Saturday, June 20, 2020

আনালেম্মা


আনালেম্মা

টিভিৰ পৰ্দাত আহি থকা চলচিত্ৰখন চাই ৰেণুয়ে মাক ভানুক ক’লে, “মা, আমাৰ পৃথিৱীখন এসময়ত ইমান ধুনীয়া আছিল৷”
“অ, মাজনী৷ সেউজীয়া গছ-গছনি, নীলা পানী আৰু শুকুলা ডাৱেৰে আমাৰ গ্ৰহটো এটা সময়ত বৰ ধুনীয়া আছিল৷”
“এতিয়া চোৱাচোন সেইটো গ্ৰহ - মাটীয়া মৰুভূমি, বেঙুণীয়া সাগৰ আৰু ধোৱা বৰণীয়া ডাৱৰ দেখিলেই ভয় লাগি যায়৷”, ৰেণুয়ে কাচৰ খিৰিকীখনেৰে অদূৰৰ গ্ৰহটোলৈ আঙুলিয়াই দি দুখ মনেৰে ক’লে৷
“এৰা সেই কাৰণেই আমি তাত এতিয়া থাকিব নোৱাৰা হৈ গ’লো আৰু আমি এই আনালেম্মা নামৰ গ্ৰহাণুত থাকিব লগা হৈছে৷”
“এই পুৰণি ভিডিঅ’বোৰত থকা বিভিন্ন আকাৰ-প্ৰকাৰৰ গছ-গছনী, জীৱ-জন্তু, মাছ-কাছ আদি সঁচাকৈ আছিলনে?”
“অ’ আছিলতো?”
“এতিয়া কি হ’ল সেইবোৰ?”
“সকলো মৰি গ’ল৷ নিঃশেষ হৈ গ’ল৷ কেইবিধমান প্ৰজাতি আমাৰ আনালেম্মা জৈৱিক-সংগ্ৰাহলায়ত আছে৷ এদিন আমি সেইবোৰ চাবলৈ যামদেই৷”
দহ-বছৰীয়া ৰেণুৰ বৰ দুখ লাগিল৷ তাইৰ কৌতূহল আৰু বাঢ়ি গ’ল৷ তাই মাকক সুধিলে, “কেনেকৈ? কেনেকৈ মৰি গ’ল? কি হ’ল?”
“প্ৰদুষণৰ কাৰণে জলবায়ু সলনি হৈয়ে এনে হ’ল৷ প্ৰদূষণৰ বাবে বায়ুমণ্ডল বিষাক্ত হৈ পৰিল৷ সাগৰৰ পানী বিষাক্ত হৈ আহিল৷ এটি এটি কৈ প্ৰজাতিবোৰ বিলুপ হ’বলৈ ধৰিলে৷ হাবি-জংঘলবোৰত জুই জ্বলিব ধৰিলে৷ বৰফবোৰ গলি গ’ল৷ সাগৰৰ পানীৰো বাষ্প হৈ উৰি হ’ল৷ তুফানবোৰ অধিক শক্তিশালী হৈ উঠিল৷ মুঠতে এক গোলকীয় বিভীষিকা হ’ল আৰু সমগ্ৰ জৈৱমণ্ডল ধ্বংস হৈ গ’ল৷”
মাকৰ কথাবোৰত ৰেণু উচুপি উঠিল৷ ইমান ধুনীয়া ধৰণীখনি শেষ হৈ গ’ল৷ এতিয়া মানৱ জাতিয়ে প্ৰাণ হাতত লৈ এই গ্ৰহাণুত আশ্ৰয় ল’ল লগা হৈছে৷ পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৪০০০ কিমি দূৰৰ এক কক্ষপথত অৱস্থিত আনালেম্মা নামৰ এই গ্ৰহাণুত মানুহে বসতি পাতিবলৈ বাধ্য হ’ল৷ এই গ্ৰহাণু-চহৰৰ বাসিন্দাসকলক আনালেম্মান বুলি কোৱা হ’ল আৰু তেওঁলোকৰ উমৈহতিয়া ভাষাক আমালেমিজ বুলি কোৱা