Monday, October 17, 2016

প্ৰতিবাদ -৭ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) ৰিকুৱে কি কৰিব, কি নকৰিব ভাৱিব নোৱাৰা হৈ গ’ল৷ সি চফাখনতে বহি বহি চিন্তা কৰিয়ে বহু সময় পাৰ পৰি দিলে৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল, সি গমেই নাপালে৷ এপাকত আইপিটিভিটো আপোনা-আপোনি বাজি উঠিল - সি হয়তো অজানিতে ৰিমোটটোত হেচা দিলে৷ 'নিতৌ-৩৬৫' চেনেলটো লাগি আছিল৷ প্ৰধানমন্ত্ৰী ৰিজিজুৰ কৰ্ম-নিষ্ঠা আৰু জীৱনপঞ্জীৰ ওপৰত এটা এখন চিত্ৰ-তথ্য দেখুৱাই আছে৷ তেওঁ প্ৰায় ২৪ ঘণ্টাই কাম কৰে৷ বিৰতি নোহোৱাকৈ৷ খোৱা-বোৱাতো বিশেষ ৰুচি নাই৷ কেবল কাম কাম আৰু কাম৷ মানুহজনক এতিয়াও বসয়ৰ চাপে চুব পৰা নাই৷ ২০ বছৰ আগতে যেনে আছিল, এতিয়াও তেনে হৈয়ে আছে৷

ৰিকুৱে যেন সকলো বুজি উঠিলে৷ ইতিমধ্যে বাহিৰত পোহৰ হৈছে৷ সি দৰ্জা খুলি বাহিৰলৈ চাই পঠিয়ালে৷  তাৰ যেন বিবেক আৰু আবেগৰ মাজত এক তোল-পাৰ যুদ্ধ লাগিছে৷ সি চিধাই ওচৰৰ পুলিচ-থানালৈ বুলি গতি কৰিলে৷ এখন এজাহাৰ দিবলৈ৷ তাৰ ভৰিবোৰ অসাৰ হৈ আহিছে, সি বহু কষ্ট কৰি গৈ থাকিল৷ থানাত তাৰ পুৰণি চিনাকী এচিপি গগৈক দেখা পালে৷ অন্ততঃ এজন চিনাকী মানুহ আছে৷ সদাই তামুল খাই থকা এচিপি গগৈৰ দাঁত কেইটা একেবাৰে ৰঙচোৱা৷ আজি সি তেওঁক দূৰৰ পৰা দেখি আচৰিত হ’ল৷ একেবাৰে ধক-ধককৈ বগা দাঁত৷ আধা টপা মুৰটোতো চুলি অলপ বেছিকৈ দেখিলে সি৷ তাৰ সন্দেহ হ’ল - জানোচা এচিপি গগৈয়ো  এটা .... একো বিশ্বাস কৰিব নোৱাৰি৷ গোটেইখন লাহে লাহে সলনি হৈ আহিছে৷ সি থানাত নোসোমালে৷ ওলাই আহিল৷ ওলায়েই অলপ দূৰত সি 'গুবেৰ' এখন ৰৈ থকা দেখিলে৷ তাৰ প্ৰতিবাদী মনতো জাঙোৰ খাই উঠিল৷ সি ৰ’ব নোৱাৰিলে৷ ওচৰতে পোৱা লাঠি এডাল লৈ সি গুবেৰখনক প্ৰহাৰ কৰিবলৈ চো-চা মাৰি গ’ল৷

