Click here for UNICODE Version
Showing posts with label ভাষা. Show all posts
Showing posts with label ভাষা. Show all posts
Thursday, December 20, 2018
পৰামৰ্শৰ বাবে চিঠি ...
[ চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ 'প্ৰয়োগ' আলোচনীৰ বিংশ সংস্কৰণত প্ৰকাশিত৷ Scanned Copy ইয়াত পাব]
06-জুলাই-2018
গুৱাহাটি
প্ৰতি,
সঞ্চালক,
চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়
ৰাজনৈতিক বিভাগ, দিশপুৰ, অসম
মাননীয় মহোদয়,
এজন সচেতন নাগৰিক হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ কথালৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰা দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখা দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷ প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়ত, সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷ বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷
অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কেইটামান “প্ৰস্তাৱ” সন্মানীয় সঞ্চালকাললৈ আগবঢ়ালোঁ৷ প্ৰতিটো প্ৰস্তাৱৰ আৰম্ভণিতে কিয় বা কি “পৰিস্থিতি”ৰ বাবে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে তাৰ ব্যাখ্যা কৰা হ’ল৷ তাৰ পিছত ইয়াৰ কিছুমান সাম্ভাৱ্য “সমাধান” আগবঢ়োৱা হ’ল৷
প্ৰস্তাৱ নং-১: “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”
পৰিস্থিতি:
আজি আমাৰ মাজলৈ দৈনিক নতুন নতুন যন্ত্ৰ-পাতি, সা-সঁজুলি, বস্তু-বাহিনী অহাৰ লগতে বিভিন্ন সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক ধাৰণাও আহি আছে৷ এইবোৰ বুজাবলৈ নিতৌ নতুন শব্দৰ উদ্ভাৱন হৈ আছে৷ প্ৰথমে ইংৰাজীত, তাৰ পিছত হিন্দী, বাংলা আদি ভাষাৰ লগতে অসমীয়া ভাষাতো এই শব্দবোৰ ব্যৱহাৰ হ’বলৈ ধৰিছে৷
অসমীয়া ভাষাৰ পৰিভাষা উদ্ভাৱন আৰু ব্যৱহাৰত বিভিন্ন চৰকাৰী / বেচৰকাৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত এনেবোৰ বিসংগতি দেখা যায়:
(ক) একেটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰে৷
(খ) একেটা শব্দ বিভিন্ন বানানেৰে লিখা হয়৷
(গ) কোনো অৰ্থ বহন কৰা সুন্দৰ অসমীয়া শব্দ থকা সত্ত্বেও, কোনো কোনোৱে তাক ব্যৱহাৰ নকৰি, হিন্দী বা ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰা দেখা যায়৷
আনহাতে কোনো অসমীয়া শব্দ ব্যৱহাৰ কৰিলে, তাক লিখকে প্ৰকৃতাৰ্থত কি বুজাব বিচাৰিছে তাত প্ৰায়েই আউল লাগে৷ এনে বেমেজালিৰ পৰা হাত সাৰিবলৈ বন্ধনীত ইংৰাজী শব্দটো লিখি দিব লগা হয় বা তাক লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা হয়৷
সমাধান:
এই পৰিস্থিতিৰ সমাধান হিচাপে এক “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী” (Terminology Management System)-ৰ সহায় ল’ব পৰা যায়৷ ই হ’ল এটা কম্পিউটাৰৰ তথ্যভাণ্ডাৰ (Computer Database) আৰু তাৰ লগত জড়িত ছফ্টৱেৰ, ৱেবচাইট আদিৰ সমষ্টি৷
ইয়াক দুটা পৰ্য্যায়ত ৰূপায়ন কৰিব পৰা যায়৷
পৰ্য্যায়-১: ইতিমধ্যে থকা পৰিভাষাসমূহ নিয়াৰিকৈ এই তথ্যভাণ্ডাৰৰ অন্তৰ্ভূক্ত কৰা৷ ইয়াৰ বাবে সঞ্চালকালয়ে প্ৰকাশ কৰা বিভিন্ন গ্ৰন্থৰ সহায় ল’ব পাৰি৷ যেনে- (ক) প্ৰশাসনীয় পৰিভাষা আৰু (খ) চলন্ত অভিধান৷
পৰ্য্যায়-২: নতুন প্ৰতিশব্দ উদ্ভাৱন আৰু প্ৰচলনৰ বাবে এক “প্ৰশাসনীয় ব্যৱস্থা” ল’ব পৰা যায়৷ এই “ব্যৱস্থা” এনে হ’ব পাৰে:
(ক) এখন “পৰিভাষা সমিতি” গঠন কৰা হওক৷ এই সমিতিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি থাকিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক আদি৷
(খ) শব্দৰ প্ৰস্তাৱনা – ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ “পৰিভাষা সমিতি”ৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷
সমিতিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷
এই সকলোবোৰ কাম ইন্টাৰনেটৰ যোগেদি “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”ৰ মাজতে হওক৷
(গ) শব্দৰ সংজ্ঞা – “পৰিভাষা সমিতি”ৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ৱেবচাইটত উপলব্ধ হওক৷ কেতিয়াবা কোনো ইংৰাজী শব্দৰ “সঠিক অৰ্থ”ৰ অসমীয়া প্ৰতিশব্দ পোৱা নাযায়৷ এনে পৰিস্থিতিত আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷
(ঘ) সকলো চৰকাৰী কাৰ্য্যালয়ত এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব৷ বিশ্ববিদ্যালয়সমূহ, বাতৰি-কাকত / আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল আদি সকলোকে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হওক৷
এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়া নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো সাঙুৰি লোৱা উচিত৷
Ref: https://www.andovar.com/terminology-management/
প্ৰস্তাৱ নং-২: লিপ্যান্তৰ বিধি
পৰিস্থিতি:
লিপ্যান্তৰ দুই ধৰণৰ হ’ব পাৰে –
(ক) অসমীয়া শব্দ ইংৰাজী বৰ্ণমালাৰে লিখা
(খ) ইংৰাজী শব্দ অসমীয়া বৰ্ণমালাৰে লিখা
এই দুই ক্ষেত্ৰতে কোনেও নিৰ্দিষ্ট নিয়ম বা বিধি মানি চলা দেখা নাযায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ “শুদ্ধ” বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷
উদাহৰণ-১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷
