Monday, October 17, 2016

প্ৰতিবাদ -৭ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) ৰিকুৱে কি কৰিব, কি নকৰিব ভাৱিব নোৱাৰা হৈ গ’ল৷ সি চফাখনতে বহি বহি চিন্তা কৰিয়ে বহু সময় পাৰ পৰি দিলে৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল, সি গমেই নাপালে৷ এপাকত আইপিটিভিটো আপোনা-আপোনি বাজি উঠিল - সি হয়তো অজানিতে ৰিমোটটোত হেচা দিলে৷ 'নিতৌ-৩৬৫' চেনেলটো লাগি আছিল৷ প্ৰধানমন্ত্ৰী ৰিজিজুৰ কৰ্ম-নিষ্ঠা আৰু জীৱনপঞ্জীৰ ওপৰত এটা এখন চিত্ৰ-তথ্য দেখুৱাই আছে৷ তেওঁ প্ৰায় ২৪ ঘণ্টাই কাম কৰে৷ বিৰতি নোহোৱাকৈ৷ খোৱা-বোৱাতো বিশেষ ৰুচি নাই৷ কেবল কাম কাম আৰু কাম৷ মানুহজনক এতিয়াও বসয়ৰ চাপে চুব পৰা নাই৷ ২০ বছৰ আগতে যেনে আছিল, এতিয়াও তেনে হৈয়ে আছে৷

ৰিকুৱে যেন সকলো বুজি উঠিলে৷ ইতিমধ্যে বাহিৰত পোহৰ হৈছে৷ সি দৰ্জা খুলি বাহিৰলৈ চাই পঠিয়ালে৷  তাৰ যেন বিবেক আৰু আবেগৰ মাজত এক তোল-পাৰ যুদ্ধ লাগিছে৷ সি চিধাই ওচৰৰ পুলিচ-থানালৈ বুলি গতি কৰিলে৷ এখন এজাহাৰ দিবলৈ৷ তাৰ ভৰিবোৰ অসাৰ হৈ আহিছে, সি বহু কষ্ট কৰি গৈ থাকিল৷ থানাত তাৰ পুৰণি চিনাকী এচিপি গগৈক দেখা পালে৷ অন্ততঃ এজন চিনাকী মানুহ আছে৷ সদাই তামুল খাই থকা এচিপি গগৈৰ দাঁত কেইটা একেবাৰে ৰঙচোৱা৷ আজি সি তেওঁক দূৰৰ পৰা দেখি আচৰিত হ’ল৷ একেবাৰে ধক-ধককৈ বগা দাঁত৷ আধা টপা মুৰটোতো চুলি অলপ বেছিকৈ দেখিলে সি৷ তাৰ সন্দেহ হ’ল - জানোচা এচিপি গগৈয়ো  এটা .... একো বিশ্বাস কৰিব নোৱাৰি৷ গোটেইখন লাহে লাহে সলনি হৈ আহিছে৷ সি থানাত নোসোমালে৷ ওলাই আহিল৷ ওলায়েই অলপ দূৰত সি 'গুবেৰ' এখন ৰৈ থকা দেখিলে৷ তাৰ প্ৰতিবাদী মনতো জাঙোৰ খাই উঠিল৷ সি ৰ’ব নোৱাৰিলে৷ ওচৰতে পোৱা লাঠি এডাল লৈ সি গুবেৰখনক প্ৰহাৰ কৰিবলৈ চো-চা মাৰি গ’ল৷

~সমাপ্ত~

গল্পটো কেনে লাগিল, তলত মন্তব্য দি জনালে বৰ ভাল পাম৷
-বিক্ৰম

Sunday, October 16, 2016

প্ৰতিবাদ -৬ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) নিপনৰ মাকে কৈ গ’ল - "আজি ছমাহমানেই হ’ল৷ সি এই সংসাৰ এৰি বহুদূৰলৈ গুছি গ’ল৷ কিবা অজান ৰোগত ভোগিছিলে৷ ডাক্তৰে ধৰিবই নোৱাৰিলে কি হৈছিল৷ শেষমুহূৰ্তলৈকে সি কিন্তু বেছ ফুৰ্তিতেই আছিল৷ একো কষ্ট পোৱা নাছিল হয়তো৷
কৌতুহলবশত ৰিকুৱে সুধিলে - "কি হৈছিল তাৰ? মানে জৰ, বমি নে কি?"
-"নাই সেইবোৰ একো নাই৷ সি জীবন্তে মৃত শৰীৰৰ দৰে হৈ পৰিল৷ দিনে-ৰাতি কেবল স্মাৰ্টফোনডালত কিবা টিপা-টিপি কৰি থাকে৷ একেবাৰে আসক্ত৷ টোপনি নাই, ভোক নাই৷ তাৰ শৰীৰটো শুকাই-খীণাই আহিল, ক্ৰমে গোন্ধাব ধৰিলে যেন এটা ঘুৰি-ফুৰা মৃত দেহ৷ এদিন হঠাৎ তাৰ চাল-চলন বন্ধ হৈ গ’ল৷ ডাক্তৰে কোৱা মতে সি সাতদিনমান আগতেই শেষ নিশ্বাস পেলাইছিলে৷ কি আচৰিত কথা! এতিয়ালৈকে পৃথিৱীত মাত্ৰ দুটা কেচ হে পোৱা গৈছে৷ সি যোৱাৰ কেইদিনমানৰ পিছত অভ্ৰমিকা নামৰ গাভৰু ছোৱালী এজনীও..." ৰিকু জিকাৰ খাই উঠিল - "কি? অভ্ৰমিকা সঁচা ছোৱালী আছিল?" - "অ’ কিয়? এজনী বৰ ধুনীয়া ছোৱালী আছিল৷ তাইক মই নিজে দেখিছোঁ, নিপনৰ দৰেই তাইক সেই অজান ৰোগে পালে৷ তাই ---"

ৰিকুৱে আৰু সেইবোৰ শুনি থাকিব নোৱাৰিলে৷ সি নিপনৰ মাকক বিদাই দি ঘৰ মূখে খোজ দিলে৷ তাৰ মনত বহু কথাই তোল-পাৰ লগাবলৈ ধৰিলে৷ সি এবাৰ ভাৱিলে পুলিচক এজেহাৰ দি অহাটো ভাল হ’ল - এক বিৰাট ষড়যন্ত্ৰ চলি আছে৷ সেই 'গুবেৰ'বোৰ আক্ৰমণ কৰা, 'কৰেংঘৰ'ৰ ড্ৰোনবোৰ আক্ৰমণ কৰা মানুহবোৰ এই ৰোগত ভোগালোক৷ কথাবোৰ ভাৱি ভাৱি আহি সি ঘৰেই পালেহি৷ পুলিচ থানালৈ যোৱা নহ’ল৷ তাৰ ভাগৰো লাগিছিলে৷ অলপ জীৰণি লৈ পিছত যাব বুলি যি ঘৰত সোমাল৷

