হৌ ছি মিনৰ সমাধিৰ সন্মূখত৷ ইয়াত তেওঁৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷ আমাৰ পিছফালে চাবলৈ অহা মানুহৰ শাৰী দেখিছেনে? |
ৰাতিপুৱাই ৰ’দটো চোকাকৈ ওলাইছে৷ দিনটো গৰম হ’ব৷ হোটেলত পুৱাৰ জলপান খাই ৮ঃ৩০ বজাত সপৰিয়ালে হোটেলৰ ল’বি পালোহি৷ ড্ৰাইভাৰ "ডন" আৰু এজন ২৫-২৬ বৰৰীয়ামান ব্যক্তি আমাৰ বাবে ৰৈ আছিল৷ তেওঁ সুন্দৰ ইংৰাজীত নিজকে "টনি" (আচল নাম বেলেগ) বুলি চিনাকী দি ক’লে যে আজি তেওঁ আমাৰ tour guide. আমি সকলো মিনি ভানখনত উঠিলোঁ৷ "টনি"য়ে ক’লে আজি আমি হানৌ মহানগৰৰ city tour কৰিম৷
প্ৰথমে আমি "হৌ চি মিন স্মৰণিকা" (Ho Chi Minh Mausoleum) লৈ ৰাওনা হ’লো৷ হোটেলৰ পৰা আধা ঘণ্টামান সময় লাগিল গৈ পাওতে৷ ভিয়েটনামৰ বিপ্লৱী নেতা "হৌ চি মিন"ৰ স্মৃতিত নিৰ্মিত এই প্ৰকাণ্ড চৌহদ কেইবাটাও ভিন ভিন অট্টালিকা, বাগিছা আদিৰে সমৃদ্ধ৷ তেওঁ থকা ঘৰৰ আৰ্হি, তেওঁ ব্যৱহাৰ কৰা সাজ-পোচাক, তেওঁ চলোৱা গাড়ী আদিৰে গোটেই চৌহদটো নেতাজনৰ নামত উৎসৰ্গিত৷
ইয়াৰ মূল সমাধিস্থলত হৌ চি মিনৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷ দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহি তেওঁৰ সমাধিত শ্ৰদ্ধা জনাই৷ আজিও বহু মানুহ, প্ৰায় দুই কিলোমিটাৰমান দীঘল লাইন৷ ভিতৰত সোমাবলৈ হ’লে আমি এই লাইনত আধা দিনমান ৰ’ব লাগিব, গতিকে বাহিৰৰ পৰাই চাও বুলি ঠিৰাং কৰিলোঁ৷ হৌ চি মিনৰ প্ৰতি জন-সাধাৰণৰ এই অগাধ ভক্তি দেখি আপ্লুত হ’লো৷ আজি-কালি ভাৰতৰ মহাত্মা গান্ধীৰ সমাধি বা স্মৰণিকাসমূহত মানুহৰ এনে ভিৰ দেখা পোৱা যায়নে?
প্ৰথমে আমি "হৌ চি মিন স্মৰণিকা" (Ho Chi Minh Mausoleum) লৈ ৰাওনা হ’লো৷ হোটেলৰ পৰা আধা ঘণ্টামান সময় লাগিল গৈ পাওতে৷ ভিয়েটনামৰ বিপ্লৱী নেতা "হৌ চি মিন"ৰ স্মৃতিত নিৰ্মিত এই প্ৰকাণ্ড চৌহদ কেইবাটাও ভিন ভিন অট্টালিকা, বাগিছা আদিৰে সমৃদ্ধ৷ তেওঁ থকা ঘৰৰ আৰ্হি, তেওঁ ব্যৱহাৰ কৰা সাজ-পোচাক, তেওঁ চলোৱা গাড়ী আদিৰে গোটেই চৌহদটো নেতাজনৰ নামত উৎসৰ্গিত৷
এখুটিয়া পেগোডা (One Pillar Pagoda)
ইয়াৰ পৰা ওলাই আহি সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো - আন এটা প্ৰসিদ্ধ বৌন্ধ মন্দিৰ দৰ্শণ কৰিবলৈ৷
ট্ৰান কৌক পেগোডা (Tran Quoc Pagoda)
আধা ঘণ্টামানৰ যাত্ৰাৰ অন্তত আমি হানৈ মহানগৰৰ সবাটোকৈ পুৰণি বৌদ্ধ-মন্দিৰ৷ ইয়াৰ কাষত থকা হ্ৰদটোও চহৰৰ সৰ্ব বৃহৎ৷ অতি মনোগ্ৰাহী দৃশ্য৷
