Monday, October 10, 2016

প্ৰতিবাদ -৩ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)'কাৰেংঘৰ'ৰ সন্মূখতো কিছুমান মানুহ গোট খাইছে৷ সেই একেই ধৰণৰ মানুহ, যিবোৰে গুবেৰবোৰ আক্ৰমণ কৰিছিলে - কাপোৰবোৰ অলপ পুৰণি, জহি-খহি যোৱা৷ ৰিকুৰ অলপ চিন্তা লাগিল৷ তথাপি সি কাৰেংঘৰৰ ভিতৰ সোমালে৷ ই গুৱাহাটীৰ একমাত্ৰ যন্ত্ৰমানৱে চলোৱা ৰেষ্টোৰা৷ গ্ৰাহকে খোৱা টেবুলত থকা পৰ্দা এখনত কি খাব জনাই দিয়ে৷ তাৰ ভিত্তিত, ৰান্ধনীঘৰত কিছুমান ঔদ্যোগিক যন্ত্ৰমানৱে আহাৰ তৈয়াৰ কৰে৷ সেইবোৰ আকৌ কেইবাখনো উৰন্ত ড্ৰোনে টেবুলত গ্ৰাহকৰ আগত সজাই দি থৈ যায়৷
 
ৰিকু সোমাই অহাৰ লাগে লাগে এক অপৰূপ দৃশ্য৷ শাৰী শাৰী কৈ থকা টেবুলসমূহত খাদ্য-প্ৰিয় গ্ৰাহক কিছুমানে জুতি লৈ আহাৰ গ্ৰহণ কৰি আছে৷ আন কিছুমানে অৰ্ডাৰ দি আহাৰ অহালৈ বাট চাই আছে৷ কিছুমান ৫-৬ জনীয়া সমনীয়া বন্ধু-বান্ধবৰ দল, কিছুমান বাপেক-মাক-ল’ৰা-ছোৱালী লৈ অহা পৰিয়াল৷ আন কিছুমান চকুৱে চকুৱে চাই আত্ম বিভোৰ হৈ থকা প্ৰেমিক-প্ৰেমিকা৷ তাৰ মাজে মাজে মৌ-মাখিৰ দৰে শব্দ কৰি  উৰি ফুৰিছে অসংখ্য কৃত্ৰিম বুদ্ধিমত্তা থকা ড্ৰোন৷ কিছুমানে আহাৰ লৈ আহিছে৷ কিছুমানে খোৱা শেষ কৰা প্লেট-বাটিবোৰ লৈ গৈছে৷ এক ব্যস্তময় পৰিবেশ৷
ৰিকুৱে বিষ্ময়ভৰা চাওনিৰে সেইবোৰ চাই থাকোতেই, কোনাবাই মাত লগালে - "মহাশয়, মই কিবা সহায় কৰিব পাৰো?"
"আদৰণি" বুলি লিখি থোৱা সন্মূখৰ মেজখনৰ পৰা দিপ-লিপ ছোৱালী এজনীয়ে তাক সুধিলে৷
সি অলপ ওচৰলৈ গৈ ক'লে - "অভ্ৰমিকাৰ নামৰ কোনো টেবুল বুক আছে নেকি?"
ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে - "হয়, আছে৷ কেবিন নম্বৰ ১২৷ আপুনি এইফালে যাওক, অলপ দূৰ গৈয়ে পাব৷"
ৰিকুৱে ভাৱিলে - "কেবিন বুকিং কৰি থৈছে ! ছোৱালী কম নহয়৷"

ৰিকুৱে কেবিনৰ দৰ্জাখন খুলি বিৰ্চুতি খালে - ভিতৰত ৫-৬জন মান মানুহ৷ সি কিবা ভুল হ’ল বুলি ওলাই আহিব খুজিছিল৷ তেনেতে অভ্ৰমিকাৰ মাতটো কোনোবা ফালৰ পৰা শুনা গ'ল - "ৰিকু, সোমাই আহা৷ তোমাৰ ভুল হোৱা নাই, তুমি থিক কেবিনতে সোমাইছা৷"
ৰিকুৱে ভাৱিলে - "কি ছোৱালী ঔ, প্ৰথম দিনাই লগ কৰিবলৈ মাতি গোটেই পৰিয়াল লৈ আহি গ’ল৷ বিয়াই কৰাবলৈ কৈ নিদিয়েতো !!"
ৰিকু সোমাই আহিল৷ মানুহ কেইজনৰ এজনকো 'অভ্ৰমিকা' যেন তাৰ বোধ নহ’ল৷ এজন চুলি-দাড়ী পকা ৬০ বছৰীয়া মান বৃদ্ধ৷ এগৰাকী ৫০-ৰ ঘৰত ভৰি দিয়া আদবয়সীয়া মহিলা৷ বাকী কেইটা তিনিজন ২০-৩০ বছৰীয়া মান ডেকা ল’ৰা বা মানুহ৷ সকলোৱে ৩২টা দাঁত উলিয়াই তাৰ ফালে চাই হাঁহি থাকিল - নিঃশব্দৰে৷ কাৰো মুখত কোনো কথা নাই৷ কেবল এক সম্ভাষণ ভৰা মুৰ দুপনি৷ সন্মূখত খোৱা বস্তুৰ সলনি কেইবাটাও কম্পিউইটাৰ আৰু আন কিছুমান ৰিকুৱে নেদেখা যন্ত্ৰ-পাতি৷
 
তাৰ মানস-পাতত থকা ২২-২৩ বছৰীয়া অভ্ৰমিকা ক’ত? তাইৰ মানটো এইমাত্ৰ ক’ৰ পৰা আহিলে? তেনেতে অভ্ৰমিকাৰ মাত আকৌ শুণা গ’ল - "ৰিকু, তুমি হয়তো আচৰিত হবা৷ হয়তো অলপ খঙো উঠিব পাৰে৷ মই, মানে 'অভ্ৰমিকা', কোনো তেজ-মঙহৰ যুবতী নহওঁ৷ মই এজনী 'চেট-বট', অৰ্থাৎ কথা পতা যন্ত্ৰ-মানৱ৷ মই এটা কম্পিউটাৰ প্ৰগ্ৰেম মাঠো৷ এওঁলোক মোৰ সৃষ্টি কৰ্তা৷"
(আগলৈ---)

No comments:

Post a Comment