Tuesday, February 26, 2013

মঙ্গলযান

বিজ্ঞান, প্ৰযুক্তিয়ে মোক সদায়েই আকৰ্ষিত কৰে, উত্তেজিত কৰে৷ ভাৰতে এই বছৰৰ (২০১৩) নবেম্বৰ মাহত মঙ্গল গ্ৰহলৈ এখন মহাকাশ যান পঠিয়াব৷ নামটো 'মঙ্গলযান'৷ যোৱা বছৰ প্ৰধান মন্ত্ৰী শ্ৰীমনমোহন সিং, আৰু এইবাৰ ৰাষ্ট্ৰপতি মহোদয় প্ৰণৱ মুখাৰ্জীয়েও কথাটো ঘোষণা কৰিলে৷

মঙ্গল যাত্ৰাৰ সকলোতকৈ জটিল কাৰিকৰী প্ৰত্যাহ্বান হ’ল - ইয়াৰ ইঞ্জিনটো প্ৰায় ৩০০ দিন বন্ধ হৈ থকাৰ পিছত আকৌ পূনঃ সজীৱ কৰি তুলাটো৷ পৃথিৱীক অৱৰ্তণ কৰি অৱস্থাত এই ইঞ্জিন ৱ্যৱহাৰ হ’ব কক্ষপথৰ ব্যাস ক্ৰমান্নয়ে বৃদ্ধি কৰিবলৈ৷ তাৰ ৩০০ দিনৰ পিছত মঙ্গল গ্ৰহৰ ওচৰ চপাৰ লগে লগে এই গ্ৰহৰ মধ্যাকৰ্ষণৰ কবলত আহিবলৈ আকৌ  ইঞ্জিনটো চলাব লাগিব৷ ইমান দিন অতিপাত শীতল মহাকাশৰ মাজেৰে যোৱাৰ পিছত ইয়াক সজীৱ কৰিব পৰা যাবনে?

বহু বিদেশী সমালোচকে এই বছৰৰ নবেম্বৰ মাহত এই মহাকাশ যান তৈয়াৰ হৈ উঠিব পাৰিব নে নাই সন্দেহ প্ৰকাশ কৰা দেখা যায়৷ তেওঁলোকৰ মতে সময় বৰ টাকৰ - ইমান কম সময়ৰ ভিতৰত বিভিন্ন কাৰিকৰী আহিলাৰ তৈয়াৰ আৰু পৰীক্ষা হৈ উঠাটো প্ৰায় অসম্ভৱ৷ প্ৰকল্পটোৰ পৰিকল্পনাৰ ওপৰতেই ই নিৰ্ভৰ কৰিছে৷ প্ৰতিস্থানৰ কৰ্মকৰ্তাসকলে নিশ্চয় সু-পৰিকল্পিত আচঁনি লৈছে বুলি আশা কৰিছো৷

আমোদজনকভাৱে মই বাতৰি-কাকত আদিৰ বাহিৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিস্থানৰ কোনো চৰকাৰী জালপৃষ্ঠা বিচাৰি পোৱা নাই৷ কোনো পঢ়োৱৈয়ে পালে মোক জনালে নথৈ আনন্দিত হ’ম৷


তথ্যসূত্ৰ: