Thursday, December 20, 2018

Letter 20180706 Scancopy

Click here for UNICODE Version






পৰামৰ্শৰ বাবে চিঠি ...

[ চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ 'প্ৰয়োগ' আলোচনীৰ বিংশ সংস্কৰণত প্ৰকাশিত৷  Scanned Copy ইয়াত পাব]

06-জুলাই-2018
গুৱাহাটি
প্ৰতি,
সঞ্চালক,
চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়
ৰাজনৈতিক বিভাগ, দিশপুৰ, অসম

মাননীয় মহোদয়,

এজন সচেতন নাগৰিক হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ কথালৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰা দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখা দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷  প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়ত, সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷  বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷

অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কেইটামান “প্ৰস্তাৱ” সন্মানীয় সঞ্চালকাললৈ আগবঢ়ালোঁ৷ প্ৰতিটো প্ৰস্তাৱৰ আৰম্ভণিতে কিয় বা কি “পৰিস্থিতি”ৰ বাবে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে তাৰ ব্যাখ্যা কৰা হ’ল৷ তাৰ পিছত ইয়াৰ কিছুমান সাম্ভাৱ্য “সমাধান” আগবঢ়োৱা হ’ল৷ 

প্ৰস্তাৱ নং-১: “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”

পৰিস্থিতি:
আজি আমাৰ মাজলৈ দৈনিক নতুন নতুন যন্ত্ৰ-পাতি, সা-সঁজুলি, বস্তু-বাহিনী অহাৰ লগতে বিভিন্ন সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক ধাৰণাও আহি আছে৷ এইবোৰ বুজাবলৈ নিতৌ নতুন শব্দৰ উদ্ভাৱন হৈ আছে৷ প্ৰথমে ইংৰাজীত,  তাৰ পিছত হিন্দী, বাংলা আদি ভাষাৰ লগতে অসমীয়া ভাষাতো এই শব্দবোৰ ব্যৱহাৰ হ’বলৈ ধৰিছে৷
অসমীয়া ভাষাৰ পৰিভাষা উদ্ভাৱন আৰু ব্যৱহাৰত বিভিন্ন চৰকাৰী / বেচৰকাৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত এনেবোৰ বিসংগতি দেখা যায়:
(ক) একেটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰে৷
(খ) একেটা শব্দ বিভিন্ন বানানেৰে লিখা হয়৷
(গ) কোনো অৰ্থ বহন কৰা সুন্দৰ অসমীয়া শব্দ থকা সত্ত্বেও, কোনো কোনোৱে তাক ব্যৱহাৰ নকৰি, হিন্দী বা ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰা দেখা যায়৷
আনহাতে কোনো অসমীয়া শব্দ ব্যৱহাৰ কৰিলে, তাক লিখকে প্ৰকৃতাৰ্থত কি বুজাব বিচাৰিছে তাত প্ৰায়েই আউল লাগে৷ এনে বেমেজালিৰ পৰা হাত সাৰিবলৈ বন্ধনীত ইংৰাজী শব্দটো লিখি দিব লগা হয় বা তাক লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা হয়৷

সমাধান:
এই  পৰিস্থিতিৰ সমাধান হিচাপে এক “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী” (Terminology Management System)-ৰ সহায় ল’ব পৰা যায়৷ ই হ’ল এটা কম্পিউটাৰৰ তথ্যভাণ্ডাৰ (Computer Database) আৰু তাৰ লগত জড়িত ছফ্টৱেৰ, ৱেবচাইট আদিৰ সমষ্টি৷
ইয়াক দুটা পৰ্য্যায়ত ৰূপায়ন কৰিব পৰা যায়৷

পৰ্য্যায়-১: ইতিমধ্যে থকা পৰিভাষাসমূহ নিয়াৰিকৈ এই তথ্যভাণ্ডাৰৰ অন্তৰ্ভূক্ত কৰা৷ ইয়াৰ বাবে সঞ্চালকালয়ে প্ৰকাশ কৰা বিভিন্ন গ্ৰন্থৰ সহায় ল’ব পাৰি৷ যেনে- (ক) প্ৰশাসনীয় পৰিভাষা আৰু (খ) চলন্ত অভিধান৷

পৰ্য্যায়-২: নতুন প্ৰতিশব্দ উদ্ভাৱন আৰু প্ৰচলনৰ বাবে এক “প্ৰশাসনীয় ব্যৱস্থা” ল’ব পৰা যায়৷ এই “ব্যৱস্থা” এনে হ’ব পাৰে:

(ক) এখন “পৰিভাষা সমিতি” গঠন কৰা হওক৷ এই সমিতিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী  অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি থাকিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক আদি৷

(খ) শব্দৰ প্ৰস্তাৱনা – ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ “পৰিভাষা সমিতি”ৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷ 

সমিতিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷ 
এই সকলোবোৰ কাম ইন্টাৰনেটৰ যোগেদি “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”ৰ মাজতে হওক৷

(গ) শব্দৰ সংজ্ঞা – “পৰিভাষা সমিতি”ৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ৱেবচাইটত উপলব্ধ হওক৷ কেতিয়াবা কোনো ইংৰাজী শব্দৰ “সঠিক অৰ্থ”ৰ অসমীয়া প্ৰতিশব্দ পোৱা নাযায়৷ এনে পৰিস্থিতিত আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷

(ঘ) সকলো চৰকাৰী কাৰ্য্যালয়ত এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব৷ বিশ্ববিদ্যালয়সমূহ, বাতৰি-কাকত / আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল আদি সকলোকে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হওক৷
এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়া নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো সাঙুৰি লোৱা উচিত৷
Ref: https://www.andovar.com/terminology-management/

প্ৰস্তাৱ নং-২: লিপ্যান্তৰ বিধি

পৰিস্থিতি:
লিপ্যান্তৰ দুই ধৰণৰ হ’ব পাৰে –
(ক) অসমীয়া শব্দ ইংৰাজী বৰ্ণমালাৰে লিখা
(খ) ইংৰাজী শব্দ অসমীয়া বৰ্ণমালাৰে লিখা
এই দুই ক্ষেত্ৰতে কোনেও নিৰ্দিষ্ট নিয়ম বা বিধি মানি চলা দেখা নাযায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ “শুদ্ধ” বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷

উদাহৰণ-১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷

উদাহৰণ-২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷ 

উদাহৰণ-৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷

উদাহৰণ-৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷

উদাহৰণ-৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷

উদাহৰণ-৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷

সমাধান:
এখন “লিপ্যান্তৰ বিধি” (Transliteration Protocol) প্ৰণয়ন কৰিব লাগে৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগে৷
এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই “শুদ্ধ” বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ “গৃহীত” হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যান্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷
এবাৰ কোনো শব্দৰ লিপ্যান্তৰ ৰূপ গৃহীত হোৱাৰ পিছত, তাক “প্ৰস্তাৱ-১”ত উল্লেখ কৰা “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”তো অন্তৰ্ভূক্ত কৰা হওক৷