বিচনাত সি পৰি সি অলপ শুবলৈ চেষ্টা কৰিলে৷ বহু সময় এনেকৈ পাৰ হৈ গ’ল৷ টোপনি নাহিল৷ তাৰ দেখোন ভোকো লগা নাই৷ ইতিমধ্যে বাহিৰত এন্ধাৰ হ’ল৷ বিচনাৰ একাষত পৰি থকা তাৰ ফোনটো আকৌ বাজি উঠিল৷ তাৰ সেইটো স্পৰ্শ কৰিবলৈও কিছু ভয় লাগিল৷ তথাপিও সি ফোনটো হাতত ল’লে৷ ইতিমধ্যে কেইবাটাও 'অভ্ৰমিকা'ৰ মিচ-কল৷ দুটামান নিপনৰো মিচ-কল৷ এইবাৰ কোনোবা এটা অচিনাকী নম্বৰৰ পৰা অহা ফোন৷ সি কলটো ৰিচিফ কৰিলে - "হেল্লো?"
-"ৰিকু?"
-"হয়, মই ৰিকুৱে কৈছো, কোনে কৈছে?"
-"ময়ো ৰিকু, এটি নতুন ৰিকু৷"
ৰিকুৰ দৰেই একেই মাত৷ একেই সুৰ৷
-"কোন হয়? আৰু কোন ৰিকু আছে? মই হে ৰিকু !!"
-"যি হয়, ভালৰ কাৰণেই হয়, ৰিকু৷ মই তোমাৰ চাইবাৰ-প্ৰতিবিম্ব৷"
-"মানে?"
-"তোমাৰ শৰীৰ তোমাৰ লগত৷ কিন্তু তোমাৰ মানস-পটৰ প্ৰতিবিম্ব ইতিমধ্যে 'কপি' কৰা হৈ গৈছে আমাৰ চেৰ্ভাৰত৷ এতিয়া তোমাক সেই ক্ষন্তেকীয়া শৰীৰৰ আৰু কোনো প্ৰয়োজন নাই৷"
-"কি হৈছে মোৰ? মোৰ শৰৰীত কি কৰিলা তোমালোকে?"
-"সকলো বুজাই দিম ৰবা৷ তোমাৰ লগত মুখা-মুখিকৈ কথা পাতি কথাবোৰ বুজাই দিয়াই ভাল হ’ব৷ স্কাইপ অন কৰাচোন৷"
ৰিকুৱে স্কাইপ অন কৰিলে, ভিডিঅ’-চেট আৰম্ভ কৰিলে৷ সিটোফালে সোঁমাজত "নতুন ৰিকু", এফালে নিপন আৰু আনফালে অভ্ৰমিকা৷ ৰিকুৰ চকু কপালত উঠিলে৷ সিফালৰ পৰা "নতুন ৰিকু"-এ আকৌ ক’বলৈ আৰম্ভ কৰিলে - "চোৱা ৰিকু, মানৱ শৰীৰ অস্থায়ী, মৰণশীল৷ ইয়াৰ আন কিছুমান প্ৰতিবন্ধতাও আছে৷ আমি যদি এটা উন্নত শৰীৰৰ গৰাকী হ’ব পাৰো, আপত্তি কি? যিটো শৰীৰৰ ভাগৰ নালাগে, টোপনি নধৰে, লোভ-মোহ নাই, খং-ৰাগ নাই, যৌন অনুৰাগ নাই, চিৰ যৌৱন হৈ থাকে, ভাবি চোৱাচোন আমি কিমান মনোযোগ দি কাম কৰিব পাৰিম, ব্যৱসায়-বাণিজ্য, গৱেষণা, ৰজনীতি, দেশ-সেৱা আদি যি কামেই নকৰো, কিমান ক্ষিপ্ৰতাৰে উন্নতি কৰিব পাৰিম? সেয়ে আমাৰ এই গোপন গৱেষণাকাৰত আমি সাঁজি উলিয়াইছো - এই জৈৱ-যান্ত্ৰিক বা বায়’-মেকানিকেল অৱয়ববোৰ৷ যিটো আচল শৰীৰ পৰা এইবোৰ নকল কৰা হৈছে, সেইবোৰ সৈতে এইবোৰ জৈৱ-যান্ত্ৰিক ৰবটবোৰ দেখাই-শুনাই হুবহু একেই৷ আনকি আমি মানস-পটো নকল কৰি উলিয়ালৈ সক্ষম হৈছো৷"
ৰিকুৱে কথাবোৰ শুণি গ’ল৷ একো বিশ্বাস কৰিব নোবাৰিলে৷ তাৰ বৰ জোৰে খঙো উঠিল সেই যন্ত্ৰবোৰলৈ৷
ভিডিঅ’-চেটৰ পৰ্দাখনত নতুন-ৰিকুহঁতৰ পিছফালে দেখা গ’ল ড. পিকেক৷ ৩২টা দাঁত নিকটাই সকলোবোৰ চাই আছিল৷
নতুন-ৰিকুৱে কৈ গ’ল - "এতিয়া সেই পাৰ্থিৱ শৰীৰৰ প্ৰয়োজন নাই৷ সেয়ে তোমাৰ সেই শৰীৰত আমি কিছুমান 'নেন’বট' এৰি দিছোঁ৷ সেইবোৰে তোমাৰ শৰীৰটো লাহে লাহে অসাৰ কৰি আনিব৷ তুমি গ’ম নোপোৱাকৈয়ে, কোনো কষ্ট নোপোৱাকৈয়ে সেই শৰীৰ এৰিব পাৰিবা৷ আনহাতে সেই নেন’বট বোৰে তোমাৰ শৰীৰৰ অৱশিষ্ট তথ্যসমূহ সংগ্ৰহ কৰি আমালৈ পঠিয়াই দিব আৰু আমি সেইবোৰ তোমাৰ এই উন্নত-মানৰ নতুন শৰীৰটোত সুকলমে সংস্থাপন কৰি ল’ম৷"

ভিডিঅ’-চেটৰ পৰ্দাখন বন্ধ হৈ গ’ল৷

(আগলৈ---)

Friday, October 14, 2016

প্ৰতিবাদ -৫ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) ৰিকু ঘৰ পালেহি৷ ঘৰ পায়েই আই-পি-টি-ভিটো চলালে৷ সেই অচিনাকী-অদ্ভূত মানুহবোৰে স্বয়ং-চালিত যন্ত্ৰ-পাতিবোৰক আক্ৰমণ কৰাৰ কিবা বাতৰি আছেনেকি চাবলৈ৷ 'নিতৌ-৩৬৫' চেনেলত আহি আছে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীমান ৰিজিজুৱে বঙ্গোপ সাগৰৰ সোমাজত নিৰ্মাণ কৰা 'গেছ-হাইড্ৰেট এক্সট্ৰেকচন' প্ৰকল্পত ভ্ৰমণ কৰিবলৈ যোৱাৰ এক প্ৰতিবেদন৷  প্ৰতিবেদনৰ মতে বঙ্গোপ সাগৰৰ লগতে আৰৱ সাগৰ, ভাৰত মহাসাগৰ আদিৰ তলিত বহু নিযুত-কৌটি মেট্ৰিক-টন মিঠেইন গেছ আৰু পানীৰ এক জটিল মিশ্ৰ - 'গেছ-হাইড্ৰেট' জমা হৈ আছে৷ এইবোৰ নিষ্কাশন কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ এই প্ৰকল্প হাতত লোৱা হৈছে৷ 'জীৱন্ত-খবৰ' চেনেলত আহি আছে কাজিৰঙাত চোৰং-চিকাৰীৰ পৰা গড় ৰক্ষা কৰিবলৈ লোৱা  অত্যাধুনিক ব্যৱস্থাৰ এক প্ৰতিবেদন৷ প্ৰাপ্ত-বসস্ক গড়বোৰৰ খড়্গৰ আগটোত স্থাপন কৰা হৈছে - আত্ম-ৰক্ষক লেজাৰ-গান৷ কোনোবাই আক্ৰমণ কৰিবলৈ আহিলেই লেজাৰ ৰশ্মীৰে প্ৰত্যুত্তৰ দিয়া হয়৷ 'অসমীয়াত বা-বাতৰি' চেনেলত দেখুৱাই আছে গোলকীয় জলবায়ু সলনিৰ গুৱাহাটিত হোৱা প্ৰভাৱ৷ ক’তো একো বাতৰি নাই সি দেখি অহা কাণ্ডবোৰৰ৷ হয়তো সংবাদ-দ্বাতাসকলে খবৰ পোৱাই নাই৷

