Saturday, November 14, 2015

কেতিয়াবা কিছুমান কথা কবলৈ মন যায় ....

কেতিয়াবা কিছুমান কথা কবলৈ মন যায়... কিন্তু কোনোবাই বেয়া পাব বুলি নকওঁ৷ মনত দোষ পাব বুলি নকওঁ৷ গতিকে এই জালপঞ্জীতে লিখি থওঁ বুলি ভাৱিলোঁ৷

মোৰ সৰুৰে পৰা ইছলাম ধৰ্মীয় বন্ধু-বান্ধবৰ লগত ঘনিষ্ঠতা আছে৷ কিছুমান বাল্য-বন্ধু, কিছুমান স্কুল-কলেজৰ বন্ধু, কিছুমান সহকৰ্মী, আন কিছুমান চুবুৰীয়া৷ বাল্য-বন্ধু সকলৰ লগত একেলগে মাৰ্বল খেলা, ফুটবল খেলা আদি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ঈদত তেওঁলোকৰ ঘৰৰ পোলাও-মাংস আৰু চেৱৈও মই পাহৰিব নোৱাৰোঁ৷ থিক তেনেকৈ, স্কুল-কলেজৰ বন্ধুসকলৰ লগত একেলগে পঢ়া-শুণা কৰা, সহকৰ্মীসকলৰ লগত একেলগে কাম কৰা বা চুবুৰীয়াসকলৰ ঘৰলৈ আহ-যা কৰা আদি সদায় হৈ আহিছে, হয়েই থাকিব - কোনো অসুবিধা নোহোৱাকৈ৷ কোনো ভিন্নতাৰ অনুভৱ নকৰোঁ৷ মোৰ জীৱনলৈ অহা বা মোৰ সম্পৰ্শলৈ অহা ইছলামধৰ্মী লোকসকল বিভিন্ন পটভূমিৰ - অসমীয়া খীলঞ্জীয়া গৰীয়া-মৰীয়াৰ পৰা আৰম্ভ কৰি, ভাৰতৰ আন প্ৰদেশৰ, অসমৰে বংগমূলীয়, প্ৰকৃত বাংলাদেশী, পাকিস্তানী, আৰৱ (এমিৰেটি, ছৌদি, ওমানি, পেলেষ্টাইনী, ইৰাকী), আফ্ৰিকাৰ বিভিন্নদেশৰ (মিচৰ বা ইজিপ্ত, লিবিয়া, চুডান আদি) ইৰানী, মালায়, ইন্দোনেচীয়া আদি প্ৰায় প্ৰতিটো প্ৰান্তৰে ইছলামধৰ্মী লোক মই লগ পাইছো৷ তেওঁলোকৰ লগত একেলগে কাম কৰিছো, খাইছো, বহিছো, উঠিছো৷ প্ৰতিজনকেই একোজন ভদ্ৰ সুনাগৰিক হিচাপেই পাইছোঁ৷ গতিকে মোৰ মনত সদায়েই তেওঁলোকৰ প্ৰতি এটা ভাল মনোভাৱেই আছে৷ তেওঁলোক সময়ৰ ৰাজআলিত মোৰ জীৱনযাত্ৰাৰ 'সহযাত্ৰী'৷

Wednesday, November 11, 2015

নৈতিক নাস্তিক

প্ৰায়ে "গুৰু-গোসাই নমনা পাষণ্ড" জাতীয় বাক্যাংশ শুনিবলৈ বা লিখা দেখিবলৈ পোৱা যায়৷ যি গোসাই বা ঈশ্বৰক নামানে অৰ্থাৎ নাস্তিক সি "পাষণ্ড" .... এনে ধাৰণা আমাৰ সমাজত আছে৷

কিন্তু গোসাই নমনাৰ লগত পাষণ্ডতাৰ কোনো সমন্ধ নাই৷ বৰং বহু আস্তিক, ধৰ্মভীৰু মানুহ অনাচাৰী, ভ্ৰষ্ট বুলি প্ৰমাণিত হৈ আহিছে৷ দুৰ্নীতি পৰায়ণ নেতা আৰু বিষয়া সকলৰ হাততে এসোপামান গ্ৰহ-নক্ষত্ৰ নিয়ন্ত্ৰণ কৰিব পৰা আঙুঠি আৰু মঠ-মন্দিৰৰ আশে-পাশে বেছিকৈ ঘুৰা-পকা কৰা দেখা যায়৷ 