উদাহৰণ-২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷
উদাহৰণ-৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷
উদাহৰণ-৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷
উদাহৰণ-৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷
উদাহৰণ-৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷
সমাধান:
এখন “লিপ্যান্তৰ বিধি” (Transliteration Protocol) প্ৰণয়ন কৰিব লাগে৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগে৷
এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই “শুদ্ধ” বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ “গৃহীত” হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যান্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷
এবাৰ কোনো শব্দৰ লিপ্যান্তৰ ৰূপ গৃহীত হোৱাৰ পিছত, তাক “প্ৰস্তাৱ-১”ত উল্লেখ কৰা “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”তো অন্তৰ্ভূক্ত কৰা হওক৷
প্ৰস্তাৱ নং-৩: অৰ্হতা পৰীক্ষা
পৰিস্থিতি:
(ক) বিজ্ঞাপন: বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন, কোম্পানীৰ প্ৰচাৰ-পত্ৰিকা আদি ইংৰাজী বা হিন্দীৰ পৰা অসমীয়ালৈ ভাঙনি কৰোতে বহুতো বিসংগতি দেখিবলৈ পোৱা যায়৷ লিখিত ৰূপৰ লগতে কথিত ভাষাতো বিসংগতি যথেষ্ট দেখিবলৈ পোৱা যায়৷ বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সুদূৰ প্ৰচাৰী প্ৰভাৱ থকাৰ বাবে এই মাধ্যমসমূহত আমাৰ ভাষা বিকৃত নোহোৱাকৈ প্ৰচাৰ হোৱা অতি প্ৰয়োজন৷
এই ক্ষেত্ৰত দেখা যায়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানীসমূহে কলিকাতা / দিল্লীত থকা কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সহায়ত এই অনুবাদ কৰোৱাই আৰু সেইবোৰ অসমীয়াৰ সাম্যক জ্ঞান নথকা ব্যক্তিয়ে কৰা বুলি সহজে ধৰিব পাৰি৷ আনহাতে অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদিৰ সম্পাদকসকলৰ ওচৰলৈ এইবোৰ নাহে, গতিকে কোনো শুধৰণিৰ সুবিধা নাথাকে৷ তেওঁলোকৰ “বাণিজ্যিক বিভাগ”সমূহে মুনাফাৰ কাৰণে এই বিজ্ঞাপনবোৰ কোম্পানীসমূহে যেনেকৈ পঠিয়াই ভুলে-শুদ্ধই তেনেকৈয়ে প্ৰচাৰ কৰে৷
(খ) বাতৰি (উচ্চাৰণ) : আনহাতে বিশেষকৈ বৈদ্যুতিন মাধ্যমসমূহৰ সাংবাদদ্বাতাসকল, বাতৰি পৰিবেশন কৰোঁতাসকল উচ্চাৰণত বহুতো ভুল কৰা দেখা যায়৷
(গ) বাতৰি (শব্দ ব্যৱহাৰ): অসমীয়া প্ৰচাৰ মাধ্যমসমূহত বহু ক্ষেত্ৰত কোনো অৰ্থ ব্যৱহাৰ কৰিবলৈ সুন্দৰ / সুপ্ৰতিস্থিত শব্দ থকা সত্ত্বেও অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে –
ব্যৱহাৰ কৰা শব্দ
|
সুপ্ৰতিস্থিত অসমীয়া শব্দ
|
অৰ্থ
|
ৰেংক
|
স্থান
|
কোনো পৰীক্ষাৰ ফলাফল
|
পেলিকান
|
ঢেলা চৰাই
|
এবিধ চৰাই
|
দপ্তৰ
|
বিভাগ
|
মন্ত্ৰিত্ব
|
সমাধান:
ইয়াৰ সমাধান কেইটামান পৰ্য্যায়ত হ’ব পাৰে:
পৰ্য্যায়-১: অনুবাদ আৰু উচ্চাৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আৰু “Short Certificate Course” প্ৰণয়ন কৰা৷ ইয়াত ওপৰোক্ত প্ৰস্থাৱ-১ আৰু প্ৰস্থাৱ-২-ৰ সমাধানসমূহত দিয়া বিধিসমূহৰ সবিশেষ প্ৰশীক্ষণ দিব লাগে৷
পৰ্য্যায়-২: “অনুবাদক অৰ্হতা পৰীক্ষা” (Translator’s Eligibility Test) আৰু “পৰিবেশনকাৰী অৰ্হতা পৰীক্ষা” (Presenter’s Eligibility Test)ৰ আয়োজন কৰিব লাগে আৰু সফল পাৰ্থীসকলক সীমিত সময়-সীমাৰ ম্যাদ থকা অনুজ্ঞা-পত্ৰ (License) দিব লাগে৷ তেওঁলোকে সময়ে সময়ে (ধৰক প্ৰতি তিনি বছৰত এবাৰ) এই পৰীক্ষা দি অনুজ্ঞা-পত্ৰ নবীকৰণ কৰিব লাগিব৷
পৰ্য্যায়-৩: বাতৰিৰ সম্পাদন, বাতৰি পৰিবেশন তথা বিজ্ঞাপন/ দেৱাল লিখন /নামফলক আদি যাতে অনুজ্ঞা-পত্ৰ প্ৰাপ্ত ব্যক্তিহে কৰিব পাৰে তাৰ নিয়ম প্ৰণয়ন কৰিব লাগে৷
পৰ্য্যায়-৪: “ভাষা সঞ্চালকালয়”ৰ মঞ্চুৰী-পত্ৰ (Approval) হ’লেহে বিজ্ঞাপন/ দেৱাল লিখন / নামফলক আদি প্ৰচাৰ বা ব্যৱহাৰ কৰিব পাৰিব -এনে প্ৰশাসনিক নিয়ম প্ৰণয়ন কৰে যেন৷ এই মঞ্জুৰী-পত্ৰ অবিহনে GMC-ৰ Trade License আদি যাতে দিয়া নাযায় তাৰ ব্যৱস্থা কৰিব লাগে৷
প্ৰস্তাৱ নং-৪: ইউনিকোড ব্যৱহাৰ
পৰিস্থিতি:
ইউনিকোড (UNICODE) এনে এটা ব্যৱস্থা যি আমাৰ ভাষাৰ সমলসমূহ বৈজ্ঞানিকভাৱে ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ আৰু জমা কৰি ৰাখিবলৈ সুবিধা কৰি দিয়ে৷
অসমৰ ছপা-মাধ্যমৰ খণ্ডটোত এতিয়াও ইউনিকোডত কাম কৰিবলৈ আৰম্ভ কৰা নাই৷ বহুকেইখনো অসমীয়া বাতৰি কাকত আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ ৱেবচাইট আৰু এপ্প আছে যদিও, সেইবোৰ অনা-ইউনিকোড মাধ্যমত উপস্থাপন কৰাৰ বাবে কম্পিউটাৰৰ বিভিন্ন সঁজুলিয়ে বা ভাষা-বিজ্ঞানৰ গৱেষকসকলে ব্যৱহাৰ কৰিব নোৱাৰে৷ কিয়নো ছফ্টৱেৰসমূহে ছবি এখনত অসংখ্য আখৰ থাকিলেও সেইয়া ছবি বুলিয়েই ভাবিব৷ গতিকে Google/ Facebook / Yahoo আদিৰ লগতে IIT-Guwahati, Gauhati Universiyu, Tezpur University আদিৰ গৱেষক সকলে অসুবিধাত পৰি আছে আৰু বানান পৰীক্ষক (Spell-checker), যান্ত্ৰিক-অনুবাদ (Machine Translation) আদিৰ দৰে আজিৰ যুগত অতিকৈ প্ৰয়োজন হোৱা সঁজুলিসমূহ তৈয়াৰ কৰি উলিয়াব পৰা নাই৷
সমাধান:
