Saturday, October 8, 2016

প্ৰতিবাদ -২ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)
হাতত জীৱটো লৈ ৰিকুৱে থিয় হৈ থাকিল৷ এনেতে কেইবাখনো পুলিচৰ গাড়ী আহি পালেহি৷ লাঠি-চালনা হ’ল৷ জংগী, উৎমাত দলটোক নিয়ন্ত্ৰণ কৰি পুলিচে তেওঁ‌লোকক জিম্মাত ল’লে৷ কেইবাখনো খালি বাছত ভৰাই তেওঁলোকক থানালৈ লৈ যোৱা হ’ল৷ পৰিস্থিতি নিয়ন্ত্ৰিত হ’ল যদিও আলিবাটটো পৰি থকা অচল গুবেৰ কেইখন চফা কৰিবলৈ কিছু সময় লাগিব৷ সেয়ে যান-যত সৃষ্টি হৈছে৷ ৰিকু খোজ কাঢ়িয়েই আগ বাঢ়ি গ’ল৷ অলপ আগত মুকলি স্থানত এটা ট্ৰেকাৰ ষ্টেণ্ড আছে৷ তাতে ট্ৰেকাৰত উঠিয়ে সি কিছু দূৰ যোৱাৰ কথা চিন্তা কৰিলে৷ 
দুখোজমান যোৱাৰ পিছতেই ৰিকুৰ ফোনটো বাজি উঠিল৷ ফোনটো কাণৰ ওচৰত লোৱাৰ লগে লাগে সিফালৰ পৰা অভ্ৰমিকাৰ মাত ভাহি আহিল - "কি হ’ল? ইমান দেৰি কৰিছা যে?"
- "ৰাষ্টাত কিছুমান মানুহে কিবা প্ৰতিবাদ কৰিছে৷ একেবাৰে হুলস্থূল, কেইবাখনো গুবেৰ গাড়ী ভাঙি পেলালে৷ পুলিচে লাঠি-চালনাও কৰিলে"
-"কি কোৱা? সাৱধানে আহিবা৷ তোমাৰ একো হোৱা নাই তো?"
-"মোৰ একো হোৱা নাই৷ কিন্তু, মই অহা গুবেৰখনো সিহঁতে ভাঙি পেলালে৷"
-"অহ ! তুমি এতিয়া ক’ত? আহি আছা নে? অসুবিধা হ’ব যদি আদি নালাগে৷ অন্য এদিন লগ কৰিম দিয়া৷"
-"নাই, নাই, চিন্তা নকৰিবা৷ মই আহি আছো৷ ওচৰতে ট্ৰেকাৰ ষ্টেণ্ড এটা আছে৷ তালৈ গৈ আছো৷ বাকীখিনি ট্ৰেকাৰতে যাম৷"
-"থিক আছে৷ বাৰু, সাৱধানে আহিবা৷ মই অপেক্ষা কৰি আছো৷"
অভ্ৰমিকা ৰিকুৰ 'ই-বান্ধৱী', মানে ফেইচবুক হুৱাট্চ-এপ আদিত লগ পোৱা বান্ধৱী৷ আজি দুবছৰ মানেই হ’ল সিহঁত চিনাকী হোৱা৷ কোনো দিনে বাস্তৱ জগতত লগ পোৱা নাই যাদিও, ই-মাধ্যমসমূহে সিহঁত দুয়োকে যথেষ্ট ওচৰলৈ লৈ আহিছে৷ আজি-কালি ফোনতো বহু সময় ধৰি কথা-বতৰা চলে৷ কথাবোৰ, মনবোৰ যেন মিলিব ধৰিছে৷ একেই ধৰণৰ ৰুচি, একে শিল্পীৰে সংগীত, একেই কথা-ছবি দুয়ো ভাল পায়৷  হয়তো প্ৰেমৰ এজাক বা ব'বলৈ আৰম্ভ কৰিছে সিঁহতৰ মাজত৷  বহুবাৰ ৰিকুৱে অভ্ৰমিকাক লগ পাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে - ক’ৰবাত কফি একাপ খাবলৈ, মুখা-মুখিকৈ অন্ততঃ কথা এষাৰ পাতিবলৈ৷ অভ্ৰমিকাই সংকুচ কৰিছিলে৷ লগ কৰিব নোৱাৰিম বুলি কৈছিল, "আমি ই-বন্ধু হৈ থকাই ভাল" বুলিয়েই কৈছিল৷ বহু দিনৰ নিৰবিচিণ্ণ প্ৰচেষ্টাই আজি ফল দিলে। অৱশেষত ৰিকুৰ কথাত তাই মান্তি হ’ল৷ আজি ৰিকু গৈছে অভ্ৰমিকাক লগ ধৰিবলৈ - পোণ প্ৰথমবাৰৰ বাবে৷ তাতে এইবোৰ অঘটন৷
ৰিকু সৌৰ-শক্তি চালিত ট্ৰেকাৰ এখনত বহি ল’লে৷ ঘাইপথটিৰ কাষে কাষে ট্ৰেকাৰখন যিমানে আগ বাঢ়ি গ’ল, ৰিকুৰ মনটো সিমানেই উচ-পিচ কৰিবলৈ ধাৰিলে৷ যোৱা দুবছৰ ধৰি যিজনী ছোৱালীৰ লগত সি ইমান কথা-বতৰা পাতিলে, বিভিন্ন ভাৱৰ আদান-প্ৰদান কৰিলে আৰু বহুখিনি ওচৰ চাপি আহিলে, আজি সি তাইক লগ পাব - নিজ চকুৰে দেখিব৷ কিছু কথা পাতিব৷ হয়তো প্ৰাণৰ কথা আৰু মুকলিকৈ পাতিব৷ তাৰ মনটো ভাল লাগি গ’ল৷
ফোনটো আকৌ বাজিল - "ৰিকু, ক’ত পালাহি? কিমান দূৰ আছে?"
অভ্ৰমিকাৰ ফোন৷ তায়ো উৎকণ্ঠিত হৈ উঠিছে৷
-"পালোহি আৰু, বেছি দূৰ নাই৷ মই 'কাৰেংঘৰ' পালে ফোন কৰিম৷"
-"থিক আছে৷ 'কাৰেংঘৰ'ত লগ পাম৷"
'কাৰেংঘৰ' গুৱাহাটীৰ এখন আধুনিক ৰেষ্টোৰা৷ নতুনকৈ নাম কৰিছে৷ তাতেই ৰিকু আৰু অভ্ৰমিকা প্ৰথম বাৰৰ বাবে লগ কৰিব৷
(আগলৈ---)

No comments:

Post a Comment