Monday, February 21, 2011

মোৰ লেংগুৱেজ পাজল ...

(আজি ২১-ফেব্ৰুৱাৰী-২০১১ তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা এই জালপঞ্জী লিখিলো মোৰ কণ কণ কেইটাৰ লগতে বহুভাষীক পৰিবেশৰ খেলিমেলিত ডাঙৰ হোৱা বিশ্বৰ বহু এনে কণমণি শিশুবোৰৰ হৈ ... )

মই এটা অকণমানি বেইবি - কলকলাই ঘুৰি ফুৰো ইফালে সিফালে৷ মই ভাল পাওঁ মোৰ মৰমৰ 'মামা'ক --- 'মামা'ৰ ভায়েকৰো নাম 'মামা' !! অলপ খেলিমেলি হয়, কিন্তু নৌ প্ৰবলেম৷ আমাৰ ঘৰত এটা মোছ থকা মানুহ থাকে৷ তাৰ নাম ধেৰ - দেতা, দেদি, পাপা, হেৰি, চাৰ আৰু বহুতো কিবা কিবি৷ আমাৰ ঘৰত 'আনটি' বুলি মানুহ এজনীও থাকে৷ তাইক মামা-দেতাই 'সতবত' (সত্যৱতী) বুলি মাতে৷ তাই মামাক হেল্প কৰি দিয়ে - মাম মাম বনাবলৈ, মোক গা-গা কৰাবলৈ, গেলা নেপি সলাবলৈ৷  ৰাতি তাই মোক গান গাই গাই শুৱাই৷ তাই গোৱা 'অক্কলম পত্তলম' (তেলেগু গান) গানটো মোৰ বৰ ভাল লাগে - শুনি শুনি মই শুই যাওঁ৷

মই এদিন খোজ কাঢ়িব পাৰিলো - মোৰ মামা আৰু দেতাৰ বৰ ফৰ্তি৷ মোক দেতাই 'এইফালে আহা আহা' বুলি কয়, মই দৌৰ মাৰি দেতাৰ ওচৰ পাওগৈ৷ মামাই 'কাম কাম' বুলি কয়, মই আকৌ মামাৰ ওচৰ পাওগৈ৷ তাকে দেখি দুয়োৰ বৰ ফুৰ্তি৷ এনেকৈ খেলি খেলি মোৰ পিয়াহ লাগিল৷ মামাই মোক শুধিলে 'ৱাটাৰ খাবা'? দেতাই ক’লে - 'পানী খাবা?'৷ মই মোৰ জুকাৰি খাম বুলি ক’লো৷ মামাই 'সতবত'ক ক’লে - 'থৌৰা পানী লাও' !!


এদিন দেতাৰ ফ্ৰেণ্ড এটা আমাৰ ঘৰলৈ ফু ফু কৰিবলৈ আহিলে৷ নামটো অজয় আংকল৷ লগত ৰুপা আনটি আৰু তাহাতৰ ল’ৰা - 'আৰি'৷ সিও মোৰ সমানেই ডাঙৰ৷ তাৰ লগত খুব খেলিলো৷ আংকুল-আনটিয়ে মামা-দেতাৰ লগত বহুত কথা পাতিলে৷ এবাৰ 'আৰি'ক আনটিয়ে ক’লে - "আৰি, এইখানে আওঁ, জল খাবেন?", অজয় আংকুলেও শুধিলে - " পানী পিয়েগা?", কিন্তু দেতাই তাক শুধিলে - "ৱাণ্ট ৱাটাৰ?" আৰু মামাই 'সতবত'ক চিঞৰি ক’লে - 'থৌৰা পানী লাও' !!

অ’ এতিয়া বুজি পালো পানী, জল, ৱাটাৰ চব একেই !!

আমি আৰু ডাঙৰ হ’লো - এদিন মই আৰু আৰি নাৰ্চৰি স্কুললৈ গ’লো৷ স্কুলত থকা 'মামা'বোৰক 'মিছ' বুলি কয়৷ আমাৰ মিছজনীৰ নাম মিছ হেলেন৷ মিছ হেলেনে আমাক খুব মৰম কৰে৷ কিন্তু মিছে কোৱা কথা মই একেবাৰে বুজি নাপাওঁ৷ মামা-দেতাই কোৱা কথা মিছে নকয়৷ এবাৰ মোৰ খুব জোৰে হাগু লাগিল, মিছক ইমান ক'লো "হাগু, হাগু" বুলি --- আকৰী মিছ জনীয়ে একো বুজি নাপালে৷ মিছে চকু পকাই - "কিপ কুৱাইট, চিট ডাউন" বুলিহে ক’লে৷ লাষ্টত পেণ্টতে দি দিলো, কি কৰিম?

মিছে মামা-দেতাক মাতি পঠিয়ালে৷ কিবা কিবি ক’লে৷ পিছত মামাই মোক বুজাই দিলে হাগু লাগিলে 'পুপু' আৰু চিচি লাগিলে 'পিপি' বুলি ক’ব লাগে৷ লাহে লাহে মিছৰ কথাবোৰ বুজি পাবলৈ ধৰিলো - 'চিট', 'কাম', 'ষ্টেণ্ড আপ', 'শ্লিপ' আদি৷
মামা-দেতাও আজি-কালি মোৰ লগত সেইবোৰ শব্দই কয়৷ মোৰ প্ৰবলেম নাই৷ চবৰে কথা মই এতিয়া বুজি পাওঁ আৰু ময়ো এটা-দুটা কওঁ৷

মই আৰু ডাঙৰ হ’লো৷ আমাৰ ঘৰলৈ ককা-আইতা আহিলে৷ একেবাৰে বুঢ়া, চুলিবোৰ বগা আৰু চচমা পিন্ধে৷ আমাৰ ঘৰত কেইদিনমান থাকিলে৷ ককা-আইতাই আকৌ 'চিট'ৰ সলনি 'বহ' বুলি কয়, 'কাম'ৰ সলনি 'আহ' বুলি কয়৷ আগতে মামা-দেতাই মোক কোৱা শব্দবোৰ মোৰ আকৌ মনত পৰিলে৷  'সতবত'ই আৰু অজয় আংকলে আকৌ 'বেথৌ', 'আও' এইবিলাক কয়৷ ওচৰৰ দোকানৰ দোকানী আংকলকেইটাও  'বেথৌ', 'আও' এইবিলাক কয়৷ বৰ পাজল লাগিল৷