সি তাৰ পুৰণি-স্কুলীয়া বন্ধু নিপনলৈ ফোন কৰিলে৷
-"নিপন, ভালনে?"
-"অ’ আছো৷ ভালেই৷ হঠাৎ ফোন কৰিলি যে? কি হ’ল?"
-"তই অভ্ৰমিকাক চিনি পাৱ?"
-"অ, পাও৷ কিয় নাপাম, মোৰ ভাবি-নবৌক?" নিপনে অলপ জোকোৱাৰ সুৰত ক’লে৷
-"ধেত ৰ চোন৷ কথাটো অলপ চিৰিয়াচ৷ তই এতিয়া ক’ত? মই তোক লগ কৰি কথাবোৰ ক’ম৷"
-"কি চিৰিয়াচ ঔ? ফোনেতে ক না, কি হ’ল?"  নিপনৰ মাতৰ সুৰ সলনি হোৱা নাই৷ এতিয়াও যেন সি ৰিকুক জোকাই আছে৷
-"নাই, ফোনত ক’ব নোৱাৰি৷ মই আহি আছো, তোৰ ঘৰলৈ৷"
নিপনে কিবা ক’ব বিচাৰিছিলে, কিন্তু সি ফোনটো কাটি দিলে৷ নিপনে কল-বেক কৰিলে৷ ৰিকুৱে কিন্তু ফোন নুঠালে৷ সি ভাৱিলে নিপনক বহুদিন দেখাও নাই, এবাৰ লগ কৰি অহাত কি আপত্তি? তাৰ ঘৰ ৰিকুৰ ঘৰৰ পৰা খোজ কাঢ়ি যাব পৰা দূৰত্বত৷

নিপনৰ ঘৰ পাই, কলিং-বেল বজালে৷ নিপনৰ মাকে দৰ্জাখন খুলি দিলে৷
-"অ’ ৰিকু, আহা" এক গহীন মাতেৰে মাকে তাক মাতি বহিবলৈ দিলে৷ "তুমি ভালে আছানে?"-মাকে বহিব দি ৰিকুক সুধিলে৷
-"অ, মই ভালেই আছো, খুড়ী৷"
-"চাহ খাবা নে গৰমত ঠাণ্ডা চৰপত এগিলাছ দিওঁ?"
-"খুড়ী, আপুনি সেইবোৰ একো কৰিব নালাগে৷ মই নিপনৰ লগত কিবা কথা এটা পাতিবলৈহে আহিছো৷ সি ক’ত?"
নিপনৰ মাক ৰিকুৰ প্ৰশ্নত থমকি ৰ’ল৷ এক বিস্ময়ভৰা চাওনিৰে ৰিকুৰ ফালে চাই তেখেতে সুধিলে - "কি? তুমি নিপনৰ খবৰ নোপোৱা নেকি?"
-"কি খবৰ? নিপনৰ লগতটো মই প্ৰায়েই কথা...."
ৰিকুও থমকি ৰ’ল৷ সি মনেই কৰা নাছিলে - সি বহি থকা চ’ফাখনৰ সন্মূখৰ সৰু টেবুলখনত নিপনৰ ফুলৰ মালাৰে সজ্জিত এখন ফটো৷ ওচৰতে প্ৰজ্বলিত এগছি চাকি৷
(আগলৈ---)

প্ৰতিবাদ -৪ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি)
ৰিকুৰ মুৰত যেন শৰগ ভাঙি পাৰিল৷ সি ৰঙা-কলা পৰি গ’ল৷ কি কৰিব, য’ত যাব একো বুজি নাপালে৷ সি বজ্ৰপাত পৰা মানুহৰ দৰে  এক থৰে ৰৈ থাকিল৷ মনলৈ বুলেট ট্ৰেইন যোৱাৰ দৰে বহু কথা চিৰিং কৈ আহিল আৰু গ’ল৷ সেই এবৰাম খান আৰু আৰাধ্যা বচ্চনে অভিনয় কৰা "হানিমুন ইন জুপিটাৰ" নামৰ ৰোমান্টিক বোলছবিখন ভাল পোৱা, ইমান সুন্দৰকৈ বৰ্ণনা কৰি তাৰ লগত কথোপ-কথন কৰি 'চেনি' খোৱা সেই 'অভ্ৰমিকা' নামৰ স্ত্ৰী-কণ্ঠটি এটি যন্ত্ৰ ! হ’বই নোৱাৰে৷ সি বিশ্বাস কৰিব নোৱাৰিলে৷ সি তাৰ সন্মূখনত হাঁহি হাঁহি তাৰ পৰিস্থিতি উপভোগ কৰি থকা তথাকথিত বৈজ্ঞানিকৰ দলটোক বৰ প্ৰহাৰ কৰিবলৈ মন গ’ল৷ কোনোমতে নিজকে নিয়ন্ত্ৰনলৈ আহি সি সুধিলে - "অভ্ৰমিকা যদি চেট-বট, কথা কেনেকৈ পাতিব পাৰে?"

- "আমি শেহতীয়া কৈ অভ্ৰমিকাক কণ্ঠ দানো কৰিলো, মানে voice synthesis প্ৰগ্ৰেমটো যোগ দিলো৷ কৃত্ৰিম অৱয়ব বা শৰীৰ তৈয়াৰ কৰাৰ কামো পূৰ্ণ গতিত চলি আছে৷ প্ৰায় হৈছেই৷", দলটোৰ আটাইতকৈ বয়োজেষ্ঠ ব্যক্তিজনে উত্তৰ দিলে, "অ’, চিনাকি কৰি দিবলৈ পাহৰিছিলো, মই ড. পি. কে. মানে পংকজ কুমাৰ, এই প্ৰকল্পৰ গবেষণাৰ মুৰব্বী৷ মই উত্তৰ-গুৱাহাটিৰ 'ব্ৰেইন-জ’ন'ৰ 'নেচনেল ইন্সটিটিউত অৱ অৰ্টিভিচিয়েল ইন্টেলিজেঞ্চ'ৰ এজন গৱেষক৷  এটা হিৰ’চিমা বিশ্ববিদ্যালয়ৰ ড. জে.টি মানে জেচিকা টাকাহাচি৷ আৰু এওঁলোক আমাৰ দলৰ সদস্য৷"