হ’ল৷ মানৱ জাতিক প্ৰতিনিধি কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জন-গোষ্ঠিৰ এটা-দুটা পৰিয়াল এই গ্ৰহাণুত আশ্ৰয় লৈছেহি৷ আমালেমিজ ভাষাটোও নানান ভাষা যেনে – ইংৰাজী, ৰুছ, আৰৱী, জাপানী, চীনা, হিন্দী, শ্বোহেলী আদিৰ সংমিশ্ৰনেৰে গঢ়ি তোলা হৈছে৷
ৰেণুয়ে আমালেমিজ ভাষাতে আকৌ সুধিলে, “মা, তুমি মাজে মাজে আমি পৃথিৱীৰ যিডোখৰ ঠাইৰ পৰা অহা বুলি কোৱা, এতিয়া আছেনে? কি নাম আছিলে?”
ভানুয়ে খিৰিকীখনেৰে চাই পঠিয়ালে৷ খিৰিকীৰে দেখা পোৱা মটীয়া আৰু ক’লা ৰঙৰ গ্ৰহটোৰ এটা নিৰ্দিষ্ট অংশলৈ আঙুলীয়া দি তাই ক’লে, “সেইখন আমাৰ উপৰিপুৰুষৰ বসতিস্থল – অসম৷ আমি নিজকে ‘অসমীয়া’ বুলি কৈছিলো আৰু ‘অসমীয়া’ বুলি এটা ভাষাও কৈছিলো৷”
“ৱাও, মাজত দীঘল ডাঠ ধোৱা ৰঙৰ সেইডাল এখন নদী নেকি?”
‘হয়, ব্ৰহ্মপুত্ৰ নদী৷ গছৰ পাতৰ শিৰা-উপশিৰা দৰে সেই নদীৰো বহু উপনদী শাখা-প্ৰশাখা আছে এসময়ত সেইবোৰত বিশুদ্ধ পানী বৈছিলে, বিভিন্ন মাছ-কাছৰে ভৰি আছিল৷ আজি তাত বয় পানী বুলি কোৱাৰ অনুপযোগী বিষাক্ত জুলীয়া ৰসায়ন৷” কথাযাৰ কৈ ভানুৰ চকুলো ওলাই আহিল৷
ৰেণুৰো মনটো চলচলিয়া হৈ গ’ল৷
“মা, আমি কিবা কৰিব নোৱাৰো নে?”
ভানুৰ চকুযোৰী উজলি উঠিল৷ কেই মুহূৰ্তমান কিবা এটা চিন্তা কৰি ভানুয়ে ৰেণুক ক’লে, “আজি তুমি মোৰ লগত মোৰ গৱেষণাগাৰলৈ ওলোৱা৷ আমি কি কৰি আছো তোমাক দেখুৱাম৷”
“আৰে ৱাহ৷ বঢ়িয়া কথা৷ মই এতিয়াই ওলাইছো৷”
মাক-জীয়েক গৱেষণাগাৰলৈ ওলাল৷ ইতিমধ্যে যানখন আহি তেওঁলোকৰ ঘৰৰ প্ৰস্থানদ্বাৰত ৰ’লহি৷ দুয়ো স্বয়ংচালিত যানখনত উঠি যাত্ৰা আৰম্ভ কৰিলে৷ প্ৰায় ১০০ ব্যায়ৰ আনালেম্মা গ্ৰহাণুটিৰ আনটো অংশত ভানুৰ গৱেষণাগাৰ৷ যানখন আকাশী ঘাইপথেদি আন উৰণিয়া যানসমূহৰ সৈতে ১৫ মিনিটমান যাত্ৰা কৰাৰ পিছত গৱেষণাগাৰটো পালেগৈ৷ মধ্যাকৰ্ষণ শক্তি বহুত কম কাৰণে ইয়াত যান-বাহনবোৰ সহজতে মহাকাশলৈ উৰা মাৰিব পাৰে৷ গোটেই গ্ৰহাণুটোৱেই মানুহৰ বসতি থকা এখন বৃহত মহানগৰ৷ মহানগৰখনৰ এটা অংশৰ পৰা আনটো অংশলৈ যাত্ৰা কৰিবলৈ ব্যৱহাৰ কৰা যানসমূহ পোণেই কক্ষপথ পাইগৈ আৰু গন্তব্যস্থানত অৱতৰণ কৰে৷