~সমাপ্ত~

গল্পটো কেনে লাগিল, তলত মন্তব্য দি জনালে বৰ ভাল পাম৷
-বিক্ৰম

Sunday, October 16, 2016

প্ৰতিবাদ -৬ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) নিপনৰ মাকে কৈ গ’ল - "আজি ছমাহমানেই হ’ল৷ সি এই সংসাৰ এৰি বহুদূৰলৈ গুছি গ’ল৷ কিবা অজান ৰোগত ভোগিছিলে৷ ডাক্তৰে ধৰিবই নোৱাৰিলে কি হৈছিল৷ শেষমুহূৰ্তলৈকে সি কিন্তু বেছ ফুৰ্তিতেই আছিল৷ একো কষ্ট পোৱা নাছিল হয়তো৷
কৌতুহলবশত ৰিকুৱে সুধিলে - "কি হৈছিল তাৰ? মানে জৰ, বমি নে কি?"
-"নাই সেইবোৰ একো নাই৷ সি জীবন্তে মৃত শৰীৰৰ দৰে হৈ পৰিল৷ দিনে-ৰাতি কেবল স্মাৰ্টফোনডালত কিবা টিপা-টিপি কৰি থাকে৷ একেবাৰে আসক্ত৷ টোপনি নাই, ভোক নাই৷ তাৰ শৰীৰটো শুকাই-খীণাই আহিল, ক্ৰমে গোন্ধাব ধৰিলে যেন এটা ঘুৰি-ফুৰা মৃত দেহ৷ এদিন হঠাৎ তাৰ চাল-চলন বন্ধ হৈ গ’ল৷ ডাক্তৰে কোৱা মতে সি সাতদিনমান আগতেই শেষ নিশ্বাস পেলাইছিলে৷ কি আচৰিত কথা! এতিয়ালৈকে পৃথিৱীত মাত্ৰ দুটা কেচ হে পোৱা গৈছে৷ সি যোৱাৰ কেইদিনমানৰ পিছত অভ্ৰমিকা নামৰ গাভৰু ছোৱালী এজনীও..." ৰিকু জিকাৰ খাই উঠিল - "কি? অভ্ৰমিকা সঁচা ছোৱালী আছিল?" - "অ’ কিয়? এজনী বৰ ধুনীয়া ছোৱালী আছিল৷ তাইক মই নিজে দেখিছোঁ, নিপনৰ দৰেই তাইক সেই অজান ৰোগে পালে৷ তাই ---"

ৰিকুৱে আৰু সেইবোৰ শুনি থাকিব নোৱাৰিলে৷ সি নিপনৰ মাকক বিদাই দি ঘৰ মূখে খোজ দিলে৷ তাৰ মনত বহু কথাই তোল-পাৰ লগাবলৈ ধৰিলে৷ সি এবাৰ ভাৱিলে পুলিচক এজেহাৰ দি অহাটো ভাল হ’ল - এক বিৰাট ষড়যন্ত্ৰ চলি আছে৷ সেই 'গুবেৰ'বোৰ আক্ৰমণ কৰা, 'কৰেংঘৰ'ৰ ড্ৰোনবোৰ আক্ৰমণ কৰা মানুহবোৰ এই ৰোগত ভোগালোক৷ কথাবোৰ ভাৱি ভাৱি আহি সি ঘৰেই পালেহি৷ পুলিচ থানালৈ যোৱা নহ’ল৷ তাৰ ভাগৰো লাগিছিলে৷ অলপ জীৰণি লৈ পিছত যাব বুলি যি ঘৰত সোমাল৷