সম্ৰাট "লাই নাম দে" (Lý Nam Đế)-এ পঞ্চম শতিকাত নিৰ্মাণ কৰা এই মন্দিৰৰ বয়স ১৪৫০ বছৰমান হৈছে৷ এই চৌহদত এজোপা প্ৰকাণ্ড বৰগছ (Banyan Tree) আছে৷ ১৯৫৯ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড. ৰাজেন্দ্ৰ প্ৰসাদে ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহোতে উপহাৰ হিচাপে দিয়া গৌতম বুদ্ধই বোধিলাভ কৰা আচল বৰগছ জোপাৰ ডালৰ পৰা এইজোপা গছ হৈছে৷ আমাৰ টু’ৰ গাইড 'টনি'য়ে কথাখিনি বহলাই কওঁতে কিবা এটা বৰ ভাল লাগি গ’ল৷ গছ জোপাৰ তলতে এখন্তেক বহিলোঁ৷
আকৌ সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো৷ ভিয়েটনামৰ অধিকাংশ লোক বৌদ্ধ৷ কিন্তু ধৰ্ম কৰ্মতকৈ মানুহবোৰক দেশৰ নেতাসকলৰ সমাধি, শ্বহীদ বেদী, যুদ্ধৰ সংগ্ৰাহলয় আদিতহে বেছিকৈ দেখিলো৷ সেইবোৰত তেওঁলোকে অসীম সন্মান আৰু সম্পূৰ্ণ নিস্থাৰে যেন "পূজা" কৰে৷
সাহিত্য মন্দিৰ (Temple of Literature)
![]() |
এই ফলিবোৰত চীনা চিত্ৰ-লিপি (logogram) দেখি 'টনি'ক সুধিলোঁ - "প্ৰাচীনকালত ভিয়েটনামত চীনা ভাষা চলিছিল নেকি?" তেওঁ উত্তৰ দিলে যে এনে নহয়৷ প্ৰাচীন কালত ভীয়েটনামত "প্ৰাচীন ভিয়েনামী ভাষা"ই চলিছিলি, কিন্তু "চীনা লিপি" ব্যৱহাৰ হৈছিল৷ ইয়াৰ ব্যৱহাৰ ১৫০০ শতিকাত ফৰাছীসকল আহি ৰোমান আখৰৰ প্ৰচলন কৰাৰ আগলৈকে আছিল৷ আজি-কালিও মঠ-মন্দিৰবোৰত এই লিপিয়েই প্ৰচলিত৷ অৱশ্যে চৰকাৰী কাম-কাজ, স্কুল-কলেজ, ব্যৱসায়-বানিজ্য আদি সকলোতে ৰোমান আখৰ ব্যৱহাৰ হয়৷ তেওঁলোকৰ সঠিক উচ্চাৰণ প্ৰকাশ কৰিবলৈ ৰোমান আখৰৰ স্বৰবৰ্ণসমূহত (vowel) কিছুমান উৰ্ধক’মা, ৰেফ আদিৰ দৰে চিহ্ণ ব্যৱহাৰ কৰে৷
সাহিত্য মন্দিৰৰ এটা কোঠাত কেইগৰাকীমান শিল্পীয়ে স্থানীয় বাদ্য যন্ত্ৰৰ বাদন পৰিবেশন কৰি আছিলে৷ কিছুসময় বহি উপভোগ কৰিলোঁ৷ মূলতঃ বাঁহেৰে তৈয়াৰ কৰা বাদ্য যন্ত্ৰবোৰ দেখি বৰ আমোদ পালো৷
এইদৰে দুপৰীয়া ২ মান বাজিল৷ ভোকো লাগিলে, ভাগৰো লাগিলে৷ দিনটো বৰ গৰম আছিল, অনুমানিক ৩৫-৩৬ ডিগ্ৰী চেণ্টিগ্ৰেড হ’ব৷ টনিয়ে আমাক ভিয়েটনামৰ স্থানীয় খাদ্য খাবলৈ প্ৰস্তাব ৰাখিলে৷ মই একে উশাহে হয়ভৰ দিলোঁ৷ মোৰ পৰিবাৰ মামুন আৰু ল’ৰাহতে নাক কোছালে৷ মই সকলোকে টনিয়ে প্ৰস্তাব কৰা ভিয়েটনামী ৰেষ্টোৰাখনলৈ যাবলৈ মনালোঁ৷ তাত আন খাদ্যও পোৱা যায়, গতিকে অসুবিধা হ’ব নালাগে৷ তাত মই আৰু টনিয়ে বুন চা (Bun Cha) খালো৷ বাঁহৰ চালনি এখনত পৰিবেশন কৰা চাউলৰ চাউচাউ (Rice Noodle), অলপ চুৰুহা আৰু এবিধ স্থানীয় শাক আৰু পুৰা গাহৰি মাংস৷ কি সোৱাদ!!
