Wednesday, December 15, 2010

মোৰ বেতাঁৰ নিগনিটো...

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে "মাউচ্" বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি' বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷

এই কথা কওঁতে এজন বন্ধুৱে মোক যুক্তি দিলে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ৱ৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো' বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷

আন এজন বন্ধুৱে ক’লে এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰিব৷ মই ভাৱো প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালীৰ সৃষ্টি নহয়৷ কিন্তু ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷

আন এটা শব্দ - "সতাঁৰ"৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ কিয় বাৰু? আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত উদ্যমী নহওঁ কিয়?

যাহওঁক,  তথ্যপ্ৰযুক্তি সমন্ধীয় কিছুমান ন-পুৰণি অসমীয়া শব্দ আপোনালোকৰ নিজস্ব জালপঞ্জী বা আন লিখনিত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো৷
১৷ নিগনি
২৷ নিগনি(ৰ)-দলিচা
৩৷ কঠিনতন্ত্ৰ
৪৷ স্নিগ্ধতন্ত্ৰ
৫৷ পৰ্দা
৬৷ পৰশ-পৰ্দা
৭৷ বিনোদ-দণ্ড
৮৷ চাবিফলি
৯৷ কোলাতলোৱা
১০৷ মেজতথোৱা
১১৷ আন্তঃজাল
১২৷ জালস্থান
১৩৷ জালপৃষ্ঠা
১৪৷ স্মৃতি
১৫৷ সতাঁৰ
১৬৷ পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭৷ সন্ধানযন্ত্ৰ
১৮৷ যান্ত্ৰিক মকৰা
১৯৷ জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০৷ সতাঁৰ
২১৷ বেতাঁৰ
২২৷ মুদ্ৰক
২৩৷ নিবেশপেৰা
২৪৷ নিৰ্গমপেৰা
২৫৷ প্ৰেৰিতপেৰা
২৬৷ চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭৷ আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮৷ জুলিয়া ষ্ফটিক পৰ্দা

আদি৷ অৰ্থসমূহ মই ইয়াত লিখি নিদিও৷ যদি অৰ্থ ধৰিব পৰা নাই, তেন্তে ই ভাল শব্দ নহয়, গতিকে ব্যৱহাৰ নকৰিব৷

ব্যৱহাৰেহে কোনটো শব্দ গ্ৰহণীয় হ’ব বা নহ’ব তাক নিৰূপণ কৰিব৷ গতিকে just ব্যবহাৰ কৰক, শব্দটো জনপ্ৰিয় কৰি তোলক, বছ, আন কোনো তৰ্ক-বিৰ্তক, যুক্তি-অযুক্তি কৰাৰ প্ৰয়োজন নাই৷ সময়ৰ অগ্নি-পৰীক্ষাত এইবোৰে যদি উত্তীৰ্ণ হয়, সমাজে যদি গ্ৰহণ কৰে, এসময়ত এইবোৰে অভিধানত স্থান পাব৷ অন্যথা ভাষানৈয়ে পাৰত এৰি থৈ যাব আৰু ক্ৰমান্নয়ে সময়ৰ বুকুত জাহ যাব৷

ইয়াকে কৈ আজি মই বেতাঁৰ নিগনিটোৰ বাওঁবুটামটোত টিপা মাৰিলো৷

Friday, December 10, 2010

ফেইচবুক ভাষা আন্দোলন

আজি কেইদিন মানৰ পৰা বিকৃত অসমীয়া ভাষাৰ ব্যৱহাৰে অসমীয়া কাগজ-আলোচনীৰ বিজ্ঞাপনবোৰ ভৰি পৰিছে৷ তাৰ বিৰুধিতা কৰি  "ফেইচবুক" (Facebook)ৰ কেইজনমান অসমীয়া সদস্যই কোম্পানীবোৰৰ পৃষ্ঠাত সেইবোৰ পোনপতীয়া ভাৱে উঠাই দিয়ে (upload) আৰু নিজৰ বিৰুধিতা আৰু অভিযোগ উৎথাপন কৰে৷ সেইবোৰক সমৰ্থন কৰি বহুতে নিজৰ মতামত দাঙি ধৰে৷ তেওঁলোকে ফেইচবুকত  "অসমীয়াত কথা বতৰা" নামৰ দল গঠন কৰি এইবোৰ নিতৌ আলোচনা কৰি যুদ্ধ-কৌশল ৰচনা কৰি আছে৷