পুৰণি ছফ্টৱেৰ/ হাৰ্ডৱেৰ উন্নীতকৰণ (upgrade) কৰি ইউনিকোড ব্যৱহাৰযোগ্য যন্ত্ৰ-পাতি চৰকাৰী বিভাগসমূহত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰক৷ লগতে বেচৰকাৰী অনুস্থানসমূহলৈও তেনে কৰিবলৈ আহ্বান জনাওক৷ বাতৰিকাকতসমূহে দৈনিক ছবি হিচাপে আপলোড কৰাৰ সলনি ইউনিকোডত তৈয়াৰ কৰি বাতৰি বা প্ৰবন্ধসমূহ তেওঁলোকৰ ৱেবচাইটত প্ৰকাশ কৰিবলৈ আহ্বান জনাওক আৰু প্ৰয়োজন হ’লে তেনে কৰিবলৈ আৰ্থিক সাহাৰ্য বা আন সা-সুবিধা আগবঢ়াওক৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগিব৷
এই “প্ৰস্তাৱ”সমূহ নিশ্চয় বহু সংক্ষেপ৷ এইবোৰ বিজ্ঞজনৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত বিস্তাৰ আৰু পৰিশোধন কৰাৰ বহু থল আছে৷ আপোনাৰ সঞ্চালকালয়ে এই প্ৰস্তাৱসমূহ গভীৰভাবে চিন্তা কৰি চাবলৈ আৰু সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ প্ৰাৰ্থনা জনালোঁ৷ এই ক্ষেত্ৰত আমি যি পাৰো সঞ্চালকালয়ক সহায়-সহযোগিতা কৰিবলৈ সাঁজো থাকিম৷
বিনম্ৰ সম্ভাষণেৰে,
বিক্ৰম মজিন্দাৰ বৰুৱা
ঘৰ নং-২০, আশোক পথ, চাৰ্ভে বেলতলা, গুৱাহাটী-৭৮১০২৮
দূৰভাষ: ৭০৮৬০৯৪৮০৭; ই-পত্ৰ: bikram98@yahoo.com
Saturday, August 4, 2018
‘টোল গেট’ৰ ‘ভঙা-চিঙা বাতৰি’ আৰু মোৰ ‘বেতাঁৰ নিগনি’টো
[এই প্ৰবন্ধ "নিয়মীয়া বাৰ্তা"ৰ ০৪-আগষ্ট-২০১৮ ত প্ৰকাশ পায়৷ স্কেন কপি ইয়াত পাব৷ প্ৰকাশৰ পিছত আন কিছু তথ্য পোৱা গ’ল আৰু তাৰ ভিত্তিত এই ব্লগত সংযোজিত/সংশোধিত কৰা হৈছে৷ ]
‘টোল-গেট’ক লৈ আজি ৰাজ্যত হৈ চৈ৷ ‘টোল-গেট’-ৰ ধাৰণাটো অসমৰ শেহতীয়া ইতিহাসত (recent history) হয়তো নতুন৷ অসমত ‘মাচুল দি ৰাজপথ ব্যৱহাৰ কৰা’-ৰ ধাৰণাটো নাভূত-নাশ্ৰুত৷ গতিকে ইয়াৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ নাই৷
‘টোল-গেট’ক লৈ আজি ৰাজ্যত হৈ চৈ৷ ‘টোল-গেট’-ৰ ধাৰণাটো অসমৰ শেহতীয়া ইতিহাসত (recent history) হয়তো নতুন৷ অসমত ‘মাচুল দি ৰাজপথ ব্যৱহাৰ কৰা’-ৰ ধাৰণাটো নাভূত-নাশ্ৰুত৷ গতিকে ইয়াৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ নাই৷
ভাষা প্ৰসংগৰ কথাবোৰ আলোচনা কৰাৰ আগতে ৰহাৰ ‘টোল-গেট’ৰ বিষয়ে মোৰ ব্যক্তিগত মতামত চমুকৈ কৈ লওঁ৷ আমাৰ প্ৰথম প্ৰশ্ন – “এই বিতৰ্কটো হ’বলৈ পালে কেনেকৈ? কৰ্তৃপক্ষই সকলো নিয়ম-কানুন / নীতি-নিয়ম মানি ইয়াক স্থাপন নকৰিলে নেকি (প্ৰতিবাদকাৰীসকলে কোৱা মতে)?” কেবল এই বিতৰ্কই নহয়, নাগৰিকত্ব আইন, তৈলক্ষেত্ৰ নিলাম, নদী বান্ধ নিৰ্মাণ আদি বিভিন্ন ‘ইছ্যু’ক লৈ যিবোৰ প্ৰতিবাদ হৈ আছে, মোৰ বোধেৰে এখন সুস্থ আৰু কাৰ্যক্ষম গণতন্ত্ৰত (healthy and functional democracy) এইবোৰ হ’বই নালাগে৷ আমি জানো যিকোনো প্ৰতিবাদ দেশ বা ৰাজ্যখনৰ অৰ্থনীতি তথা সামাজিক গতি-বিধিৰ অপকাৰী হেঙাৰ৷ প্ৰতিবাদ কৰাটো আমাৰ কাৰো নিশ্চয় ‘পেছা’ নহয়৷ খেতি কৰা, কল-কাৰখানাত কাম কৰা, দোকান দিয়া, ব্যৱসায় কৰা, নিৰ্মাণ কাৰ্য, সাংবাদিকতা, শিক্ষকতা, বিত্তীয় জীৱিকা (বেংক আদিৰ কাম), উকালতী, পঢ়া-শুনা/প্ৰশিক্ষণ আদি আমাৰ মৌলিক ‘পেছা’৷ এইকামবোৰ সুকলমে বিনা বিঘিনিৰে আমি সকলোৱে কৰিব বিচাৰো৷ ইয়াৰ বাবে প্ৰয়োজনীয় সুবিধা কৰি দিবলৈ এখন গণতন্ত্ৰত জন-গণে এখন চৰকাৰ তৈয়াৰ কৰি লয়৷ এখন সুস্থ আৰু কাৰ্যক্ষম গণতন্ত্ৰত নিৰ্বাচিত প্ৰতিনিধিসকলে জন-গণক প্ৰতিনিধি কৰি তেওঁলোকৰ এনে প্ৰয়োজনসমূহৰ বুজ লৈ বিধি-বিধান তৈয়াৰ কৰি চৰকাৰৰ বিভিন্ন বিভাগ, প্ৰতিস্থান, আয়োগ (আৰু সেইবোৰৰ লগত জৰিত বিশেষজ্ঞসকল) আদি ‘আহিলা’ (the apparatus of government) সমূহৰ জৰিয়তে জন-গণে সুচাৰোভাৱে নিজৰ কাম-কাজ কৰি যাবলৈ সুবিধা কৰি দিয়ে৷ গতিকে আদৰ্শগতভাৱে বা পাঠ্যপুথিগতভাৱে চৰকাৰৰ সকলো কাম বা নিৰ্ণয় জনগণৰ হিতৰ কাৰণে লোৱা হয় আৰু সেয়ে কোনো প্ৰতিবাদৰ সুৰুঙা থাকিবই নালাগে৷ কোনো অভিযোগ / আপত্তি থাকিলে তাক আঙুলিয়াই দিয়াৰ দ্বায়িত্ব ৰাইজে ‘বিৰোধী’ পক্ষক দি থৈছে৷ হয়তো কোনো ব্যক্তি বা অনুস্থানেও নিজা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তেই হওঁক বা আন কোনো প্ৰকাৰেই হওক (যেনে অন-লাইন) আঙুলিয়াই দিয়াৰ ব্যৱস্থা থাকিব লাগে৷
কিন্তু ইমান সঘণাই বিভিন্ন কাৰণত ৰাইজে নিজেই ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লগাটোৱে কি সুচাই? আমাৰ গণতন্ত্ৰই সঁচাকৈ সুচাৰুভাৱে কাম কৰা নাই নেকি? নে আমাৰ সমাজত ‘মৌলিক পেছা’সমূহত ব্ৰতি নথকা, হাতত অজস্ৰ সময় থকা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে?
***
ৰহাৰ ‘টোল-গেট’ বৈধ হয় নে নহয় বিচাৰ হৈ থাকিব৷ এতিয়া আমি আন এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম৷ প্ৰতিবাদ, আন্দোলন, বিভিন্ন কেলেংকাৰী, ধৰ্ষণ-হত্যা আদিৰ Breaking News সমূহৰ মাজতে যেন হেৰাই গৈছে আমাৰ এটা কৰ্তব্য - অসমীয়া ভাষাৰ শব্দবোৰ ব্যৱহাৰ কৰিবলৈ, নতুন শব্দ উৎভাৱন কৰিবলৈ, সেই শব্দবোৰ জনপ্ৰিয় কৰিবলৈ৷
আজি প্ৰতিটো অসমীয়া ব্যক্তিগত খণ্ডৰ বৈদ্যুতিন মাধ্যমত “Breaking News” ইংৰাজী বাক্যাংশই টিভিৰ পৰ্দাত বিভিন্ন নাটকীয় ভংগীমাৰে নৃত্য কৰিছে৷ অসমীয়া সাৱলিল ‘জলন্ত বাতৰি’, ‘বিস্ফোৰক বাতৰি’ আদি যেন এলাগী হ’ল৷ মোৰ কাণত কোনোবাই “Breaking News” বুলি ক’লে ‘ভঙা-চিঙা বাতৰি’ বুলিহে মনলৈ আহে৷
আগতে কৈ অহা ‘Toll Gate’ অসমৰ বাবে এটা নতুন ধাৰণা, সেয়ে ইয়াৰ প্ৰতিশব্দ অসমীয়াত ব্যৱহাৰ নাই৷ ইয়াৰ অসমীয়া এনে হ’ব পাৰিলেহেঁতেন – ‘মাচুল-দ্বাৰ’, ‘মাচুল-জপনা’, ‘শুল্ক-দ্বাৰ’, ‘শুল্ক-দোৱাৰ’ আদি৷ বৰ্তমান বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সকলোতে ইয়াক পোনপটীয়াকৈ লিপ্যান্তৰ কৰি ‘টোল গেট’ বুলি ব্যৱহাৰ কৰাহে দেখা গৈছে৷ ইয়াত কোনো আপত্তি নাই৷ কিন্তু ….
