Thursday, December 20, 2018

Letter 20180706 Scancopy

Click here for UNICODE Version






পৰামৰ্শৰ বাবে চিঠি ...

[ চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ 'প্ৰয়োগ' আলোচনীৰ বিংশ সংস্কৰণত প্ৰকাশিত৷  Scanned Copy ইয়াত পাব]

06-জুলাই-2018
গুৱাহাটি
প্ৰতি,
সঞ্চালক,
চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়
ৰাজনৈতিক বিভাগ, দিশপুৰ, অসম

মাননীয় মহোদয়,

এজন সচেতন নাগৰিক হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ কথালৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰা দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখা দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷  প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়ত, সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷  বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷

অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কেইটামান “প্ৰস্তাৱ” সন্মানীয় সঞ্চালকাললৈ আগবঢ়ালোঁ৷ প্ৰতিটো প্ৰস্তাৱৰ আৰম্ভণিতে কিয় বা কি “পৰিস্থিতি”ৰ বাবে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে তাৰ ব্যাখ্যা কৰা হ’ল৷ তাৰ পিছত ইয়াৰ কিছুমান সাম্ভাৱ্য “সমাধান” আগবঢ়োৱা হ’ল৷ 

প্ৰস্তাৱ নং-১: “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”

পৰিস্থিতি:
আজি আমাৰ মাজলৈ দৈনিক নতুন নতুন যন্ত্ৰ-পাতি, সা-সঁজুলি, বস্তু-বাহিনী অহাৰ লগতে বিভিন্ন সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক ধাৰণাও আহি আছে৷ এইবোৰ বুজাবলৈ নিতৌ নতুন শব্দৰ উদ্ভাৱন হৈ আছে৷ প্ৰথমে ইংৰাজীত,  তাৰ পিছত হিন্দী, বাংলা আদি ভাষাৰ লগতে অসমীয়া ভাষাতো এই শব্দবোৰ ব্যৱহাৰ হ’বলৈ ধৰিছে৷
অসমীয়া ভাষাৰ পৰিভাষা উদ্ভাৱন আৰু ব্যৱহাৰত বিভিন্ন চৰকাৰী / বেচৰকাৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত এনেবোৰ বিসংগতি দেখা যায়:
(ক) একেটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰে৷
(খ) একেটা শব্দ বিভিন্ন বানানেৰে লিখা হয়৷
(গ) কোনো অৰ্থ বহন কৰা সুন্দৰ অসমীয়া শব্দ থকা সত্ত্বেও, কোনো কোনোৱে তাক ব্যৱহাৰ নকৰি, হিন্দী বা ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰা দেখা যায়৷
আনহাতে কোনো অসমীয়া শব্দ ব্যৱহাৰ কৰিলে, তাক লিখকে প্ৰকৃতাৰ্থত কি বুজাব বিচাৰিছে তাত প্ৰায়েই আউল লাগে৷ এনে বেমেজালিৰ পৰা হাত সাৰিবলৈ বন্ধনীত ইংৰাজী শব্দটো লিখি দিব লগা হয় বা তাক লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা হয়৷

সমাধান:
এই  পৰিস্থিতিৰ সমাধান হিচাপে এক “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী” (Terminology Management System)-ৰ সহায় ল’ব পৰা যায়৷ ই হ’ল এটা কম্পিউটাৰৰ তথ্যভাণ্ডাৰ (Computer Database) আৰু তাৰ লগত জড়িত ছফ্টৱেৰ, ৱেবচাইট আদিৰ সমষ্টি৷
ইয়াক দুটা পৰ্য্যায়ত ৰূপায়ন কৰিব পৰা যায়৷

পৰ্য্যায়-১: ইতিমধ্যে থকা পৰিভাষাসমূহ নিয়াৰিকৈ এই তথ্যভাণ্ডাৰৰ অন্তৰ্ভূক্ত কৰা৷ ইয়াৰ বাবে সঞ্চালকালয়ে প্ৰকাশ কৰা বিভিন্ন গ্ৰন্থৰ সহায় ল’ব পাৰি৷ যেনে- (ক) প্ৰশাসনীয় পৰিভাষা আৰু (খ) চলন্ত অভিধান৷