![]() |
Photo Source |
লা-কাৰখানা (Lacquer Workshop)

ইয়াৰ পিছত গ’লো সেনা সংগ্ৰাহলয়লৈ৷
সেনা সংগ্ৰাহালয় (Army Museum)
এই দুই-তিনি মহলা ঘৰটোত ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধত ব্যৱহৃৎ বিভিন্নধৰণৰ অস্ত্ৰ, সামৰিক সাজ-পোছাক আদি সজাই থোৱা আছে৷ ১৯১০ দশকৰ ইন্দোচীনা যুদ্ধৰ বস্তুও দুই-এপদ আছে৷ বাহিৰৰ চোতালত কেইখনমন টেঙ্ক, যুঁজাৰু বিমান আদিও সজাই থৈছে৷
সংগ্ৰাহালয়ৰ প্ৰেক্ষাগৃহত এটা ভিডিঅ’ চলাই থোৱা দেখা পালো৷ ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধৰ কাহিনীবোৰ দেখুৱাই আছে৷ দৰ্শকসকলৰ মাজত ১৫-২০ গৰাকীমান সেনা-পোছাক পিন্ধা ৫০-৬০ বছৰীয়া পুৰুষ-মহিলা দেখিবলৈ পালো৷ থৰ লাগি ভিডিঅ’ চাই আছে৷ দুই-এজনে চকুলো টোকাও দেখিলোঁ৷ টনিয়ে মোক কাণে-কাণে ক’লে এওঁলোক সেই যুদ্ধত ভাগ লোৱা প্ৰাক্তন সৈনিক৷ নিজৰ জীৱন-যৌৱন ত্যাগ কৰি যি যুদ্ধত ভাগ লৈছিল, তাৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকক ভিডিঅ’ চাই থকা দেখি মোৰো অন্তৰ কঁপি উঠিল৷
চাইক্ল’ (Cyclo)
এইবাৰ আমাক টনিয়ে লৈ গ’ল, হানৈ চহৰৰ এটা ব্যস্ত অঞ্চললৈ৷ তাৰ এঠাইত ভানৰ পৰা নামি আমি উঠিলোঁ তিনিচকীয়া ৰিক্সাত৷ চাইক্ল’ বুলি জনা-জাত এই ৰিক্সাবোৰত চালকজন পিছফালে ব’হে৷ ব্যস্ত বজাৰবোৰৰ চাই চাই ল’ৰাহঁতে বৰ আমোদ পালে৷ আধা ঘণ্টামান গলি-গলিয়ে যাত্ৰা কৰাৰ পিছত আমি আহি পালোঁ এটা "পুতলা-নাচ"ৰ ঘৰলৈ৷
পানী-পুতলা নাচ (Water Puppet Show)
উত্তৰ ভিয়েটনামত প্ৰচলিত "পানী-পুতলা নাচ" বিশ্বৰ ভিতৰতে একমাত্ৰ এনে পৰম্পৰা৷ ধান খেতি পট-ভূমিত বিকশিত এই গাৱলীয়া পৰম্পৰা "Lotus Water Puppet Theater" বুলি এটা কোম্পানীয়ে হানৈ মহানগৰৰ মাজ-মজিয়ালৈ লৈ আহিছে৷ পানীৰ তলত লুকাই থকা লাঠিৰ সহায়ত নিয়ন্ত্ৰণ কৰা পুতলাবোৰৰ নাচ, যুদ্ধ আদিৰে ভৰ-পোৰ প্ৰদৰ্শনী চাই বৰ ভাল লাগিল৷
No comments:
Post a Comment