পুৱতি নিশা ২:৩০ বজাত এলাৰ্ম লগাই উঠিলোঁ৷ ৰাতিপুৱাই ৬:৩০ বজাতেই বিমান৷ সময়টো বেয়া, কিন্তু কোৱালালামপুৰৰ পৰা হানৈ মহানগৰলৈ পোণপতীয়াকৈ যোৱা আন বিমান সস্তাত নাপালো কাৰণে এইখনতেই টিকট ল’লো৷
তিনিটা বজাত আগতে বুক কৰি থোৱা টেক্সিখন আহিলে৷
চাৰিমান বজাত বিমানবন্দৰ পালোগৈ৷ চেক-ইন কৰি, অভিবাসন দ্বাৰ (Immigration Gate) পাৰ হৈ, বিমান বন্দৰৰ ভিতৰতে সকলোৱে পুৱাৰ ভোজন কৰিলোঁ৷ উৰা-জাহাজ ৬:৩০ মানবজাত এৰিলে৷ প্ৰায় তিনি ঘণ্টাৰ উৰণৰ পিছত স্থানীয় সময় ৮:৩০ মান বজাত হানৈ আন্তঃজাৰ্তিক বিমান বন্দৰৰ অবতৰণ কৰিলোঁ৷
ইমিগ্ৰেচন, কাষ্টম আদি সমাপ্ত কৰি বয়-বস্তু লৈ বিমান বন্দৰৰ বাহিৰ হওঁ মানে ১০ মান বাজিল৷ বাহিৰত ট্ৰেভেল এজেণ্ট মি. ফামে জনোৱাৰ দৰে মোৰ নামফলক লৈ ড্ৰাইভাৰ এজন ৰখি আছিল৷ নিজকে চিনাকি দিয়াত "Welcome to Vietnam" বুলি সম্ভাষন জনাই আমাক মিনি ভান এখনলৈ লৈ গ’ল৷ ভানত সকলো বয়-বস্তু উঠাই দি আমাক সি চহৰলৈ লৈ গ’ল৷ কিন-কিনীয়া বৰষুন দিছিলে৷এনেকৈ বৰষুন দি থাকিলে আমাৰ ভ্ৰমণ পণ্ড হ’ব বুলি শংকা হ’ল৷ ড্ৰাইভাৰজনক এইকেইদিন বৰষুন দি আছে নেকি ইংৰাজীতে সুধিলোঁ৷ মোৰ ফালে মিচিকিয়াই হাঁহি "Sorry sir, no speak English" বুলি বিনম্ৰ উত্তৰ আহিল৷ আৰু কিবা-কিবি ক’লে৷ মুঠতে বুজিলোঁ, তাৰ নাম চমুকৈ "ডন", বাকি তাৰ মালিকৰ লগত কথা পাতি ল’ব লাগিব৷ হানৈ মহানগৰীৰৰ ভিৰ ৰাষ্টাত এঘণ্টামান মিনি-ভানখন গৈ থাকিল৷ দিল্লী, মুম্বাইৰ দৰেই গাড়ী-বাছ-বাইকৰ ভিৰ৷ অৱশেষত সি এঠাইত মিনিভানখন ৰখালে৷ মিনিভানৰ দৰ্জা খুলি এজন ৩০-৩৫ বছৰীয়া মান মানুহে আমাক "Hello Mr. Bikram. Welcome" বুলি আদৰণি জনালে৷ নিজকে মি. ফাম বুলি চিনাকি দিলে৷ ই-মেইল আৰু ফোনত ইমান দিনে যোগা-যোগ কৰি থকা ট্ৰেভেল এজেণ্ট মি. ফাম এইজনেই৷
আমাক মি. ফামে তেওঁৰ কাৰ্যালয়লৈ লৈ গ’ল৷ কিছুমান কাগজ-পত্ৰ চহী কৰিবলৈ দিলে৷ মই বাকী দিবলগীয়া পইছাখিনি দিলোঁ৷ তেওঁ ক’লে "ডন" বুলি ড্ৰাইভাৰজন আৰু এই মিনিভানখনেই অহা তিনিদিন আমাক ফুৰাব৷ আমাক দুপেকেট ভিয়েটনামী কফি আৰু ল’ৰাহঁতক স্থানীয়ভাৱে নিৰ্মিত পুতলা দুটামান উপহাৰ দি বিদায় দিলে৷