ই বৰ দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনত ‘Toll Gate’ লৈ ইমান হৈ চৈ হৈ থকা সময়ত কোনো অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যমে ইয়াৰ কোনো অসমীয়া প্ৰতিশব্দ উৎভাৱন কৰি জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰা দেখা নগ’ল৷ এটা সোনালী সুযোগ যেন হেৰাই গৈছে৷
আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ প্ৰতি দিনে আমি কোনো নতুন আহিলাৰ উৎভাৱনৰ সন্মূখিন হৈছো আৰু ক্ৰমান্নয়ে সেইবোৰ আমি ব্যৱহাৰ কৰিবলৈ লৈছো৷ মবাইল ফোন, কম্পিইটাৰ, কী-বৰ্ড, মাউছ, ছিম-কাৰ্ড, আৰু শেহতীয়াকৈ ‘টোল গেট’ আদিৰ দৰে কিছুমান বস্তু আমাৰ জীৱনত ওতঃপ্ৰোতঃ ভাৱে জৰিত হৈ পৰিছে৷ এই পাৰ্থিৱ বস্তুবোৰৰ লগে লগে কিছুমান অপাৰ্থিৱ ধাৰণায়ো আমাৰ জীৱনত প্ৰভাৱ পেলাব ধৰিছে৷ অনলাইন-আলোচনী, অনলাইন-বেংকিং, ৱেব-চাইট, ই-প্ৰশাসন, জি এছ টি আদিৰ দৰে অপাৰ্থিৱ ধাৰণাসমূহো আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে৷
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়৷ এই আহিলাসমূহক বা ধাৰণাসমূহক আমি অসমীয়াত কি বুলি ক’ম? ইংৰাজী শব্দটোৱেই লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিম নে কোনো নতুন অসমীয়া শব্দ উদভাৱন কৰি তাক ব্যৱহাৰ কৰিম? সহজ উপায় প্ৰথমটো, অৰ্থাৎ ইংৰাজী শব্দটোকে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা৷ এই ক্ষেত্ৰত আমাৰ দুটা কাম নকৰাকৈ হয় – (ক) কোনো নতুন শব্দৰ উৎভাৱন কৰিব নালাগে, (খ) নতুন শব্দটোৰ অৰ্থ সুনিৰ্দিষ্ট কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন নাই৷ ইংৰাজী শব্দটো ইতিমধ্যে মানুহে বুজি পায়৷
বৰ্তমান এই প্ৰথাই সঘণে অবলম্বন কৰা দেখিবলৈ পোৱা গৈছে৷ যেনে – টোল গেট, জি এছ টি আদি৷ কথিত ভাষাটো বাদেই, লিখিত ভাষাতো প্ৰায়েই ইংৰাজী শব্দ প্ৰতক্ষভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু আমি সদায় এই সহজ উপায়টোকে লৈ থাকিলে হ’বনে? এনে কৰিলে অসমীয়া ভাষাটো ইংৰাজী ঋণ শব্দৰে ভৰি পৰিব৷ ইতিমধ্যে আমি এনে বাক্য ক’বলৈ লৈছোৱেই – “মাউচটোৱেদি ৱেবচাইটোৰ লিংকটোত ক্লিক কৰক৷” এইবাক্যটোৰ ৫টা শব্দৰ ৪টা ইংৰাজী শব্দত বিভিন্ন বিভক্তি যোগ গৈছে৷
কথাটো অলপ গমি চালে দেখা যায়, আমাৰ ২০শ শতিকাৰ মাজ ভাগত পৰা হয়তো শেষভাগলৈকে কিছুমান অতি সুন্দৰ অসমীয়া শব্দৰ উদভাৱন হৈছিলে৷ এনে কিছুমান শব্দ তালিকা-১ত দিয়া হ’ল৷
তালিকা-১:
অসমীয়া শব্দ
|
ইংৰাজী প্ৰতিশব্দ
|
গড়-কাপ্তানী
|
PWD
|
অনাতাঁৰ
/ আকাশবাণী
|
Radio
|
বেতাঁৰ
|
Wireless
|
আকাশী জাহাজ
/ উৰা জাহাজ
|
Aeroplane
|
দূৰদৰ্শন
|
Television
|
বিদ্যুৎ
|
Electricity
|
আলোকচিত্ৰ
|
Photograph
|
চলচিত্ৰ
|
Movie
|
মহাসাগৰ
|
Ocean
|
প্ৰশান্ত
মহাসাগৰ
|
Pacific Ocean
|
মাটি তেল
|
Kerosene
|
এই শব্দবোৰ শুণিবলৈ সুমধুৰ, গঠনত খাতি অসমীয়া অথচ ভাৱত সম্পূৰ্ণ কাৰিকৰী৷ তাতকৈও ডাঙৰ কথা – এই শব্দবোৰৰ অৰ্থত কোনো খেলি-মেলি নাই, সকলোৱে সঠিককৈ অৰ্থ বুজি পায়৷
আমি আজি-কালি এনেধৰণৰ নতুন অসমীয়া কাৰিকৰী শব্দ সৃষ্টি আৰু ব্যৱহাৰত ব্যৰ্থ হৈছো নেকি? অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, গুৱাহাটি বিশ্ববিদ্যালয়, অসমৰ চৰকাৰী ভাষা প্ৰয়োগ আয়োগ আদি বহুতো প্ৰতিষ্ঠানে ভিন ভিন বিষয়ৰ অসমীয়া প্ৰতিশব্দৰ তালিকা প্ৰস্তুত কৰি আহিছে৷ কিন্তু সেইবোৰৰ বেছিভাগেই দৈনন্দিন কাম-কাজত, লেখা-মেলা, মেল-লিটিং বা কথোপকথনত ব্যৱহাৰ হোৱা দেখা নাযায়৷ ইংৰাজী শব্দটোকেই লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাহে বেছিকৈ দেখা যায়৷ তালিকা-২ত এনে কিছুমান জনপ্ৰিয় শব্দ দিয়া হ’ল৷
তালিকা-২:
অচলিত অসমীয়া শব্দ
|
চলিত ‘অসমীয়া’ শব্দ
|
ইংৰাজী প্ৰতিশব্দ
|
পৰিকলন যন্ত্ৰ
|
কম্পিউটাৰ
|
Computer
|
অম্ল
|
এচিড
|
Acid
|
পেচা/জীৱিকা
|
কেৰিয়াৰ
|
Career
|
কৰ্কট ৰোগ
|
কেন্চাৰ
|
Cancer
|
বিষয় / প্ৰসঙ্গ / সমস্যা
|
ইছ্যু
|
Issue
|
বন্ধ / ৰুদ্ধ
|
ছীল
|
Seal
|
স্থান
|
ৰেঙ্ক
|
Rank
|
ফলাফল
|
ৰিজাল্ট
|
Result
|
থলুৱা / স্থানীয়
|
ল’কেল (মাছ)
|
Local
|
মোৰ বেতাঁৰ নিগনিটো...
পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে ‘মাউছ’ বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি' বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ বা ইংলেণ্ডৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই - সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷
বহুতে যুক্তি দিয়ে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ব৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো' বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷ আমি ইয়াত কি নিগনিৰ কথা কৈছোঁ, কি টিপা মৰাৰ কথা কৈছোঁ, মানুহে যেতিয়া বুজি পাব, অভ্যস্ত হৈ পৰিব, তেতিয়া তাত হাঁহি উলিবলগীয়া একো নাথাকিব – ই 'I clicked the mouse'-ৰ দৰেই এটি কাৰিকৰী অৰ্থ থকা বাক্য হৈ পৰিব৷
পৃথিৱীৰ বিভিন্ন ভাষাত এই আহিলাবিধক mouse বুলি কোৱাৰ সলনি সেই ভাষাৰ নিগনিৰ সমাৰ্থ শব্দ ব্যৱহাৰ কৰা দেখা যায়৷
পৃথিৱীৰ বিভিন্ন ভাষাত এই আহিলাবিধক mouse বুলি কোৱাৰ সলনি সেই ভাষাৰ নিগনিৰ সমাৰ্থ শব্দ ব্যৱহাৰ কৰা দেখা যায়৷
আন এটা শব্দ - "সতাঁৰ"৷ স+তাঁৰ অৰ্থাৎ “তাঁৰ থকা”৷ ইয়াক ‘বেতাঁৰ’, ‘অনাতাঁৰ’ৰ লগত ৰিজাই online শব্দটোৰ প্ৰতিশব্দ হিচাপে উৎভাৱন কৰিছিলোঁ৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (xobdo.org বা শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ আজিৰ পৰা হয়তো এশ বছৰ আগতে ‘অভিধান’ শব্দৰ সৃষ্টি হৈছিল৷ ই আজি বহুল ভাৱে প্ৰচলিত৷ আমি ‘online dictionary’ক ‘অনলাইন অভিধান’ বা ‘অনলাইন ডিকচনাৰি’ বুলি কোৱাতকৈ ‘সতাঁৰ অভিধান’ বুলি ক’ব নোৱাৰোনে? আমাৰ আগৰ প্ৰজন্মই সৃষ্টি কৰা এটা সুন্দৰ অসমীয়া শব্দৰ লগত আমি আন এটা সুমধুৰ অসমীয়া শব্দ সৃষ্টি আৰু সংযোজনত আপত্তি থাকিব নালাগে৷