প্ৰস্তাৱ নং-৩: অৰ্হতা পৰীক্ষা

পৰিস্থিতি: 
(ক) বিজ্ঞাপন: বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন, কোম্পানীৰ প্ৰচাৰ-পত্ৰিকা আদি ইংৰাজী বা হিন্দীৰ পৰা অসমীয়ালৈ ভাঙনি কৰোতে বহুতো বিসংগতি দেখিবলৈ পোৱা যায়৷ লিখিত ৰূপৰ লগতে কথিত ভাষাতো বিসংগতি যথেষ্ট দেখিবলৈ পোৱা যায়৷ বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সুদূৰ প্ৰচাৰী প্ৰভাৱ থকাৰ বাবে এই মাধ্যমসমূহত আমাৰ ভাষা বিকৃত নোহোৱাকৈ প্ৰচাৰ হোৱা অতি প্ৰয়োজন৷ 
এই ক্ষেত্ৰত দেখা যায়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানীসমূহে কলিকাতা / দিল্লীত থকা কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সহায়ত এই অনুবাদ কৰোৱাই আৰু সেইবোৰ অসমীয়াৰ সাম্যক জ্ঞান নথকা ব্যক্তিয়ে কৰা বুলি সহজে ধৰিব পাৰি৷ আনহাতে অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদিৰ সম্পাদকসকলৰ ওচৰলৈ এইবোৰ নাহে, গতিকে কোনো শুধৰণিৰ সুবিধা নাথাকে৷ তেওঁলোকৰ “বাণিজ্যিক বিভাগ”সমূহে মুনাফাৰ কাৰণে এই বিজ্ঞাপনবোৰ কোম্পানীসমূহে যেনেকৈ পঠিয়াই ভুলে-শুদ্ধই তেনেকৈয়ে প্ৰচাৰ কৰে৷

(খ) বাতৰি (উচ্চাৰণ) : আনহাতে বিশেষকৈ বৈদ্যুতিন মাধ্যমসমূহৰ সাংবাদদ্বাতাসকল, বাতৰি পৰিবেশন কৰোঁতাসকল উচ্চাৰণত বহুতো ভুল কৰা দেখা যায়৷

(গ) বাতৰি (শব্দ ব্যৱহাৰ): অসমীয়া প্ৰচাৰ মাধ্যমসমূহত বহু ক্ষেত্ৰত কোনো অৰ্থ ব্যৱহাৰ কৰিবলৈ সুন্দৰ / সুপ্ৰতিস্থিত শব্দ থকা সত্ত্বেও অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে – 
ব্যৱহাৰ কৰা শব্দ
সুপ্ৰতিস্থিত অসমীয়া শব্দ
 অৰ্থ
ৰেংক
স্থান
কোনো পৰীক্ষাৰ ফলাফল
পেলিকান
ঢেলা চৰাই
এবিধ চৰাই
দপ্তৰ
বিভাগ
মন্ত্ৰিত্ব

সমাধান:
ইয়াৰ সমাধান কেইটামান পৰ্য্যায়ত হ’ব পাৰে:
পৰ্য্যায়-১: অনুবাদ আৰু উচ্চাৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আৰু “Short Certificate Course” প্ৰণয়ন কৰা৷ ইয়াত ওপৰোক্ত প্ৰস্থাৱ-১ আৰু প্ৰস্থাৱ-২-ৰ সমাধানসমূহত দিয়া বিধিসমূহৰ সবিশেষ প্ৰশীক্ষণ দিব লাগে৷

পৰ্য্যায়-২: “অনুবাদক অৰ্হতা পৰীক্ষা” (Translator’s Eligibility Test) আৰু “পৰিবেশনকাৰী অৰ্হতা পৰীক্ষা” (Presenter’s Eligibility Test)ৰ আয়োজন কৰিব লাগে আৰু সফল পাৰ্থীসকলক  সীমিত সময়-সীমাৰ ম্যাদ থকা অনুজ্ঞা-পত্ৰ (License) দিব লাগে৷ তেওঁলোকে সময়ে সময়ে (ধৰক প্ৰতি তিনি বছৰত এবাৰ) এই পৰীক্ষা দি অনুজ্ঞা-পত্ৰ নবীকৰণ কৰিব লাগিব৷

পৰ্য্যায়-৩: বাতৰিৰ সম্পাদন, বাতৰি পৰিবেশন তথা বিজ্ঞাপন/ দেৱাল লিখন /নামফলক আদি যাতে অনুজ্ঞা-পত্ৰ প্ৰাপ্ত ব্যক্তিহে কৰিব পাৰে তাৰ নিয়ম প্ৰণয়ন কৰিব লাগে৷ 

পৰ্য্যায়-৪: “ভাষা সঞ্চালকালয়”ৰ মঞ্চুৰী-পত্ৰ (Approval) হ’লেহে বিজ্ঞাপন/ দেৱাল লিখন / নামফলক আদি প্ৰচাৰ বা ব্যৱহাৰ কৰিব পাৰিব -এনে প্ৰশাসনিক নিয়ম প্ৰণয়ন কৰে যেন৷ এই মঞ্জুৰী-পত্ৰ অবিহনে GMC-ৰ Trade License আদি যাতে দিয়া নাযায় তাৰ ব্যৱস্থা কৰিব লাগে৷

প্ৰস্তাৱ নং-৪: ইউনিকোড ব্যৱহাৰ

পৰিস্থিতি: 
ইউনিকোড (UNICODE) এনে এটা ব্যৱস্থা যি আমাৰ ভাষাৰ সমলসমূহ বৈজ্ঞানিকভাৱে ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ আৰু জমা কৰি ৰাখিবলৈ সুবিধা কৰি দিয়ে৷
অসমৰ ছপা-মাধ্যমৰ খণ্ডটোত এতিয়াও ইউনিকোডত কাম কৰিবলৈ আৰম্ভ কৰা নাই৷ বহুকেইখনো অসমীয়া বাতৰি কাকত আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ ৱেবচাইট আৰু এপ্প আছে যদিও,  সেইবোৰ অনা-ইউনিকোড মাধ্যমত উপস্থাপন কৰাৰ বাবে কম্পিউটাৰৰ বিভিন্ন সঁজুলিয়ে বা ভাষা-বিজ্ঞানৰ গৱেষকসকলে ব্যৱহাৰ কৰিব নোৱাৰে৷  কিয়নো ছফ্টৱেৰসমূহে ছবি এখনত অসংখ্য আখৰ থাকিলেও সেইয়া ছবি বুলিয়েই ভাবিব৷ গতিকে Google/ Facebook / Yahoo আদিৰ লগতে IIT-Guwahati, Gauhati Universiyu, Tezpur University আদিৰ গৱেষক সকলে অসুবিধাত পৰি আছে আৰু বানান পৰীক্ষক (Spell-checker), যান্ত্ৰিক-অনুবাদ (Machine Translation) আদিৰ দৰে আজিৰ যুগত অতিকৈ প্ৰয়োজন হোৱা সঁজুলিসমূহ তৈয়াৰ কৰি উলিয়াব পৰা নাই৷ 

