Wednesday, December 24, 2014

উচ্চাৰণ হেৰাল....

শিক্ষা, ভ্ৰমণ আৰু কৰ্ম এই তিনি জীৱন ৰথে মোক পৃথিৱীৰ বিভিন্ন দেশলৈ লৈ গৈছে৷ সুদূৰ অমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি মেস্কিক’, সংযুক্ত আৰৱ আমিৰেট আৰু মায়ায়েচিয়াত চাকৰিসুত্ৰে দীৰ্ঘদিন থকাৰ বাহিৰেও বিনোদ-ভ্ৰমণ  অথবা প্ৰশিক্ষণ আদিৰ যহত ফৰাচীদেশ, ৰুছদেশ, চীনদেশ, কুৱেইট, অ’মান, চিংগাপুৰ, ইন্দোনেচিয়া আদি দেশটো পদাপৰ্ণ কৰিলোঁ৷ প্ৰতিখন দেশৰ নীতি-নিয়ম, মানুহৰ ৰহণ-কৰণ, ভাষা আদি ভিণ-ভিণ৷ তাৰে ভিতৰত 'ভাষা' এনে এটি দিশ যি মোক স্বাভাৱিকভাৱে আকৰ্ষিত কৰি আহিছে৷ ভাষাৰ এটা দিশ অতি আমোদজনক - কোনো কোনো ভাষাত কোনো উচ্চাৰণ একেবাৰে পোৱা নাযায়। ই কেতিয়াবা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰে। আজি ইয়াত এই ক্ষেত্ৰত মোৰ কিচুমান ব্যক্তিগত অভিজ্ঞতা আলোচনা কৰিলোঁ৷

(১)
২০০১ চনৰ শেষ ভাগত মেস্কিকোলৈ চাকৰি কৰিবলৈ আহো৷ অ’ ৰ’ব, 'মেস্কিকো' হয়নে? ইংৰাজীত Mexico বুলি লিখে আৰু 'মেস্কিকো' বুলি উচ্চাৰণ কৰে৷ কিন্তু স্থানীয় স্পেনিচ ভাষাত 'মেসিকো' বুলি উচ্চাৰণ কৰে, ইয়াত 'স'ৰ উচ্চাৰণ সাইলাখ অসমীয়াত 'অসম' উচ্চাৰণ কৰোতে, 'স' যি উচ্চাৰণ সেই উচ্চাৰণ৷ তেওঁলোকে 'x' বৰ্ণটোক 'স' উচ্চাৰণ কৰে৷ সেয়ে Texas-ৰ উচ্চাৰণ 'টেসাচ', 'টেস্কাচ' নহয়৷ স্পেনিচত আৰু কিছুমান আচহুৱা উচ্চাৰণৰ সন্মূখিন হ’লো৷ মোৰ সহকৰ্মী আৰু মেসিকান বন্ধু গিয়েৰম’ কাবায়ৰো ইংৰাজীত অলপ কেছা৷ তেওঁ প্ৰায়েই কথাবোৰ অজানিতে হাঁহি উঠা কৰি দিয়ে৷ এদিন বন্ধুৱে ক’লে - 'লেটচ গ’ টু টাৰজেট' মানে "Target নামৰ দোকানখনলৈ যাওঁ ব’লা৷" g-ৰ উচ্চাৰণ 'জ', 'গ' নহয়৷ আন এদিন তেওঁ মোক লগ ধৰিলে - 'হুষ্ট ফৰ ফিট'লৈ যাবলৈ৷ কিছুপৰ মই তত ধৰিব নোৱাৰিলো৷ যেতিয়া বুজি পালোঁ, মোৰ হাঁহিত নাড়ী-ভুঁৰু উলাই যাওঁ যেন হ’ল - তেওঁ 'Just for feet' বুলি জোতাৰ দোকানখনলৈ লগ ধৰিছিলে৷ তেওঁলোকে 'J' আখৰটো 'হ'ৰ দৰে উচ্চাৰণ কৰে৷ 'th' তেওঁলোকে উচ্চাৰণ কৰিবই নোৱাৰে - 'টিয়ৰি' মানে Theory, 'টমাচ' মানে Thomas আদি তেওঁৰ মুখত প্ৰায়েই শুণা যায়৷ স্পেনিচত লিখোতেও তেওঁলোকে  teoria, tomas এইদৰেই লিখে৷ ll-ৰ উচ্চাৰণ 'য়'ৰ দৰে, যেনে llama জন্তুটোক তেওঁলোকে 'য়ামা' বুলি কয়৷