ডনে আমাক আকৌ ১০ মিনিটমান গাড়ী চলাই হোটেললৈ গ’ল৷ হোটেলৰ ল’বিত আমাক এৰি দি সি ভঙা ভঙা ইংৰাজীত ক’লে (নে বুজালে)- "See you tomorrow 8:30 AM here"৷
হোটেলত চেক-ইন কৰি নিজ কোঠাত বয়-বস্তু থৈ, তলৰ ৰেষ্টোৰাখনত খাবলৈ আহিলোঁ৷ খাই মেলি হোটেলৰ কোঠাত সকলো শুলোঁ৷ ৰাতি টোপনি ভাল হোৱা নাছিল৷ গতিকে সকলোৱে নাক বজাই ভালকৈ শুলোঁ৷

সন্ধ্যা হোটেলৰ ওচৰতে ফুৰিবলৈ ওলাই আহিলোঁ৷ হোটেলৰ ল’বিৰ পৰা সংগ্ৰহ কৰা মেপখন চাই চাই ওচৰ-পাজৰৰ বজাৰবোৰ ফুৰিলোঁ৷ বহুতো সৰু সৰু দোকান৷ শাৰী, শাৰীকৈ কাপোৰৰ দোকান, জোতাৰ দোকান, চামৰাৰ বস্তু আদিৰ দোকান৷ মানুহবোৰ খুব দাম-দৰ কৰি বস্তু কিনিছে৷ ইউৰোপ, অষ্ট্ৰেলিয়াৰ বহুতো ভ্ৰমণকাৰী দেখিবলৈ পালো৷ মেপত এটা হ্ৰদ দেখিলোঁ৷ হ্ৰদটো বিচাৰি বিচাৰি উলিয়ালোঁ৷
হ্ৰদৰ মাজৰ এটা সুন্দৰ চীনা আৰ্হিৰ মন্দিৰ৷ হ্ৰদটোৰ নাম "হোৱান কিয়েম" (Hoàn Kiếm)৷ প্ৰবাদ মতে পোন্ধৰ শতিকাত ভিয়েটনামৰ সম্ৰাট "লে লৈ" ( Lê Lợi) য়ে নৌকা বিহাৰত যাওঁতে এই হ্ৰদটোৰ পাৰত এটা প্ৰকাণ্ড কাছ দেখা পালে৷ তেওঁ তৰোৱালখনেৰে কাছটো খেদি গ’ল৷ কিন্তু কাছটোৱে তেওঁৰ হাতৰ পৰা মৰমৰ আৰু মূলাবান তৰোৱালখন কাঢ়ি হ্ৰদটোৰ তলি পালেগৈ৷ সম্ৰাটে গোটেই হ্ৰদৰ পানী সিচাই পেলালে, কিন্তু কাছটো আৰু তৰোৱালখন বিচাৰি নাপালে৷ তেতিয়া সম্ৰাটে বুজি পালে যে তৰোৱালখন কাছৰ ভগৱান "কিম কুই" ( Kim Qui)-এ ঘুৰাই নিলে৷ সেয়ে তেওঁ হ্ৰদৰ মাজত এই কাছৰ মন্দিৰ নিৰ্মাণ কৰালে৷
ঘুৰি আহোতে এখন সৰু দোকানত মোবাইল চিম-কাৰ্ডৰ বিজ্ঞাপন দেখিলোঁ৷ এখন কিনিলোঁ৷ কোনো চিনাক্তকৰণ নথিপত্ৰ (ID) নুখুজিলে, পইছা দিলোঁ আৰু চিমখন ল’লো৷ ফোনটোত ভৰাই লোৱাৰ ল’গে ল’গে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কথোপকথনৰ লগতে ইণ্টাৰনেটো (3G) কৰিব পাৰিলো৷
তাৰ পিছত বজাৰৰে এখন ৰেষ্টোৰাণ্টত ৰাতিৰ আহাৰ খাই, নিজৰ হোটেললৈ ঘুৰি আহি শুই থাকিলোহি৷ কালি আচল ভ্ৰমণসূচী আৰম্ভ হ’ব, দিনটো বৰ ব্যস্তপূৰ্ণ হ’ব৷

No comments:
Post a Comment