সমাধান:
পুৰণি ছফ্টৱেৰ/ হাৰ্ডৱেৰ উন্নীতকৰণ (upgrade) কৰি ইউনিকোড ব্যৱহাৰযোগ্য যন্ত্ৰ-পাতি চৰকাৰী বিভাগসমূহত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰক৷ লগতে বেচৰকাৰী অনুস্থানসমূহলৈও তেনে কৰিবলৈ আহ্বান জনাওক৷  বাতৰিকাকতসমূহে দৈনিক ছবি হিচাপে আপলোড কৰাৰ সলনি ইউনিকোডত তৈয়াৰ কৰি বাতৰি বা প্ৰবন্ধসমূহ তেওঁলোকৰ ৱেবচাইটত প্ৰকাশ কৰিবলৈ আহ্বান জনাওক আৰু প্ৰয়োজন হ’লে তেনে কৰিবলৈ আৰ্থিক সাহাৰ্য বা আন সা-সুবিধা আগবঢ়াওক৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগিব৷ 

এই “প্ৰস্তাৱ”সমূহ নিশ্চয় বহু সংক্ষেপ৷ এইবোৰ বিজ্ঞজনৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত বিস্তাৰ আৰু পৰিশোধন কৰাৰ বহু থল আছে৷ আপোনাৰ সঞ্চালকালয়ে এই প্ৰস্তাৱসমূহ গভীৰভাবে চিন্তা কৰি চাবলৈ আৰু সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ প্ৰাৰ্থনা জনালোঁ৷ এই ক্ষেত্ৰত আমি যি পাৰো সঞ্চালকালয়ক সহায়-সহযোগিতা কৰিবলৈ সাঁজো থাকিম৷


বিনম্ৰ সম্ভাষণেৰে,

বিক্ৰম মজিন্দাৰ বৰুৱা
ঘৰ নং-২০, আশোক পথ, চাৰ্ভে বেলতলা, গুৱাহাটী-৭৮১০২৮
দূৰভাষ: ৭০৮৬০৯৪৮০৭; ই-পত্ৰ: bikram98@yahoo.com

Monday, September 10, 2018

ৰানাপ বনাম এন আৰ চি

অসমত আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন (ৰানাপ) লৈ হৈ চৈ লাগি আছে৷ ইয়াত বাট পৰা ৪০ লাখৰ ব্যক্তিৰ ভিতৰত বহু খিলঞ্জীয়া লোকো আছে৷ আনহাতে, ভূৱা নথিপত্ৰ দি বহুতো অবৈধ নাগৰিকে ৰানাপত নামভৰ্তি কৰিছে বুলিও অভিযোগ উঠিছে৷ বহুতে আকৌ অবেদনেই কৰা নাছিল৷ 

ৰ’ব! এইবোৰ কি লিখিছো? 'ৰানাপ'? অৰ্থাৎ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন বা এন আৰ চি-ৰ অধ্যক্ষৰী (acronym)৷  কোনো এখন দৈনিক কাকতত প্ৰকাশিত লিখিনিত পূজনীয় শ্ৰী দেবেন দত্ত চাৰে 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী'ৰ বাবে 'ৰানাপ' বা 'ৰানাপঞ্জী' আদি শব্দৰ ব্যৱহাৰ কৰা দেখি উৎফুল্লিত উঠিলো৷ 'এন আৰ চি'তকৈ এইবোৰ নিশ্চয় সৃজনশীল আৰু সঠিক ভাৱসূচক হোৱাৰ লগতে চমু আৰু শুৱলা৷ এই দৰেই আমি নতুন শব্দবোৰৰ জন্ম দিব লাগিব আৰু জনপ্ৰিয় কৰি তুলিব লাগিব৷ তাকে নকৰি অসমীয়া বাতৰিসমূহে শিৰোনামাত 'এন আৰ চি' ব্যৱহাৰ কৰি এটা নতুন অসমীয়া আদ্যক্ষৰী জনপ্ৰিয় কৰাৰ সোণালী সুযোগ হেৰুৱাই আছে৷

আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ প্ৰতি দিনে আমি কোনো নতুন আহিলাৰ উৎভাৱনৰ সন্মূখিন হৈছো আৰু ক্ৰমান্নয়ে সেইবোৰ আমি ব্যৱহাৰ কৰিবলৈ লৈছো৷ মবাইল ফোন, কম্পিইটাৰ, কী-বৰ্ড, মাউছ, ছিম-কাৰ্ড, আৰু শেহতীয়াকৈ ‘টোল গেট’ আদিৰ দৰে কিছুমান বস্তু আমাৰ জীৱনত ওতঃপ্ৰোতঃ ভাৱে জৰিত হৈ পৰিছে৷ এই পাৰ্থিৱ বস্তুবোৰৰ লগে লগে কিছুমান অপাৰ্থিৱ ধাৰণায়ো আমাৰ জীৱনত প্ৰভাৱ পেলাব ধৰিছে৷ অনলাইন-আলোচনী, অনলাইন-বেংকিং, ৱেব-চাইট, ই-প্ৰশাসন, জি এছ টি, এন আৰ চি আদিৰ দৰে অপাৰ্থিৱ ধাৰণাসমূহো আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে৷
  
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়৷ এই আহিলাসমূহক বা ধাৰণাসমূহক আমি অসমীয়াত কি বুলি ক’ম? ইংৰাজী শব্দটোৱেই লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিম নে কোনো নতুন অসমীয়া শব্দ উদভাৱন কৰি তাক ব্যৱহাৰ কৰিম? সহজ উপায় প্ৰথমটো, অৰ্থাৎ ইংৰাজী শব্দটোকে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা৷ এই ক্ষেত্ৰত আমাৰ দুটা কাম নকৰাকৈ হয় – (ক) কোনো নতুন শব্দৰ উৎভাৱন কৰিব নালাগে, (খ) নতুন শব্দটোৰ অৰ্থ সুনিৰ্দিষ্ট কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন নাই৷ ইংৰাজী শব্দটো ইতিমধ্যে মানুহে বুজি পায়৷

বৰ্তমান এই প্ৰথাই সঘণে অবলম্বন কৰা দেখিবলৈ পোৱা গৈছে৷ যেনে – টোল গেট, জি এছ টি, এন আৰ চি আদি৷ কথিত ভাষাটো বাদেই, লিখিত ভাষাতো প্ৰায়েই ইংৰাজী শব্দ প্ৰতক্ষভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু আমি সদায় এই সহজ উপায়টোকে লৈ থাকিলে হ’বনে? এনে কৰিলে অসমীয়া ভাষাটো ইংৰাজী ঋণ শব্দৰে ভৰি পৰিব৷ ইতিমধ্যে আমি এনে বাক্য ক’বলৈ লৈছোৱেই – “মাউচটোৱেদি ৱেবচাইটোৰ লিংকটোত ক্লিক কৰক৷” এইবাক্যটোৰ ৫টা শব্দৰ ৪টা ইংৰাজী শব্দত বিভিন্ন বিভক্তি যোগ গৈছে৷