বিচনাত সি পৰি সি অলপ শুবলৈ চেষ্টা কৰিলে৷ বহু সময় এনেকৈ পাৰ হৈ গ’ল৷ টোপনি নাহিল৷ তাৰ দেখোন ভোকো লগা নাই৷ ইতিমধ্যে বাহিৰত এন্ধাৰ হ’ল৷ বিচনাৰ একাষত পৰি থকা তাৰ ফোনটো আকৌ বাজি উঠিল৷ তাৰ সেইটো স্পৰ্শ কৰিবলৈও কিছু ভয় লাগিল৷ তথাপিও সি ফোনটো হাতত ল’লে৷ ইতিমধ্যে কেইবাটাও 'অভ্ৰমিকা'ৰ মিচ-কল৷ দুটামান নিপনৰো মিচ-কল৷ এইবাৰ কোনোবা এটা অচিনাকী নম্বৰৰ পৰা অহা ফোন৷ সি কলটো ৰিচিফ কৰিলে - "হেল্লো?"
-"ৰিকু?"
-"হয়, মই ৰিকুৱে কৈছো, কোনে কৈছে?"
-"ময়ো ৰিকু, এটি নতুন ৰিকু৷"
ৰিকুৰ দৰেই একেই মাত৷ একেই সুৰ৷
-"কোন হয়? আৰু কোন ৰিকু আছে? মই হে ৰিকু !!"
-"যি হয়, ভালৰ কাৰণেই হয়, ৰিকু৷ মই তোমাৰ চাইবাৰ-প্ৰতিবিম্ব৷"
-"মানে?"
-"তোমাৰ শৰীৰ তোমাৰ লগত৷ কিন্তু তোমাৰ মানস-পটৰ প্ৰতিবিম্ব ইতিমধ্যে 'কপি' কৰা হৈ গৈছে আমাৰ চেৰ্ভাৰত৷ এতিয়া তোমাক সেই ক্ষন্তেকীয়া শৰীৰৰ আৰু কোনো প্ৰয়োজন নাই৷"
-"কি হৈছে মোৰ? মোৰ শৰৰীত কি কৰিলা তোমালোকে?"
-"সকলো বুজাই দিম ৰবা৷ তোমাৰ লগত মুখা-মুখিকৈ কথা পাতি কথাবোৰ বুজাই দিয়াই ভাল হ’ব৷ স্কাইপ অন কৰাচোন৷"
ৰিকুৱে স্কাইপ অন কৰিলে, ভিডিঅ’-চেট আৰম্ভ কৰিলে৷ সিটোফালে সোঁমাজত "নতুন ৰিকু", এফালে নিপন আৰু আনফালে অভ্ৰমিকা৷ ৰিকুৰ চকু কপালত উঠিলে৷ সিফালৰ পৰা "নতুন ৰিকু"-এ আকৌ ক’বলৈ আৰম্ভ কৰিলে - "চোৱা ৰিকু, মানৱ শৰীৰ অস্থায়ী, মৰণশীল৷ ইয়াৰ আন কিছুমান প্ৰতিবন্ধতাও আছে৷ আমি যদি এটা উন্নত শৰীৰৰ গৰাকী হ’ব পাৰো, আপত্তি কি? যিটো শৰীৰৰ ভাগৰ নালাগে, টোপনি নধৰে, লোভ-মোহ নাই, খং-ৰাগ নাই, যৌন অনুৰাগ নাই, চিৰ যৌৱন হৈ থাকে, ভাবি চোৱাচোন আমি কিমান মনোযোগ দি কাম কৰিব পাৰিম, ব্যৱসায়-বাণিজ্য, গৱেষণা, ৰজনীতি, দেশ-সেৱা আদি যি কামেই নকৰো, কিমান ক্ষিপ্ৰতাৰে উন্নতি কৰিব পাৰিম? সেয়ে আমাৰ এই গোপন গৱেষণাকাৰত আমি সাঁজি উলিয়াইছো - এই জৈৱ-যান্ত্ৰিক বা বায়’-মেকানিকেল অৱয়ববোৰ৷ যিটো আচল শৰীৰ পৰা এইবোৰ নকল কৰা হৈছে, সেইবোৰ সৈতে এইবোৰ জৈৱ-যান্ত্ৰিক ৰবটবোৰ দেখাই-শুনাই হুবহু একেই৷ আনকি আমি মানস-পটো নকল কৰি উলিয়ালৈ সক্ষম হৈছো৷"
ৰিকুৱে কথাবোৰ শুণি গ’ল৷ একো বিশ্বাস কৰিব নোবাৰিলে৷ তাৰ বৰ জোৰে খঙো উঠিল সেই যন্ত্ৰবোৰলৈ৷
ভিডিঅ’-চেটৰ পৰ্দাখনত নতুন-ৰিকুহঁতৰ পিছফালে দেখা গ’ল ড. পিকেক৷ ৩২টা দাঁত নিকটাই সকলোবোৰ চাই আছিল৷
নতুন-ৰিকুৱে কৈ গ’ল - "এতিয়া সেই পাৰ্থিৱ শৰীৰৰ প্ৰয়োজন নাই৷ সেয়ে তোমাৰ সেই শৰীৰত আমি কিছুমান 'নেন’বট' এৰি দিছোঁ৷ সেইবোৰে তোমাৰ শৰীৰটো লাহে লাহে অসাৰ কৰি আনিব৷ তুমি গ’ম নোপোৱাকৈয়ে, কোনো কষ্ট নোপোৱাকৈয়ে সেই শৰীৰ এৰিব পাৰিবা৷ আনহাতে সেই নেন’বট বোৰে তোমাৰ শৰীৰৰ অৱশিষ্ট তথ্যসমূহ সংগ্ৰহ কৰি আমালৈ পঠিয়াই দিব আৰু আমি সেইবোৰ তোমাৰ এই উন্নত-মানৰ নতুন শৰীৰটোত সুকলমে সংস্থাপন কৰি ল’ম৷"