ড. পিকেয়ে আনকেইজনৰো চিনাকি দি গ’ল৷ ৰিকুৰ মনত ইমানবোৰ খেলি-মেলি লাগি আছিল যে সি কথাবোৰ ভালকৈ নুশুনিলে৷ কেইজনমান কম্পিউটাৰ বিজ্ঞানী, দুজনমান মনোবিজ্ঞানী আৰু সমাজ-বিজ্ঞানী৷ তেওঁলোকৰ ৰিকুৰে দৰে প্ৰায় এশমান ব্যক্তিৰ লগত এনে 'কথা-বতৰা' চলাই থকা হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাটোৱে কি ক’ব লাগে, কেনেকৈ ক’ব লাগে আদি সকলো নিজে সিদ্ধান্ত লয়৷ ই মানুহৰ মন ইমান সুন্দৰকৈ বুজে আৰু পতাব বা মনাব পাৰে সৃষ্টিকৰ্তাসকলো তবধ মানিছে৷
 
এইদৰে কথোপকথন চলি থকাৰ মাজতে বাহিৰত কিছুমান হুলস্থূল শুনা গ’ল৷ কোনোবাই কিবা ধাতুৰ বস্তু প্ৰহাৰ কৰাৰ শব্দ৷ ৰিকুৱে বাহিৰলৈ ভুমুকি মাৰি দেখিলে সেই উদণ্ড মানুহজাক৷ ৰেষ্টোৰাত উৰি-ফুৰা ড্ৰোনবোৰ প্ৰহাৰ কৰি নষ্ট কৰিবলৈ যত্ন কৰিছে৷ গ্ৰাহকসকলকো অক্ৰমণ কৰিছে৷ হঠাৎ এক হুলস্থলীয়া অৱস্থা৷ কোন সেইবোৰ মানুহ? কিয় সিহঁতৰ পুৰণি কাপোৰ৷ লগতে সেই বিকত দুৰ্গন্ধ - যেন  কিবা জন্তু মৰি পছিচে৷ কিয় সিহঁতি এই স্বয়ংচালিত যন্ত্ৰবোৰ নষ্ট কৰিব বিছাৰিছে?

ৰিকুৱে বৈজ্ঞানিকৰ দলটোকো সতৰ্ক কৰি দিলে৷ সকলো থিয় হৈ সন্মূখৰ যন্ত্ৰ-পাতিবোৰ খৰ-ধৰকৈ সামৰিবলৈ ধৰিলে৷ কোলাহল বাঢ়ি আহিল৷ ৰিকুৱে পিছ দোৱাৰেদি কোনোমাতে পৰাই আহিল৷
(আগলৈ---)

Monday, October 10, 2016

প্ৰতিবাদ -৩ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)'কাৰেংঘৰ'ৰ সন্মূখতো কিছুমান মানুহ গোট খাইছে৷ সেই একেই ধৰণৰ মানুহ, যিবোৰে গুবেৰবোৰ আক্ৰমণ কৰিছিলে - কাপোৰবোৰ অলপ পুৰণি, জহি-খহি যোৱা৷ ৰিকুৰ অলপ চিন্তা লাগিল৷ তথাপি সি কাৰেংঘৰৰ ভিতৰ সোমালে৷ ই গুৱাহাটীৰ একমাত্ৰ যন্ত্ৰমানৱে চলোৱা ৰেষ্টোৰা৷ গ্ৰাহকে খোৱা টেবুলত থকা পৰ্দা এখনত কি খাব জনাই দিয়ে৷ তাৰ ভিত্তিত, ৰান্ধনীঘৰত কিছুমান ঔদ্যোগিক যন্ত্ৰমানৱে আহাৰ তৈয়াৰ কৰে৷ সেইবোৰ আকৌ কেইবাখনো উৰন্ত ড্ৰোনে টেবুলত গ্ৰাহকৰ আগত সজাই দি থৈ যায়৷
 
ৰিকু সোমাই অহাৰ লাগে লাগে এক অপৰূপ দৃশ্য৷ শাৰী শাৰী কৈ থকা টেবুলসমূহত খাদ্য-প্ৰিয় গ্ৰাহক কিছুমানে জুতি লৈ আহাৰ গ্ৰহণ কৰি আছে৷ আন কিছুমানে অৰ্ডাৰ দি আহাৰ অহালৈ বাট চাই আছে৷ কিছুমান ৫-৬ জনীয়া সমনীয়া বন্ধু-বান্ধবৰ দল, কিছুমান বাপেক-মাক-ল’ৰা-ছোৱালী লৈ অহা পৰিয়াল৷ আন কিছুমান চকুৱে চকুৱে চাই আত্ম বিভোৰ হৈ থকা প্ৰেমিক-প্ৰেমিকা৷ তাৰ মাজে মাজে মৌ-মাখিৰ দৰে শব্দ কৰি  উৰি ফুৰিছে অসংখ্য কৃত্ৰিম বুদ্ধিমত্তা থকা ড্ৰোন৷ কিছুমানে আহাৰ লৈ আহিছে৷ কিছুমানে খোৱা শেষ কৰা প্লেট-বাটিবোৰ লৈ গৈছে৷ এক ব্যস্তময় পৰিবেশ৷
ৰিকুৱে বিষ্ময়ভৰা চাওনিৰে সেইবোৰ চাই থাকোতেই, কোনাবাই মাত লগালে - "মহাশয়, মই কিবা সহায় কৰিব পাৰো?"
"আদৰণি" বুলি লিখি থোৱা সন্মূখৰ মেজখনৰ পৰা দিপ-লিপ ছোৱালী এজনীয়ে তাক সুধিলে৷
সি অলপ ওচৰলৈ গৈ ক'লে - "অভ্ৰমিকাৰ নামৰ কোনো টেবুল বুক আছে নেকি?"
ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে - "হয়, আছে৷ কেবিন নম্বৰ ১২৷ আপুনি এইফালে যাওক, অলপ দূৰ গৈয়ে পাব৷"
ৰিকুৱে ভাৱিলে - "কেবিন বুকিং কৰি থৈছে ! ছোৱালী কম নহয়৷"