কথাটো অলপ গমি চালে দেখা যায়, আমাৰ ২০শ শতিকাৰ মাজ ভাগত পৰা হয়তো শেষভাগলৈকে কিছুমান অতি সুন্দৰ অসমীয়া শব্দৰ উদভাৱন হৈছিলে৷ এনে কিছুমান শব্দ তালিকা-১ত দিয়া হ’ল৷
তালিকা-১:
অসমীয়া শব্দ
ইংৰাজী প্ৰতিশব্দ
গড়-কাপ্তানী
PWD
অনাতাঁৰ / আকাশবাণী
Radio
বেতাঁৰ
Wireless
আকাশী জাহাজ / উৰা জাহাজ
Aeroplane
দূৰদৰ্শন
Television
বিদ্যুৎ
Electricity
আলোকচিত্ৰ
Photograph
চলচিত্ৰ
Movie
মহাসাগৰ
Ocean
প্ৰশান্ত মহাসাগৰ
Pacific Ocean
মাটি তেল
Kerosene

এই শব্দবোৰ শুণিবলৈ সুমধুৰ, গঠনত খাতি অসমীয়া অথচ ভাৱত সম্পূৰ্ণ কাৰিকৰী৷ তাতকৈও ডাঙৰ কথা – এই শব্দবোৰৰ অৰ্থত কোনো খেলি-মেলি নাই, সকলোৱে সঠিককৈ অৰ্থ বুজি পায়৷


নতুন অসমীয়া শব্দ যেনে - 'ৰানাপ' আদি ব্যৱহাৰ কৰিলে  প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে,  সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালিৰ ক্ৰমে কমি আহিব আৰু অৱশেষত নাইকিয়া হ’ব৷ পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ইংৰাজী কিতাপ-আলোচনী প্ৰকাশ হয়৷ তথাপি নতুন ইংৰাজী শব্দ সৃষ্টি আৰু ব্যৱহাৰত কোনো বেমেজালি হোৱা দেখা নাযায়৷ অসমৰ দৰে এখন সৰু প্ৰদেশত তাৰ তুলনাত কেইখন কিতাপ-আলোচনী প্ৰকাশ পায়? যি কেইখন প্ৰকাশ পাই, বহুলভাৱে প্ৰচাৰ হয়, তেওঁলোকৰ সম্পাদক কেইগৰাকীয়ে মাহেকীয়া এখন সভা পাতি তাত একবদ্ধ হৈ প্ৰতিশব্দবোৰ থিৰাং কৰি সকলোতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলি ভাৱোঁ৷ তাৰ বাবে হয়তো এখন ‘কমিটী’ পাতি ল’ব লাগিব৷


কিন্তু --

সেইদিনাখন কোনো অসমীয়া বাতৰিৰৰ শিৰোনামাত 'ছুপ্ৰিম ক’ৰ্ট' শব্দটো ব্যৱহাৰ কৰা দেখি মনটো সেমেকি গ’ল৷ 'হাই ক’ৰ্ট' বুলিও লিখা দেখা গ'ল৷ অসমীয়া জাতিৰ অস্থিত্বৰ কথা দোহাৰি দি থকা সেই বাতৰি-কাকতসমূহে অসমীয়াত 'উচ্চতম ন্যায়ালয়'ৰ দৰে এটা সুন্দৰ শব্দ থাকোতে, কিয় ইংৰাজী শব্দ এটা লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিলে নুবুজিলোঁ৷ ভাষাটো বিশুদ্ধ কৰি ৰখাতকৈ বিকৃত কৰাতহে যেন তেওঁলোক উৎসাহী৷ কোনো ভাষাত আন ভাষাৰ প্ৰভাৱ পৰিব পাৰে, তাক নুই কৰিব নোৱাৰি৷ ইংৰাজী ভাষাতো আমাৰ ভাষাৰ পৰা 'মাউট' (Mahout), 'গুৰু' (Guru), 'অৱতাৰ' (Avatar), 'নিৰ্বাণ' (Nirvana), 'যোগ' (Yoga) আদি শব্দ ৰপ্তানি হৈছে, কিয়নো এই শব্দই প্ৰকাশ কৰা ভাৱ ইংৰাজীত নাছিল৷ কিন্তু  অসমীয়াত 'উচ্চতম ন্যায়ালয়'ৰ দৰে এটা জনপ্ৰিয় তথা সঠিক ভাৱ প্ৰকাশ কৰিব পৰা শব্দ থাকোতে এখন আনুস্থানিক মঞ্চত 'ছুপ্ৰিম ক’ৰ্ট' শব্দটো বাৰম্বাৰ ব্যৱহাৰ কৰি অসমীয়া ভাষাটোৰ বহু অনিষ্ট কৰি আছে বুলি ভাৱো৷ তেওঁলোকে যুক্তি দিব পাৰে যে 'ছুপ্ৰিম ক’ৰ্ট' শব্দটোৱে সথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, সকলোৱে ইয়াৰ অৰ্থ বুজি পায়, ই অসমীয়া ভাষাৰ এটা শব্দ স্বৰূপ হৈ পৰিছে৷ গতিকে মান্য লিখিত ৰূপত ব্যৱহাৰ কৰিব পাৰি৷ কিন্তু মান্য ভাষাত ইতিমধ্যে এটা সৰ্বজন গৃহীত শব্দ থাকোতে আন এটা শব্দ আমদানী সহজে কৰা উচিত নহয়, ভাষাটোৰ স্থিৰতাৰো প্ৰয়োজন৷

আজিকালি আমাৰ হস্পিতালবোৰত 'আপাতকালীন বিভাগ' বুলি লিখা দেখা যায়। অসমীয়াত এটা শুৱলা সঠিক ভাৱ প্ৰকাশ কৰা শব্দ 'জৰুৰীকালীন' থাকোতে হিন্দীৰ পৰা পোণপতীয়াকৈ 'আপাতকালীন' শব্দটো আমদানী কৰা সমুলি উচিত হোৱা নাই৷ তেনেকৈ প্ৰয়োগ হৈছে - 'অৱগত কৰাওক'৷ অসমীয়াত 'জনাওক' সহজ, সৰল শব্দ এটা আছেই৷

এনে উদাহৰণৰ আজিৰ দিনত সীমা-সংখ্যা নাই৷

অসমীয়া ভাষালৈ আমদানী হৈ থকা এনে কিছুমান শব্দ আৰু বানানে মোৰ মনত প্ৰায়েই খু-দুৱনি লগাই থাকে৷ আমি এই আমদানী দায়ীত্ব সহকাৰে কৰিছোনে? উচ্চ মানদণ্ডৰ নিৰ্ভেজাল চালানী মাছ নিশ্চয় খাম, কিন্তু বিষাক্ত ৰসায়ন দিয়া মাছ বৰ্জন কৰিবই লাগিব৷ থিক তেনেকৈ অনাৱশ্যক শব্দৰ আমদানীও বৰ্জন কৰিব লাগিব৷ 'ৰানাপ', 'নাগৰিকত্ব', 'অসমীয়াৰ সংজ্ঞা', 'অসমীয়াৰ অস্থিত্ব' আদিৰ হুলস্থলবোৰৰ মাজতে এই অস্থিত্বৰ মূল ভেটি আৰু উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন জন-গোষ্ঠিৰ এনাজৰী স্বৰূপ অসমীয়া ভাষাত আমাৰ অজানিতে কেৰোণে ধৰিছে নেকি - সতৰ্কতাৰে চাব লাগিব৷

