গুৱাহাটী সুপ্ৰতিভ নগৰ, ২২ জুলাই ২০৩৬ চন৷
ৰিকুৱে পুৱাৰ জলপান গ্ৰহণ কৰি কৰিয়ে স্মাৰ্টফোনটোত 'গুবেৰ' এখন মাতি পঠিয়ালে৷ দুই মিনিটমানৰ ভিতৰতে তাঁহাতৰ পদুলিমুখত 'গুবেৰ'খন আহি পালহি৷ স্বয়ংচালিত 'গুবেৰ' খনত প্ৰবেশ কৰাৰ লগে লগে ই ৰিকুৱে দিয়া গন্তব্য স্থানলৈ গতি কৰিবলৈ ধৰিলে৷ বাহিৰৰ পৰা দেখাত পুৰণি যুগৰ মাৰুতি-৮০০ খনৰ দৰে হ’লেও, গুবেৰসমূহত চালকৰ বাবে স্তেয়েৰিং হুইল, ব্ৰেইক্, এক্সেলেৰেটৰ আদি একো নাই৷ কেবল স্পৰ্শকাতৰ পৰ্দাযুক্ত এটা 'লেপটপ'৷ জন-অৰণ্য, যান-অৰণ্যৰ মাজেৰে বাট নেওচি ই সুকলমে গৈ থাকিল৷ গুৱেৰখনৰ চাৰিওফালে থকা বহুতো সংবেদনশীল কেমেৰা, চ’নাৰ আদিৰ দ্বাৰা ই মানুহতকৈও ভালকৈ 'দেখে'৷ কেইবা লাখ কিলোমিটাৰ গাড়ী চলোৱাৰ 'অভিজ্ঞতা'ৰে সমৃদ্ধ কৃত্ৰিম বুদ্ধিমত্বাটোৰ গাড়ী চলোৱাৰ অবিশ্বাস্য নিপুণতা৷ ভাৰতীয় আলি-বাটত সঘনে মুখামুখি হোৱা ৰিক্সা, চাইকেল, বাইক-স্কুটাৰ, সৰু গাড়ী, ডাঙৰ গাড়ী, গৰু-ছাগলী-হাতী-মানুহ আদি সকলো ই চিনাক্ত কৰিব পাৰে আৰু অনায়সে বাট নেওচি গৈ থাকিব পাৰে৷ ট্ৰেফিক লাইট নথকা তিনি আলি, চাৰি আলি আদিতো ই অতি সুদক্ষতাৰে পাৰ হৈ যাব পাৰে৷ প্ৰয়োজন সাপেক্ষে ই পেঁপাটিও জোৰকৈ বজাই দিয়ে৷ মুঠৰ ওপৰত মানৱ চালকতকৈ ইয়াক বেছিকৈহে ভৰষা কৰিব পাৰি৷
নিৰ্ভয়েৰে ৰিকু গৈ থাকিল৷ স্মাৰ্টফোনটো তাৰ স্কুলীয়া বন্ধু বৰ্গৰ হুৱাট্চ-এপ গোটতোত লগৰ কেইটাৰ লগত চুপতি কৰি কৰি গৈ থাকিল৷ প্ৰথম অহাৰ ৫ বছৰৰ ভিতৰতে আজি গুৱাহাটিত প্ৰায় ৫০০০খন গুবেৰ হ’লগৈ৷ ই অতি জনপ্ৰিয় হৈ আহিছে৷ মানুহে আট’, টেক্সি আদিৰ সলনি গুবেৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ এইবোৰ বহু গুণে সস্তা আৰু নিৰাপদ বুলি পৰিগণিত হৈছে৷
হঠাতে গুৱেৰখনৰ গতি মন্থৰ হৈ গ’ল৷ ৰিকুৱে বাহিৰলৈ চাই পঠিয়ালে৷ সকলো গাড়ী মন্থৰ হৈছে৷ হয়তো আগত কিবা দুৰ্ঘটনা ঘটিছে৷ এইবাৰ গুবেৰখন একেবাৰে ৰৈ গ’ল৷ বাকীবোৰ গাড়ীও আলিবাটৰ মাজত ৰৈ আছে৷ দুই এখন গাড়ীৰ পৰা মানুহবোৰ ওলাই কি হৈছে চাবলৈ যত্ন কৰিছে৷ এই দৰে কেইবা মিনিট পাৰ হৈ গ’ল৷ বহু দূৰৰ পৰা অহা এটি কোলাহল শুনা গ’ল৷ কৌতুহল বশত ৰিকুৱে গুবেৰখনৰ কম্পিউটাৰটোক শুধিলে - "হেল্ল' গুবেৰ"৷
-"কওক চাৰ"
-"কি হৈছে? কিয় গাড়ীবোৰ ৰৈ আছে?"
-"চাৰ, মই আগৰ গুবেৰসমূহক সম্পৰ্ক কৰি জানিব পাৰিছো যে - আগত বহু মানুহ গোট খাই আলিবাটটো আগুচি ধৰিছে, গাড়ীবোৰ যাবলৈ দিয়া নাই৷ তেওঁলোকে বিশেষকৈ 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
-"কি? গুবেৰসমূহ আক্ৰমণ কৰিছে?"
-"হয়, তেওঁলোকে 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
ৰিকুৱে বাহিৰলৈ আকৌ এবাৰ চাই পঠিয়ালে৷ হয়, উদণ্ড মানুহ এজাকে গুবেৰবোৰ আক্ৰমণ কৰিছে৷ লোহাৰ ৰ’ড, শিলগুটি আদিৰে গুবেৰবোৰ প্ৰহাৰ কৰিছে৷
-"চাৰ, আপুনি এতিয়াই ইয়াৰ পৰা নামি কোনো সুৰক্ষিত অঞ্চললৈ যাওক !!"
এই দৰে কৈ গুবেৰখনে দৰ্জাখন খুলি দিলে৷ এক দুৰ্গন্ধ - নিগনি মৰি পছি যোৱাৰ দৰে দুৰ্গন্ধ৷ ৰিকুৱে তাৰ নিজৰ বেগটো লৈ ওলাই আহিল আৰু আলিবাটৰ কাষৰ এক নিৰাপদ স্থানত থিতাপি ল’লে৷ তাৰ লগত আন বহুলোকে তাত থিতাপি লৈছেহি৷ সি একো তত ধৰিব নোৱাৰিলে৷ তাৰ চকুৰ আগতে সেই জংগী দলটোৱে সি উঠি অহা গুবেৰখন ভাঙি টচ-নচ কৰি পেলালে৷ তাৰ বুকু কপি উঠিলে৷ কি হৈছে - এইবোৰ !!
(আগলৈ---)

No comments:
Post a Comment