(২)
২০০৫ চনৰ আৰম্ভনীতে সংযুক্ত আৰব আমিৰেটৰ আবুধাবি মহানগৰলৈ চাকৰি কৰিবলৈ আহো৷ নতুন চহৰ, নতুন পৰিবেশ৷ কেইদিনমান যোৱাৰ পাছত গাড়ী চলোৱাৰ অনুমতিপত্ৰ উলিয়াবলৈ মন মেলিলো৷ ইয়াত অনুমতিপত্ৰ পোৱাটো অতি টান কাম৷ বহুবাৰ পৰীক্ষা দিয়াৰ পিছতহে অনুমতিপত্ৰ পায়... ৬ মাহৰ পৰা এবছৰ পৰ্যন্ত লাগি যায়৷ ময়ো সকলো প্ৰয়োজনীয় কাগজ-পত্ৰ যোগাৰ কৰিলো৷ এদিন বন্ধু এজনৰ সৈতে অনুমতিপত্ৰ দিয়া কাৰ্যলায় পালোগৈ৷ বহুতো মানুহ শাৰী পাতি আছে৷ ময়ো শাৰীত থিয় হ’লো৷ আধা ঘণ্টামানৰ পিছত খিৰিকী পালোগৈ৷ খিৰিকীৰ সিপাৰে গহীন এমিৰেটি ডেকা এজন বহি আছে৷ বয়স ২৫-৩০ মান হ’ব৷ শুদ্ধ শুকুলা আৰবী পোছাক৷ মোৰত ৰঙা-বগা চেক-চেক থকা এখন কাপোৰ৷ তেওঁলৈ মই কাগজখিনি আগ বঢ়াই দি মিচিকিয়াই হাঁহি এটা মাৰিলো৷ গোমোথাকৈ কাগজখিনি লৈ তেওঁ পৰীক্ষা কৰিবলৈ ল’লে৷ দুখনমান কাগজ ইফাল-সিফাল নিজেই কৰি ল’লে৷ দুখনমান কাগজ প্ৰয়োজন নাই বাবে মোক ঘুৰাই দিলে৷ শেষতে তেওঁ মোলৈ চাই ক’লে - "ব’ত’ ব্লিজ"৷

কি ক’লে মই ধৰিব নোৱাৰিলো৷ আকৌ শুধিলো - "ইয়েচ ?"৷ তেওঁ আকৌ ক’লে - "ব’ত’, ব’ত’"৷ মই নিঃশব্দ হৈ বুজিবলৈ চেষ্টা কৰিলো৷ এইবাৰ তেওঁ অলপ বিৰক্ত হৈ অলপ উচ্চ স্বৰে ক’লে - "আই নিড ইয়ৰ ব’ত’ !" তেওঁ নিজৰ মুখখনতে হাত বুলাই কিবা বুজাবলৈ চেষ্টা কৰিলে৷ মই বুজি নাপালো৷ মোৰ পিছৰ মানুজন ভাৰতীয় আছিল৷ সৰুকৈ হাঁহি এটা মাৰি মোক তেওঁ বুজাই দিলে - "তেওঁক 'ফটো' লাগে৷ আপুনি পাচপ’ৰ্ট ফটো দিয়া নাই নেকি?"

অহ ! ব’ত’ - অৰ্থাৎ ফটো, আলোকচিত্ৰ !! হয়, ফটোখন কাগজখিনিৰ লগত দিবলৈ পাহৰিছিলো৷ হঠাৎ মনত পৰিলে মোৰ ফটো, বন্ধুৰ গাড়ীতেই থাকিল৷ মই আৰব ডেকাজনক বুজাই দিলো যে মোৰ ফটোখন পাৰ্কিং লটত মোৰ বন্ধুৰ গাড়ীতেই থাকি গ’ল৷ তেতিয়া তেওঁ মোক ক’লে - "অ’কে, গৌ টু বাৰ্কিং লট এণ্ড ব্ৰিং দা ব’ত’ ব্লিজ" !