লিপ্যন্তৰ:

প্ৰতিটো ভাষাত কিছুমান নিজস্ব উচ্চাৰণ শৈলী থকাটো স্বাভাৱিক৷ ইংৰাজী/হিন্দী/বাংলা আদি ভাষাত অসমীয়া 'স' উচ্চাৰণ নাই৷ 'ধ' মানে 'dh' উচ্চাৰণো ইংৰাজীৰ বাবে আচহুৱা - কাৰণ ভাৰতীয় ভাষাৰ পৰা অহা দুটামান শব্দ যেনে 'Dharma', 'Dhoti' আদিৰ বাদে ইংৰাজীৰত কোনো শব্দত 'dh'- থকা দেখা নাযায়৷ আনহাতে, অসমীয়াতো বহু উচ্চাৰণ নাই৷ যেনে - 'ch' উচ্চাৰণ৷ চ/ছ, ত/ট, থ/ঠ, দ/ড, ধ/ঢ, ন/ণ - মূধন্য আৰু দন্ত্য দুযোৰকৈ বৰ্ণ আছে যদিও অসমীয়াত এইবোৰৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ 'স'-ৰ এটা বিশেষ উচ্চাৰণ আছে, কিন্তু স/শ/ষ -ৰ উচ্চাৰণসমূহ একেই৷ এইবোৰ ভাষাটোৰ প্ৰতিবন্ধকতা নহয়, বৈশিষ্ট্যহে৷ এই বৈশিষ্ট্যসমূহ অব্যাহত ৰখা আমাৰ দ্বায়িত্ব।

এতিয়া কথা হ’ল এই বৈশিষ্ট্যসমূহ বজাই ৰাখি আন ভাষাৰ পৰা, বিশেষকৈ ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো শব্দ কেনেকৈ আমদানী কৰিম?

বৃটিছসকল যেতিয়া প্ৰথম ভাৰতলৈ আহিছিলে, ইংৰাজীলৈ ভাৰতীয় ভাষাসমূহৰ পৰা শব্দ আমদানী কৰোতে নিজৰ সুবিধা মতে কৰি লৈছিল৷ যেনে - Handique (সন্দিকৈ), Gauhati (গুৱাহাটী), Bombay (মুম্বাই), Banarjee (বন্দোপাধ্যায়), Chatterjee (ছট্টোপাধ্যায়), Ganguly (গাংগোপাধ্যায়), Haflong = (উঁই হাফলু)আদি৷ তেওঁলোকে মূল শব্দটোলৈ ভুক্ষেপ নকৰিছিলে, নিজৰ যেনেকৈ সুবিধা হয়, তেনেকৈ কৈছিল বা লিখিছিল৷ সেই সময়ৰ অসমীয়াসকলো কম নাছিলোঁহক৷ চাহাবৰ মুখত যিয়েই নোলাওক, আমাৰ তামোল খোৱা, খাৰ খোৱা জিভাৰে যি উচ্চাৰণ কৰিব পাৰিছিলো তাকেই গৌৰৱেৰে ব্যৱহাৰ কৰিছিলো আৰু আপোন কৰি লৈছিলোঁ৷ যেনে - গিলাছ (glass), বাকছ (box), টেবুল (table), আপেল (apple), আলি (Alley), বিষ্কুট (Biscuit) আদি৷

ইয়েই আছিল সেই সময়ৰ শব্দ আমদানীৰ শৈলী৷ 'উৎস ভাষা'-ৰ উচ্চাৰণ যিয়েই নহওক, 'পাত্ৰ ভাষা'ৰ সুবিধামতে আমদানী কৰা হৈছিল৷

বৰ্তমান সময়ত হয়তো আমি ইয়াৰ ওলোটা কৰিবলৈ যত্ন কৰি আছো, মানে উৎস ভাষা ইংৰাজী উচ্চাৰণটো সঠিক কৈ প্ৰতিফলিত কৰি পাত্ৰ ভাষা অসমীয়ালৈ লিপ্যন্তৰ কৰিবলৈ চেষ্টা কৰিছো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি'য়ে 'অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি' নামক পুস্তিকা প্ৰকাশ কৰে৷ প্ৰথমটি সংস্কৰণ ১৯৭০ চনত ওলায়৷ তেওঁলোকে  ইংৰাজীৰ পৰা অসমীয়া লিপ্যন্তৰৰ বাবে এই শৈলী অৱলম্বন কৰে৷ প্ৰতিটো ইংৰাজী ব্যঞ্জন আৰু স্বৰ ধ্বনি কি অসমীয়া লিপিৰে প্ৰকাশ কৰিব তাক বহলভাৱে বৰ্ণনা কৰে৷ আংশিকভাৱে ইয়াৰ কেইটামান উদাহৰণ তালিকা-১ত দিলো৷

তালিকা-১:
ইংৰাজী ধ্বনি
লিখিত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ 
অসমীয়া লিপ্যন্তৰ বিধি
 উদাহৰণ
s-ধ্বনি
 s, c
দ্বিতীয় ছ
sin = ছিন, base = বে’ছ্‌, atlas =এট্‌লাছ্‌, cell =ছে’ল্‌
ŝ-ধ্বনি
S, sc,ss, sh, ti, ch, c
শ্ব
Persia = পাৰ্শ্বিয়া, Mansion = মেনশ্বন, Nation = নেশ্বন, Station = ষ্টেশ্বন
c-ধ্বনি
ch, tch, tu, ti, ght
প্ৰথম চ
church = চাৰ্চ্‌, chalk = চক্‌, nature = নেচাৰ্‌, question = কোৱেছ্‌চন
t-ধ্বনি
t, th
মূধন্য ট
Telephone = টেলিফোন
d-ধ্বনি
d
মূধন্য ড

θ-ধ্বনি
th
দন্ত্য দ
Father = ফাদাৰ্‌, Northern = নৰ্দাৰ্ন্‌
i/ee-ধ্বনি
i / ee
হ্ৰৰ্স-ই
Sin = ছিন, Seen = ছিন

প্ৰায়েই এই নিয়মবোৰ মানি চলা দেখা যায় যদিও বহুতে এইবোৰ দৃঢ়ভাৱে মনা দেখা নাযায়৷ এই ক্ষেত্ৰত কেতিয়াবা এক অৰাজক চলি থকা যেন ভাৱ হয়৷