ভানুয়ে পোণেই ৰেণুক তাই কাম কৰা কোঠাটোলৈ লৈ গ’ল৷ বিভিন্ন যন্ত্ৰ-পাতিৰে ভৰি থকা গৱেষণাগাৰটো দেখি ৰেণু ৰুমঞ্চিত হৈ পৰিল৷ তাই সুধিলে, “ইয়াত তুমি কাম কৰা?”
“হয়৷ ইয়াতেই মই কাম কৰো৷”
“কি কৰা? কি কাম কৰা? কেনেধৰণৰ গৱেষণা কৰা?”
অলপ ভাবুক হৈ ভানুয়ে ক’লে, “তোমালোক যাতে পৃথিৱীলৈ আকৌ ঘুৰি যাব পাৰা, তাৰ বাবেই আমি কিছুমান পৰীক্ষা-নিৰীক্ষা কৰি আছো৷”
“মানে, মই নুবুজিলো৷ বুজাই দিয়াচোন৷”
দহ-বছৰীয়া ৰেণুক জটিল কথাবোৰনো কেনেকৈ বুজাব পৰি ভানুয়ে চিন্তা কৰিলে৷ তাই ৰেণুক অনুবীক্ষণ যন্ত্ৰ এটাৰ মাজেৰে চাবলৈ দিলে৷ কিছুমান ফিটাৰ দৰে অণুজীৱই লেও-লেও কৰি আছে৷
“কি সেইবোৰ?”
“এইবোৰ মই নিজে বিকশিত কৰি উলিওৱা কিছুমান অণুজীৱ৷”
“কি কৰে এইবোৰে? এইবোৰে আমাক কেনেকৈ আকৌ পৃথিৱীলৈ ঘুৰি যাবলৈ সহায় কৰিব?”
“আমি পৃথিৱীখনত ভৰি পৰা প্ৰদূষণ কৰা ৰসায়নবোৰ নিষ্কিয় কৰিবলৈ বিভিন্ন ব্যৱস্থা লৈছো৷ তাৰ ভিতৰত আমি এনে কিছুমান অণুজীৱ বিকশিত কৰিছো যি এই ৰসায়নবোৰ নিষ্কিয় কৰিব পাৰে৷ আমি সেইবোৰ পৃথিৱীলৈ পঠিয়াই দিম আৰু ক্ৰমান্নয়ে ই আকৌ বস-বাসৰ উপযুক্ত হৈ পৰিব৷ ইয়াকে টেৰ্ৰাফৰ্মং (Terraforming) বোলা হয়৷ আমাৰ পূৰ্ব-প্ৰজন্মসকলে ঔদ্যোগিকৰণৰ নামত ঋণাত্মক দিশত টেৰ্ৰাফৰ্মিং কৰি জগতখন বস-বাসৰ অনুপযোগী কৰি পলালে৷ আমি এতিয়া বিপৰিত দিশত টেৰাফৰ্মং কৰি ইয়াক আকৌ বস-বাসৰ উপযোগী কৰিবলৈ ওলাইছো৷”
“অ’ বুজিলো৷ কিন্তু, এইবোৰ ইতিমধ্যে প্ৰস্তুত হৈছে যদি পৃথিৱীলৈ পঠিয়াই নিদিয়া কিয়?”
“প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই৷ আমি যিমান পাৰো সোনকালে কৰিবলৈ চেষ্টা কৰি আছো৷ সম্পূৰ্ণ প্ৰস্তুতি হ’লেই আমি সেইবোৰ পৃথিৱীলৈ পঠিয়াই দিম৷”
