Friday, August 21, 2015

অন্তিম জন (কল্প-কাহিনী)

ড. নাকাচাৰি অতি উৎকণ্ঠাৰে এই মূহুৰ্তলৈ বাট চাই আছিল৷ আজি তেওঁ লগ ধৰিব "শ্ৰীব" বুলি জনাজাত এজন অসাধাৰণ ব্যক্তিক৷ জীৱণৰ বিয়লীবেলাত শ্ৰীবই বুকুৰ মাজত লৈ ফুৰিছে এক আপুৰুগীয়া সম্পদ৷ তেওঁৰ বয়স বাঢ়ি আহিছে৷ স্বাস্থ্যটো ক্ৰমে বেয়া হৈ আহিছে৷ তেওঁৰ শংকা জীৱণ চাকি হঠাৎ এদিন নুমাই যাব, তাৰ লগতে চিৰদিনলৈ বিলুপ্ত হৈ যাব এই বিৰল সম্পদ৷ 

প্ৰখ্যাত ভাষাবিদ ড. নাকাচাৰিয়ে "শ্ৰীব"ৰ বিষয়ে জানিব পাৰি অতি আগ্ৰহেৰে তেওঁৰ সেই আপুৰুগীয়া সম্পদ সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ দ্বায়িত্ব ল’লে৷ সেয়ে তেওঁ অ’ত দূৰ নিজে সকলো সা-সঁজুলি লগত লৈ "শ্ৰীব"ক লগ কৰিবলৈ আহিছে৷ বিমানৰ পৰা নামি মোবাইটো অন কৰাৰ ল’গে ল’গে কেইবাটাও "মিচ কল" তেওঁ দেখিবলৈ পালে৷ "শ্ৰীব"ৰ মোবাইলৰ পৰা আহিছে৷ তেওঁৰ বুকুখন চিৰিং কৈ গ’ল - কিয় ইমান "মিচ কল" ? তেওঁ কল-বেক কৰিলে৷ 

"হেল্লো ড. নাকাচাৰি?" ইটো ফলাৰ পৰা কোনোবাই ক’লে৷ এইটো শ্ৰীবৰ মাত নাছিল, আন কৰোবাৰ মাত৷ 
- "হয়, মই ড. নাকাচাৰিয়ে কৈছো, আপুনি কোন?" - তেওঁ সুধিলে৷
- "মই শ্ৰীবৰ বৰপুত্ৰ৷ দেউতাৰ স্বাস্থ্য একেবাৰে বেয়া৷ আপুনি কোনখিনি পালে?" - মানুহজনে "এক্স’মিজ"ত কথাখিনি ক’লে৷ ই এই অঞ্চলৰ বৰ্তমান প্ৰচলিত ভাষা৷ ঠিক ভাষা বুলিব নোৱাৰি, এক প্ৰকাৰৰ খিছিৰি দোৱান বুলিলেহে হয়তো শুদ্ধ হ’ব৷ ৭০% ইংৰাজী, ২০% হিন্দী বা বঙালী, ১০% অসমীয়া আৰু আন স্থানীয় ভাষা যেনে কাৰ্বী-বড়ো-মিছিং আদিৰ শব্দ ভাণ্ডাৰেৰে গড় লৈ উঠা এক সান-মিহলি দোৱান৷ কিন্তু  "এক্সম"ৰ প্ৰায় সকলোৱে বৰ্তমান এই দোৱানতে কথা পাতে৷ 

-"ভাল বাৰু, মই যিমান পাৰো সোনকালে আহি আছো৷" বুলি কৈ ড. নাকাচাৰিয়ে খৰ-ধৰ কৰিলে৷ তেওঁৰ লগত আছিল বহুতো অত্যাধুনিক যন্ত্ৰ-পাতি৷ সেইবোৰ লৈ তেওঁ কোনোমতে শ্ৰীবৰ ঘৰ পালেহি৷ শ্ৰীবৰ ইতিমধ্যে নৰিয়া-পাতিত৷ মানুহজনে কেকাই আছে৷ ড. নাকাচাৰিক দেখি তেওঁ অলপ প্ৰাণ পাই উঠিল৷ বহু কষ্ট কৰি হাঁহি এটা মাৰি সম্ভাষণ জনালে৷ ড. নাকাচাৰিয়ে তেওঁৰ ওচৰতে বহি ল’লে৷ যন্ত্ৰ-পাতিবোৰ মেলি সক্ৰিয় কৰি ল’লে৷  যন্ত্ৰ-পাতিবোৰৰ সহায়ত তেওঁ শ্ৰীবৰ কথাবোৰ ধ্বনিবদ্ধ কৰি লোৱাৰ লগতে মষ্টিষ্কৰ মানচিত্ৰ এখনো তৈয়াৰ কৰিব৷ ইয়াৰ সহায়ত অতি কম সময়ৰ ভিতৰত যন্ত্ৰটোৱে শ্ৰীবৰ মষ্টিষ্কত সযতনে সংৰক্ষিত সেই অপুৰুগীয়া আৰ অমূল্য সম্পদবিধ আয়ত্ব কৰি ল’ব৷
ড. নাকাচাৰিয়ে তেওঁক ভঙা ভঙা অসমীয়াত যি পাৰে, যি মন যাই কৈ যাবলৈ ক’লে৷ তেওঁ আৰম্ভ কৰিলে -