বহুতে আপত্তি কৰে -এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰে৷ ইংৰাজীত সকলোৱে বুজি পোৱা শব্দ এটা থাকোতে অসমীয়াত আন এটা শব্দৰ উৎভাৱন কৰিলে মানুহে বুজি নাপাব৷ আনহাতে বিভিন্ন কিতাপ-আলোচনীয়ে একেইটা অৰ্থৰ বাবে নিজা নিজা অসমীয়া শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে আৰু খেলি-মেলিৰ সৃষ্টি হ’ব৷ উদাহৰণ স্বৰূপে online শব্দটোক কোনোৱে ‘সতাঁৰ’, কোনোৱে ‘সংযোজীত’ (connected) আদি বিভিন্ন শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে৷
হয়, প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালিৰ ক্ৰমে কমি আহিব আৰু অৱশেষত নাইকিয়া হ’ব৷ পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ইংৰাজী কিতাপ-আলোচনী প্ৰকাশ হয়৷ তথাপি নতুন ইংৰাজী শব্দ সৃষ্টি আৰু ব্যৱহাৰত কোনো বেমেজালি হোৱা দেখা নাযায়৷ অসমৰ দৰে এখন সৰু প্ৰদেশত তাৰ তুলনাত কেইখন কিতাপ-আলোচনী প্ৰকাশ পায়? যি কেইখন প্ৰকাশ পাই, বহুলভাৱে প্ৰচাৰ হয়, তেওঁলোকৰ সম্পাদক কেইগৰাকীয়ে মাহেকীয়া এখন সভা পাতি তাত একবদ্ধ হৈ প্ৰতিশব্দবোৰ থিৰাং কৰি সকলোতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলি ভাৱোঁ৷ তাৰ বাবে হয়তো এখন ‘কমিটি’ পাতি ল’ব লাগিব৷
কিন্তু ই সম্ভৱনে? কোনে কাৰ কথা শুনিব? অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰাও দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখাও দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷ প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়তেই হয়তো আগতে উল্লেখ কৰাৰ দৰে সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷ বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷
অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? নে “অসম সাহিত্য সভাই” এই ভূমিকা ল’ব? নে আমাক এখন নতুন কমিটিৰ প্ৰয়োজন৷ “ইউনিকোড কনচৰ্টিয়াম”ৰ দৰে হয়তো এটা শক্তিশালী অনুস্থান৷ কেবল কাকত-আলোচনীৰ সম্পাদকসকলেই নহয়, ইয়াত অসমীয়া ভাষাৰ লগত জৰিত সকলোকে সন্নিবিষ্ট কৰাটো অতি প্ৰয়োজন হ’ব৷ এই কমিটিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি সকলো থাকিব লাগিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক ইত্যাদি৷
ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ এই কমিটিৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷ কমিটিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷
এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব৷ এটা ইংৰাজী শব্দৰ বাবে বহু প্ৰতিশব্দ ব্যাকৰণ বা যুক্তিগত ভাৱে শুদ্ধ হ’ব পাৰে৷ কেতিয়াবা, এটাও অসমীয়া শব্দই “সঠিক অৰ্থ” প্ৰকাশ কৰিব নোৱাৰিব পাৰে৷ এইক্ষেত্ৰত প্ৰতিশব্দ উৎভাৱন আৰু নিৰ্বাচন যিমান গুৰুত্বপূৰ্ণ, তাতকৈও বেছি গুৰুত্বপূ্ৰ্ণ শব্দটোক জনপ্ৰিয় কৰি তোলা আৰু সকলোবোৰ প্ৰয়োজনীয় অৰ্থ, ব্যৱহাৰৰ দ্বাৰা শব্দটোক প্ৰদান কৰা৷ সেয়ে আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷ সেয়ে এই কমিটিৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ছপা আকাৰে প্ৰকাশ কৰাৰ লগতে ৱেবচাইটতো উপলব্ধ কৰিব লাগিব৷
এবাৰ গৃহীত হোৱাৰ পিছত সকলোৱে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিব৷ ৰাইজে যেতিয়া একেইটা শব্দ একেইটা অৰ্থত ব্যৱহাৰ হোৱা দেখিব, বুজি পাব, শব্দটো জনপ্ৰিয় হৈ উঠিব আৰু বেমেজালিবোৰ ক্ৰমান্নয়ে দূৰ হৈ যাব৷
এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়াই নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো হয়তো সাঙুৰি লোৱা উচিত৷
কেতিয়াবা আমি লিপ্যন্তৰো কৰিব লাগিব৷ ‘লিপ্যন্তৰ’ শব্দই কোনো লিপিত লিখা শব্দ আন এটা লিপিত লিখাটোকে বুজাই৷ ইংৰাজীক ইয়াক Transliteration (noun), Transliterate (verb) বোলা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘লিপ্যান্তৰ’ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ শুদ্ধ বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷
সি যিকি নহওক, অসমীয়া-ইংৰাজী লিপ্যান্তৰক লৈ শেহতীয়াকৈ দেখিবলৈ পোৱা কিছুমান সমস্যা বা বিতৰ্ক ইয়াত চমুকৈ উল্লেখ কৰিলোঁ -
১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷
২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷
৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷ থিক তেনেকৈ ‘The’ শব্দটো অসমীয়াত ‘দ্য’, ‘দ্যা’, ‘দা’, ‘দি’ আদি বিভিন্নধৰণে লিখা পৰিলক্ষিত হয়৷
৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷
৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷
৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷
৭. ছহিদ, ছহীদ, শ্বহীদ, চহিদ, চহীদ আদি বিভিন্ন বানান প্ৰচলিত দেখা যায়৷
এইদৰে বহুতো আছে৷ গতিকে আমাক এখন “লিপ্যন্তৰ বিধি” (Transliteration Protocol) প্ৰয়োজন৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগিব৷ এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই শুদ্ধ বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ গৃহীত হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যন্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷
ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ লিপ্যন্তৰ কৰি ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷ আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত আকৌ উদ্যমী হ’বৰ সময় হ’ল৷ কিন্তু এই কাম কৰিবলৈ আমাক নেতৃত্ব কোনে দিব? সকলোৱে সেই নেতৃত্ব মানি ল’বনে? অন্যথা সেই নেতৃত্বৰ কোনো অৰ্থ নাই৷ সেনাপতি বিহীন সৈনিকৰ বিজয় যেনেকৈ দুৰুহ, সৈনিকে নমতা সেনাপতি থাকিলে যুদ্ধজয় তাতকৈও কঠিন৷
~~*~~
সহায় লোৱা হৈছে:
১) ‘প্ৰান্তিক’ (১জুলাই ২০১৪)-ত প্ৰকাশিত ‘নতুন শব্দ’ প্ৰবন্ধ৷
২) সঞ্চালক, চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়লৈ প্ৰেৰণ কৰা অপ্ৰকাশিত চিঠি (জুলাই ২০১৮)৷
Wednesday, July 4, 2018
ইউনিকোড আৰু আমাৰ কৰণীয়