এতিয়া কথা হ’ল স্থাপিত ধৰ্মবোৰ নোহোৱাকৈ, ঈশ্বৰলৈ ভয় নকৰাকৈ (মানে ধৰ্মভীৰু নোহোৱাকৈ), কোনো ব্যক্তি নৈতিক-সৎ হ’ব পাৰেনে? 

এটা মহা কচুগুটি ল’ৰাক দুই ধৰণে শাসন কৰিব পাৰি - শান্তিৰে বহি থাকিলে আইচ-ক্ৰিম খাবলৈ পাবি বুলি কৈ অথবা উৎপাত কৰি থাকিলে ফলা খৰিৰ কোব খাবি বুলি কৈ৷ প্ৰথমটোক ধনাত্মক সহাঁৰি (Positive Feedback) আৰু দ্বিতীয়টোক ঋণাত্মক সহাঁৰি (Negative Feedback) বোলা হয়৷ ধাৰ্মিক বা ঈশ্বৰ বিশ্বাসীসকলক এই জীৱনত ঈশ্বৰৰ আশীৰ্বাদ আৰু মৃত্যুৰ পিছত স্বৰ্গৰ ধনাত্মক সহাঁৰি দিয়া হয়৷ ঠিক সেইদৰে জীৱিত কালত ঈশ্বৰৰ ক্ৰোধ আৰু মৃত্যুৰ পিছত পাতলপুৰীৰ ঋণাত্মক সহাঁৰি দিয়া হয়৷ কিন্তু নাস্তিক বা যুক্তিবাদী এজনে ঈশ্বৰ-সৰ্গ-পাতাল একোকে বিশ্বাস নকৰে, গতিকে তেওঁ সদায় ভাল বা সৎ কাম কৰিবলৈ কেনেকৈ উৎসাহিত হ’ব?

ঈশ্বৰৰ ভয় : এটা অতি ভয়ানক ধাৰণা

হিন্দু , ইছলাম, খ্ৰীষ্টধৰ্ম আদি প্ৰায় প্ৰতিটো প্ৰধান ধৰ্মতেই "ঈশ্বৰলৈ ভয়" বা "God Fear" ("ধৰ্মভীৰু" শব্দটো আক্ষৰিক অৰ্থ একে নহ’লেও প্ৰায় সমভাৱাৰ্থক বুলিব পাৰি) -ৰ ধাৰণা এটা আছে, সহজ ভাষাত  -- বেয়া কাম কৰিলে ঈশ্বৰে (মানে হিন্দুৰ কোনো ভগৱানে, ইছলামৰ আল্লাই, খ্ৰীষ্টধৰ্মৰ গ’ড আদিয়ে)  শাস্তি দিব, গতিকে বেয়া কাম কৰিব নালাগে৷ তেৰালৈ থকা এই ভয়ৰ বাবেই মানুহে বেয়া কাম নকৰিব আৰু সমাজখনত শান্তি শৃঙ্খলা বাজি থাকিব৷ আনহাতে এই ভয়ৰ অভাৱত মানুহবোৰে অনৈতিক, অসামাজিক কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিব আৰু সমাজখন বিশৃঙ্খল-অৰাজকে ভৰি পৰিব৷ গভীৰভাৱে ভাৱি চালে দেখা যায় সমাজৰ শান্তি-শৃঙ্খলা বজাই ৰাখিবলৈ উদ্ভাৱন কৰা এই ধাৰণা বা পন্থাটিৰ কিছুমান অসুবিধা আছে৷ ভাৰততে অগণন ধৰ্মভীৰু মানুহ দেখা যায় --- নহ’লেনো বাৰু মন্দিৰ-মদজিতত সদায়েই ইমান ভিৰ থাকেনে? কিন্তু ভাৰতবৰ্ষত ভ্ৰষ্টাচাৰী, অনৈতিক মানুহৰ অভাৱ নাই৷ কিয়?

