Tuesday, April 12, 2011

বিহু বিহু লাগিছে - ২০৩১ চন

২০৩১ চনৰ নিৰ্বাচন --- মোৰ 'আধাৰ' একক চিনাকী পত্ৰ (Unique Identity Card) খনৰ সহায়ত ঘৰতে বহি বহি মতদান কৰো বুলি ভাবিলোঁ৷ নিৰ্বাচন আয়োগ আৰু ভাৰতীয় বিশিষ্ট চিনাকী প্ৰাধিকৰণৰ এই নতুন যুটীয়া প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ চাৰিওফালে বিজ্ঞাপন৷ ফেইচভোটৰ (FaceVote.Com) জালস্থানত প্ৰবেশ কৰিবলৈ বিচাৰোতে মোৰ কোলাতলোৱাটোৰ পৰ্দাত বাৰ্ত্তা আহিলে - "আধাৰ ব্যৱহাৰ কৰক"৷ কোলাতলোৱাটোৰ সোঁফালে থকা অকনমানি ফাকটোত 'আধাৰ'-পত্ৰখন ভৰাই দি বেতাঁৰ নিগনিটোৱেদি "হ’ব দিয়ক" বুটামটোত টিপি দিলো৷

"স্বাগতম বিক্ৰম ম বৰুৱা !!" বাৰ্ত্তাৰে মোক জালস্থানৰ সুৰক্ষিত অঞ্চললৈ আদৰণি জনোৱা হ’ল৷ তাত মোৰ সমষ্টিত প্ৰতিদন্দ্বিতা কৰা প্ৰাৰ্থীকেইজনৰ সবিশেষ তালিকা এখন পালো৷ প্ৰতেকৰে জীৱন বৃত্তান্ত, পাৰ্থিৱ-অপাৰ্থিৱ সম্পদৰ সবিশেষ,  অপৰাধ-(অভি)লেখ আদিৰ লগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পোৱা গ’ল৷

কথাবোৰ ভাৱি-গমি এজনক ভোট দিলো৷ নিগনিটোৰে নিৰ্দিষ্ট স্থানত টিপা মৰাৰ লগে লগে এখন নিশ্চিতকৰণ পৃষ্ঠা আহিল৷ তাতো "হ’ব দিয়ক" বুটামটোত টিপি দিলো আৰু মোৰ গোপন ভোট নথিভুক্ত হৈ গ’ল৷

২০৩১ চনৰ বিহু  ---  বিহু পালেহিয়েই৷ হুঁচৰি এটা শুনো বুলি HusoriTube.com জালস্থান মেলি ল’লো৷ পৰ্দাত  বিভিন্ন হুঁচৰি দলৰ তালিকা এখন আহিলে৷ লগতে তেওঁলোকৰ জনপ্ৰিয়তাৰ মাপাংক৷ মাপাংক অনুযায়ী মাননীৰ নিৰিখ৷

শিৱসাগৰৰ মধ্যমীয়া মানৰ হুঁচৰীদল এটা নিৰ্বাচন কৰি, 'আধাৰ'খন উলিয়াই ৩০ মিনিটৰ বাবে মাননী আগবঢ়ালো৷  ক্ষন্তেক পিছতে শিৱসাগৰৰ পৰা দলটোৱে চলন্ত হুঁচৰি পৰিবেশন কৰিলে৷ তেওঁলোকে শেষত আমাক মংগল কামনা কৰি, আশীৰ্বাদ দি সামৰণি মাৰিলে৷

"বিশ্ব বিহু কুঁৱৰী" প্ৰতিযোগিতাত এইবাৰ সৰ্বাধিক প্ৰতিদন্দীয়ে ভাগ লৈছে৷ কেলিফৰ্ণিয়াৰ প্ৰশেনজিতা খনিকৰ, এডিনবাৰ্গৰ মনালিচা মেধি, ডুবাইৰ দিপীকা তুমুং, বাংগালোৰৰ হিমানী শইকীয়া, ধেমাজিৰ বুলবুলী বুঢ়াগোহাঞি আৰু দক্ষিণ কোৰিয়াৰ প্ৰিয়াংশী "কিম" শৰ্মা ইয়াৰ মূল প্ৰতিদন্দী৷ HusoriTube.com-ত তাহাতৰ বিহুনৃত্যৰ নমুজনীনা চালো৷ কোনো কম নহয় - প্ৰতেকেই ইমান ভাল বিহু নাচে৷ তথাপিও মোৰ মন্তব্য আৰু নম্বৰ দিলো৷

IPL-24  --- আজি 'Guwahati Greats' আৰু 'Imphal Impactors'-ৰ মাজত খেল৷ স্থান আইজল ষ্টেডিয়াম৷ খেলখননো কিমান আগবাঢ়িছে চাও বুলি মোৰ হেল’গ্ৰাফিক টিভিটো চলালো৷ গুৱাহাটী দলে এইমাত্ৰ এটা ৬ মাৰিলে৷ খোপাত কপৌ ফুল, হাতত ঘাম খাৰু আদিৰে অসমীয়া ৰিহা-মেখেলা বিন্ধা চিয়েৰলিডাৰ কেইজনীয়ে ঢোল-পেঁপাৰ উৎফুলিত তালত নাচি উঠিল৷

আকৌ ৬ কৰিবলৈ গৈ বেটচমেনজন আউত হ’ল৷ এইবাৰ ইম্ফলদলৰ চিয়েৰলিডাৰ কেইজনীয়ে মণিপুৰি নৃত্যৰে খেলুৱৈকেইজনক উৎসাহ যোগালে৷





---আৰু লিখি আছো---