ক্ৰমে বুজি পালো - আৰবী ভাষাত "প" নাই৷ তাৰ সলনি "ব" ব্যৱহাৰ কৰে৷  "বাকিস্তান" (Pakistan), "ব’ৰ’চিটি" (porosity), বাৰ্ক (park), "ব্লিজ" (Please) আদি ক্ৰমে মই বুজি পোৱা হৈ আহিলো৷


(৩)
২০০৮ চনত চীনদেশত ফুৰিবলৈ গৈছিলোঁ৷ দোকানে দোকানে ফুৰি ফুৰোতে এঠাইত এখন চীনা পাৰম্পৰিক মোহৰ তৈয়াৰ কৰা দোকান দেখা পালো৷ "য়িনচুৱা" (yìnshuā) বুলি জনাজাত এই মোহৰবোৰে চীন, জাপান আদি দেশৰ প্ৰখ্যাত চিত্ৰশিল্পী, কবি, লেখক আদিৰ সাক্ষৰৰ দৰে কাম কৰে৷ তেওঁলোকে সৃষ্টি কৰা চিত্ৰ, ভাষ্কৰ্য্য, কবিতা, লিখনি আদিত এনে মোহৰ পোৱা যায়৷ তাৰ পৰা দৰ্শকে সৃষ্টি-কৰ্তাজনৰ পৰিচয় পায়৷ শিল, হাটিৰ দাঁত আদিৰে তৈয়াৰী এনে মোহৰ নকল কৰা সহজ নহয় আৰু নকল কৰিলেও ইয়াক ঘোৰ অপৰাধ বুলি গণ্য কৰা হয়৷ সেয়ে অতীজৰ পৰা এনে মোহৰে শিল্পীজনৰ পৰিচয় দিয়াৰ লগতে 'piracy' ৰোধ কৰাত সহায় কৰি আহিছে৷

ময়ো ভবিষ্যতে কেতিয়াবা প্ৰখ্যাত শিল্পী, কবি, লেখক কিবা হ’লে প্ৰয়োজন হ’ব বুলি নিজৰ নামৰ মোহৰ এটা তৈয়াৰ কৰি লও বুলি ভাৱিলোঁ৷ দোকানীজনে মোৰ নামটো ইংৰাজীতে লিখি দিবলৈ কাগজ এখন দিলে৷ মই লিখি দিলো - "BIKRAM"৷ তেওঁ শব্দটো চাই কিছুপৰ চিন্তা কৰিলে৷ তাৰ পিছত মোক সুধিলে  - "বি-লা-আম?"
মই শুধৰাই দিলো - "নহয়, 'বিক্ৰম'"

এখন  প্ৰকাণ্ড অভিধানৰ দৰে কিতাপ উলিয়াই আনি খুব ইফাল-সিফাল লুটিয়াই মেলি চালে৷ তেওঁ বগা কাগজ এখনত চীনা আখৰত কিবা-কিবি আঁক-বাঁক লিখি চালে৷ কিন্তু আকৌ যেন কিবা এটা খেলি-মেলি লাগিল৷ মোৰ ফালে বিত-চকুৰ তলেদি চাই তেওঁ মোক আকৌ সুধিলে - "বি- ক্লাম?" মই আকৌ মিচিকিয়াই হাঁহি ধৈয্যেৰে শুধৰাই দিলোঁ - "বিক্ৰম"৷ শব্দটো তিনি-চাৰিবাৰমান লাহে লাহে যিমান পাৰি স্পষ্টকৈ ক’লো৷ তেওঁ বহু মনোযোগেৰে শুনিলে৷ কিন্তু তেওঁ যেন হাত দাঙি দিলে৷ ভিতৰৰ পৰা আন এজন অভিজ্ঞ কাৰিকৰক মাতি আনিলে আৰু মই লিখি দিয়া  কাগজখন দেখুৱালে৷ দুজনে চীনা ভাষাতে বহু কিবা আলোচনা কৰিলে বগা কাগজখনত আঁক-বাঁক কৰি, তৰ্ক-বিতৰ্ক কৰিলে৷ অৱশেষত দুয়ো এটা মীমাংসাত উপনিত হ’ল আৰু মোক মোৰ সাক্ষৰ-মোহৰটি পাথৰত খোদিত কৰি দিলে৷ চীনা লিপিৰ লগতে ইংৰাজী লিপিটো তেওঁ মোহৰটো খোদিত কৰি দিলে৷ মোৰ জন্ম বছৰ মতে চীনা জ্যোতিষ অনুসৰি মোহৰৰ আগটো ঘোৰা আকৃতিৰ কৰি দিলে৷ ভঙা, ভঙা ইংৰাজীত মোক বুজাই দিলে যে ই চিৰ-জীৱন থাকিব, ক্ষয় নাযায় ৷