ৰিকুৱে কেবিনৰ দৰ্জাখন খুলি বিৰ্চুতি খালে - ভিতৰত ৫-৬জন মান মানুহ৷ সি কিবা ভুল হ’ল বুলি ওলাই আহিব খুজিছিল৷ তেনেতে অভ্ৰমিকাৰ মাতটো কোনোবা ফালৰ পৰা শুনা গ'ল - "ৰিকু, সোমাই আহা৷ তোমাৰ ভুল হোৱা নাই, তুমি থিক কেবিনতে সোমাইছা৷"
ৰিকুৱে ভাৱিলে - "কি ছোৱালী ঔ, প্ৰথম দিনাই লগ কৰিবলৈ মাতি গোটেই পৰিয়াল লৈ আহি গ’ল৷ বিয়াই কৰাবলৈ কৈ নিদিয়েতো !!"
ৰিকু সোমাই আহিল৷ মানুহ কেইজনৰ এজনকো 'অভ্ৰমিকা' যেন তাৰ বোধ নহ’ল৷ এজন চুলি-দাড়ী পকা ৬০ বছৰীয়া মান বৃদ্ধ৷ এগৰাকী ৫০-ৰ ঘৰত ভৰি দিয়া আদবয়সীয়া মহিলা৷ বাকী কেইটা তিনিজন ২০-৩০ বছৰীয়া মান ডেকা ল’ৰা বা মানুহ৷ সকলোৱে ৩২টা দাঁত উলিয়াই তাৰ ফালে চাই হাঁহি থাকিল - নিঃশব্দৰে৷ কাৰো মুখত কোনো কথা নাই৷ কেবল এক সম্ভাষণ ভৰা মুৰ দুপনি৷ সন্মূখত খোৱা বস্তুৰ সলনি কেইবাটাও কম্পিউইটাৰ আৰু আন কিছুমান ৰিকুৱে নেদেখা যন্ত্ৰ-পাতি৷
 
তাৰ মানস-পাতত থকা ২২-২৩ বছৰীয়া অভ্ৰমিকা ক’ত? তাইৰ মানটো এইমাত্ৰ ক’ৰ পৰা আহিলে? তেনেতে অভ্ৰমিকাৰ মাত আকৌ শুণা গ’ল - "ৰিকু, তুমি হয়তো আচৰিত হবা৷ হয়তো অলপ খঙো উঠিব পাৰে৷ মই, মানে 'অভ্ৰমিকা', কোনো তেজ-মঙহৰ যুবতী নহওঁ৷ মই এজনী 'চেট-বট', অৰ্থাৎ কথা পতা যন্ত্ৰ-মানৱ৷ মই এটা কম্পিউটাৰ প্ৰগ্ৰেম মাঠো৷ এওঁলোক মোৰ সৃষ্টি কৰ্তা৷"
(আগলৈ---)

Saturday, October 8, 2016

প্ৰতিবাদ -২ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)
হাতত জীৱটো লৈ ৰিকুৱে থিয় হৈ থাকিল৷ এনেতে কেইবাখনো পুলিচৰ গাড়ী আহি পালেহি৷ লাঠি-চালনা হ’ল৷ জংগী, উৎমাত দলটোক নিয়ন্ত্ৰণ কৰি পুলিচে তেওঁ‌লোকক জিম্মাত ল’লে৷ কেইবাখনো খালি বাছত ভৰাই তেওঁলোকক থানালৈ লৈ যোৱা হ’ল৷ পৰিস্থিতি নিয়ন্ত্ৰিত হ’ল যদিও আলিবাটটো পৰি থকা অচল গুবেৰ কেইখন চফা কৰিবলৈ কিছু সময় লাগিব৷ সেয়ে যান-যত সৃষ্টি হৈছে৷ ৰিকু খোজ কাঢ়িয়েই আগ বাঢ়ি গ’ল৷ অলপ আগত মুকলি স্থানত এটা ট্ৰেকাৰ ষ্টেণ্ড আছে৷ তাতে ট্ৰেকাৰত উঠিয়ে সি কিছু দূৰ যোৱাৰ কথা চিন্তা কৰিলে৷ 
দুখোজমান যোৱাৰ পিছতেই ৰিকুৰ ফোনটো বাজি উঠিল৷ ফোনটো কাণৰ ওচৰত লোৱাৰ লগে লাগে সিফালৰ পৰা অভ্ৰমিকাৰ মাত ভাহি আহিল - "কি হ’ল? ইমান দেৰি কৰিছা যে?"
- "ৰাষ্টাত কিছুমান মানুহে কিবা প্ৰতিবাদ কৰিছে৷ একেবাৰে হুলস্থূল, কেইবাখনো গুবেৰ গাড়ী ভাঙি পেলালে৷ পুলিচে লাঠি-চালনাও কৰিলে"
-"কি কোৱা? সাৱধানে আহিবা৷ তোমাৰ একো হোৱা নাই তো?"
-"মোৰ একো হোৱা নাই৷ কিন্তু, মই অহা গুবেৰখনো সিহঁতে ভাঙি পেলালে৷"
-"অহ ! তুমি এতিয়া ক’ত? আহি আছা নে? অসুবিধা হ’ব যদি আদি নালাগে৷ অন্য এদিন লগ কৰিম দিয়া৷"
-"নাই, নাই, চিন্তা নকৰিবা৷ মই আহি আছো৷ ওচৰতে ট্ৰেকাৰ ষ্টেণ্ড এটা আছে৷ তালৈ গৈ আছো৷ বাকীখিনি ট্ৰেকাৰতে যাম৷"
-"থিক আছে৷ বাৰু, সাৱধানে আহিবা৷ মই অপেক্ষা কৰি আছো৷"
অভ্ৰমিকা ৰিকুৰ 'ই-বান্ধৱী', মানে ফেইচবুক হুৱাট্চ-এপ আদিত লগ পোৱা বান্ধৱী৷ আজি দুবছৰ মানেই হ’ল সিহঁত চিনাকী হোৱা৷ কোনো দিনে বাস্তৱ জগতত লগ পোৱা নাই যাদিও, ই-মাধ্যমসমূহে সিহঁত দুয়োকে যথেষ্ট ওচৰলৈ লৈ আহিছে৷ আজি-কালি ফোনতো বহু সময় ধৰি কথা-বতৰা চলে৷ কথাবোৰ, মনবোৰ যেন মিলিব ধৰিছে৷ একেই ধৰণৰ ৰুচি, একে শিল্পীৰে সংগীত, একেই কথা-ছবি দুয়ো ভাল পায়৷  হয়তো প্ৰেমৰ এজাক বা ব'বলৈ আৰম্ভ কৰিছে সিঁহতৰ মাজত৷  বহুবাৰ ৰিকুৱে অভ্ৰমিকাক লগ পাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে - ক’ৰবাত কফি একাপ খাবলৈ, মুখা-মুখিকৈ অন্ততঃ কথা এষাৰ পাতিবলৈ৷ অভ্ৰমিকাই সংকুচ কৰিছিলে৷ লগ কৰিব নোৱাৰিম বুলি কৈছিল, "আমি ই-বন্ধু হৈ থকাই ভাল" বুলিয়েই কৈছিল৷ বহু দিনৰ নিৰবিচিণ্ণ প্ৰচেষ্টাই আজি ফল দিলে। অৱশেষত ৰিকুৰ কথাত তাই মান্তি হ’ল৷ আজি ৰিকু গৈছে অভ্ৰমিকাক লগ ধৰিবলৈ - পোণ প্ৰথমবাৰৰ বাবে৷ তাতে এইবোৰ অঘটন৷
ৰিকু সৌৰ-শক্তি চালিত ট্ৰেকাৰ এখনত বহি ল’লে৷ ঘাইপথটিৰ কাষে কাষে ট্ৰেকাৰখন যিমানে আগ বাঢ়ি গ’ল, ৰিকুৰ মনটো সিমানেই উচ-পিচ কৰিবলৈ ধাৰিলে৷ যোৱা দুবছৰ ধৰি যিজনী ছোৱালীৰ লগত সি ইমান কথা-বতৰা পাতিলে, বিভিন্ন ভাৱৰ আদান-প্ৰদান কৰিলে আৰু বহুখিনি ওচৰ চাপি আহিলে, আজি সি তাইক লগ পাব - নিজ চকুৰে দেখিব৷ কিছু কথা পাতিব৷ হয়তো প্ৰাণৰ কথা আৰু মুকলিকৈ পাতিব৷ তাৰ মনটো ভাল লাগি গ’ল৷
ফোনটো আকৌ বাজিল - "ৰিকু, ক’ত পালাহি? কিমান দূৰ আছে?"
অভ্ৰমিকাৰ ফোন৷ তায়ো উৎকণ্ঠিত হৈ উঠিছে৷
-"পালোহি আৰু, বেছি দূৰ নাই৷ মই 'কাৰেংঘৰ' পালে ফোন কৰিম৷"
-"থিক আছে৷ 'কাৰেংঘৰ'ত লগ পাম৷"
'কাৰেংঘৰ' গুৱাহাটীৰ এখন আধুনিক ৰেষ্টোৰা৷ নতুনকৈ নাম কৰিছে৷ তাতেই ৰিকু আৰু অভ্ৰমিকা প্ৰথম বাৰৰ বাবে লগ কৰিব৷
(আগলৈ---)