[ এই প্ৰবন্ধ "নিয়মীয়া বাৰ্তা"ৰ ০৩-জুলাই-২০১৮ আৰু ০৪-জুলাই-২০১৮-ত প্ৰকাশ পায়৷ স্কেন কপি ইয়াত পাব৷ প্ৰকাশৰ পিছত আন কিছু তথ্য পোৱা গ’ল আৰু তাৰ ভিত্তিত এই ব্লগত সংযোজিত/সংশোধিত কৰা হৈছে৷ এই প্ৰবন্ধটিত শ্ৰীপংকজ জ্যোতি মহন্ত, শ্ৰী দিপাংকৰ চেতিয়া, শ্ৰী গুণদ্বীপ চেতিয়া, শ্ৰী সত্যকাম দত্ত আৰু মৃণাল গোস্বামীৰ লিখনি / ফেচবুক পোষ্টৰ বহু অংশ লোৱা হৈছে। তেওঁলোকৰ সেই অংশবোৰ মই মোৰ নিজৰ বুলি কেতিয়াও দাবী কৰা নাই বা নকৰো। এই প্ৰবন্ধটোৰ বিভিন্ন অংশত প্ৰয়োজন আছে বুলি গণ্য কৰি বৃহত্বৰ স্বাৰ্থত মই সেইবোৰ একগোট কৰি compile হে কৰিছোঁ। শেষাংত লিঙ্কসমূহ পাব]
১৮জুনৰ পৰা ২২জুনলৈকৈ অনুস্থিত আন্তৰ্জাতিক মানক সন্থা (International Standardization Organization - ISO)-ৰ বৈথকত অসমৰ দুজনমান ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে৷ বৈথকত ভাগ লোৱা ড° শিখৰ শৰ্মা ডাঙৰীয়াৰ মতে ISO ই ভাৰত চৰকাৰক তিনিটা পৰামৰ্শ দিছে।
১) ইউনিক’ডৰ “Bengali” Code Chart বা Range ৰ নামত (title) “Assamese” শব্দটো অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দিয়া। (অৱশ্যে, কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেইটো কোৱা নাই। যেনে Bengali-Assamese থাকিবনে, Bengali(Bangla)-Assamese বা Bengali/Assamese বা Assamese-Bengali বা আন কিবা ধৰণে থাকিব সেই বিষয়ে তেওঁলোকে তেখেতক একো কোৱা নাই বুলি কৈছে)৷
২) আখৰ আৰু চিহ্নবিলাকৰ নাম Bengali ৰ লগতে Assamese টোও অন্তৰ্ভুক্ত কৰিব। খুব সম্ভৱ এনেদৰে:
09B6 শ BENGALI LETTER SHA= ASSAMESE LETTER TAALABYA XA (অৱশ্যে গোটেইখিনি capital letter ত থাকিবনে নাই সেইটো কোৱা নাই)
৩) এতিয়ালৈকে Code Chart ত নথকা নতুন কিবা আখৰ বা চিহ্ন থাকিলে অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিয়া৷ সেইটো নতুন কথা নহয়। যিকোনো ক'ড চাৰ্টৰ ক্ষেত্ৰত সংৰক্ষিত স্থান কিছুমান থাকে। আপুনি বা মইও তাত নতুন আখৰ বা চিহ্নৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিব পাৰোঁ। ইউনিকডে বহুত পৰীক্ষা নিৰিক্ষা কৰি গ্ৰহণ কৰে বা অগ্ৰাহ্য কৰে। অৱশ্যে চৰকাৰে পঠিয়ালে অলপ গুৰুত্ত্ব পাব৷
কিন্ত (১) নংটো অৰ্থাৎ নামটো ২০১৫ চন মানতেই Unicode Consortium-ৰ ৱেবচাইটৰ বেটুপাতৰ হাইপাৰ লিংকটোত সলনি কৰা হৈছিল, যদিও ভিতৰৰ / আচল Code Chart-ত এতিয়াও ই সলনি হোৱা নাই৷ এই (১) আৰু (২) নম্বৰৰ পৰামৰ্শকেইটা মানি ভাৰত চৰকাৰে যদি প্ৰস্তাৱ দিয়ে আৰু সেই প্ৰস্তাৱ যদি ইউনিক’ড সংঘই কাৰ্যকৰী কৰে তেন্তে ইউনিক’ডত “অসমীয়া লিপিৰ উল্লেখ নাই” এই অভিযোগটো কিছু পৰিমাণে আঁতৰ হ’ব। অৱশ্যে বহুতে কৈ থকা অসমীয়া লিপিৰ “স্বতন্ত্ৰতা” বা “স্বাভিমান” ৰক্ষা হ’বনে নাই সেই বিষয়ে ক’ব নোৱাৰিম। ব্যক্তিগতভাৱে ইমানখিনি হ’লেই সুখী হ’ম।
ভাৰত চৰকাৰৰ পৰা যেতিয়া Unicode Consortiumলৈ ভাৰতীয় ভাষাসমূহ লিখা "লিপি"সমূহ পঠিওৱা হৈছিল তেতিয়া আমাৰ এই লিপিটোৰ নাম লিখি পঠোৱা হৈছিল "বাংলা লিপি" বুলি, আৰু সেই সময়ত অসমীয়া মানুহখিনিয়ে সেই কথাৰ ভূ কে পোৱা নাছিলো। আৰু এইক্ষেত্ৰত লিপিটোৰ বৰ্ণনাত লিখা হৈছিল বাংলা লিপি বাংলা ভাষাৰ উপৰিও সামান্য সালসলনিৰে অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰি আদি আন ভাষাটো ব্যৱহাৰ কৰা হয়। ভাৰত চৰকাৰৰ ভুল তথ্যৰ বাবেই হওক বা আন কাৰোবাৰ বাবেই হওক ইউনিক’ডে অকল "Bengali" বুলি এই কোড ৰেঞ্জৰ নামটো ৰাখি এটা ঐতিহাসিক ভুল কৰিলে। "Bengali" ৰ লগতে "Assamese" শব্দটো সমান গুৰুত্ত্ব সহকাৰে আৰম্ভনিৰেপৰা ৰখা হ’লে আজি এই বিতৰ্ক চাগৈ নহ’লহেঁতেন।
Sunday, December 27, 2015
শ/স/ষ আদিৰ বাবে 'X' কিয়?
বন্ধু-১: আজিকালি প্রায়ে দেখা গৈছে যে 'স', 'শ' 'ষ' এই শব্দ কেইটা লিখোতে ইংৰাজী 'X' আখৰটো ব্যৱহাৰ কৰে। এই 'X' আখৰৰ প্রয়োগ কিমানদূৰ সমীচিন?
বন্ধু-২: ইংৰাজী আখৰবোৰৰ একাধিক উচ্চাৰণ থাকিব পাৰে৷ যেনে put=পুট, but=বাট; apple = এপল, assam = আচাম৷ঠিক তেনে ধৰণে x আখৰটোৰ এটা উচ্চাৰণ 'জ'ৰ দৰে, আনটো 'ক্স'ৰ দৰে৷ 'xerox' শব্দটোতেই প্ৰথম x-ৰ উচ্চাৰণ 'জ'ৰ দৰে আনটোৰ 'ক্স'ৰ দৰে৷
অসমীয়া 'স'/'শ'/'ষ' ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ কিন্তু এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'X' ব্যৱহাৰ কৰে৷ যেনে স্পেনিচত Mexico আৰু Texas ক মেসিকো আৰু টেসাচ বুলি উচ্চাৰণ কৰে৷ "International Phonetic Alphabet" মতেও 'X' ব্যৱহাৰ কৰিব লাগে৷ ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/Voiceless_velar_fricative
সেয়ে অসমীয়াত স/শ/ষ - ৰ বাবে X ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ৷
বন্ধু-১: স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি ভাষাৰ উচ্চাৰণ হুবহু অসমীয়া 'স'-ৰ দৰে হয় জানো?
বন্ধু-২: হুবহু বুলি ক’ব নোৱাৰি যদিও, প্ৰায় একেই৷
উদাহৰণ ১: মেক্সিক’ক "মেসিকো" বুলি কেনেকৈ উচ্চাৰণ কৰা হয় প্ৰখ্যাত ষ্টেণ্ড-আপ কমেডিয়ান গেব্ৰিয়েল ইংলেচিয়াই এইদৰে কয় --
https://www.youtube.com/watch?v=XR_OggVpIrw @1.4 মিনিট
বন্ধু-১: ইমান দিনে আমি মেস্কিকো বুলি শুণি আহিছো দেখোন৷
বন্ধু-২: আমি প্ৰায়েই ইংৰাজীৰ প্ৰিজমেৰে বস্তুবোৰ চাও৷ ইংৰাজীত মেক্সিক’ (Mexico) বুলি কয়, কাৰণে আমিও সেইবুলি শিকিলোঁ৷ অসমীয়া মানুহ কোনো মেক্সিকানৰ সম্পৰ্কলৈ অহাৰ আগতে শব্দটো হয়তো অসমলৈ আহিলে৷
বন্ধু-১: আমি 'স'-ৰ বাবে x লিখিলো বাৰু৷ শ আৰু ষ-ৰ বাবে কি লিখিম? xh, x এইদৰে নে কি?
বন্ধু-২: নহয়৷ মোৰ মাতে সকলো স-ৰ বাবে x লিখিলেই হ’ল৷ অসমীয়া ভাষাত স/শ/ষ-ৰ উচ্চাৰণৰ পাৰ্থক্য আছে বুলি নাভাবোঁ৷ আমি উচ্চাৰণটো অনুকৰণ কৰি কেৱল x লিখিলেই হ’ব৷
বন্ধু-১: আমি যদি "অসম"ক Axom বুলি লিখোঁ, অনা-অসমীয়া এজনে খুব সম্ভৱ "অক্সম" বা "অক্জম" এইদৰে পঢ়িব৷ তেওঁ কেনেকৈ জানিব যে X থাকিলে স-উচ্চাৰণ কৰিব লাগিব বুলি?
বন্ধু-২: যি এই উচ্চাৰণৰ লগত পৰিচিত নহয়, তেওঁক কেৱল লিখিত ৰূপত বুজোৱাৰ কোনো উপায় নাই৷ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাক কোনোবাই নিজ কণ্ঠেৰে শিকাই দিব লাগিব৷ অথবা ডিজিটেল মাধ্যমত কোনো চাউণ্ড-ফাইলৰ সহায়ত শিকাই দিব লাগিব৷
বন্ধু-১: তেন্তে আমি "xerox" টো "সেৰস" বুলি ক’ম নেকি?