ময়ো আনন্দ মনে মোৰ "য়িনচুৱা" লৈ ঘৰ পালোহি৷ চীনদেশ ভ্ৰমণৰ শেষত নিজ কৰ্মভূমি আবু-ধাবি পালোহি৷ কামত ব্যস্ত হৈ পৰিলো৷ কাপোৰ-কানী সামৰোতে বেগৰ মাজৰ পৰা এদিন "য়িনচুৱা"টো ওলাল৷ কাগজ এখনত মোহৰটো মাৰি চালো৷ সুন্দৰ ৰঙা চতুৰ্ভূজ আকাৰ মোহৰটো মোৰ বৰ পছণ্ড হ’ল৷ মোৰ এজন চীনা সহকৰ্মী আছিল - "জিয়াজু উই" (Jiaju Yi)৷ তেওঁক এদিন গৌৰবেৰে মোহৰটো দেখুৱালো৷ তেওঁ অলপ হাঁহিলে৷ মই বুজি নাপালো৷ কিয় হাঁহিলে সুধাত তেওঁ মোক বুজাই দিলে - "মোহৰটোত 'বি-আক-লাম' বুলি তিনিটা চীনা আখৰৰ সমষ্টি আছে৷ আচলতে চীনাত মানে মান্দৰিন ভাষাত মোৰ নামটো তেনেকৈয়ে লিখিব লাগিব, তাতকৈ ভাল কৰিব নোৱাৰি৷ তদুপৰি চীনা-ভাষাত 'ৰ'-ৰ উচ্চাৰণ নাই৷ 'ৰ'-ৰ সলনি 'ল' ক’ব লাগিব৷ গতিকে মোৰ নামটো অতি যত্ন কৰি ক’লেও - 'বিক্লাম' হে হ’ব৷ কোনো উপায় নায়৷"

ময়ো ভাবি সান্তনা লভিলোঁ - নাই মোমাইতকৈ কণা মোমায়েই ভাল - মোৰ অন্ততঃ এটা নিজস্ব "য়িনচুৱা" আছে, কেতিয়াব কোনো শিল্প কৰ্ম কৰিলে ব্যৱহাৰ কৰিব পাৰিম!!

(৪) 
এইবাৰ মালায়চিয়া পালোহি- ২০১১ চনৰ শেষ ভাগত৷ নতুন কোম্পানী, নতুন চাকৰি, নতুন দেশ, নতুন ঠাই৷ প্ৰথম দুদিনমান প্ৰায় সকলোবোৰ স্থানীয় খাদ্যৰ ভোজনালয়ত খাদ্য-তালিকাত এবিধ খাদ্যৰ নাম দেখি বৰ আনন্দিত হৈছিলোঁ - 'আচাম লাকচা', 'আচাম চিকেন' ইত্যাদি !! নিজ প্ৰদেশৰ নামটো খাদ্য-তালিকাত দেখি বৰ ফুৰ্তি পাইছিলোঁ৷ অসমৰ খাদ্য ইয়াত বৰ জনপ্ৰিয় বুলি ভাৱিছিলোঁ‌। কিন্তু, সোনকালে সেই ভ্ৰান্তি ভঙ্গ হ’ল - মালায় ভাষাত 'আচাম' মানে তেঁতেলী৷ তেওঁলোকৰ তেঁতেলী দিয়া বিভিন্ন ব্যঞ্জন আছে, সেইবোৰক 'আচাম অমুক', 'আচাম তমুক' বুলি নাম দিয়ে৷ কেতিয়াবা 'Assam' আৰু কেতিয়াবা 'Asam' বুলি লিখে৷