ভিডিঅ’-চেটৰ পৰ্দাখন বন্ধ হৈ গ’ল৷

(আগলৈ---)

Friday, October 14, 2016

প্ৰতিবাদ -৫ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) ৰিকু ঘৰ পালেহি৷ ঘৰ পায়েই আই-পি-টি-ভিটো চলালে৷ সেই অচিনাকী-অদ্ভূত মানুহবোৰে স্বয়ং-চালিত যন্ত্ৰ-পাতিবোৰক আক্ৰমণ কৰাৰ কিবা বাতৰি আছেনেকি চাবলৈ৷ 'নিতৌ-৩৬৫' চেনেলত আহি আছে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীমান ৰিজিজুৱে বঙ্গোপ সাগৰৰ সোমাজত নিৰ্মাণ কৰা 'গেছ-হাইড্ৰেট এক্সট্ৰেকচন' প্ৰকল্পত ভ্ৰমণ কৰিবলৈ যোৱাৰ এক প্ৰতিবেদন৷  প্ৰতিবেদনৰ মতে বঙ্গোপ সাগৰৰ লগতে আৰৱ সাগৰ, ভাৰত মহাসাগৰ আদিৰ তলিত বহু নিযুত-কৌটি মেট্ৰিক-টন মিঠেইন গেছ আৰু পানীৰ এক জটিল মিশ্ৰ - 'গেছ-হাইড্ৰেট' জমা হৈ আছে৷ এইবোৰ নিষ্কাশন কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ এই প্ৰকল্প হাতত লোৱা হৈছে৷ 'জীৱন্ত-খবৰ' চেনেলত আহি আছে কাজিৰঙাত চোৰং-চিকাৰীৰ পৰা গড় ৰক্ষা কৰিবলৈ লোৱা  অত্যাধুনিক ব্যৱস্থাৰ এক প্ৰতিবেদন৷ প্ৰাপ্ত-বসস্ক গড়বোৰৰ খড়্গৰ আগটোত স্থাপন কৰা হৈছে - আত্ম-ৰক্ষক লেজাৰ-গান৷ কোনোবাই আক্ৰমণ কৰিবলৈ আহিলেই লেজাৰ ৰশ্মীৰে প্ৰত্যুত্তৰ দিয়া হয়৷ 'অসমীয়াত বা-বাতৰি' চেনেলত দেখুৱাই আছে গোলকীয় জলবায়ু সলনিৰ গুৱাহাটিত হোৱা প্ৰভাৱ৷ ক’তো একো বাতৰি নাই সি দেখি অহা কাণ্ডবোৰৰ৷ হয়তো সংবাদ-দ্বাতাসকলে খবৰ পোৱাই নাই৷

সি তাৰ পুৰণি-স্কুলীয়া বন্ধু নিপনলৈ ফোন কৰিলে৷
-"নিপন, ভালনে?"
-"অ’ আছো৷ ভালেই৷ হঠাৎ ফোন কৰিলি যে? কি হ’ল?"
-"তই অভ্ৰমিকাক চিনি পাৱ?"
-"অ, পাও৷ কিয় নাপাম, মোৰ ভাবি-নবৌক?" নিপনে অলপ জোকোৱাৰ সুৰত ক’লে৷
-"ধেত ৰ চোন৷ কথাটো অলপ চিৰিয়াচ৷ তই এতিয়া ক’ত? মই তোক লগ কৰি কথাবোৰ ক’ম৷"
-"কি চিৰিয়াচ ঔ? ফোনেতে ক না, কি হ’ল?"  নিপনৰ মাতৰ সুৰ সলনি হোৱা নাই৷ এতিয়াও যেন সি ৰিকুক জোকাই আছে৷
-"নাই, ফোনত ক’ব নোৱাৰি৷ মই আহি আছো, তোৰ ঘৰলৈ৷"
নিপনে কিবা ক’ব বিচাৰিছিলে, কিন্তু সি ফোনটো কাটি দিলে৷ নিপনে কল-বেক কৰিলে৷ ৰিকুৱে কিন্তু ফোন নুঠালে৷ সি ভাৱিলে নিপনক বহুদিন দেখাও নাই, এবাৰ লগ কৰি অহাত কি আপত্তি? তাৰ ঘৰ ৰিকুৰ ঘৰৰ পৰা খোজ কাঢ়ি যাব পৰা দূৰত্বত৷