পৰ্য্যায়-২: নতুন প্ৰতিশব্দ উদ্ভাৱন আৰু প্ৰচলনৰ বাবে এক “প্ৰশাসনীয় ব্যৱস্থা” ল’ব পৰা যায়৷ এই “ব্যৱস্থা” এনে হ’ব পাৰে:

(ক) এখন “পৰিভাষা সমিতি” গঠন কৰা হওক৷ এই সমিতিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী  অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি থাকিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক আদি৷

(খ) শব্দৰ প্ৰস্তাৱনা – ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ “পৰিভাষা সমিতি”ৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷ 

সমিতিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷ 
এই সকলোবোৰ কাম ইন্টাৰনেটৰ যোগেদি “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”ৰ মাজতে হওক৷

(গ) শব্দৰ সংজ্ঞা – “পৰিভাষা সমিতি”ৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ৱেবচাইটত উপলব্ধ হওক৷ কেতিয়াবা কোনো ইংৰাজী শব্দৰ “সঠিক অৰ্থ”ৰ অসমীয়া প্ৰতিশব্দ পোৱা নাযায়৷ এনে পৰিস্থিতিত আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷

(ঘ) সকলো চৰকাৰী কাৰ্য্যালয়ত এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব৷ বিশ্ববিদ্যালয়সমূহ, বাতৰি-কাকত / আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল আদি সকলোকে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হওক৷
এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়া নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো সাঙুৰি লোৱা উচিত৷
Ref: https://www.andovar.com/terminology-management/

প্ৰস্তাৱ নং-২: লিপ্যান্তৰ বিধি

পৰিস্থিতি:
লিপ্যান্তৰ দুই ধৰণৰ হ’ব পাৰে –
(ক) অসমীয়া শব্দ ইংৰাজী বৰ্ণমালাৰে লিখা
(খ) ইংৰাজী শব্দ অসমীয়া বৰ্ণমালাৰে লিখা
এই দুই ক্ষেত্ৰতে কোনেও নিৰ্দিষ্ট নিয়ম বা বিধি মানি চলা দেখা নাযায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ “শুদ্ধ” বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷

উদাহৰণ-১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷

উদাহৰণ-২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷ 

উদাহৰণ-৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷

উদাহৰণ-৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷

উদাহৰণ-৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷

উদাহৰণ-৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷

সমাধান:
এখন “লিপ্যান্তৰ বিধি” (Transliteration Protocol) প্ৰণয়ন কৰিব লাগে৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগে৷
এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই “শুদ্ধ” বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ “গৃহীত” হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যান্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷
এবাৰ কোনো শব্দৰ লিপ্যান্তৰ ৰূপ গৃহীত হোৱাৰ পিছত, তাক “প্ৰস্তাৱ-১”ত উল্লেখ কৰা “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”তো অন্তৰ্ভূক্ত কৰা হওক৷

প্ৰস্তাৱ নং-৩: অৰ্হতা পৰীক্ষা

পৰিস্থিতি: 
(ক) বিজ্ঞাপন: বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন, কোম্পানীৰ প্ৰচাৰ-পত্ৰিকা আদি ইংৰাজী বা হিন্দীৰ পৰা অসমীয়ালৈ ভাঙনি কৰোতে বহুতো বিসংগতি দেখিবলৈ পোৱা যায়৷ লিখিত ৰূপৰ লগতে কথিত ভাষাতো বিসংগতি যথেষ্ট দেখিবলৈ পোৱা যায়৷ বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সুদূৰ প্ৰচাৰী প্ৰভাৱ থকাৰ বাবে এই মাধ্যমসমূহত আমাৰ ভাষা বিকৃত নোহোৱাকৈ প্ৰচাৰ হোৱা অতি প্ৰয়োজন৷ 
এই ক্ষেত্ৰত দেখা যায়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানীসমূহে কলিকাতা / দিল্লীত থকা কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সহায়ত এই অনুবাদ কৰোৱাই আৰু সেইবোৰ অসমীয়াৰ সাম্যক জ্ঞান নথকা ব্যক্তিয়ে কৰা বুলি সহজে ধৰিব পাৰি৷ আনহাতে অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদিৰ সম্পাদকসকলৰ ওচৰলৈ এইবোৰ নাহে, গতিকে কোনো শুধৰণিৰ সুবিধা নাথাকে৷ তেওঁলোকৰ “বাণিজ্যিক বিভাগ”সমূহে মুনাফাৰ কাৰণে এই বিজ্ঞাপনবোৰ কোম্পানীসমূহে যেনেকৈ পঠিয়াই ভুলে-শুদ্ধই তেনেকৈয়ে প্ৰচাৰ কৰে৷

