ন্ত্ৰণ কৰিবলৈ চালি থকা প্ৰচেষ্টাৰ চলন্ত ভিডিঅ’ দেখিবলৈ পোৱা যায় বিপিৰ জালস্থানত বৰ্তমান এটা প্ৰকাণ্ড ওলোটাই থোৱা চুপিৰ দৰে আহিলা (lower marine riser package)ৰ সহায়ত খাদটো কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ ইয়াৰ চলচিত্ৰ-বিৱৰণ এই সংযোগত পোৱা যায়৷




প্ৰসংগপুঠি / উত্সঃ
১. www.bp.com
২. www.wikipedia.org

Saturday, May 15, 2010

চীনদেশলৈ গৈছিলো - ৩ : চাওলিন বৌদ্ধ মন্দিৰ

বিশ্ব-বিখ্যাত 'কুং-ফু' ৰণকলাৰ (martial arts) জন্মস্থান চাওলিন বৌদ্ধ মন্দিৰ (shaolin temple) চান্নিহতঁৰ ঝংঝৌ চহৰৰ পৰা মাত্ৰ ২ ঘণ্টাৰ বাট৷ আমি তালৈও গৈছিলো৷ এই মন্দিৰ আচলতে কেইবাটাও সৰু ডাঙৰ মন্দিৰ, বৌদ্ধভিক্ষুক (monk) থকা ঘৰ, ৰণকলা আখৰাঘৰ আদিৰে এটা বিশাল এলেকাৰ বৌদ্ধ-বিহাৰ (monastery)চং পৰ্বতৰ সুমাজত সেউজীয়া গছ-গছনীৰে আবৃত বৌদ্ধ-বিহাৰখনৰ পৰিবেশ অতি মনোৰম৷

Wednesday, May 12, 2010

চীনদেশলৈ গৈছিলো - ২ : অভ্যৰ্থনা

পাপু-চান্নিৰ বিয়াৰ অভ্যৰ্থনা (ৰিচেপচন) পতা হৈছিল ঝেংঝৌ চহৰৰ ডাঙৰ ৰেষ্টোৰেণ্ট এখনত৷ ৰেষ্টোৰেণ্টখন ইমানেই ডাঙৰ আছিল যে ৰন্ধনশালাৰ পৰা বেহেৰাসকলে স্কেতিং শ্বু অৰ্থাৎ চকা থকা জোতা পিন্ধিহে আহাৰ আনিছিল৷
ৰেষ্টোৰেণ্টত আছিল বহুতো খোৱা কোঠালী৷ প্ৰতেক কোঠালীতে এখন ডাঙৰ ঘুৰনীয়া টেবুল, ১০-১২ জন মানুহ বহিব পাৰে, লগতে এটা attached পাইখানা (খাই খাই বৰপানী চুব লগা হ’লে বেছি দুৰ দৌৰ দিব নালাগে!) আৰু এজনী পৰিচাৰিকা৷

Tuesday, May 11, 2010

চীনদেশলৈ গৈছিলো - ১ : খাদ্যাভ্যাস

২০০৮ চনৰ জুলাই মাহত ফুৰিবলৈ আৰু 'মিতিৰ' খাবলৈ চীনদেশলৈ গৈছিলো৷ ভ্ৰমণ কাহিনী লিখিম লিখিম বুলি থাকোতে থাকোতে আজি দুবছৰ হৈ গ’ল৷ পলমকৈ হলেও তাৰ আচহুৱা অভিজ্ঞতাবোৰ লিখি থওঁ বুলি ভাবিছো৷

মোৰ খুলশালি সন্দিপ বা পাপুৱে আমেৰিকাত পঢ়ি থকোতে সহপাঠী চীনদেশৰ চইয়াং ঝাং (Shuoyang Zhang) বা 'চান্নি'ক বিয়া কৰাবলৈ মনস্থ কৰিলে৷ সেই সুত্ৰে নিমিশতে মোৰ বহুতো চীনা মিতিৰ-কুতুম হৈ গ’ল৷ ২০০৮ চনৰ জুলাই মাহত তেওঁলোকে চীনা প্ৰথাৰে পতা বিয়াত আমি দৰা ঘৰীয়া হৈ গৈছিলো৷ দৰা ঘৰীয়াত আছিলো আমি মাত্ৰ তিনিটা প্ৰাণী - আমাৰ তিনি বছৰীয়া প্ৰিতু, মোৰ পৰিবাৰ অৰ্থাৎ দৰাৰ বায়েক আৰু মই৷

Wednesday, May 5, 2010

ৰংপুৰৰ ৰঙালী ডেকা

কোনো কামত এঠাইলৈ যাব লগা হোৱাত, আবুধাবী চহৰৰ ৰাষ্টাৰ ভিৰৰ ভয়ত নিজৰ গাড়ীখন উলিওৱাৰ সলনি টেক্সীতে যাওঁ বুলি সিদ্ধান্ত ল’লো৷ ঘাইপথৰ দাঁতিত হাত বাউলি দি টেক্সী এখন ৰখালো৷ আগ চিটতে বহি লৈ চিটবেল্ট্ লগাই ড্ৰাইভাৰজনক গন্তব্যস্থান ক’ত ক’লো৷ এজন ৰঙীয়াল ডেকা, গাড়ীৰ ৰেডিঅ’টোত বাজি থকা বলিওডৰ সংগীৰৰ তালে তালে মূৰ জোকাৰি জোকাৰি তেওঁ ভিৰ নেওঁচি, যান-জঁট ভাঙি গন্তব্যস্থানলৈ গৈ থাকিল৷

Sunday, May 2, 2010

ককাদেউতাৰ সাধুকথা আৰু কিছু চিন্তা...

জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা ল’ৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷

Wednesday, April 28, 2010

আহঁক, চাইবাৰজগতত অসমীয়া সমল বৃদ্ধি কৰোঁ....

'শব্দ'-ৰ দফা বিশ্লেষক বা 'পাৰাগ্ৰাফ এনেলাইজাৰ' (PARANZ 2010), তৈয়াৰ কৰা হৈছিল কোনো দফাত থকা 'শব্দ'ত নথকা নতুন শব্দ সহজে বিচাৰি উলিয়াবৰ বাবে৷ প্ৰথমতে মই ভাবিছিলো যে এনেদৰে বহু নতুন শব্দ বিচাৰি পোৱা যাব৷ কিন্তু অনতিপলমে মোৰ আশাত চেচা পানী পৰিল৷ চাইবাৰজগতত 'গুগলিয়াই' চলাথ কৰিলো, মাত্ৰ আঙুলিৰ মুৰত গনিব পৰা দুখনমান জালস্থানহে পালো য’ত ইউনিকোডত লিখা অসমীয়া সমল (content) পোৱা যায়...
১ - ৱিকিপেদিয়াৰ কেতবোৰ পৃষ্ঠা
২ - প্ৰিয়াংকু, অঞ্জলহতঁৰ ব্লগসমূহ
৩ - নকিয়া কোম্পানিৰ জালস্থান
৪ - ৰাষ্টীয় অনুবাদ অভিযানৰ জালস্থান
৫ - প্রাকজন্ম বিকাশৰ জীবন-বিজ্ঞান
৬ - GotQuestions.Org
৭ - চন্দ্ৰকান্ত অভিধান
আদি৷