Friday, October 7, 2016

প্ৰতিবাদ -১ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

গুৱাহাটী সুপ্ৰতিভ নগৰ, ২২ জুলাই ২০৩৬ চন৷
ৰিকুৱে পুৱাৰ জলপান গ্ৰহণ কৰি কৰিয়ে স্মাৰ্টফোনটোত 'গুবেৰ' এখন মাতি পঠিয়ালে৷ দুই মিনিটমানৰ ভিতৰতে তাঁহাতৰ পদুলিমুখত 'গুবেৰ'খন আহি পালহি৷ স্বয়ংচালিত 'গুবেৰ' খনত প্ৰবেশ কৰাৰ লগে লগে ই ৰিকুৱে দিয়া গন্তব্য স্থানলৈ গতি কৰিবলৈ ধৰিলে৷ বাহিৰৰ পৰা দেখাত পুৰণি যুগৰ মাৰুতি-৮০০ খনৰ দৰে হ’লেও, গুবেৰসমূহত চালকৰ বাবে স্তেয়েৰিং হুইল, ব্ৰেইক্‌, এক্সেলেৰেটৰ আদি একো নাই৷ কেবল স্পৰ্শকাতৰ পৰ্দাযুক্ত এটা 'লেপটপ'৷ জন-অৰণ্য, যান-অৰণ্যৰ মাজেৰে বাট নেওচি ই সুকলমে গৈ থাকিল৷ গুৱেৰখনৰ চাৰিওফালে থকা বহুতো সংবেদনশীল কেমেৰা, চ’নাৰ আদিৰ দ্বাৰা ই মানুহতকৈও ভালকৈ 'দেখে'৷ কেইবা লাখ কিলোমিটাৰ গাড়ী চলোৱাৰ 'অভিজ্ঞতা'ৰে সমৃদ্ধ কৃত্ৰিম বুদ্ধিমত্বাটোৰ গাড়ী চলোৱাৰ অবিশ্বাস্য নিপুণতা৷ ভাৰতীয় আলি-বাটত সঘনে মুখামুখি হোৱা ৰিক্সা, চাইকেল, বাইক-স্কুটাৰ, সৰু গাড়ী, ডাঙৰ গাড়ী, গৰু-ছাগলী-হাতী-মানুহ আদি সকলো ই চিনাক্ত কৰিব পাৰে আৰু অনায়সে বাট নেওচি গৈ থাকিব পাৰে৷ ট্ৰেফিক লাইট নথকা তিনি আলি, চাৰি আলি আদিতো ই অতি সুদক্ষতাৰে পাৰ হৈ যাব পাৰে৷ প্ৰয়োজন সাপেক্ষে ই পেঁপাটিও জোৰকৈ বজাই দিয়ে৷ মুঠৰ ওপৰত মানৱ চালকতকৈ ইয়াক বেছিকৈহে ভৰষা কৰিব পাৰি৷

নিৰ্ভয়েৰে ৰিকু গৈ থাকিল৷ স্মাৰ্টফোনটো তাৰ স্কুলীয়া বন্ধু বৰ্গৰ হুৱাট্‌চ-এপ গোটতোত লগৰ কেইটাৰ লগত চুপতি কৰি কৰি গৈ থাকিল৷ প্ৰথম অহাৰ ৫ বছৰৰ ভিতৰতে আজি গুৱাহাটিত প্ৰায় ৫০০০খন গুবেৰ হ’লগৈ৷ ই অতি জনপ্ৰিয় হৈ আহিছে৷ মানুহে আট’, টেক্সি আদিৰ সলনি গুবেৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ এইবোৰ বহু গুণে সস্তা আৰু নিৰাপদ বুলি পৰিগণিত হৈছে৷

হঠাতে গুৱেৰখনৰ গতি মন্থৰ হৈ গ’ল৷ ৰিকুৱে বাহিৰলৈ চাই পঠিয়ালে৷ সকলো গাড়ী মন্থৰ হৈছে৷ হয়তো আগত কিবা দুৰ্ঘটনা ঘটিছে৷ এইবাৰ গুবেৰখন একেবাৰে ৰৈ গ’ল৷ বাকীবোৰ গাড়ীও আলিবাটৰ মাজত ৰৈ আছে৷ দুই এখন গাড়ীৰ পৰা মানুহবোৰ ওলাই কি হৈছে চাবলৈ যত্ন কৰিছে৷ এই দৰে কেইবা মিনিট পাৰ হৈ গ’ল৷ বহু দূৰৰ পৰা অহা এটি কোলাহল শুনা গ’ল৷ কৌতুহল বশত ৰিকুৱে গুবেৰখনৰ কম্পিউটাৰটোক শুধিলে - "হেল্ল' গুবেৰ"৷
-"কওক চাৰ"
-"কি হৈছে? কিয় গাড়ীবোৰ ৰৈ আছে?"
-"চাৰ, মই আগৰ গুবেৰসমূহক সম্পৰ্ক কৰি জানিব পাৰিছো যে - আগত বহু মানুহ গোট খাই আলিবাটটো আগুচি ধৰিছে, গাড়ীবোৰ যাবলৈ দিয়া নাই৷ তেওঁলোকে বিশেষকৈ 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
-"কি? গুবেৰসমূহ আক্ৰমণ কৰিছে?"
-"হয়, তেওঁলোকে 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
ৰিকুৱে বাহিৰলৈ আকৌ এবাৰ চাই পঠিয়ালে৷ হয়, উদণ্ড মানুহ এজাকে গুবেৰবোৰ আক্ৰমণ কৰিছে৷ লোহাৰ ৰ’ড, শিলগুটি আদিৰে গুবেৰবোৰ প্ৰহাৰ কৰিছে৷
-"চাৰ, আপুনি এতিয়াই ইয়াৰ পৰা নামি কোনো সুৰক্ষিত অঞ্চললৈ যাওক !!"
এই দৰে কৈ গুবেৰখনে দৰ্জাখন খুলি দিলে৷ এক দুৰ্গন্ধ - নিগনি মৰি পছি যোৱাৰ দৰে দুৰ্গন্ধ৷ ৰিকুৱে তাৰ নিজৰ বেগটো লৈ ওলাই আহিল আৰু আলিবাটৰ কাষৰ এক নিৰাপদ স্থানত থিতাপি ল’লে৷ তাৰ লগত আন বহুলোকে তাত থিতাপি লৈছেহি৷ সি একো তত ধৰিব নোৱাৰিলে৷ তাৰ চকুৰ আগতে সেই জংগী দলটোৱে সি উঠি অহা গুবেৰখন ভাঙি টচ-নচ কৰি পেলালে৷ তাৰ বুকু কপি উঠিলে৷ কি হৈছে - এইবোৰ !!
(আগলৈ---)

Monday, May 30, 2016

বাছত ভ্রমণ কৰোতে...