Tuesday, November 10, 2015

ঈশ্বৰৰ "ক্লেচ অফ্ ক্লেন্‌চ"

আজি কেইদিন আগতে লগৰ কেইজনমানৰ কাটৰ অনুৰোধত মোৰ সুপ্ৰতিভ দূৰভাষটোত এটা প্ৰয়োগ স্থাপন কৰি ল’লো - "ক্লেচ অফ্ ক্লেন্‌চ" মানে "ফৈদসমূহৰ সংঘাট" !!

ই এটা ভিডিঅ’-খেলা য’ত প্ৰতিজন খেলু্ৱৈয়ে এখন "গাঁও" তত্বাবধান কৰিব লাগে৷ গাৱত গাৱলীয়াসকলক সামৰিক প্ৰশিক্ষণ দিব লাগে৷  কেইখনমান গাঁও  (মানে কেইজনমান খেলুৱৈ) মিলি এটা ফৈদ বা clan তৈয়াৰ হয়৷ এটা ফৌদে আন এটা ফৈদক আক্ৰমাণ কৰি স্বৰ্ণমুদ্ৰা (Gold Coin) আৰু অমৃত (Elixir) লুটি আনিব লাগে৷ আন্তঃজালৰ যোগেদিয়েই এই ফৈদবোৰ তৈয়াৰ হয় আৰু সেইবোৰৰ মাজত যুদ্ধ-বিগ্ৰহ চলি থাকে৷ মন কৰিবলগীয়া কথাটো এই খেলত এবাৰ সৈন্যবোৰ যুদ্ধক্ষেত্ৰত এৰি দিয়াৰ পিছত সেইবোৰে "নিজ বিবেক-বিবেচনা" মতে আনৰ গাঁও আক্ৰমণ কৰি লুটিবলৈ আৰম্ভ কৰি দিয়ে৷ মানৱ-খেলুৱৈজনৰ কোনো নিয়ন্ত্ৰণ নাথাকে৷

এই ভিডিঅ’-খেলা খেলি থকাৰ মাজতে হঠাতে এটা ধাৰণা মনলৈ আহিলে৷ হলিউডৰ 'মেট্ৰিক্স', 'জুপিটাৰ এচেণ্ডিং' আদি চলচিত্ৰসমূহৰ প্ৰভাৱেও হয়তো এই ধাৰণা দৃঢ় কৰি তুলিলে৷ আমি আচলতে ভিন ভিন ঈশ্বৰৰ "ক্লেচ অফ্ ক্লেন" নেকি? ভিন ভিন ঈশ্বৰ-খেলুৱৈয়ে ভিন ভিন ধৰ্ম (ফৈদৰ সমকক্ষ) সৃষ্টি কৰি পৃথিৱীত আমাক এৰি দিলে৷ এতিয়া যিজন খৈলুৱৈয়ে বেছি মানৱ নিজৰ ফলিয়া কৰিব পাৰিব সিয়েই জিকিব৷ তাৰ বাবে প্ৰয়োজন হ’লে এটা ফৈদৰ লগত আন ফৈদৰ আত্মহানী যুদ্ধও কৰোৱা হয়৷ কেতিয়াবা "ক্লেচ অফ্ ক্লেন"ৰ সৈন্যবোৰৰ দৰে মানুহবোৰে নিজ বিবেক-বিবেচনা মতে চলিবলৈ আৰম্ভ কৰি দিয়ে৷ ঈশ্বৰ-খৈলুৱৈজনৰ নিয়ন্ত্ৰণৰ বাহিৰত গুছি যায়৷ তেতিয়া তেওঁ বাৰ্তাবাহক পঠিয়াই বা নিজে অৱতাৰ ধাৰণ কৰি সেইবোৰক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে৷

The Linguistic Mosaic

Indigenous languages are disappearing at an alarming rate around the world has been noted by many noted linguists and social workers. Language carries vocal literature like folklore and folk music. Many such other cultures that uses language as a medium of expression. Imagine 'Bihu' song and dance without Assamese language --- something unimaginable. If Assamese language disappears, so will Bihu and associated cultures.