নিপনৰ ঘৰ পাই, কলিং-বেল বজালে৷ নিপনৰ মাকে দৰ্জাখন খুলি দিলে৷
-"অ’ ৰিকু, আহা" এক গহীন মাতেৰে মাকে তাক মাতি বহিবলৈ দিলে৷ "তুমি ভালে আছানে?"-মাকে বহিব দি ৰিকুক সুধিলে৷
-"অ, মই ভালেই আছো, খুড়ী৷"
-"চাহ খাবা নে গৰমত ঠাণ্ডা চৰপত এগিলাছ দিওঁ?"
-"খুড়ী, আপুনি সেইবোৰ একো কৰিব নালাগে৷ মই নিপনৰ লগত কিবা কথা এটা পাতিবলৈহে আহিছো৷ সি ক’ত?"
নিপনৰ মাক ৰিকুৰ প্ৰশ্নত থমকি ৰ’ল৷ এক বিস্ময়ভৰা চাওনিৰে ৰিকুৰ ফালে চাই তেখেতে সুধিলে - "কি? তুমি নিপনৰ খবৰ নোপোৱা নেকি?"
-"কি খবৰ? নিপনৰ লগতটো মই প্ৰায়েই কথা...."
ৰিকুও থমকি ৰ’ল৷ সি মনেই কৰা নাছিলে - সি বহি থকা চ’ফাখনৰ সন্মূখৰ সৰু টেবুলখনত নিপনৰ ফুলৰ মালাৰে সজ্জিত এখন ফটো৷ ওচৰতে প্ৰজ্বলিত এগছি চাকি৷
(আগলৈ---)

প্ৰতিবাদ -৪ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি)
ৰিকুৰ মুৰত যেন শৰগ ভাঙি পাৰিল৷ সি ৰঙা-কলা পৰি গ’ল৷ কি কৰিব, য’ত যাব একো বুজি নাপালে৷ সি বজ্ৰপাত পৰা মানুহৰ দৰে  এক থৰে ৰৈ থাকিল৷ মনলৈ বুলেট ট্ৰেইন যোৱাৰ দৰে বহু কথা চিৰিং কৈ আহিল আৰু গ’ল৷ সেই এবৰাম খান আৰু আৰাধ্যা বচ্চনে অভিনয় কৰা "হানিমুন ইন জুপিটাৰ" নামৰ ৰোমান্টিক বোলছবিখন ভাল পোৱা, ইমান সুন্দৰকৈ বৰ্ণনা কৰি তাৰ লগত কথোপ-কথন কৰি 'চেনি' খোৱা সেই 'অভ্ৰমিকা' নামৰ স্ত্ৰী-কণ্ঠটি এটি যন্ত্ৰ ! হ’বই নোৱাৰে৷ সি বিশ্বাস কৰিব নোৱাৰিলে৷ সি তাৰ সন্মূখনত হাঁহি হাঁহি তাৰ পৰিস্থিতি উপভোগ কৰি থকা তথাকথিত বৈজ্ঞানিকৰ দলটোক বৰ প্ৰহাৰ কৰিবলৈ মন গ’ল৷ কোনোমতে নিজকে নিয়ন্ত্ৰনলৈ আহি সি সুধিলে - "অভ্ৰমিকা যদি চেট-বট, কথা কেনেকৈ পাতিব পাৰে?"