ইয়াৰ অভূতপুৰ্ব ফল দেখা গৈছে....
KFC, Guwahati 
আগতে...

পিছত....
এসপ্তাহৰ ভিতৰত....


Tata MANZA
আগতে...
পিছত...
২৪ ঘণ্টাৰ ভিতৰত...
এতিয়া তেওঁলোকে তলৰ বিজ্ঞাপনকেইটা শুদ্ধ কৰিবলৈ বিজ্ঞাপন দিওঁতাসকলক যোগাযোগ কৰিবলৈ প্ৰয়াস কৰি আছে....

------------------------------------

ডিচেম্বৰ ২০১৪

হিমজ্যোতি তালুকদাৰৰ সৌজন্যত
Advertisement with many wrong spellings was aired in various Assamese electronic media on 3-5 Dec 2-14....

শুধৰণী:
Himjyoti sent a mail on 5th-Dec regarding wrong Assamese words in Kisan Call Centre ad aired through various Assamese electronic media. Here's the quick action by Join Secretary, Agriculture, Govt of India. 

Instructions to stop the telecast of the particular spot (Kisan Call Centre-Sadhu Baba-40 Sec which carried wrong Assamese texts) in all Assamese channels immediately, till the fresh tape is provided. 



Thursday, October 14, 2010

কপিয়াপৌ খনি দুৰ্ঘটনা

যোৱা ৫ আগষ্টত ছিলি দেশৰ কপিয়াপৌ চহৰৰ নিকতবৰ্তী "চান হ’চে" নামৰ তাম আৰু সোনৰ খনি এটাৰ সুৰংগৰ শিলাস্তৰ খহি পৰাত ৩৩জন খনিকটীয়া ভূগৰ্ভৰ তলিত আৱদ্ধ হৈ পৰে৷ ভূপৃষ্ঠৰ পৰা ৭০০ মিটাৰ তলৰ কঠিন শিলাস্তৰৰ মাজৰ পৰা তেওঁলোকক ৬৯ দিনৰ অন্তত সফলতাৰে উদ্ধাৰ কৰা হয় ১৩-অক্টোবৰৰ দিনা৷ 


"Los 33" নামেৰে প্ৰখ্যাত হৈ পৰা এই ৩৩ জন লোকৰ অসাধাৰণ সাহস, জী থকাৰ অদম্য ইচ্ছা, দৃহ আত্মবিশ্বাস, ধীৰতা আৰু নেতৃত্বৰ হৃদয়স্পৰ্শী কাহিনীয়ে সমগ্ৰ বিশ্বৰ জন-গণক আজি দুমাহ ধৰি আবেগিকবাৱে চুই গৈছে৷

Sunday, July 4, 2010

Dil Maange More…

[ In 2007, I submitted this article for publication in the Souvenir of the Golden Jubilee celebrations of the Dept. of Petroleum Engineering, Indian School of Mines, Dhanbad. I am not sure if this was published or not. Anyway, I am posting it here for your reading pleasure.]


Dil Maange More…
– Bikram M. Baruah, PE1995
(Sr. Reservoir Engineer, Kelker and Associates, Inc., Abu Dhabi, UAE)

There were 3 options for the discipline in the entrance exam application form of ISM. I filled it up as - Option 1: Petroleum Engineering. Option 2: Petroleum Engineering and Option 3: Petroleum Engineering. My father said – what are you doing? If you do not get Petroleum Engineering, you should keep other options. But, I insisted that if I study in ISM, I’ll study only PE.