(খ) বাতৰি (উচ্চাৰণ) : আনহাতে বিশেষকৈ বৈদ্যুতিন মাধ্যমসমূহৰ সাংবাদদ্বাতাসকল, বাতৰি পৰিবেশন কৰোঁতাসকল উচ্চাৰণত বহুতো ভুল কৰা দেখা যায়৷

(গ) বাতৰি (শব্দ ব্যৱহাৰ): অসমীয়া প্ৰচাৰ মাধ্যমসমূহত বহু ক্ষেত্ৰত কোনো অৰ্থ ব্যৱহাৰ কৰিবলৈ সুন্দৰ / সুপ্ৰতিস্থিত শব্দ থকা সত্ত্বেও অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে – 
ব্যৱহাৰ কৰা শব্দ
সুপ্ৰতিস্থিত অসমীয়া শব্দ
 অৰ্থ
ৰেংক
স্থান
কোনো পৰীক্ষাৰ ফলাফল
পেলিকান
ঢেলা চৰাই
এবিধ চৰাই
দপ্তৰ
বিভাগ
মন্ত্ৰিত্ব

সমাধান:
ইয়াৰ সমাধান কেইটামান পৰ্য্যায়ত হ’ব পাৰে:
পৰ্য্যায়-১: অনুবাদ আৰু উচ্চাৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আৰু “Short Certificate Course” প্ৰণয়ন কৰা৷ ইয়াত ওপৰোক্ত প্ৰস্থাৱ-১ আৰু প্ৰস্থাৱ-২-ৰ সমাধানসমূহত দিয়া বিধিসমূহৰ সবিশেষ প্ৰশীক্ষণ দিব লাগে৷

পৰ্য্যায়-২: “অনুবাদক অৰ্হতা পৰীক্ষা” (Translator’s Eligibility Test) আৰু “পৰিবেশনকাৰী অৰ্হতা পৰীক্ষা” (Presenter’s Eligibility Test)ৰ আয়োজন কৰিব লাগে আৰু সফল পাৰ্থীসকলক  সীমিত সময়-সীমাৰ ম্যাদ থকা অনুজ্ঞা-পত্ৰ (License) দিব লাগে৷ তেওঁলোকে সময়ে সময়ে (ধৰক প্ৰতি তিনি বছৰত এবাৰ) এই পৰীক্ষা দি অনুজ্ঞা-পত্ৰ নবীকৰণ কৰিব লাগিব৷

পৰ্য্যায়-৩: বাতৰিৰ সম্পাদন, বাতৰি পৰিবেশন তথা বিজ্ঞাপন/ দেৱাল লিখন /নামফলক আদি যাতে অনুজ্ঞা-পত্ৰ প্ৰাপ্ত ব্যক্তিহে কৰিব পাৰে তাৰ নিয়ম প্ৰণয়ন কৰিব লাগে৷ 

পৰ্য্যায়-৪: “ভাষা সঞ্চালকালয়”ৰ মঞ্চুৰী-পত্ৰ (Approval) হ’লেহে বিজ্ঞাপন/ দেৱাল লিখন / নামফলক আদি প্ৰচাৰ বা ব্যৱহাৰ কৰিব পাৰিব -এনে প্ৰশাসনিক নিয়ম প্ৰণয়ন কৰে যেন৷ এই মঞ্জুৰী-পত্ৰ অবিহনে GMC-ৰ Trade License আদি যাতে দিয়া নাযায় তাৰ ব্যৱস্থা কৰিব লাগে৷