"মই সৰু থাকোতে মোৰ বন্ধু-বান্ধৱ, আই-পিতাই, বাই-ভণী, ককাই-ভাই সকলোৰে লগত অসমীয়াতে কথা পাতিছিলোঁ৷ স্কুলৰ মাধ্যম ইংৰাজী হোৱাৰ কাৰণে দুই-এজনৰ বাহিৰে বাকীবোৰৰ লগত ইংৰাজীতে কথোপ-কথন হৈছিল৷ কলেজত সম্পূৰ্ণ ইংৰাজীতে অধ্যয়ন হৈছিল যদিও লগীয়াহঁতৰ লগত হিন্দীত মাজে-সময়ে কথা পাতিছিলোঁ৷ তাৰ পিছত চাকৰি - ইয়াতো সকলো কাম-কাজ ইংৰাজীতে হৈছিল৷ বিয়া কৰালোঁ এজনী অসমীয়া ছোৱালীক, কিন্তু তাই অসমীয়া ক’ব নাজানিছিলে৷ গতিকে মোৰ সন্তান কেইটায়ো অসমীয়া নিশিকিলে৷ এটা সময়ত লক্ষ্য কৰিলোঁ, কেৱল মোৰ সন্তান কেইটাই নহয়, মই যাৰ যাৰ লগত অসমীয়াত কথা পাতোঁ যেনে বাই-ভণীহঁত আৰু স্কুলীয়া দিনৰে বন্ধু-বান্ধবীহঁত কাৰো সন্তান-সন্ততিয়ে অসমীয়া নিশিকিলে৷ ভাষাতো আবদ্ধ হৈ থাকিল - সেই পুৰণি প্ৰজন্মটোতে৷ নতুন প্ৰজন্মটোলৈ ই প্ৰবাহিত নহ’ল৷ মোৰ প্ৰজন্মটোৰ এজনৰ পিছত আনজন ইহ লীলা সম্বৰণ কৰিলে৷ এতিয়া থাকিলো কেৱল মই৷ বুকুখনে কেতিয়াবা হাহকাৰ কৰি উঠে - এতিয়া মোৰ লগত অসমীয়াত কথা পাতিবলৈ দ্বিতীয়জন নাই৷ মই তেনেই অকলশৰীয়া হৈ পৰিলোঁ৷ তেনেতে এদিন তোমাৰ কথা জানিব পাৰিলোঁ, ড. নাকাচাৰি৷ সুদূৰ জাপানত বোলে তুমি অসমীয়া ভাষাৰ চৰ্চা কৰি আছা৷ মই অলপ শান্তি পালো - অন্ততঃ কোনোবা এজন আছে যাক মই এই আপুৰুগীয়া সম্পদ গতাই যাব পাৰোঁ....."

শ্ৰীবই কৈ গ’ল, কেৱল কৈ গ’ল বহুতো কথা - জীৱন-দৰ্শণৰ কথা, ৰাজনীতিৰ কথা, মূলতঃ শ্ৰীবৰ জীৱন অভিজ্ঞতাৰ বিভিন্ন কথা - শেষ নিশ্বাসটিলৈ.... ড. নাকাচাৰিৰ যন্ত্ৰবোৰে সকলো অহৰ্নিশে নথীভূক্ত কৰি গ’ল সকলোবোৰ৷

এসময়ত সেই অন্তিম বন্তি গছা নুমাই গ’ল৷ লগতে নোহোৱা হৈ গ’ল - এটা ভাষা, এটা জাতি --- এইদৰেই এক দীৰ্ঘদিনীয়া গৌৰবময় ইতিহাসৰ সামৰণী পৰিল - চিৰদিনলৈ৷