Around the world as languages disappear so thus many interesting cultures native to the place and people. Perhaps nowhere else in the world is this loss more profound than in Northeast India. With five language families (Tai-Kadai, Tibeto-Burman, Indo-Aryan, Austroasiatic and Dravidan) represented in well over two hundred languages amongst its eight states (Assam, Meghalaya, Manipur, Nagaland, Tripura, Mizoram, Arunachal Pradesh and Sikkim), Northeast India could well be the most linguistically diverse region in the world. Many linguists today see it as their obligation to assist in preventing this great loss to mankind by documenting and describing languages and working with communities to preserve and/or revitalize their languages.


কেইটামান 'অযুক্তিকৰ' প্ৰশ্ন

ধৰা হওক 'ঈশ্বৰ' (মানে হিন্দুৰ কোনো ভগৱান, মূছলমানৰ আল্লা বা খ্ৰীষ্টধৰ্মৰ গ’ড) বুলি কোনো অস্থিত্ব আছে - যি পৰম দয়ালু, পৰম শক্তিমান, সৰ্ব বিদ্যমান ইত্যাদি ইত্যাদি৷ কেইটামান প্ৰশ্নৰ কোনো যুক্তি বিচাৰি পোৱা নাযায়৷

১) ঈশ্বৰে যদি সকলো সৃষ্টি কৰিলে, তেৰাক কোনে সৃষ্টি কৰিলে?

২) বিশেষকৈ আব্ৰাহিমিক ধৰ্মসমূহত "চৈতান"(বা "ডেভিল")  বুলি এটা চৰিত্ৰ পোৱা যায়৷ বৰ্ণনাৰ পৰা এনে লাগে যেন সি এটা 'ঈশ্বৰ'ৰ লগত ফেৰ মাৰিব পৰা খলনায়ক৷ ইয়াত প্ৰথম প্ৰশ্ন উঠে চৈতানক কোনে সৃষ্টি কৰিলে আৰু কিয়? দ্বিতীয়তে ঈশ্বৰ যদি 'সৰ্ব শক্তিমান', ইমান দিনে তেৰাই চৈতানক বধ বা নিয়ন্ত্ৰণ কৰিব পৰা নাই কিয়? তেৰা 'সৰ্ব শক্তিমান' নহয় নেকি?

৩) মানুহক নীতি শিক্ষা দিবলৈ ঈশ্বৰে মাজে মাজে বাৰ্তাবাহক পঠিয়ায়৷ কিছুমান ধৰ্মৰ মতে তেৰাই কোনো অৱতাৰ লৈ মানুহক নীতি শিক্ষা দিয়ে৷ কথাটো এনে লাগে বৰ্তমানৰ চফ্টৱেৰ কোম্পানীবোৰে নিজে আগতে তৈয়াৰ কৰা চফ্টৱেৰৰ 'বাগ' বা ভুলবোৰ শুধৰাবলৈ পেট্‌চ (patch) পঠিওৱাৰ দৰে৷ মানে সৃষ্টিৰ সময়ত তেৰাই তৈয়াৰ কৰা মানুহবোৰৰ মগজুত ভৰাই পঠিওৱা 'চফ্টৱেৰ' ক্ৰমে বিকৃত হৈ যায়৷ সেয়ে 'পেট্‌চ' পঠিয়াব লগা হৈছে৷ যিকি নহওক, তেওঁ বাৰু পোনপতীয়াকৈ সেই পেট্‌চ মানুহবোৰৰ মস্তিষ্কলৈ পঠিয়াই কিয় নিদিয়ে? এজন 'বাৰ্তাবাহক' বা 'অৱতাৰ'ৰ মাধ্যমেৰে পঠিয়াব লগা হয় যে? তেৰাৰ এই পোনপতীয়াকৈ পঠিয়াৱ পৰা "প্ৰযুক্তি" নাই নেকি?