বন্ধু-২: নকওঁ৷ "জেৰক্স" বুলিয়েই কম৷ প্ৰসংগৰ পৰা জানিব লাগিব x-ৰ কেতিয়া কি হ’ব লাগে৷ xerox শব্দটোতেই প্ৰথম x-টোৱে জ-ৰ উচ্চাৰণ লৈছে, দ্বিতীয়টোৱে ক্স-ৰ উচ্চাৰণ লৈছে৷ থিক তেনেকৈ অসমীয়া শব্দ এটা ৰোমান বৰ্ণত লিখিলে x-এ স-ৰ উচ্চাৰণ লৈছে বুলি আমি জানিব লাগিব৷ যেনে - xobdo, xahitya, xondhan আদি৷
বন্ধু-১: এটা সময়ত ইয়াৰ বাবে বহুতে hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টি কিছুমান ব্যৱহাৰ কৰা পৰিলক্ষিত হ’য়৷ যেনে - hkhagaroloi bohu door (সাগৰলৈ বহু দূৰ)৷ কেবল x ব্যৱহাৰ কৰাতকৈ এইবোৰে উচ্চাৰণটো বেছি শুদ্ধকৈ প্ৰতিনিধিত্ব কৰিব যেন লাগে৷
বন্ধু-২: hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টিবোৰ কোনো মানক মাতে নিৰ্ধাৰিত নহয়৷ x-টো অন্ততঃ International Phonetic Alphabet মানক মতে শুদ্ধ৷ আন হাতে যি ব্যঞ্জনবৰ্ণ বা কোনো সমষ্টি ব্যৱহাৰ নকৰো লাগে, প্ৰকৃত উচ্চাৰণটো নজনাজনক শিকাই দিবই লাগিব৷
বন্ধু-৩: অসম সর্বশিক্ষা অভিযানতকৈয়ো আগতে নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) 'স'ধ্বনি বুজাবলৈ 'X'লিখিছিল। এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ 'X'-কে দিছিল।
বন্ধু-৩: অসম সর্বশিক্ষা অভিযানতকৈয়ো আগতে নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) 'স'ধ্বনি বুজাবলৈ 'X'লিখিছিল। এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ 'X'-কে দিছিল।
বন্ধু-১: বাৰু স, শ, ষ ৰ বাবে X, কিন্তু স,স,ষ ৰ লগত জৰিত স্ক,ক্স,ষ্ক,ক্ষ এই বোৰতো x ব্যৱহাৰ কৰিব লাগে??কেনেকৈ কৰিব?
বন্ধু-২: নহয়৷ উচ্চাৰণ মতে যি হয়, তেনেকৈ লিখিব লাগিব। যেনে - ক্ষমা = khyoma, পুৰস্কাৰ=puroskar আদি। যুক্তাক্ষৰত সাধাৰণতে স, ষ, শ আদিৰ উচ্চাৰণ সেই কোমল অসমীয়া স উচ্চাৰণ সলনি হৈ হিন্দী, বাংলাৰ স s-ৰ দৰে উচ্চাৰিত হয়। গতিকে সেইমতে s ব্যৱহাৰ কৰিলেহে শুদ্ধ হ’ব৷
সহায়:
https://www.facebook.com/groups/xobdo.org/permalink/10153200569793391/
https://www.facebook.com/groups/xobdo.org/permalink/10151503324533391/
https://www.facebook.com/groups/xobdo.org/permalink/10153342467523391/
Tuesday, November 10, 2015
The Linguistic Mosaic
Indigenous languages are disappearing at an alarming rate around the
world has been noted by many noted linguists and social workers. Language
carries vocal literature like folklore and folk music. Many such
other cultures that uses language as a medium of expression. Imagine
'Bihu' song and dance without Assamese language --- something unimaginable. If
Assamese language disappears, so will Bihu and associated cultures.
Around the world as languages disappear so thus many
interesting cultures native to the place and people. Perhaps nowhere else in
the world is this loss more profound than in Northeast India. With five
language families (Tai-Kadai, Tibeto-Burman, Indo-Aryan, Austroasiatic and Dravidan)
represented in well over two hundred languages amongst its eight states (Assam,
Meghalaya, Manipur, Nagaland, Tripura, Mizoram, Arunachal Pradesh and Sikkim),
Northeast India could well be the most linguistically diverse region in the
world. Many linguists today see it as their obligation to assist in preventing
this great loss to mankind by documenting and describing languages and working
with communities to preserve and/or revitalize their languages.
Friday, August 21, 2015
অন্তিম জন (কল্প-কাহিনী)
ড. নাকাচাৰি অতি উৎকণ্ঠাৰে এই মূহুৰ্তলৈ বাট চাই আছিল৷ আজি তেওঁ লগ ধৰিব "শ্ৰীব" বুলি জনাজাত এজন অসাধাৰণ ব্যক্তিক৷ জীৱণৰ বিয়লীবেলাত শ্ৰীবই বুকুৰ মাজত লৈ ফুৰিছে এক আপুৰুগীয়া সম্পদ৷ তেওঁৰ বয়স বাঢ়ি আহিছে৷ স্বাস্থ্যটো ক্ৰমে বেয়া হৈ আহিছে৷ তেওঁৰ শংকা জীৱণ চাকি হঠাৎ এদিন নুমাই যাব, তাৰ লগতে চিৰদিনলৈ বিলুপ্ত হৈ যাব এই বিৰল সম্পদ৷
প্ৰখ্যাত ভাষাবিদ ড. নাকাচাৰিয়ে "শ্ৰীব"ৰ বিষয়ে জানিব পাৰি অতি আগ্ৰহেৰে তেওঁৰ সেই আপুৰুগীয়া সম্পদ সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ দ্বায়িত্ব ল’লে৷ সেয়ে তেওঁ অ’ত দূৰ নিজে সকলো সা-সঁজুলি লগত লৈ "শ্ৰীব"ক লগ কৰিবলৈ আহিছে৷ বিমানৰ পৰা নামি মোবাইটো অন কৰাৰ ল’গে ল’গে কেইবাটাও "মিচ কল" তেওঁ দেখিবলৈ পালে৷ "শ্ৰীব"ৰ মোবাইলৰ পৰা আহিছে৷ তেওঁৰ বুকুখন চিৰিং কৈ গ’ল - কিয় ইমান "মিচ কল" ? তেওঁ কল-বেক কৰিলে৷
"হেল্লো ড. নাকাচাৰি?" ইটো ফলাৰ পৰা কোনোবাই ক’লে৷ এইটো শ্ৰীবৰ মাত নাছিল, আন কৰোবাৰ মাত৷
- "হয়, মই ড. নাকাচাৰিয়ে কৈছো, আপুনি কোন?" - তেওঁ সুধিলে৷
- "মই শ্ৰীবৰ বৰপুত্ৰ৷ দেউতাৰ স্বাস্থ্য একেবাৰে বেয়া৷ আপুনি কোনখিনি পালে?" - মানুহজনে "এক্স’মিজ"ত কথাখিনি ক’লে৷ ই এই অঞ্চলৰ বৰ্তমান প্ৰচলিত ভাষা৷ ঠিক ভাষা বুলিব নোৱাৰি, এক প্ৰকাৰৰ খিছিৰি দোৱান বুলিলেহে হয়তো শুদ্ধ হ’ব৷ ৭০% ইংৰাজী, ২০% হিন্দী বা বঙালী, ১০% অসমীয়া আৰু আন স্থানীয় ভাষা যেনে কাৰ্বী-বড়ো-মিছিং আদিৰ শব্দ ভাণ্ডাৰেৰে গড় লৈ উঠা এক সান-মিহলি দোৱান৷ কিন্তু "এক্সম"ৰ প্ৰায় সকলোৱে বৰ্তমান এই দোৱানতে কথা পাতে৷
-"ভাল বাৰু, মই যিমান পাৰো সোনকালে আহি আছো৷" বুলি কৈ ড. নাকাচাৰিয়ে খৰ-ধৰ কৰিলে৷ তেওঁৰ লগত আছিল বহুতো অত্যাধুনিক যন্ত্ৰ-পাতি৷ সেইবোৰ লৈ তেওঁ কোনোমতে শ্ৰীবৰ ঘৰ পালেহি৷ শ্ৰীবৰ ইতিমধ্যে নৰিয়া-পাতিত৷ মানুহজনে কেকাই আছে৷ ড. নাকাচাৰিক দেখি তেওঁ অলপ প্ৰাণ পাই উঠিল৷ বহু কষ্ট কৰি হাঁহি এটা মাৰি সম্ভাষণ জনালে৷ ড. নাকাচাৰিয়ে তেওঁৰ ওচৰতে বহি ল’লে৷ যন্ত্ৰ-পাতিবোৰ মেলি সক্ৰিয় কৰি ল’লে৷ যন্ত্ৰ-পাতিবোৰৰ সহায়ত তেওঁ শ্ৰীবৰ কথাবোৰ ধ্বনিবদ্ধ কৰি লোৱাৰ লগতে মষ্টিষ্কৰ মানচিত্ৰ এখনো তৈয়াৰ কৰিব৷ ইয়াৰ সহায়ত অতি কম সময়ৰ ভিতৰত যন্ত্ৰটোৱে শ্ৰীবৰ মষ্টিষ্কত সযতনে সংৰক্ষিত সেই অপুৰুগীয়া আৰ অমূল্য সম্পদবিধ আয়ত্ব কৰি ল’ব৷
ড. নাকাচাৰিয়ে তেওঁক ভঙা ভঙা অসমীয়াত যি পাৰে, যি মন যাই কৈ যাবলৈ ক’লে৷ তেওঁ আৰম্ভ কৰিলে -
"মই সৰু থাকোতে মোৰ বন্ধু-বান্ধৱ, আই-পিতাই, বাই-ভণী, ককাই-ভাই সকলোৰে লগত অসমীয়াতে কথা পাতিছিলোঁ৷ স্কুলৰ মাধ্যম ইংৰাজী হোৱাৰ কাৰণে দুই-এজনৰ বাহিৰে বাকীবোৰৰ লগত ইংৰাজীতে কথোপ-কথন হৈছিল৷ কলেজত সম্পূৰ্ণ ইংৰাজীতে অধ্যয়ন হৈছিল যদিও লগীয়াহঁতৰ লগত হিন্দীত মাজে-সময়ে কথা পাতিছিলোঁ৷ তাৰ পিছত চাকৰি - ইয়াতো সকলো কাম-কাজ ইংৰাজীতে হৈছিল৷ বিয়া কৰালোঁ এজনী অসমীয়া ছোৱালীক, কিন্তু তাই অসমীয়া ক’ব নাজানিছিলে৷ গতিকে মোৰ সন্তান কেইটায়ো অসমীয়া নিশিকিলে৷ এটা সময়ত লক্ষ্য কৰিলোঁ, কেৱল মোৰ সন্তান কেইটাই নহয়, মই যাৰ যাৰ লগত অসমীয়াত কথা পাতোঁ যেনে বাই-ভণীহঁত আৰু স্কুলীয়া দিনৰে বন্ধু-বান্ধবীহঁত কাৰো সন্তান-সন্ততিয়ে অসমীয়া নিশিকিলে৷ ভাষাতো আবদ্ধ হৈ থাকিল - সেই পুৰণি প্ৰজন্মটোতে৷ নতুন প্ৰজন্মটোলৈ ই প্ৰবাহিত নহ’ল৷ মোৰ প্ৰজন্মটোৰ এজনৰ পিছত আনজন ইহ লীলা সম্বৰণ কৰিলে৷ এতিয়া থাকিলো কেৱল মই৷ বুকুখনে কেতিয়াবা হাহকাৰ কৰি উঠে - এতিয়া মোৰ লগত অসমীয়াত কথা পাতিবলৈ দ্বিতীয়জন নাই৷ মই তেনেই অকলশৰীয়া হৈ পৰিলোঁ৷ তেনেতে এদিন তোমাৰ কথা জানিব পাৰিলোঁ, ড. নাকাচাৰি৷ সুদূৰ জাপানত বোলে তুমি অসমীয়া ভাষাৰ চৰ্চা কৰি আছা৷ মই অলপ শান্তি পালো - অন্ততঃ কোনোবা এজন আছে যাক মই এই আপুৰুগীয়া সম্পদ গতাই যাব পাৰোঁ....."