মালায়সকলে 'ৰ', 'ত' আদি উচ্চাৰণ কৰিবলৈ বৰ টান পায়৷ বেংকৰ 'একাউন' খুলিলোঁ, 'কেডিট কাড'ৰ বাবে আবেদন কৰিলো, আৰু আমাৰ ঘৰৰ 'পচ-কড'টো ৫০২০০ বুলি জানিলো৷ বাট-পথবোৰৰ নামত প্ৰায়েই 'জালান' শব্দটো পোৱা যায়, যেনে- 'জালান আমপাং', 'জালান পি ৰামলি' আদি৷ তাকে দেখি ডিব্ৰুগড়ৰ 'জালান নগৰ'ৰ কথা মনত পৰি গ’ল৷ কোনোবা 'জালান' উপাধিৰ মাৰৱাৰী ভদ্ৰলোকৰ নামত সকলোবোৰ নামাকৰণ কৰা বুলি প্ৰথমতে ভাৱিছিলোঁ৷ কিন্তু নহয়, পিছলৈ জানিলোঁ- মালায় ভাষাত 'জালান' মানে ৰাষ্টা বা পথ৷

মালায় ভাষাত ভাৰতীয় আৰু আৰৱী ভাষাৰ প্ৰভাৱ বহু দেখিবলৈ পোৱা যায়৷ যেনে- Duta (দূত), Gajah (গজ), Wira (বিৰ), Raja (ৰজা), Wakil (উকিল), Wangsa (বংশ), Denta (দণ্ড), Sewa (সেৱা) আদি৷ এই শব্দবোৰ তেওঁলোকে বহুলভাৱে ব্যৱহাৰ কৰা দেখি কিবা এটা অজান আনন্দ পাওঁ, কাৰণ তেওঁলোকৰ উচ্চাৰণ আৰু ব্যৱহাৰ আমাৰ উচ্চাৰণ বা ব্যৱহাৰতকৈ কেতিয়াৱা বহু বেলেগ৷ যেনে - Antarawangsa (আন্তঃবংশ) মানে আন্তঃজাৰ্তিক (International)৷ Denta মানে জৰিমনা, Diraja মানে ৰাজকীয় (Royal), Sewa মানে ভাড়া আদি৷

"Denda" (মানে ’দণ্ড’ বা জৰিমনা) আৰু "Kod" (= Code) শব্দ দুটা থকা মালায়চিয়াৰ কুৱালালামপুৰ চহৰৰ এখন জাননীফলক৷ 
এতিয়া আচল প্ৰসংগলৈ আহো৷ কিছুমান ভাষাত কিছুমান উচ্চাৰণ নথকাটো স্বাভাৱিক৷ ইংৰাজীটো অসমীয়া 'স' উচ্চাৰণ নাই৷ 'ধ' মানে 'dh' উচ্চাৰণো ইংৰাজীৰ বাবে আচহুৱা - কাৰণ ভাৰতীয়া ভাষাৰ পৰা অহা 'Dharma' শব্দৰ বাদে ইংৰাজীৰ কোনো শব্দত 'dh'- থকা দেখা নাযায়৷ অসমীয়াতো বহু উচ্চাৰণ নাই৷ ই ভাষাটোৰ প্ৰতিবন্ধকতা নহয়, বৰং ই ভাষাটোৰ বৈশিষ্ট্যহে৷ এই বৈশিষ্ট্য অব্যাহত ৰখা আমাৰ দ্বায়িত্ব।

---- আজিলৈ ইমানতে থলোঁ----