I was a proud young man, when the postman delivered the letter from ISM Entrance Exam Section that I got a rank in the entrance test and that I got Petroleum Engineering. At that time, most of the students from my home state got admitted through the state quota system. I was proud to be one of those few who got admitted though direct entrance tests.

Thursday, June 3, 2010

মেস্কিক’ উপসাগৰৰ তৈল বিভিষিকা !

যোৱা ২০ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত মেস্কিক’ উপসাগৰৰ সমুদ্ৰতলিত থকা তৈলখাদ এটাৰ পৰা প্ৰতি দিনে অনুমানিক ৫০০০ বেৰেলকৈ খনিজ তেল অনিয়ন্ত্ৰিতভাৱে অনগল ওলাই আছে৷ পাৰিপাৰ্শ্বিকতাৰ বিভিষিকা সৃষ্টি কৰা এই খনিজ তেল নিৰ্গত হোৱাৰ হাৰ খাদটোৰ ভিডিঅ’ বিশ্লেষণ কৰি কোনো কোনোৱে ১০০,০০০ বেৰেল প্ৰতি দিন হ'ৱ পাৰে বুলিও অনুমান কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানা নগৰৰ সমুদ্ৰতীৰৰ পৰা ৬৪ কিলোমিটাৰ নিলগত, ১৫০০ মিটাৰ দ পানীত খনিজ তেলৰ বাবে ব্যধন কৰি থকা Deepwater Horizon-নামৰ এখন ওপঙা ব্যধন চাঙত (floating drilling platform) দুৰ্ঘটনাক্ৰমে এটা বিষ্ফুৰণ ঘটে৷ ফলত চাংখনত জুই লাগে আৰু ১১জন কৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ দুদিন ধৰি এই ভয়ংকৰ জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল৷ ফলত লো-তীখাৰ প্ৰকাণ্ড চাংখন ২২ এপ্ৰিলৰ দিনা পানীত ডুবি যায় আৰু তৈলখাদটো অনিয়ন্ত্ৰিত হৈ পৰে৷ প্ৰযুক্তিবিদ্যাৰ আগশাৰীৰ 'বিপি'-নামৰ আন্তঃজাৰ্তিক তৈল কোম্পানীটোৰ দ্বাৰা পৰিচালিত এই খাদটো অবিৰাম প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণৰ অধিনলৈ অহা নাই৷ কোম্পানীটোৱে খাদটো নিয়ন্ত্ৰণ কৰিব কাৰনে আৰু ক্ষতিপুৰণ হিচাপে ইতিমধ্যে প্ৰায় এক বিলিয়ন ডলাৰ ব্যয় কৰিব লগাত পৰিছে৷

প্ৰদূষণঃ

এই দূৰ্ঘটনাই সমূদ্ৰৰ আলফুলীয়া জীৱজগতত অবিৰত ভাৱে ডাঠ কলা খনিজ তেল সিচি দি তাৰ প্ৰকৃতিক ভাৰসাম্য হেৰুৱায় পেলাইছে৷ মেস্কিক’ উপসাগৰৰ উপকূলত ইতিমধ্যে কিছুমান আলকাতৰাৰ লদা (tar ball) আৰু ডাঠ খনিজ তেল দেখিবলৈ পোৱা গৈছে৷ সাগৰীয় মাছ-কাছ, চৰাই-বৃক্ষ আদি হানি কৰাৰ লগে লগে মাছ মৰীয়া, মস্যপাম, নিমখ বনোৱা কাৰখানা, সাগৰ তীৰৰ বিনোদন উদ্যোগ আদিত আৰ্থিক ভাৱে বহু হানি কৰিছে৷
পৰিষ্টিতি ইমানেই গম্ভীৰ ৰূপ লৈছে যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই নিজে ইয়াৰ দৈনিক খতিয়ান লৈছে৷ খাদটো নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰাময় কৰিবলৈ সকলো ব্যৱস্থা যাতে লোৱা হয় তাৰ বাবে তেওঁ সুনিশ্চত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷
  