প্ৰস্তাৱ নং-৪: ইউনিকোড ব্যৱহাৰ

পৰিস্থিতি: 
ইউনিকোড (UNICODE) এনে এটা ব্যৱস্থা যি আমাৰ ভাষাৰ সমলসমূহ বৈজ্ঞানিকভাৱে ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ আৰু জমা কৰি ৰাখিবলৈ সুবিধা কৰি দিয়ে৷
অসমৰ ছপা-মাধ্যমৰ খণ্ডটোত এতিয়াও ইউনিকোডত কাম কৰিবলৈ আৰম্ভ কৰা নাই৷ বহুকেইখনো অসমীয়া বাতৰি কাকত আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ ৱেবচাইট আৰু এপ্প আছে যদিও,  সেইবোৰ অনা-ইউনিকোড মাধ্যমত উপস্থাপন কৰাৰ বাবে কম্পিউটাৰৰ বিভিন্ন সঁজুলিয়ে বা ভাষা-বিজ্ঞানৰ গৱেষকসকলে ব্যৱহাৰ কৰিব নোৱাৰে৷  কিয়নো ছফ্টৱেৰসমূহে ছবি এখনত অসংখ্য আখৰ থাকিলেও সেইয়া ছবি বুলিয়েই ভাবিব৷ গতিকে Google/ Facebook / Yahoo আদিৰ লগতে IIT-Guwahati, Gauhati Universiyu, Tezpur University আদিৰ গৱেষক সকলে অসুবিধাত পৰি আছে আৰু বানান পৰীক্ষক (Spell-checker), যান্ত্ৰিক-অনুবাদ (Machine Translation) আদিৰ দৰে আজিৰ যুগত অতিকৈ প্ৰয়োজন হোৱা সঁজুলিসমূহ তৈয়াৰ কৰি উলিয়াব পৰা নাই৷ 

সমাধান:
পুৰণি ছফ্টৱেৰ/ হাৰ্ডৱেৰ উন্নীতকৰণ (upgrade) কৰি ইউনিকোড ব্যৱহাৰযোগ্য যন্ত্ৰ-পাতি চৰকাৰী বিভাগসমূহত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰক৷ লগতে বেচৰকাৰী অনুস্থানসমূহলৈও তেনে কৰিবলৈ আহ্বান জনাওক৷  বাতৰিকাকতসমূহে দৈনিক ছবি হিচাপে আপলোড কৰাৰ সলনি ইউনিকোডত তৈয়াৰ কৰি বাতৰি বা প্ৰবন্ধসমূহ তেওঁলোকৰ ৱেবচাইটত প্ৰকাশ কৰিবলৈ আহ্বান জনাওক আৰু প্ৰয়োজন হ’লে তেনে কৰিবলৈ আৰ্থিক সাহাৰ্য বা আন সা-সুবিধা আগবঢ়াওক৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগিব৷ 

এই “প্ৰস্তাৱ”সমূহ নিশ্চয় বহু সংক্ষেপ৷ এইবোৰ বিজ্ঞজনৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত বিস্তাৰ আৰু পৰিশোধন কৰাৰ বহু থল আছে৷ আপোনাৰ সঞ্চালকালয়ে এই প্ৰস্তাৱসমূহ গভীৰভাবে চিন্তা কৰি চাবলৈ আৰু সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ প্ৰাৰ্থনা জনালোঁ৷ এই ক্ষেত্ৰত আমি যি পাৰো সঞ্চালকালয়ক সহায়-সহযোগিতা কৰিবলৈ সাঁজো থাকিম৷


বিনম্ৰ সম্ভাষণেৰে,

বিক্ৰম মজিন্দাৰ বৰুৱা
ঘৰ নং-২০, আশোক পথ, চাৰ্ভে বেলতলা, গুৱাহাটী-৭৮১০২৮
দূৰভাষ: ৭০৮৬০৯৪৮০৭; ই-পত্ৰ: bikram98@yahoo.com