Monday, November 9, 2015

বিভিন্ন প্ৰকাৰৰ নাস্তিক

শেহতীয়াকৈ প্ৰকাশ পোৱা লোকপিয়লৰ প্ৰতিবেদনৰ মতে ২৮.৭ লাখ ভাৰতীয়ই কোনো "ধৰ্ম"ত বিশ্বাস নকৰে৷ বিস্ময়জনকভাৱে ইয়াৰ সৰহ সংখ্যক গাৱলীয়া অঞ্চলৰ৷ যিকি নহওক, ১২০ কৌটি ভাৰতীয়ৰ মাজত ই এটা অতি নগণ্য সংখ্যা যদিও, ই এটি গুৰুত্বপূৰ্ণ তথ্য৷ ধৰ্মান্ধ আৰু গোড়ামীৰে ভৰা ভাৰতবৰ্ষত অন্ততঃ কেতবোৰ লোক আছে যি লোকপিয়লত কোনো ধৰ্মত বিশ্বাস নকৰোঁ বুলি সৎ সাহস গোটাব পাৰিলে৷ মোৰ বিশ্বাস প্ৰকৃততে ভাৰতত ইয়াতকৈ বহু অধিক সংখ্যক ধৰ্মত বিশ্বাস নকৰা ব্যক্তি আছে। তেওঁলোকে হয়তো এই কথা প্ৰকাশ নকৰে, লোকপিয়লত উল্লেখ কৰাটোতো বহু দূৰৰ কথা৷

"কোনো ধৰ্মত বিশ্বাস নকৰা"ৰ বহু কেইটা অৰ্থ হ'ব পাৰে। নাস্তিক, যুক্তিবাদী, সন্দেহবাদী, মুক্তচিন্তী আদি বিভিন্ন চিন্তাধাৰা বিশ্বাসী লোক ইয়াৰ অন্তৰ্ভূক্ত হ'ব পাৰে।

১) নাস্তিক (Atheist) সকলে "ঈশ্বৰ" বুলি কোনো শক্তি আছে বুলি একেবাৰে বিশ্বাস নকৰে।
২) যুক্তিবাদী (Rationalist) আৰু অজ্ঞেয়বাদী (Agnosticism) সকলে "ঈশ্বৰ আছে নে নাই নাজানোঁ‌" বুলি কোৱাটোৱেই আটাইতকৈ যুক্তিসংগত বক্তব্য বুলি ভাৱে। 
৩) মুক্তচিন্তী (Free Thinker) ঈশ্বৰক বিশ্বাস কৰিবও পাৰে, নকৰিবও পাৰে, কিন্তু কোনো নিৰ্দিষ্ট "ধৰ্ম" মানি নচলে। যি সকলো আধ্যাত্মিক চিন্তা ব্যক্তিগত বুলি গ্ৰহণ কৰে। অৰ্থাৎ যাৰ যেনেকৈ ঈচ্চা তেনেকৈ মুক্তভাৱে বাস্তৱৰ ধাৰণা কৰি ল'ব পৰাৰ অধিকাৰ আছে বুলি যুক্তি দিয়ে।
৪) ধৰ্মীয় সন্দেহবাদী (Religious Skeptic) সকলে ঈশ্বৰৰ অস্থিত্বক সন্দেহৰ চকুৰে চাই, কিন্তু নাস্তিকসকলৰ দৰে একে উশাহে নাকচো নকৰে৷ 


উৎস: http://timesofindia.indiatimes.com/india/2-87-million-Indians-have-no-faith-census-reveals-for-first-time/articleshow/48689278.cms

Saturday, November 7, 2015

সৃষ্টিকৰ্তা, ধৰ্ম, বিজ্ঞান আৰু বহুতো....

বহু দিনৰ পৰা এই বিষয়ে কিবা এটা লিখিম লিখিম বুলি ভাৱি আছিলো৷ কেনেকৈ লিখিম, ক’ত আৰম্ভ কৰিম, কি কি লিখিম তাকে ভাৱি থাকোতে বহু সময় গুচি গ’ল৷ গতিকে এইবাৰ লিখিবলৈ আৰম্ভ কৰি দিলোঁ, কিবা এটা গঠনমূলক ওলাবই৷