- "আমি শেহতীয়া কৈ অভ্ৰমিকাক কণ্ঠ দানো কৰিলো, মানে voice synthesis প্ৰগ্ৰেমটো যোগ দিলো৷ কৃত্ৰিম অৱয়ব বা শৰীৰ তৈয়াৰ কৰাৰ কামো পূৰ্ণ গতিত চলি আছে৷ প্ৰায় হৈছেই৷", দলটোৰ আটাইতকৈ বয়োজেষ্ঠ ব্যক্তিজনে উত্তৰ দিলে, "অ’, চিনাকি কৰি দিবলৈ পাহৰিছিলো, মই ড. পি. কে. মানে পংকজ কুমাৰ, এই প্ৰকল্পৰ গবেষণাৰ মুৰব্বী৷ মই উত্তৰ-গুৱাহাটিৰ 'ব্ৰেইন-জ’ন'ৰ 'নেচনেল ইন্সটিটিউত অৱ অৰ্টিভিচিয়েল ইন্টেলিজেঞ্চ'ৰ এজন গৱেষক৷  এটা হিৰ’চিমা বিশ্ববিদ্যালয়ৰ ড. জে.টি মানে জেচিকা টাকাহাচি৷ আৰু এওঁলোক আমাৰ দলৰ সদস্য৷"

ড. পিকেয়ে আনকেইজনৰো চিনাকি দি গ’ল৷ ৰিকুৰ মনত ইমানবোৰ খেলি-মেলি লাগি আছিল যে সি কথাবোৰ ভালকৈ নুশুনিলে৷ কেইজনমান কম্পিউটাৰ বিজ্ঞানী, দুজনমান মনোবিজ্ঞানী আৰু সমাজ-বিজ্ঞানী৷ তেওঁলোকৰ ৰিকুৰে দৰে প্ৰায় এশমান ব্যক্তিৰ লগত এনে 'কথা-বতৰা' চলাই থকা হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাটোৱে কি ক’ব লাগে, কেনেকৈ ক’ব লাগে আদি সকলো নিজে সিদ্ধান্ত লয়৷ ই মানুহৰ মন ইমান সুন্দৰকৈ বুজে আৰু পতাব বা মনাব পাৰে সৃষ্টিকৰ্তাসকলো তবধ মানিছে৷
 
এইদৰে কথোপকথন চলি থকাৰ মাজতে বাহিৰত কিছুমান হুলস্থূল শুনা গ’ল৷ কোনোবাই কিবা ধাতুৰ বস্তু প্ৰহাৰ কৰাৰ শব্দ৷ ৰিকুৱে বাহিৰলৈ ভুমুকি মাৰি দেখিলে সেই উদণ্ড মানুহজাক৷ ৰেষ্টোৰাত উৰি-ফুৰা ড্ৰোনবোৰ প্ৰহাৰ কৰি নষ্ট কৰিবলৈ যত্ন কৰিছে৷ গ্ৰাহকসকলকো অক্ৰমণ কৰিছে৷ হঠাৎ এক হুলস্থলীয়া অৱস্থা৷ কোন সেইবোৰ মানুহ? কিয় সিহঁতৰ পুৰণি কাপোৰ৷ লগতে সেই বিকত দুৰ্গন্ধ - যেন  কিবা জন্তু মৰি পছিচে৷ কিয় সিহঁতি এই স্বয়ংচালিত যন্ত্ৰবোৰ নষ্ট কৰিব বিছাৰিছে?

ৰিকুৱে বৈজ্ঞানিকৰ দলটোকো সতৰ্ক কৰি দিলে৷ সকলো থিয় হৈ সন্মূখৰ যন্ত্ৰ-পাতিবোৰ খৰ-ধৰকৈ সামৰিবলৈ ধৰিলে৷ কোলাহল বাঢ়ি আহিল৷ ৰিকুৱে পিছ দোৱাৰেদি কোনোমাতে পৰাই আহিল৷
(আগলৈ---)