নিয়ন্ত্ৰণঃ
সমূদ্ৰপৃ্ষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত পানীৰ চাপ ইমানেই বেছি যে কোনো ডুবাৰু তালৈ যাব নোৱাৰে৷ সকলো কাম অত্যাধুনিক ৰবট-বাহুযুক্ত দূৰৰ পৰা পৰিচালিত যানৰ (ROV = remotely operated vehicles) সহায়তে কৰিব লগা হয়৷
এই দ পানীৰ তলিত থকা খাদটো নিয়ন্ত্ৰণ কৰিবলৈ চালি থকা প্ৰচেষ্টাৰ চলন্ত ভিডিঅ’ দেখিবলৈ পোৱা যায় বিপিৰ জালস্থানত বৰ্তমান এটা প্ৰকাণ্ড ওলোটাই থোৱা চুপিৰ দৰে আহিলা (lower marine riser package)ৰ সহায়ত খাদটো কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ ইয়াৰ চলচিত্ৰ-বিৱৰণ এই সংযোগত পোৱা যায়৷




প্ৰসংগপুঠি / উত্সঃ
১. www.bp.com
২. www.wikipedia.org

Saturday, May 15, 2010

চীনদেশলৈ গৈছিলো - ৩ : চাওলিন বৌদ্ধ মন্দিৰ

বিশ্ব-বিখ্যাত 'কুং-ফু' ৰণকলাৰ (martial arts) জন্মস্থান চাওলিন বৌদ্ধ মন্দিৰ (shaolin temple) চান্নিহতঁৰ ঝংঝৌ চহৰৰ পৰা মাত্ৰ ২ ঘণ্টাৰ বাট৷ আমি তালৈও গৈছিলো৷ এই মন্দিৰ আচলতে কেইবাটাও সৰু ডাঙৰ মন্দিৰ, বৌদ্ধভিক্ষুক (monk) থকা ঘৰ, ৰণকলা আখৰাঘৰ আদিৰে এটা বিশাল এলেকাৰ বৌদ্ধ-বিহাৰ (monastery)চং পৰ্বতৰ সুমাজত সেউজীয়া গছ-গছনীৰে আবৃত বৌদ্ধ-বিহাৰখনৰ পৰিবেশ অতি মনোৰম৷

Wednesday, May 12, 2010

চীনদেশলৈ গৈছিলো - ২ : অভ্যৰ্থনা

পাপু-চান্নিৰ বিয়াৰ অভ্যৰ্থনা (ৰিচেপচন) পতা হৈছিল ঝেংঝৌ চহৰৰ ডাঙৰ ৰেষ্টোৰেণ্ট এখনত৷ ৰেষ্টোৰেণ্টখন ইমানেই ডাঙৰ আছিল যে ৰন্ধনশালাৰ পৰা বেহেৰাসকলে স্কেতিং শ্বু অৰ্থাৎ চকা থকা জোতা পিন্ধিহে আহাৰ আনিছিল৷
ৰেষ্টোৰেণ্টত আছিল বহুতো খোৱা কোঠালী৷ প্ৰতেক কোঠালীতে এখন ডাঙৰ ঘুৰনীয়া টেবুল, ১০-১২ জন মানুহ বহিব পাৰে, লগতে এটা attached পাইখানা (খাই খাই বৰপানী চুব লগা হ’লে বেছি দুৰ দৌৰ দিব নালাগে!) আৰু এজনী পৰিচাৰিকা৷

Tuesday, May 11, 2010

চীনদেশলৈ গৈছিলো - ১ : খাদ্যাভ্যাস

২০০৮ চনৰ জুলাই মাহত ফুৰিবলৈ আৰু 'মিতিৰ' খাবলৈ চীনদেশলৈ গৈছিলো৷ ভ্ৰমণ কাহিনী লিখিম লিখিম বুলি থাকোতে থাকোতে আজি দুবছৰ হৈ গ’ল৷ পলমকৈ হলেও তাৰ আচহুৱা অভিজ্ঞতাবোৰ লিখি থওঁ বুলি ভাবিছো৷