২০১৩ চনত আমি (xobdo.org-ৰ) কেইজনমানে ইংৰাজী শব্দবোৰ অসমীয়াত লিখি উলিয়াবলৈ থিৰাং কৰিছিলোঁ৷ সেয়ে আমাক এক লিপ্যন্তৰ বিধিৰ প্ৰয়োজন হ’ল৷ ইমেইল / টেলিফোন যোগে বিভিন্নজনৰ কথা-বতৰা পাতিলোঁ৷ মতা-মত ল’লো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তালিকাখন পোণপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি নেকি চিন্তা কৰি চালো৷ ইয়াত এটা সমস্যাই দেখা দিলে - সাধাৰণ অসমীয়া মানুহৰ উচ্চাৰণ শৈলী বা ঠাঁচ (accent) বিশ্লেষণ কৰিলে দেখা যায়, অসমীয়াত মূধন্য আৰু দন্ত্য বৰ্ণ পাৰ্থক্য কৰা নাযায়, প্ৰথম চ আৰু দ্বিতীয় ছ-ও উচ্চাৰণত পাৰ্থক্য নকৰে৷ 'শ্ব' ধ্বনি অসমীয়াত আছে নে নাই ইয়ো বিতৰ্কিত৷ "বিশ্ব" উচ্চাৰণ কৰোতে সৰহভাগ অসমীয়াই "বিচ্-চ’" এই দৰেহে উচ্চাৰণ কৰে৷ গতিকে বিশেষ প্ৰশিক্ষণ নাথাকিলে অসমীয়া বানানটোৰ পৰা সঠিক ইংৰাজী উচ্চাৰণটো ধৰা কঠিন৷ তাতে আমি ভাৱিলো অসমীয়া বাক্য এটাৰ মাজত ইংৰাজী শব্দবোৰ ব্যৱহাৰ  কৰোঁতে উচ্চাৰণৰ শৈলী একেধৰণৰ হ’লেহে শুৱলা হ’ব৷

সেয়ে আমি অসমীয়াভাষীৰ নিজস্ব  উচ্চাৰণ শৈলী অটুট ৰাখি, ইংৰাজী শব্দটো সাধাৰণভাৱে (কোনো বাহিৰা প্ৰভাৱ নথকাকৈ) কেনেকৈ উচ্চাৰণ কৰিলোহেঁতেন তাক প্ৰতিফলিত কৰি এক লিপ্যন্তৰ বিধি তৈয়াৰ কৰি উলিয়ালোঁ৷ বিশ্ব-বিদ্যালয়ৰ তালিকাখনৰ বহুখিনি গ্ৰহণ কৰিলো যদিও এই তালিকাখন কিছু পৃথক হ’ল - কাৰণ আমাৰ ভিত্তি চিন্তাধাৰা পৃথক আছিল৷

আমাৰ চিন্তাধাৰাৰ ভেটি আছিল এনে ধৰণৰ :
১) এক সৰল, সহজে মনত ৰাখীব পৰা, খেলি-মেলি নলগা বিধি৷
২) আমেৰিকান বা বৃটিছ ইংৰাজীৰ উচ্চাৰণ অনুকৰণ কৰাৰ সলনি, থলুৱা অসমীয়াৰ উচ্চাৰণ শৈলীত ইংৰাজী শব্দটো লিখি উলিয়াবলৈ যত্ন কৰা হ’ব৷
৩) অসমীয়া ভাষাত তলৰ বৰ্ণবোৰৰ উচ্চাৰণ একেই বুলি ধৰা হ’ব: চ/ ছ / শ্ব; জ/য; ত/ট/ৎ; থ/ঠ; দ/ড; ধ/ঢ; ন/ণ; স/শ/ষ; ই/ঈ (ি/ ী); উ/ঊ (ু/ ূ); ঙ/ ং

গতিকে আমি শব্দবোৰ এনেকৈ লিপ্যন্তৰ কৰিলোঁ: sin = চিন, base = বে’চ, atlas =এট্‌লাচ, cell = চে’ল্‌, Persia = পাৰ্চিয়া, Mansion = মেন্‌চন্‌, Nation = নেচন্‌, Station = ষ্টেচন, church = চাৰ্চ্‌, chalk = চক্‌, nature = নেচাৰ্‌ আদি৷

(সম্পূৰ্ণ তালিকাখন ইয়াত পাব : http://www.xobdo.org/article/ts2013) আমি হয়তো পুৰণি 'বাকছ' / 'গিলাছ' লিখাসকলৰ ওচৰ চাপি আহিলো৷ ইয়াত আমাৰ তালিকাখন বা লিপ্যন্তৰ বিধিখিনি বেছি শুদ্ধ বুলি কৈ ধৃষ্টতা কৰিব খোজা নাই৷  ই এক বিকল্প মাথোন, যাৰ ভিত্তি / যুক্তি পৃথক৷

আন হাতে বাংলা ভাষাত আন এক ধৰণে লিপ্যন্তৰ কৰা দেখা যায়৷ বৰ্ণসমূহৰ উচ্চাৰণ পৃথক হোৱাই ইয়াৰ মূল কাৰণ৷ তালিকা-২ কিছুমান শব্দৰ তিনিধৰণৰ লিপ্যন্তৰ কৰি দেখুওৱা হ’ল৷

তালিকা-২:
ইংৰাজী শব্দ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ 
অসমীয়া লিপ্যন্তৰ বিধি
Xobdo.org এ ব্যৱহাৰ কৰা বিধি
বাংলা শৈলী
Nation
নেশ্বন্‌
নেচন্‌
ন্যাশন / ন্যশ্যন
Bank
বেংক
বেংক
ব্যাংক
Sun
ছান
চান
সান
Nature
নেচাৰ্‌
নেচাৰ্‌
ন্যাচাৰ
The
দা / দি
ডা / ডি
দ্যা / দ্য
Issue
ইছু
ইচু
ইছ্যু
Seal
ছিল
চিল
সীল

য-কাৰ
বাংলাত বহু ইংৰাজী শব্দ লিপ্যন্তৰ কৰোতে য-কাৰ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে - দ্যা/দ্য (the), জ্যাম (jam), ব্যাংক (bank), ব্যাটিং (batting[cricket]), ন্যশ্যনেল (national),  ক্যাম্পাস (campus)  আদি৷

আজি কিছুবছৰ আগলৈকে অসমীয়া কাকত আলোচনীসমূহত অসমীয়া সহজ-সৰল আৰু পোণপটিয়া উচ্চাৰণৰ লগত মিল থকা শৈলী অৱলম্বন কৰিছিল - the = দা / দি, jam = জাম, bank = বেংক, batting = বেটিং, national = নেচ’নেল, campus = কেম্পাচ আদি৷