শ্ৰীবই কৈ গ’ল, কেৱল কৈ গ’ল বহুতো কথা - জীৱন-দৰ্শণৰ কথা, ৰাজনীতিৰ কথা, মূলতঃ শ্ৰীবৰ জীৱন অভিজ্ঞতাৰ বিভিন্ন কথা - শেষ নিশ্বাসটিলৈ.... ড. নাকাচাৰিৰ যন্ত্ৰবোৰে সকলো অহৰ্নিশে নথীভূক্ত কৰি গ’ল সকলোবোৰ৷
এসময়ত সেই অন্তিম বন্তি গছা নুমাই গ’ল৷ লগতে নোহোৱা হৈ গ’ল - এটা ভাষা, এটা জাতি --- এইদৰেই এক দীৰ্ঘদিনীয়া গৌৰবময় ইতিহাসৰ সামৰণী পৰিল - চিৰদিনলৈ৷
ড. নাকাচাৰিয়ে তেওঁক ভঙা ভঙা অসমীয়াত যি পাৰে, যি মন যাই কৈ যাবলৈ ক’লে৷ তেওঁ আৰম্ভ কৰিলে -
"মই সৰু থাকোতে মোৰ বন্ধু-বান্ধৱ, আই-পিতাই, বাই-ভণী, ককাই-ভাই সকলোৰে লগত অসমীয়াতে কথা পাতিছিলোঁ৷ স্কুলৰ মাধ্যম ইংৰাজী হোৱাৰ কাৰণে দুই-এজনৰ বাহিৰে বাকীবোৰৰ লগত ইংৰাজীতে কথোপ-কথন হৈছিল৷ কলেজত সম্পূৰ্ণ ইংৰাজীতে অধ্যয়ন হৈছিল যদিও লগীয়াহঁতৰ লগত হিন্দীত মাজে-সময়ে কথা পাতিছিলোঁ৷ তাৰ পিছত চাকৰি - ইয়াতো সকলো কাম-কাজ ইংৰাজীতে হৈছিল৷ বিয়া কৰালোঁ এজনী অসমীয়া ছোৱালীক, কিন্তু তাই অসমীয়া ক’ব নাজানিছিলে৷ গতিকে মোৰ সন্তান কেইটায়ো অসমীয়া নিশিকিলে৷ এটা সময়ত লক্ষ্য কৰিলোঁ, কেৱল মোৰ সন্তান কেইটাই নহয়, মই যাৰ যাৰ লগত অসমীয়াত কথা পাতোঁ যেনে বাই-ভণীহঁত আৰু স্কুলীয়া দিনৰে বন্ধু-বান্ধবীহঁত কাৰো সন্তান-সন্ততিয়ে অসমীয়া নিশিকিলে৷ ভাষাতো আবদ্ধ হৈ থাকিল - সেই পুৰণি প্ৰজন্মটোতে৷ নতুন প্ৰজন্মটোলৈ ই প্ৰবাহিত নহ’ল৷ মোৰ প্ৰজন্মটোৰ এজনৰ পিছত আনজন ইহ লীলা সম্বৰণ কৰিলে৷ এতিয়া থাকিলো কেৱল মই৷ বুকুখনে কেতিয়াবা হাহকাৰ কৰি উঠে - এতিয়া মোৰ লগত অসমীয়াত কথা পাতিবলৈ দ্বিতীয়জন নাই৷ মই তেনেই অকলশৰীয়া হৈ পৰিলোঁ৷ তেনেতে এদিন তোমাৰ কথা জানিব পাৰিলোঁ, ড. নাকাচাৰি৷ সুদূৰ জাপানত বোলে তুমি অসমীয়া ভাষাৰ চৰ্চা কৰি আছা৷ মই অলপ শান্তি পালো - অন্ততঃ কোনোবা এজন আছে যাক মই এই আপুৰুগীয়া সম্পদ গতাই যাব পাৰোঁ....."
শ্ৰীবই কৈ গ’ল, কেৱল কৈ গ’ল বহুতো কথা - জীৱন-দৰ্শণৰ কথা, ৰাজনীতিৰ কথা, মূলতঃ শ্ৰীবৰ জীৱন অভিজ্ঞতাৰ বিভিন্ন কথা - শেষ নিশ্বাসটিলৈ.... ড. নাকাচাৰিৰ যন্ত্ৰবোৰে সকলো অহৰ্নিশে নথীভূক্ত কৰি গ’ল সকলোবোৰ৷
এসময়ত সেই অন্তিম বন্তি গছা নুমাই গ’ল৷ লগতে নোহোৱা হৈ গ’ল - এটা ভাষা, এটা জাতি --- এইদৰেই এক দীৰ্ঘদিনীয়া গৌৰবময় ইতিহাসৰ সামৰণী পৰিল - চিৰদিনলৈ৷
Monday, February 23, 2015
"সাদিন"ত প্ৰকাশিত মোৰ কথোপকথন৷
An interview of yours truly as narrated to Dr. Stuti Ranjit Konwar in our residence at Kuala Lumpur. It was published in an Assamese weekly "Xadin" in 3 parts. I have uploaded them here. I started the talk with my own career and about the places like Mexico, USA, Abu Dhabi and Malaysia where I lived during last 15 yours of my working and academic life. Then, I talked about languages of these places and moved on to describe our online community projects like xobdo.org and bigyan.org. Finally, I also spoke about my view-point of current status and future of Assamese language.
প্ৰথম খণ্ড (সাদিন, ৩০-জানুৱাৰী-২০১৫)
শুধৰণী: মই উচ্চতৰ মাধ্যমিক কটন কলেজত পঢ়া কথাটো ভুলতে ফেকাল্টি হায়াৰ চেকেণ্ডেৰিত পঢ়া বুলি ওলালে৷ ফেকাল্টি হাই স্কুলত মই দশম মানলৈকেহে পঢ়িছিলোঁ৷
দ্বিতীয় খণ্ড (সাদিন, ০৬-ফেব্ৰুৱাৰী-২০১৫)
তৃতীয় খণ্ড (সাদিন, ১৩-ফেব্ৰুৱাৰী-২০১৫)
শুধৰণী: পল্লৱ শৰ্মা নহয়, পল্লৱ শইকীয়া হ’ব লাগিছিল৷
Subscribe to:
Posts (Atom)