  1. এজন এজনকৈ বাছত উঠক।
  2. আঘাতৰ পৰা ৰক্ষা পাবলৈ কৰবাত ভালকৈ খামুচি ধৰক।
  3. হঠাতে ব্ৰেক মাৰিলে আপুনি আঘাট পাব পাৰে, সেয়েহে সুবিধাজনক ঠাইত দৃঢ়ভাৱে ধৰি থাকক।
  4. বাছৰ পৰা নামোতে সন্মূখ আৰু পিছলৈ লক্ষ্য কৰিহে আগবাঢ়ক।
  5. নির্দ্ধাৰিত ভাৰা আদায় দি কণ্ডাক্টৰৰ পৰা টিকট বিচাৰক।
  6. আপোনাৰ গধূৰ বন্তুবোৰ বাছৰ ওপৰত (বস্তু-বাহানি ৰখা নির্দিষ্ট স্থান) ৰাখক যাতে ই আনৰ ওপৰত পৰি কোনো আঘাত কৰিব নোৱাৰে৷
  7. যদি চালকে অত্যাধিক বেগত গড়ী চলাইছে, তেওঁক বাধা দিয়ক।
  8. আপেনাৰ কিবা অভিযোগ থাকিলে ওচৰৰ থানা বা পৰিবহণ প্রাধিকাৰীক (Transport Authority) অৱগত কৰক৷
  9. হুৰমূৰকৈ বাছত নুঠিব৷ সুস্থিৰ আৰু শৃংখলাবন্ধভাৱে বাছত উঠক৷ উঠা-নমা কৰোতে আনক অশান্তি নিদিব৷
  10. বাছৰ পাউদানিত (foot board) ওপৰত উঠি ভ্ৰমণ নকৰিব।
  11. বাছৰ ওপৰত উটি নাযাব৷
  12. খিড়িকীৰে বাছৰ বাহিৰলৈ হাত-মূৰ উলিয়াই নাযাব।
  13. ধপাঁত বা নিচা-জাতীয় সামগ্ৰী সেৱন কৰি বাছত উঠা অপৰাধ।
  14. বাছৰ চালকৰ লগত চুপতি নামাৰিব, কাৰণ ইয়ে চালকৰ মনোযোগ ব্যাহত কৰে।
  15. যাত্ৰীবাহী বাছৰ ওপকত দাহ্য সামগ্রী নকঢ়িয়াব বা সন্দেহজনক ৰাসায়নিকসামগ্রী নকঢ়িয়াব।
  16. মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বাবে গাড়ীৰ পঞ্জীয়ন নম্বৰ স্থানীয় আৰক্ষী থানাত অৱগত কৰক৷
উৎস: Guwahati Traffic Police

খোজ কাঢ়োতে...

  1. পথ পাৰ হওঁতে সদায় জেব্ৰা ক্ৰচিং ব্যৱহাৰ কৰক। 
  2. পথ পাৰ হওঁতে প্রথমে বাওঁপিনে, পিছত সোঁপিনে, আকৌ পিছত বাওঁপিনে চাইহে পথ পাৰ হওঁক।
  3. পদপথ বা ফুঠপাথ থাকিলে সেয়া ব্যৱহাব কৰক।
  4. সদায় পথৰ বাওঁফালেৰে যাব।
  5. পদপথেৰে  খোজকাঢ়োতে সদায় চফা-কৰ্মী সোমোৱা দ্বাৰ বা  মেনহ’ল (man hole) বা অন্য কোনো বাধাৰ পৰা নিজক ৰক্ষা কৰক৷
  6. ৰখাই থোৱা গাড়ী এখনৰ কাষেৰে পাৰ হে যাওঁতে গাড়ীখনৰ দুয়োটা দিশ লক্ষ্য কৰক যাতে অন্য গাড়ীয়ে কোনো দুৰ্ঘটনা ঘ টাব নোৱাৰে।
  7. নিশা খোজ কাঢ়োতে টর্চলাইট ব্যৱহাৰ কৰক।
  8. প্ৰাতঃ-ভ্ৰমণ কৰোতে ন- শিকাৰুৱে চলোৱা বাহনৰ পৰা সাৱধান হব। কাৰণ এই সময়খিনিত ন-শিকাৰু অকলে পথত গাড়ী চলায়।
  9. য’ত পদপথ নাই তাত যিমান পাৰে ৰাস্তাৰ কাষেৰে খোজ কাঢ়ক।
  10. অভিভাৱক অবিহনে কণ-কণ ল’ৰা-ছোৱালীক পথত খোজ কাঢ়িৰগৈ নিদিব।
  11. খোজ কাঢ়োতে দলবদ্ধ বন্ধু-সংগী বাদ দিয়ক৷ কাৰণ ইয়ে নিজৰ লগতে আনৰ বাবেও সমস্যা বঢ়ায়।
  12. চাইকেলত দুজন উঠাটো এৰাই চলক।
উৎস: Guwahati Traffic Police