ফেইচবুকত বিচৰণ কৰি ফুৰোঁতে কিছুমান পৃষ্ঠা, কিছুমান গোট আৰু কিছুমান ব্যক্তিৰ দেৱালত কোনৱে কোনোৱে জমা কৰা লিখনি, উদ্ধৃতি, আলোকচিত্ৰ, ব্যঙ্গচিত্ৰ, চিত্ৰাঙ্কণ আদিয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ সেইবোৰে প্ৰকাশ কৰা ধাৰণাবোৰ যেন মোৰ মনতো বহুদিনৰ পৰা ঘূৰি-পৰি আছিল৷ কেৱল সেইবোৰে কোনো এক শৃঙ্খলবদ্ধভাৱে বাহিৰ ওলাব পৰা নাই৷ মূলতঃ এইসকলোবোৰক সাঙুৰি নাস্তিকতাবাদ (Atheism) বা যুক্তিবাদ (Rationalism) বুলিব পাৰি৷ ই এটা অতি বহল চিন্তাধাৰা আৰু ভিন ভিন লোকে ভিন ভিন ব্যাখ্যা দিব পাৰে, ভিন ভিন প্ৰকাৰে বুজি পাব পাৰে৷

বিশেষকৈ তলৰ উল্লেখিত উৎসসমূহৰ আলম লৈ মোৰ নিজৰ ব্যক্তিগত ধাৰণাসমূহৰ লগত সাল-মিহলি কৰি এই নিবন্ধটো লিখিবলৈ চেষ্টা কৰিলোঁ৷

উৎসসমূহ:
https://www.facebook.com/atheists.in
https://www.facebook.com/IndianAtheists/
http://indianatheists.org/
http://www.atheistrepublic.com/
https://www.facebook.com/AtheistsAgnosticsIndia
https://en.wikipedia.org/wiki/The_Grand_Design_(book)

https://www.facebook.com/justicekatju
https://www.facebook.com/ali.a.rizvi
https://www.facebook.com/hassan.nisar
https://www.facebook.com/pages/Tarek-Fatah


'ঈশ্বৰ' আছেনে?

এজন "ধাৰ্মিক" ব্যক্তিয়ে একে উশাহে ঈশ্বৰ / আল্লা / গ’ড (God) (ইয়াত মই কেৱল 'ঈশ্বৰ' বুলি ক’ম) 'আছে' বুলি উত্তৰ দিব৷
ধাৰণা-১:  কিন্তু যক্তিসংগত ভাৱে ভাৱিলে দেখা যায় যেতিয়াই কোনো পৰিঘটনাৰ ৰহস্য, দূ্ৰ্ঘটনা বা সৌভাগ্যৰ কাৰক আমি বুজি নাপাও অৰ্থাৎ মানৱ-জ্ঞানৰ এতিয়াও বাহিৰত, তেতিয়াই তাক ঈশ্বৰে কৰিছে বুলি কোৱা হয়৷ ই বাক্যত ব্যৱহাৰ কৰা নাম-পুৰক বা সৰ্বনাম মাঠোন৷ বীজগণিতৰ x -ৰ দৰে, যি আমি এতিয়া নাজানো বা কেনেকৈ হৈছে নাজানো, কিয় হ’ল নাজানো তাৰেই কৰ্তাজন 'ঈশ্বৰ'৷ কেতিয়াবা ই ভাগ্য (Luck), নিয়তি (Destiny) নামো লয়৷

ধাৰণা-২: "ঈশ্বৰ" বুলি কোনো অস্তিত্ব থকাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায় - যি আমি "প্ৰাৰ্থনা" বুলি আগবঢ়োৱা আবেদন, অনুৰোধ আদিক গ্ৰহণ কৰে৷ কিন্তু এনেও হ’ব পাৰে আমাৰ প্ৰাৰ্থনা তেওঁ নিজৰ ইচ্চা অনুসৰি বিবেচনা কৰে বা কেতিয়াবা নকৰে৷ গতিকে প্ৰমাণ নোপোৱা প্ৰৰ্যন্ত ঈশ্বৰ আছে বা নাই বুলি ডাঠি কব নোৱাৰি৷ যদি নাই ভাল কথা, যদি আছে তেওঁক আমি কেতিয়াবা অতি নিষ্ঠুৰ বুলি ক’ব লাগিব - নহ’লেনো ভূমিকম্প, বানপানী আদি কৰি নিৰিহ মানুহৰ ওপৰত ইমান অত্যাচাৰ কৰি কি ৰস পাই?