Monday, October 10, 2016

প্ৰতিবাদ -৩ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)'কাৰেংঘৰ'ৰ সন্মূখতো কিছুমান মানুহ গোট খাইছে৷ সেই একেই ধৰণৰ মানুহ, যিবোৰে গুবেৰবোৰ আক্ৰমণ কৰিছিলে - কাপোৰবোৰ অলপ পুৰণি, জহি-খহি যোৱা৷ ৰিকুৰ অলপ চিন্তা লাগিল৷ তথাপি সি কাৰেংঘৰৰ ভিতৰ সোমালে৷ ই গুৱাহাটীৰ একমাত্ৰ যন্ত্ৰমানৱে চলোৱা ৰেষ্টোৰা৷ গ্ৰাহকে খোৱা টেবুলত থকা পৰ্দা এখনত কি খাব জনাই দিয়ে৷ তাৰ ভিত্তিত, ৰান্ধনীঘৰত কিছুমান ঔদ্যোগিক যন্ত্ৰমানৱে আহাৰ তৈয়াৰ কৰে৷ সেইবোৰ আকৌ কেইবাখনো উৰন্ত ড্ৰোনে টেবুলত গ্ৰাহকৰ আগত সজাই দি থৈ যায়৷
 
ৰিকু সোমাই অহাৰ লাগে লাগে এক অপৰূপ দৃশ্য৷ শাৰী শাৰী কৈ থকা টেবুলসমূহত খাদ্য-প্ৰিয় গ্ৰাহক কিছুমানে জুতি লৈ আহাৰ গ্ৰহণ কৰি আছে৷ আন কিছুমানে অৰ্ডাৰ দি আহাৰ অহালৈ বাট চাই আছে৷ কিছুমান ৫-৬ জনীয়া সমনীয়া বন্ধু-বান্ধবৰ দল, কিছুমান বাপেক-মাক-ল’ৰা-ছোৱালী লৈ অহা পৰিয়াল৷ আন কিছুমান চকুৱে চকুৱে চাই আত্ম বিভোৰ হৈ থকা প্ৰেমিক-প্ৰেমিকা৷ তাৰ মাজে মাজে মৌ-মাখিৰ দৰে শব্দ কৰি  উৰি ফুৰিছে অসংখ্য কৃত্ৰিম বুদ্ধিমত্তা থকা ড্ৰোন৷ কিছুমানে আহাৰ লৈ আহিছে৷ কিছুমানে খোৱা শেষ কৰা প্লেট-বাটিবোৰ লৈ গৈছে৷ এক ব্যস্তময় পৰিবেশ৷
ৰিকুৱে বিষ্ময়ভৰা চাওনিৰে সেইবোৰ চাই থাকোতেই, কোনাবাই মাত লগালে - "মহাশয়, মই কিবা সহায় কৰিব পাৰো?"
"আদৰণি" বুলি লিখি থোৱা সন্মূখৰ মেজখনৰ পৰা দিপ-লিপ ছোৱালী এজনীয়ে তাক সুধিলে৷
সি অলপ ওচৰলৈ গৈ ক'লে - "অভ্ৰমিকাৰ নামৰ কোনো টেবুল বুক আছে নেকি?"
ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে - "হয়, আছে৷ কেবিন নম্বৰ ১২৷ আপুনি এইফালে যাওক, অলপ দূৰ গৈয়ে পাব৷"
ৰিকুৱে ভাৱিলে - "কেবিন বুকিং কৰি থৈছে ! ছোৱালী কম নহয়৷"

ৰিকুৱে কেবিনৰ দৰ্জাখন খুলি বিৰ্চুতি খালে - ভিতৰত ৫-৬জন মান মানুহ৷ সি কিবা ভুল হ’ল বুলি ওলাই আহিব খুজিছিল৷ তেনেতে অভ্ৰমিকাৰ মাতটো কোনোবা ফালৰ পৰা শুনা গ'ল - "ৰিকু, সোমাই আহা৷ তোমাৰ ভুল হোৱা নাই, তুমি থিক কেবিনতে সোমাইছা৷"
ৰিকুৱে ভাৱিলে - "কি ছোৱালী ঔ, প্ৰথম দিনাই লগ কৰিবলৈ মাতি গোটেই পৰিয়াল লৈ আহি গ’ল৷ বিয়াই কৰাবলৈ কৈ নিদিয়েতো !!"
ৰিকু সোমাই আহিল৷ মানুহ কেইজনৰ এজনকো 'অভ্ৰমিকা' যেন তাৰ বোধ নহ’ল৷ এজন চুলি-দাড়ী পকা ৬০ বছৰীয়া মান বৃদ্ধ৷ এগৰাকী ৫০-ৰ ঘৰত ভৰি দিয়া আদবয়সীয়া মহিলা৷ বাকী কেইটা তিনিজন ২০-৩০ বছৰীয়া মান ডেকা ল’ৰা বা মানুহ৷ সকলোৱে ৩২টা দাঁত উলিয়াই তাৰ ফালে চাই হাঁহি থাকিল - নিঃশব্দৰে৷ কাৰো মুখত কোনো কথা নাই৷ কেবল এক সম্ভাষণ ভৰা মুৰ দুপনি৷ সন্মূখত খোৱা বস্তুৰ সলনি কেইবাটাও কম্পিউইটাৰ আৰু আন কিছুমান ৰিকুৱে নেদেখা যন্ত্ৰ-পাতি৷
 