কিন্তু শেহতীয়া ভাৱে অসমীয়া কাকত-আলোচনীসমূহে বাংলা শৈলী অনুকৰণ কৰা পৰিলক্ষিত হৈছে৷
এইখিনিতে কৈ থোৱা ভাল হ’ব যে - এই চিহ্নক আমি "অন্তস্থ য-কাৰ" বুলি কওঁ যদিও "য়-কাৰ" মানে y-উচ্চাৰণৰ বাবেহে ব্যৱহাৰ কৰোঁ৷ গতিকে ইয়াক য়-কাৰ(yo-kar)  বুলিও ক’ব পাৰি৷ আনহাতে, বাংলাত "ৱ" আখৰটো নথকাৰ বাবে এই উচ্চাৰণৰ বাবে "য়" ব্যৱহাৰ কৰা হয়৷ যেনে - "বৰুয়া" (Barua)৷ আন কথাত বাংলাত 'য়' বা 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ উদাহৰণ স্বৰূপে 'অন্য' শব্দটো বাংলাত 'onnwo' এনে ধৰণে আৰু অসমীয়াত 'onyo' এই ধৰণে উচ্চাৰণ কৰে৷ গতিকে 'ব্যাংক' বুলি লিখিলে বাংলা এজনে শুদ্ধকৈ "bank" বুলি ক’ব যদিও অসমীয়াভাষী এজনে 'byank' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ গতিকে অসমীয়াত এনেবোৰ শব্দ লিপ্যন্তৰ কৰোতে বাংলাৰ অন্ধ অনুকৰণ কৰি য’তে-ত’তে য-কাৰ ব্যৱহাৰ কৰা উচিত নহয়৷

অসমীয়াৰ পৰা ইংৰাজীলৈ ...

ইমান পৰে, ইংৰাজী শব্দ অসমীয়ালৈ লিপ্যন্তৰ কৰাৰ কথা আলোচনা কৰি আছিলো৷ আমি প্ৰায়েই অসমীয়া শব্দও ইংৰাজীলৈ লিপ্যন্তৰ কৰিব লগা হয় - বিশেষকৈ মানুহৰ নাম / অসমৰ  ঠাইৰ নাম আদি সংজ্ঞা শব্দসমূহ ইংৰাজীত লিখিবৰ সময়ত ই প্ৰয়োজন হয়৷ এটা কথাই আমাক বৰ আচৰিত কৰিলে যে এই বিষয়ে কোনো প্ৰতিস্থিত অনুষ্ঠানে প্ৰকাশ কৰা তালিকা / বিধি / নিয়মাৱলী আমাৰ চকুত নপৰিলে৷ কোনো সদাশয় ব্যক্তি এই বিষয়ে অৱগত হ’লে আমাক জনাই যেন৷ 

আমি (xobdo.org-ত) ২০০৬-০৭ চনতেই এক প্ৰচেষ্ঠা কৰিছিলো৷ ইয়াতো আমি অসমীয়া শব্দটোৰ চহা উচ্চাৰণ নিন্নতম ৰোমান বৰ্ণ ব্যৱহাৰ কৰি লিখি উলিয়াবলৈ চেষ্টা কৰিছিলো৷ ইয়াতো সাধাৰণ অসমীয়া মানুহৰ উচ্চাৰণ শৈলী বা ঠাঁচৰ বৈশিষ্টসমূহত গুৰুত্ব দিয়া হৈছিল৷ বহু দিন ধৰি চলা অলোচনা / বিৰ্তকৰ ফল স্বৰূপে সৃষ্টি হ’ল এখন নিয়মাৱলী৷ তালিকা-৩-ত ইয়াক আংশিকভাৱে দিয়া হ’ল৷ (সম্পূৰ্ণ ইয়াত পাব http://www.xobdo.org/article/phonetics)

তালিকা-৩:

 অসমীয়া ধ্বনি
ৰোমান লিপি

 অসমীয়া ধ্বনি
ৰোমান লিপি
o

থ/ঠ
th
আ/া
a

দ/ড
d
ই/ঈ/ি/ী
i

ধ/ঢ
dh
উ/ঊ/ু/ূ
u

ন/ণ
n
ঋ/ৃ
ri

ৰ/ড়
r
চ/ছ/স্ব/শ্ব
s

শ/স/ষ
x
জ/য
j

ক্ষ
khy
ত/ট
t

rh
এই তালিকা তৈয়াৰ কৰোতে আমাৰ প্ৰধান প্ৰত্যাহ্বানসমূহ এনে ধৰণৰ আছিল:

১) অসমীয়া স/শ/ষ-ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ এই বৰ্ণবোৰ থকা অসমীয়া শব্দবোৰ সংস্কৃত / হিন্দী / বাংলা আদিৰ আলম লৈ S / Sh বৰ্ণত লিখিবলৈ আমি অভ্যস্থ, যেনে - Sarma / Sharma, Sibsagar, Asom etc. কিন্তু এইবোৰে শুদ্ধ অসমীয়া উচ্চাৰণ বহন নকৰে৷ এই উচ্চাৰণৰ বাবে আমি X বৰ্ণটো গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ কৰোতে বহু বিৰুধিতাৰ সন্মূখিন হৈছিলোঁ৷ আমি ইয়াৰ যুক্তি দিব লগাত পৰিছিলোঁ যে এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচিয়ান আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'x' ব্যৱহাৰ কৰে৷ "International Phonetic Alphabet" মতেও x ব্যৱহাৰ কৰিব লাগে৷ (এই বিষয়ে ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/International_Phonetic_Alphabet) অৱশেষত অসমীয়াত স/শ/ষ - ৰ বাবে x ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ৷

এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) স-ধ্বনি বুজাবলৈ X লিখিছিল। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ X-কে দিছিল।

২) ইংৰাজীত একোটা ৰোমান লিপিৰ বৰ্ণই একাধিক উচ্চাৰণ প্ৰকাশ কৰিব পাৰে৷ বিশেষকৈ স্বৰ বৰ্ণ কেইটাই৷ যেনে - a (এ = apple, আ=arm),  o (অ=omit, ও=hold),  u (আ=but, উ=put), g (গ=God, জ=gymnasium) আদি ৷ গতিকে আমি প্ৰতিটো ৰোমান বৰ্ণৰ কোনটো উচ্চাৰণ ব্যৱহাৰ কৰিম তাক থিৰাং কৰি ল’ব লগা হৈছিল৷

৩) বহুতে শ্ব / স্ব-ৰ উচ্চাৰণ অসমীয়াত আছে বুলি দাবী কৰে৷  আন কিছুমানে এই উচ্চাৰণ  অসমীয়াত নাই বুলি কয়৷ তেওঁলোকৰ মতে অসমীয়াত সকলো উচ্চাৰণ 'চ'-ৰ দৰে হয়, ৱ-ধ্বনি প্ৰকাশ নাপায়৷  প্ৰথম পক্ষই এওঁলোকৰ উচ্চাৰণ ভুল বুলি ক’ব খোজে৷ তাতে অসমৰ স্থান ভেদে উচ্চাৰণৰ তাৰতম্যও আছে৷ এই বিষয় এতিয়াও বিবাদিত যদিও আমি কেবল চ-ব্যৱহাৰ কৰিম বুলি থিৰাং কৰিলো৷