ধাৰণা-৩:  বিশ্ব-ব্ৰমাণ্ড অসীম আৰু অনন্ত৷ ইয়াৰ কোনো আদি নাই, ইয়াৰ কোনো অন্ত নাই৷ ইয়াৰ কেতিয়াও সৃষ্টি হোৱা নাছিল, কেতিয়াও অন্তও নহয়৷ ই হয়তো কিছুমান মাহনাদ (big bang), মহাসংকোচন (big crunch) আদিৰ দৰে কিছুমান নিৰবিচিণ্ণ পুণৰাবৃত্তিৰ মাজেৰে পাৰ হৈ গৈ আছে৷ গতিকে সৃষ্টি হোৱাই নাছিল যদি, সৃষ্টিকৰ্তাৰ ধাৰণাটিয়েই ভুল৷ (Stephen Howking)

তেন্তে আমাৰ এই বিশ্ব-ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিলে?

ওপৰৰ ধাৰণা-১ আৰু ধাৰণা-২-ৰ আধাৰত উত্তৰ:
ঈশ্বৰে৷ অৰ্থাৎ আমি নাজানো৷ এই প্ৰশ্নবোৰ ধৰ্মীয় বা আধ্যাত্মিক যেন লাগিলেও এইবোৰ আচলতে অতি বৈজ্ঞানিক প্ৰশ্ন৷ আজিৰ বৈজ্ঞানিকসকলে ইয়াৰে উত্তৰ দিবলৈ বিভিন্নধৰণৰ পৰীক্ষা-নিৰিক্ষাত ব্ৰতি হৈ আছে৷ বৃহৎ হেড্ৰন অনুকণা সংঘৰ্ষক আদিৰ দৰে গৱেষণাসমূহৰ সহায়ত তেওঁলোকে সৃষ্টিৰ মৌলিক ৰহস্য বুজি পাবলৈ যি দৰে চেষ্টা চলাইছে, তেনে দৰে হ’বল দূৰবীক্ষণ, কেপলাৰ দূৰবীক্ষণ আদিৰ সহায়ত সৃষ্টিৰ আনটো ফাল অৰ্থাৎ বিশ্ব-ব্ৰহ্মাণ্ডৰ বিশাল সংৰচনাসমূহৰ অনুসন্ধান চলাই থকা হৈছে - একমাত্ৰ সেই সৃষ্টিকৰ্তাৰ সন্ধানতে৷

ধাৰণা-৩ৰ মতে কোনো সৃষ্টিকৰ্তাই নাই৷ গতিকে এই প্ৰশ্নৰ উদয় নহয়৷

আমাৰ ধৰ্ম?

ধৰ্ম মানে religion আমাক লাগেনে? ঈশ্বৰক কৰা পূজা, আল্লাক কৰা নামাজ, গ’ডলৈ কৰা প্ৰাৰ্থনা আদিৰ প্ৰয়োজননে? অভিজ্ঞতাৰ পৰা দেখা যায়, যাৰ যি হ’ব ল’গা আছে, সি হ’বই -- পূজা-প্ৰাৰ্থনা আদি কৰি একো বদলি কৰিব পৰা নাযায়৷ যি বদলি হয় বা কৰিব পৰা যায়, যি মানুহৰ প্ৰত্যক্ষ হস্তক্ষেপতহে হয়৷ চিকিৎসা গ্ৰহণ কৰিহে কোনো ৰোগৰ পৰা নিৰাপয় পোৱাৰ সাম্ভৱনা বেছি, প্ৰাৰ্থনা কৰি নহয়৷ তেনেকৈ সাৱধানতা লৈহে দুৰ্ঘটনাৰ সম্ভৱনা কমাব পাৰি, প্ৰাৰ্থনা কৰি নহয়৷