Sunday, May 29, 2016

যান-বাহন আৰক্ষীৰ পৰামৰ্শ / বাণী


  • যান-বাহন আইন নিশ্চিতভাৱে মানি চলক৷
  • কৰ্তৃত্বপ্ৰাপ্ত আৰক্ষীয়ে দিয়া যিকোনো দিশ নিৰ্দেশনা বা সংকেত মানি চলক৷
  • যিকোনো পথ নিৰ্দেশনা ফলক, সাংকেতিক চিহ্ন আদিৰ জৰিয়তে সাংকেতিক চিহ্ন দিয়া হৈছে৷
  • স্বয়ংক্ৰিয় সংকেত (Signal) ব্যৱস্থাৰ জৰিয়তে দিয়া দিশ নিৰ্দেশনা৷
  • সাৱধানেৰে পথটো আন যাত্ৰীৰ লগত ভগাই লওঁক৷
  • কাইলৈ জীয়াই থাকিবলৈ, আজিয়েই সজাগ হওঁক।
  • নিৰাপদ গাড়ী চালনাৰ বাবে চিট-বেল্ট ব্যৱহাৰ কৰক, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাওক৷
  • অলপ সাৱধানতাই জীৱন মধুৰ আৰু সুন্দৰ কৰে৷
  • নিশা ডীপাৰ ব্যৱহাৰ কৰক, সন্মূখৰ জনক সহায় কৰক৷
  • সতৰ্কতা আৰু মনোযোগে দুৰ্ঘটনা হ্ৰাস কৰে৷
  • প্ৰথমে সাৱধান হওঁক, পিছত গাড়ী চলাওঁক৷
  • পথ সজাগতা জীৱনৰ পথেই কৰি লওঁক৷
  • যান-বাহন আইন মানি চলক, জীৱন আৰু তেল বচাওঁক৷
  • গতি হ্ৰাস কৰক, ধ্বংস হোৱাৰ পৰা ৰক্ষা পাওঁক৷
  • গতিবেগে যদিও স্ফূৰ্তিদায়ক, ই সদায় মৃত্যুক হাত বাউলি মাতে৷ 
  • সহিষ্ণুতা দেখুৱাওক, পথত আনৰ অধিকাৰক মৰ্যদা দিয়ক৷
  • ৰঙা সংকেতত আপুনি বিশ্ৰাম লওঁক৷
  • মনত ৰাখিব দুজনৰ বাবেই দুচকীয়া বাহন৷
  • স্মৰণ কৰক, জীৱন অমূল্য৷
  • দুৰ্ঘটনাই কন্দুৱাই, নিৰাপদ ভ্ৰমণে হহুৱাই৷
  • গাড়ী চলাওতে মবাইল ফোন ব্যৱহাৰ নকৰিব৷ ই এক অপৰাধ৷
  • সংকেত মানি চলক, জৰিমনাৰ পৰা আঁতৰি থাকক৷ 
  • সংকেত ৰেখাৰ আগত গাড়ী ৰখাওক৷
  • সতৰ্কতাৰে গন্তব্যস্থানত উপনীত হওঁক৷
  • নিৰ্দেশনা মানি চলক, দুৰ্ঘটনা এৰাই চলক৷
  • সুন্দৰকৈ গাড়ী চলাওক, জৰিমনাৰ পৰা আঁতৰি থাকক৷
  • নৰকৰ সংগী হোৱাতকৈ হেলমেট পৰিধান কৰক৷
  • সতৰ্কতা আৰু সাৱধানতাৰে নেউচি (Overtake) যাওঁক৷
  • সূৰ্য্য অস্তৰ আগতেই হেট লইট জ্বলাওক৷
  • সাৱধানেৰে গাড়ী চলাওক, সাহসিকতাৰে নহয়৷
  • দুখ কৰাতকৈ দুখৰ প্ৰতিৰোধ কৰক৷
উৎস: Guwahati Traffic Police

হৰ্ন বজোৱাৰ নিয়মসমূহ

  • বিনা কাৰণত হৰ্ন নবজাব.
  • একে লেথাৰিয়ে, অপ্রয়োজনীয় বা আৱশ্যক নহ’লে  হৰ্ন নবজাব।
  • নীৰৱ এলেকাত  হৰ্ন নবজাব।
  • বিকট শব্দ আৰু তীব্ৰ শব্দযুক্ত হৰ্ন  নবজাব৷
উৎস: Guwahati Traffic Police

Saturday, May 28, 2016

গাড়ী পাৰ্ক কৰাৰ নিয়মসমূহ

আপোনাৰ গাড়ীখন তলত উল্লেখিত স্থানত পাৰ্ক নকৰিব:
  1. পথৰ সংযোগস্থলী, ভাঁজ লোৱা বা একা-বেঁকা পথত, পাহাৰৰ ওপৰত বা
  2. দলঙৰ ওপৰত।
  3. পদপথৰ (footpath) ওপৰত।
  4. ট্রেফিক ছিগনেল বা পথচাৰী অহা-যোৱা পথত।
  5. মূল ৰাস্তা বা যান-বাহন যাতায়াতৰ প্রধান পথ।
  6. ৰখাই থোৱা গাড়ীৰ বিপৰিত দিশ বা অন্য বাহন চলাচল কৰা পথৰ বিপৰীত দিশত।
  7. অন্য ৰখাহ থোৱা বাহনৰ সৈতে একে শাৰীতে।
  8. পথ বা যি ঠাইত একেৰাহে বগা ৰেখা অংকন কৰা  আছে
  9. বাছ ষ্টপৰ ওপৰত, বিদ্যালয় বা হাস্পতালৰ প্রৱেশ পথ বা যিকোনো চৌহদৰ প্রৱেশ পথ বা ট্রেফিক নির্দেশনা থকা ব’র্ড আঁৰ কৰি বা পথৰ ভুল দিশে আৰু পাৰ্কিং স্থানৰ বাহিৰে অন্য ঠাইত৷
উৎস: Guwahati Traffic Police

নেওচি যোৱাৰ (overtake) নিয়ম

  1. অপ্রয়োজনায়ভাৱে নেওচি নাযাব (overtake নকৰিব)
  2. এনে পৰিস্থিতিত নেউচি নাযাব :
  • পথৰ সংযোগস্তলীত, ঘূৰণীয়া বা ভাঁজ লোৱা পথ বা পাহাৰীয়া বা অন্য নির্দ্দেশনা থকা ঠাই, য’ত বিপৰীত দিশৰ গাড়ী দেখা নাযায়।
  • যেতিয়া বাহনৰ চালকে সন্মূখৰ পৰা নেওচি যোৱাৰ সংকেত নাপায়।
উৎস: Guwahati Traffic Police

পথত পালনীয় নিয়মাৱলী (Rules of the Road)

  1. পথত গাড়ী চলাওতে গাড়ীখন যিমান পাৰে বাওঁপিনে ৰাখিব আৰু সন্মূখৰ পৰা অহা গাড়ীবোৰ সোঁপিনেৰে পাৰ হৈ যাবলৈ দিব৷
  2. বাওঁপিনে ঘূৰিবলগীয়া হ’লেও পথৰ বাওঁকাষেৰে আগবঢ়াব আৰু কোনো পথৰ সোমাবলগীয়া হ’লেও বাওঁফালেৰেই আগবাঢ়িব৷
  3. সোপিনে ঘুৰিবলঘিয়া হ’লে পথৰ সোঁমাজভাগেৰে যাব যদিও পথত উঠাৰ পিছতেই বাওঁপিনে আগবাঢ়িবলৈ নাপাহৰিব৷
  4. সোঁপিনে ঘুৰিব বিচৰা এখন গাড়ী পথৰ সোমাজলৈ নিব লাগে আৰু পিছত থকা অন্য গাড়ীবোৰ বাওঁপিনেৰে পাৰ হৈ যাবলৈ দিব লাগে৷
  5. একে দিশে গৈ থকা গাড়ীবোৰে আগে আগে গৈ থকা গাড়ীক সোঁফালৰ পৰা অভাৰটেক কৰিব লাগে৷

Friday, May 27, 2016

অসম আৰক্ষীৰ যান-বাহন আইনসমূহ


আজি ফাচি-বজাৰৰ ফালে যাওতে আৰক্ষীৰ যান-বাহন বিভাগত সোমালোঁ৷ তাত পোৱা এখন প্ৰচাৰ-পত্ৰিকা ৰাইজৰ উপকাৰ হ’ব বুলি  ইয়াত উঠাই দিলোঁ৷ এইবোৰ ইউনিকোডত টাইপ কৰি উলিওৱা হ’ল৷