***
কেইবাবছৰ পাৰ হৈ গ’ল৷ ৰেণু ডাঙৰ হ’ল৷ মাক ভানুৰ দৰে তায়ো বিজ্ঞানী হৈ একেই অভিযানত ব্ৰতী হ’ল – ধৰণী ধুনীয়া কৰাৰ৷ ৰেণুৰ জীয়েক বিনু, বিনুৰ জীয়েক অনুকেইবাটাও প্ৰজন্ম পাৰ হৈ গ’ল৷ কাণ্ডকোষ (Stem Cell) ডিম্বাণুৰ মিলন প্ৰযুক্তিৰে বিকশিত হোৱা কেৱল স্ত্ৰী প্ৰজন্মৰ এই গ্ৰহাণুৱৰ্তী সভ্যতাই আছিল মানৱ জাতিৰ একমাত্ৰ অৱশিষ্ট৷ সীমিত সম্পদৰ সৎ ব্যৱহাৰ কৰিবলৈয়ে এনে ব্যৱস্থা লোৱা হৈছিল৷
অৱশেষত এদিন বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিওৱা বহুতো জৈৱ-যান্তিক সঁজুলি পৃথিৱীলৈ পঠিয়াই দিয়া হ’ল৷ অণূজীৱ, নেন’-ৰবট, বিভিন্ন ৰসায়ন আদিৰ কেইবাটাও ‘টোপোলা’ আনালেম্মাৰ পৰা পৃথিৱীলৈ পঠিওৱা হ’ল৷ লাহে লাহে গ্ৰহটোৱে আকৌ নীলা-সেইজীয়া বৰণ ঘুৰাই পাবলৈ ধৰিলে৷
মনু আৰু জীয়েক তনু পৃথিৱীলৈ ঘুৰি যাবলৈ যা-যোগাৰ কৰিলে৷ প্ৰথম চাম যাত্ৰীৰ তালিকাত তেওঁলোকৰ নাম আহিল৷ তনুৰ ফুৰ্তিত তত নাই৷ সেইখন জগতলৈ ঘুৰি যাবলৈ তাই সৰুৰে পৰা সপোন পুহি ৰাখিছিলে৷ আজি সেই সপোন পূৰণ হ’ব৷ মাকক কিন্তু উদাস হৈ থকা দেখি আচৰিত হ’ল৷
“মা, তোমাৰ আনন্দ লগা নাইনে? আমি পৃথিৱীলৈ ঘুৰি যাবলৈ ওলাইছো৷”
“আনন্দও লাগিছে৷ দুখো লাগিছে৷ তহঁতৰ চামক পৃথিৱীখন ঘুৰাই দিবলৈ পাই সঁচাকৈ বৰ উৎফুল্লিত হৈছো৷ পৃথিৱীখন ধ্বংস হৈছিল মাত্ৰ ২-৩ প্ৰজন্মৰ ভিতৰত৷ পৃথিৱীৰ জৈৱমণ্ডলৰ প্ৰায় সকলো বিনষ্ট হৈ গ’ল৷ মানৱ জাতিৰো মুষ্টিমেয় লোক নিজ নিজ সীমিত ভাষা-সংস্কৃতি বুকুত বান্ধি পলায়ণ কৰি এই গ্ৰহাণুত আশ্ৰয় লৈছিল৷ কিন্তু ইয়াক আকৌ বস-বাসৰ উপযুক্ত কৰি তুলিবলৈ আমাক প্ৰায় ৪০০ বছৰ আৰু ১৫টা প্ৰজন্ম লাগিল৷ আমি ইতিমধ্যে এক গ্ৰহাণুবৰ্তী জাতিত পৰিণত হ’লো৷ আমাৰ যোৱা ১৪টা প্ৰজন্ম এই গ্ৰহাণুত বসবাস কৰিছে৷ মোৰ ঘুৰি যাবলৈ একেবাৰে মন নাই৷”
মনু থাকি গ’ল৷ মনুক বিদায় দি তনু পৃথিৱীলৈ ঘুৰি আহিল৷ পৃথিৱীত অৱতৰণ কৰি তাইক দি পঠিওৱা লেফাফাটো খুলি চালে – এখন সৰু কাগজত লিখা আছিল – “পৰবৰ্তী অভিযান: ‘পুৰুষ’ পুণঃনিৰ্মাণ কৰা৷”
এক নতুন সপোনেৰে এক নতুন জীৱণ আৰম্ভ কৰিলে৷
----সমাপ্ত----