মোৰ খুলশালি সন্দিপ বা পাপুৱে আমেৰিকাত পঢ়ি থকোতে সহপাঠী চীনদেশৰ চইয়াং ঝাং (Shuoyang Zhang) বা 'চান্নি'ক বিয়া কৰাবলৈ মনস্থ কৰিলে৷ সেই সুত্ৰে নিমিশতে মোৰ বহুতো চীনা মিতিৰ-কুতুম হৈ গ’ল৷ ২০০৮ চনৰ জুলাই মাহত তেওঁলোকে চীনা প্ৰথাৰে পতা বিয়াত আমি দৰা ঘৰীয়া হৈ গৈছিলো৷ দৰা ঘৰীয়াত আছিলো আমি মাত্ৰ তিনিটা প্ৰাণী - আমাৰ তিনি বছৰীয়া প্ৰিতু, মোৰ পৰিবাৰ অৰ্থাৎ দৰাৰ বায়েক আৰু মই৷

Wednesday, May 5, 2010

ৰংপুৰৰ ৰঙালী ডেকা

কোনো কামত এঠাইলৈ যাব লগা হোৱাত, আবুধাবী চহৰৰ ৰাষ্টাৰ ভিৰৰ ভয়ত নিজৰ গাড়ীখন উলিওৱাৰ সলনি টেক্সীতে যাওঁ বুলি সিদ্ধান্ত ল’লো৷ ঘাইপথৰ দাঁতিত হাত বাউলি দি টেক্সী এখন ৰখালো৷ আগ চিটতে বহি লৈ চিটবেল্ট্ লগাই ড্ৰাইভাৰজনক গন্তব্যস্থান ক’ত ক’লো৷ এজন ৰঙীয়াল ডেকা, গাড়ীৰ ৰেডিঅ’টোত বাজি থকা বলিওডৰ সংগীৰৰ তালে তালে মূৰ জোকাৰি জোকাৰি তেওঁ ভিৰ নেওঁচি, যান-জঁট ভাঙি গন্তব্যস্থানলৈ গৈ থাকিল৷

Sunday, May 2, 2010

ককাদেউতাৰ সাধুকথা আৰু কিছু চিন্তা...

জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা ল’ৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷

Wednesday, April 28, 2010

আহঁক, চাইবাৰজগতত অসমীয়া সমল বৃদ্ধি কৰোঁ....

'শব্দ'-ৰ দফা বিশ্লেষক বা 'পাৰাগ্ৰাফ এনেলাইজাৰ' (PARANZ 2010), তৈয়াৰ কৰা হৈছিল কোনো দফাত থকা 'শব্দ'ত নথকা নতুন শব্দ সহজে বিচাৰি উলিয়াবৰ বাবে৷ প্ৰথমতে মই ভাবিছিলো যে এনেদৰে বহু নতুন শব্দ বিচাৰি পোৱা যাব৷ কিন্তু অনতিপলমে মোৰ আশাত চেচা পানী পৰিল৷ চাইবাৰজগতত 'গুগলিয়াই' চলাথ কৰিলো, মাত্ৰ আঙুলিৰ মুৰত গনিব পৰা দুখনমান জালস্থানহে পালো য’ত ইউনিকোডত লিখা অসমীয়া সমল (content) পোৱা যায়...
১ - ৱিকিপেদিয়াৰ কেতবোৰ পৃষ্ঠা
২ - প্ৰিয়াংকু, অঞ্জলহতঁৰ ব্লগসমূহ
৩ - নকিয়া কোম্পানিৰ জালস্থান
৪ - ৰাষ্টীয় অনুবাদ অভিযানৰ জালস্থান
৫ - প্রাকজন্ম বিকাশৰ জীবন-বিজ্ঞান
৬ - GotQuestions.Org
৭ - চন্দ্ৰকান্ত অভিধান
আদি৷