ধৰ্মই বোলে মানুহক 'নৈতিকতা' শিকায়৷ হয়, কেতিয়াবা শিকায়৷ কিন্তু কেতিয়াবা কিছুমান ধৰ্মীয় শিক্ষা মই অৱলম্বন কৰিব বিচৰা নৈতিকতাৰ সম্পূৰ্ণ বাহিৰত৷ গতিকে মই 'নৈতিকতা'কো বৈজ্ঞানিক দৃষ্টিভংগীয়ে অৰ্থাৎ যুক্তি সহকাৰে চাব বিচাৰোঁ৷ সৰুতে স্কুলত "ম’ৰেল চেইঞ্চ" বুলি এটা বিষয় শিকোৱা হৈছিল৷ তাত কোনো ধৰ্মৰ আশ্ৰয় নোলোৱাকৈ কিছুমান নৈতিক শিক্ষা দিয়া হৈছিল - তেনে ধৰণৰ৷ এই বিষয়ে ইয়াত আৰু লিখিলো৷

আকৌ বহুতে কয়, সকলো ধৰ্ম গ্ৰন্থ বা ধৰ্ম আচলতে ভাল৷  কিছুমান মানুহে সেইবোৰৰ ব্যাখ্যা বুজুতে বা অৱলম্বন কৰোতে ভুলকৈ কৰে কাৰণেহে পৃথিৱীত ইমানবোৰ ধৰ্মৰ নামত হিংস-হত্যা চলি আহিছে৷ গতিকে দেখা গ’ল - ধৰ্ম গ্ৰন্থত যিয়েই লিখা নাথাকওক, কোনোৱে কেনেকৈ তাক বুজিলে তাৰ ওপৰতহে মানুহৰ কাম-কাজ নিৰ্ভৰ কৰে৷ গতিকে আমি অস্পষ্টকৈ লিখিত গদ্য (যাৰ বহুতো বিপৰিত অৰ্থ বা ব্যাখ্যা হ’ব পাৰে) কিছুমান বুজাৰ কামটো বাদ দিও কাম চলাব নোৱাৰোনে? আন কথাত আজি আমাক প্ৰয়োজন মানুহৰ সুস্থ বিবেকৰহে৷

"সংকতৰ সময়ত ধৰ্মই আমাক মানসিক শান্তি দিয়ে৷" --- এইদৰেও কিছুমানে ক’ব বিচাৰে৷ মই কিন্তু মানসিক শান্তি আন ধৰণেৰে লাভ কৰো - বাদাম কেইটামানৰ লগত এটুপি ৰঙাপানী খাই৷আন কিছুমানে গান গাই, কোনোৱে বাদ্য যন্ত্ৰ বজাই অথবা ৰন্ধা-বঢ়া কৰি মানসিক শান্তি পাব পাৰে৷ মানসিক শান্তিৰ বাবে মানুহক লাগে আমনি দিয়া চিন্তাবোৰৰ পৰা এটা চিত্তবিক্ষেপ (distraction)৷ ইয়াক ওপৰত কোৱা বিভিন্ন ধৰণে পাব পাৰি৷

আমাৰ খাদ্য

বৰ্তমান ভাৰতত গোমাংস, গাহৰী মাংস আদি খোৱা / নোখোৱাক কৈ বহু বিতৰ্ক চলি আছে৷
মোৰ মতে খোৱাৰ ক্ষেত্ৰত প্ৰথমে জিভা, দ্বিতীয়তে পেট, তৃতীয়তে স্বাস্থ্য, চতুৰ্থতে পকেটত থকা পইছাৰ নিৰ্দেশতহে চলা উচিত৷ আন কোনো অযুক্তিকৰ কাৰণত কোনো খাদ্য খোৱা-নোখোৱাটো নিয়ন্ত্ৰণ হ’ব নালাগে৷

এই ক্ষেত্ৰত ন্যয়াধিশ কাটচুৰ উপদেশ মোৰ আটাইটকৈ ভাল লাগিল৷ ন্যায়াধিশ কাটচুৱে হিন্দুসকলক গোমাংস আৰু মুছলমানসকলক গাহৰী মাংস খাবলৈ সংকুচ নকৰিবলৈ উপদেশ দিছে৷ ইয়াত সবিশেষ পাব - https://www.facebook.com/justicekatju/posts/1069077533132792