Wednesday, April 28, 2010

আহঁক, চাইবাৰজগতত অসমীয়া সমল বৃদ্ধি কৰোঁ....

'শব্দ'-ৰ দফা বিশ্লেষক বা 'পাৰাগ্ৰাফ এনেলাইজাৰ' (PARANZ 2010), তৈয়াৰ কৰা হৈছিল কোনো দফাত থকা 'শব্দ'ত নথকা নতুন শব্দ সহজে বিচাৰি উলিয়াবৰ বাবে৷ প্ৰথমতে মই ভাবিছিলো যে এনেদৰে বহু নতুন শব্দ বিচাৰি পোৱা যাব৷ কিন্তু অনতিপলমে মোৰ আশাত চেচা পানী পৰিল৷ চাইবাৰজগতত 'গুগলিয়াই' চলাথ কৰিলো, মাত্ৰ আঙুলিৰ মুৰত গনিব পৰা দুখনমান জালস্থানহে পালো য’ত ইউনিকোডত লিখা অসমীয়া সমল (content) পোৱা যায়...
১ - ৱিকিপেদিয়াৰ কেতবোৰ পৃষ্ঠা
২ - প্ৰিয়াংকু, অঞ্জলহতঁৰ ব্লগসমূহ
৩ - নকিয়া কোম্পানিৰ জালস্থান
৪ - ৰাষ্টীয় অনুবাদ অভিযানৰ জালস্থান
৫ - প্রাকজন্ম বিকাশৰ জীবন-বিজ্ঞান
৬ - GotQuestions.Org
৭ - চন্দ্ৰকান্ত অভিধান
আদি৷
ই আন ভাষাৰ সমলৰ তুলনাত নগণ্য৷ আমাৰ দফা বিশ্লেষকৰ বাবে এইবোৰ পৰ্যাপ্ত নহয়৷ দুখৰ বিষয় যে অসমীয়াত প্ৰকাশিত বহু সতাঁৰ অলোচনী, বাতৰি কাকতে jpg, gif আদিত অসমীয়া গদ্যসমূহ প্ৰকাশ কৰে৷ যেনে-
আদি৷ এইবোৰ সন্ধানোপযুক্ত (searchable) সমল নহয়৷ গতিকে এইবোৰ আমাৰ বাবে বা গুগ’ল, য়াহু আদিৰ দৰে সন্ধানযন্ত্ৰ (search engine)-ৰ বাবে সমূলি উপযুক্ত নহয়৷ সন্ধানযন্ত্ৰসমূহৰ 'যান্ত্ৰিক মকৰা' বিলাকে jpg, gif -ত থকা পৃষ্ঠাবোৰ পঢ়িব নোৱাৰে আৰু সেয়ে এনে বাতৰি, প্ৰবন্ধ আদি সূচীভূক্ত কৰি সন্ধানোপযুক্ত কৰি তুলিবলৈ অসামৰ্থ হয়৷ গতিকে সন্ধানযন্ত্ৰত কোনোবাই অসমীয়াত লিখা তথ্য বিচাৰিলে, এই jpg, gif-ত থকা পৃষ্ঠাবোৰ ধৰা নপৰাকৈ থাকি যায়৷ ই সচাঁকৈয়ে অসমীয়া ভাষা চাইবাৰজগতত বিস্তাৰ হোৱাৰ বাবে এক বৃহত হেঙাৰ হৈ ৰৈ গৈছে৷
ভাৰতীয় আন ভাষাত সন্ধানোপযুক্ত সমল অগণন পোৱা যায়৷ কেতবোৰ উদাহৰণ তলত দিয়া হ’ল-
আদি৷ ১৪-মাৰ্চৰ 'শব্দ'ৰ প্ৰেছ-বিবক্তিত তেওঁলোকক এই বিষয়ে অনুৰোধ জনোৱা হৈছিল৷ কিন্তু আজি পৰ্যন্ত কোনো সহাঁৰি পোৱা নগ’ল৷ এই ব্লগৰ দ্বাৰা মই আকৌ সকলোকে চাইবাৰজগতত অসমীয়া সমল বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিলো৷(এই ব্লগত মই এই বিষয়ে আৰু লিখিম)

5 comments:

  1. This is a gr8 effort to write a blog in Asaamese in the blogspot domain.

    ReplyDelete
  2. ধন্যবাদ, আপুনিও অসমীয়াত ব্লগ কৰিবলৈ ল’লে বৰ ভাল লাগিব৷

    ReplyDelete
  3. নমস্কাৰ বিক্রম বৰুৱা,আপোনাৰ পৰা উত্তৰ আৰু সাদৰ পাই ভাল লাগিল৷ নতুনকৈ কিবা অলপ লিখাৰ প্রচেষ্টা চলি আছে৷ আগলৈ পাবা৷ প্রমথ কুমাৰ বৰৱা৷’’খোৰাক’’pramath58@hotmail.com

    ReplyDelete
  4. assamase is not a language what i have been going through here. so please make all the wrong words correct as soon as possible. there might be some big technical problems you people are facing. any way please project your mother language perfectly & correctly to the rest of the world.thanks!

    ReplyDelete
  5. Bikram,My opinion is same with you.so,I have created my blog http://blogasom.blogspot.com to give my little contribution to Assamese language over internet.To download articles,eBooks in Assamese language just go to my blog and share your useful contents with me.

    ReplyDelete