৪) এক কাক-তালীয় পৰিস্থিতিৰো সৃষ্টি হৈছিল - কথিত ভাষাৰ উচ্চাৰণে বানান নিৰ্ণয় কৰে নে বানানে উচ্চাৰণ নিৰ্ণয়  কৰে? আমি কিন্তু শব্দটোৰ অসমীয়াত বানান যিয়েই নহওক কিয়, তাক সচৰাচতে যেনেকৈ উচ্চাৰণ কৰা হয়, তাকহে লিপ্যন্তৰ কৰিছিলো৷

এইখিনিতে আন এটা কৈ থোৱা ভাল হ’ব: "লিপ্যন্তৰ" - "অনুবাদ"(Translation) বা "তৰ্জমা" একে নহয়৷ অনুবাদ কৰিলে কোনো "ভাৱ" এটা ভাষাৰ পৰা আন এটা ভাষাত প্ৰকাশ কৰা হয়৷ কথাটো স্পষ্ট কৰিবলৈ এই উদাহৰণ দিয়া হ’ল: "ভাৰত"-ৰ ৰোমান লিপিত লিপ্যান্তৰ "Bharat", কিন্তু অনুবাদ "India"৷ ঠিক তেনেকৈ "India"-ৰ অসমীয়া লিপিত লিপ্যন্তৰ "ইণ্ডিয়া", কিন্তু অনুবাদ "ভাৰত"৷ এই সকলো শব্দই কিন্তু এটা ধাৰণাই বুজাইছে - আমাৰ দেশখন৷ কেতিয়াবা কিছুমান শব্দৰ "লিপ্যন্তৰ" আৰু "অনুবাদ" কৰাৰ ক্ষেত্ৰত ধুঁৱালী-কুঁৱলী হৈ থকা যেন ভাৱ হয়৷

অসম - Assam / Asom / Axom ইত্যাদি
অসমত আজি এনে এটা ধাৰণা হ’ল - 'অসম' ... অৰ্থাৎ আমাৰ প্ৰদেশখনৰ ধাৰনাটোৱেই৷ আমাৰ ৰাজ্যখনৰ চৰকাৰী ইংৰাজী নাম 'Assam' আৰু অসমীয়াত "অসম"৷ গতিকে ইয়াক ইংৰাজীত প্ৰকাশ কৰিব বিচাৰিলে 'Assam' আৰু অসমীয়াত অনুবাদ কৰিলে বা অসমীয়াত প্ৰকাশ কৰিব বিচাৰিলে 'অসম' এইদৰে লিখাটোহে শুদ্ধ৷ মাজতে অসম বিধান সভাত ৰাজ্যখনৰ ইংৰাজী নাম 'Assam'-ৰ সলনি 'Asom' কৰিবলৈ প্ৰস্তাৱ কৰা হৈছিল৷ সেই সময়ত এই নাম সলনিক লৈ বহু বিৰুধীতা হ’ল৷ অৱশেষত প্ৰস্তাৱটি গৃহীত নহ’ল৷ কিন্তু সেইদিন ধৰি ইংৰাজীত বিভিন্নজনে বিভিন্ন ধৰণে ইয়াক লিখিবলৈ ধৰা দেখা গৈছে৷ যেনে - Asom, Asam, Axom, Oxom ইত্যাদি৷ এইবোৰ হয়তো অসমীয়া 'অসম' শব্দটোৰ লিপ্যন্তৰ কৰাৰহে বিভিন্ন প্ৰয়াস৷ কিন্তু সঠিক লিপ্যন্তৰ কি হোৱা উচিত? প্ৰথমে আহো প্ৰস্তাৱিত 'Asom' বানানটোলৈ৷ ই যদি "অসম" শব্দৰ লিপ্যন্তৰ হয়, তেন্তে এক বিসংগতি দেখা যায়৷ "অসম" শব্দৰ প্ৰথম আৰু দ্বিতীয় দুয়ো ধ্বনিত 'অ' স্বৰ আছে৷  এই ধব্বি বুজাবলৈ যদি a-ব্যৱহাৰ কৰা হয়, তেন্তে লিপ্যন্তৰ হ’ব লাগিছিল - 'Asam'৷ যদি o-ব্যৱহাৰ কৰা হয়, তেন্তে হ’ব লাগিছিল - 'Osom'৷ 'Asom' বানানটোৰ একেটা ধ্বনিৰ বাবে প্ৰথমতে a, পিছত o ব্যৱহাৰ কৰাৰ যুক্তি বুজিব নোৱাৰিলো৷ ইয়াত স-ৰ বাবে s নে x ব্যৱহাৰ কৰিব লাগে সেই আলোচনা নকৰিলোঁ আৰু৷

সামৰণিত ইয়াকে ক’ব বিছাৰিলো যে বৰ্তমান ইংৰাজী-হিন্দী-বাংলা ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাত বাৰুকৈয়ে পৰি আছে৷ ইয়াৰ মাজতে অসমীয়া ভাষাই নিজস্ব উচ্চাৰণ শৈলী, লিপ্যন্তৰ শৈলী, বানান শৈলী অটুট ৰখা অতি প্ৰয়োজন হৈ পৰিছে৷ অসমীয়া ভাষালৈ শব্দ আমদানী কৰোঁতে দায়ীত্ব সহকাৰে কৰা উচিত৷ লিপ্যন্তৰ কৰোতেও কোনো নিয়মাৱলী প্ৰস্তুত কৰি সেইখনৰ মতে সংগতি ৰাখি সকলোতে এক পদ্ধতিৰে পৰা বাঞ্ছনীয়৷ তাৰ বাবে অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত 'চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে' ভূমিকা ল’ব পাৰেনেকি? নে 'অসম সাহিত্য সভাই' এই ভূমিকা ল’ব? নে আমাক এখন নতুন কমিটিৰ প্ৰয়োজন৷ 'ইউনিকোড কনচৰ্টিয়াম'ৰ দৰে হয়তো এটা শক্তিশালী অনুস্থান৷ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ মাজত সমন্নয় ৰখিবলৈ এই কাম কৰিবলৈ আৰু অসমীয়া ভাষাৰ 'একক মান্য ভাষা' (unified standard language) (কথিত / লিখিত দুয়োটা) নিয়ন্ত্ৰক প্ৰাধিকৰণ (Regulatory Authority) এটাৰ জৰুৰীকালীন ভাৱে প্ৰয়োজন হৈছে৷ এই জালপঞ্জীৰ যোগেদি সংশ্লিষ্ট কৰ্তপক্ষক এই আহ্বান জনালোঁ৷

কৃতজ্ঞতা জ্ঞাপন:
শব্দ সংঘৰ (xobdo.org) সতীৰ্থসকলৰ লগত বিভিন্ন সময়ত হোৱা আলোচনা / গঠনমূলক বিতৰ্ক / সহায়-সহযোগিতাৰ আলম লৈ এই প্ৰৱন্ধ প্ৰস্তুত কৰা হৈছে৷ তেওঁলোকৰ ওচৰত মই চিৰ  ঋণি৷