এজন তৈল অভিযন্তা হিচাপে ক’ব বিছাৰো ---

বাঘজানৰ ঘটনাটোৱে সকলোকে আমনি কৰাৰ দৰে ই মোকো আমনি কৰিছে৷ বায়ু-জল-স্থল প্ৰদূষণ হোৱাৰ কাৰণে আন বহুতৰ দৰে মোৰ অন্তৰেও কান্ধিছে৷ আজি খাদটোত জুই জ্বলি উঠাৰ বাবে মৰ্মাহিত হৈছো৷ কিন্তু লগতে দুখ লাগিলে বহু লোকে এই উদ্যোগৰ লগত জড়িত সকলোকে গোৱাল গালি দিয়াৰ বাবে৷

তেওঁলোকে হয়তো নাজানে, এই অনিয়ন্ত্ৰিত হৈ পৰা খাদটোৰ দৰে আন বহু খাদ আজিও নিয়ন্ত্ৰিত হৈ আছে৷ সেই নিয়ন্ত্ৰিত খাদবোৰৰ পৰা উৎপাদিত খনিজ তেল, বহু প্ৰক্ৰিয়াৰ মাজেৰে শোধিত হৈ প্ৰস্তুত হোৱা পেট্ৰল-ডিজেলৰ দ্বাৰাই তেওঁলোকৰ গাড়ী চলিছে, কোৰোনা মহামাৰীৰ সময়ত এম্বুলেঞ্চ চলিছে, খোৱা যোগান ধৰা মাল বাহী গাড়ীবোৰ চলিছে৷ হয়তো বিজুলি চাকিও চলিছে এনে এটা খাদৰ পৰা ওলোৱা গেছ দহন কৰি চলোৱা এটা টাৰ্বাইনৰ সহায়তে৷

প্ৰকৃতিয়ে দিয়া এই সম্পদবোৰ আমি মানুহ জাতিয়ে নিজৰ কামত লগাব পৰাটোৱে আমাক জীৱশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে৷ প্ৰকৃতিৰ এই অপাৰ শক্তিক নিয়ন্ত্ৰণত ৰাখি নিজৰ কামত ব্যৱহাৰ কৰা কামটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ কোনো দুৰ্ঘটনা নোহোৱাকৈ, বায়ু-পানী প্ৰদূষণ নোহোৱাকৈ, পশু-পক্ষী কিম্বা মানৱ জীৱন ক্ষতি নোহোৱাকৈ, তৰু-লতাৰ কোনো হানি নোহোৱাকৈ কৰাটো৷ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি আমি তৈল-কাৰ্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছো৷

তাতে বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত আৰু কোৰোনা মহামাৰীৰ বাবে চাহিদা কমি যোৱাৰ কাৰণে আন্তৰ্জাতিক বজাৰত খনিজ তেলৰ দাম কমি আহিছে৷ ফলত আমাৰ ওপৰত হেঁ‌চাও বহুত৷ সকলোতে উৎপাদন খৰচ কমোৱাৰ হেঁ‌চা৷ ইতিমধ্যে বহু তৈল-কোম্পানী দেৱলীয়া হৈছে, বহুজনে চাকৰি হেৰুৱাব লগাও হৈছে৷ বিশ্বৰ বহু তৈল কৰ্মী আজি কৰ্মহীনতাত ভুগিছে৷

সি যিকি নহওক, বাঘজানৰ দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বা যান্ত্ৰিক বিজুতি বা যি কাৰণতেই নহওক, আমি আশাবাদী ই শীঘ্ৰেই নিয়ন্ত্ৰণত আহিব৷ সময় লাগিব পাৰে, কিন্তু ই নিশ্চয় অভিযন্তাসকলৰ হাতৰ মুঠিলৈ আহিব৷ ওচৰৰ গাওঁবাসীয়ে উচিত ক্ষতিপুৰণ পাব আৰু হাবি-বননি আকৌ সেউজ হৈ উঠিব৷ সেই সেউজীয়া গছ-গছনীৰে আৱৰা এই বাঘজান খাদৰ পৰাই উৎপাদিত গেছ আহি আমাৰ ৰান্ধনি ঘৰৰ চৌকা জ্বলাব৷