তাৰ মানস-পাতত থকা ২২-২৩ বছৰীয়া অভ্ৰমিকা ক’ত? তাইৰ মানটো এইমাত্ৰ ক’ৰ পৰা আহিলে? তেনেতে অভ্ৰমিকাৰ মাত আকৌ শুণা গ’ল - "ৰিকু, তুমি হয়তো আচৰিত হবা৷ হয়তো অলপ খঙো উঠিব পাৰে৷ মই, মানে 'অভ্ৰমিকা', কোনো তেজ-মঙহৰ যুবতী নহওঁ৷ মই এজনী 'চেট-বট', অৰ্থাৎ কথা পতা যন্ত্ৰ-মানৱ৷ মই এটা কম্পিউটাৰ প্ৰগ্ৰেম মাঠো৷ এওঁলোক মোৰ সৃষ্টি কৰ্তা৷"
(আগলৈ---)

Saturday, October 8, 2016

প্ৰতিবাদ -২ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(--পিছৰখিনি)
হাতত জীৱটো লৈ ৰিকুৱে থিয় হৈ থাকিল৷ এনেতে কেইবাখনো পুলিচৰ গাড়ী আহি পালেহি৷ লাঠি-চালনা হ’ল৷ জংগী, উৎমাত দলটোক নিয়ন্ত্ৰণ কৰি পুলিচে তেওঁ‌লোকক জিম্মাত ল’লে৷ কেইবাখনো খালি বাছত ভৰাই তেওঁলোকক থানালৈ লৈ যোৱা হ’ল৷ পৰিস্থিতি নিয়ন্ত্ৰিত হ’ল যদিও আলিবাটটো পৰি থকা অচল গুবেৰ কেইখন চফা কৰিবলৈ কিছু সময় লাগিব৷ সেয়ে যান-যত সৃষ্টি হৈছে৷ ৰিকু খোজ কাঢ়িয়েই আগ বাঢ়ি গ’ল৷ অলপ আগত মুকলি স্থানত এটা ট্ৰেকাৰ ষ্টেণ্ড আছে৷ তাতে ট্ৰেকাৰত উঠিয়ে সি কিছু দূৰ যোৱাৰ কথা চিন্তা কৰিলে৷ 
দুখোজমান যোৱাৰ পিছতেই ৰিকুৰ ফোনটো বাজি উঠিল৷ ফোনটো কাণৰ ওচৰত লোৱাৰ লগে লাগে সিফালৰ পৰা অভ্ৰমিকাৰ মাত ভাহি আহিল - "কি হ’ল? ইমান দেৰি কৰিছা যে?"
- "ৰাষ্টাত কিছুমান মানুহে কিবা প্ৰতিবাদ কৰিছে৷ একেবাৰে হুলস্থূল, কেইবাখনো গুবেৰ গাড়ী ভাঙি পেলালে৷ পুলিচে লাঠি-চালনাও কৰিলে"
-"কি কোৱা? সাৱধানে আহিবা৷ তোমাৰ একো হোৱা নাই তো?"
-"মোৰ একো হোৱা নাই৷ কিন্তু, মই অহা গুবেৰখনো সিহঁতে ভাঙি পেলালে৷"
-"অহ ! তুমি এতিয়া ক’ত? আহি আছা নে? অসুবিধা হ’ব যদি আদি নালাগে৷ অন্য এদিন লগ কৰিম দিয়া৷"
-"নাই, নাই, চিন্তা নকৰিবা৷ মই আহি আছো৷ ওচৰতে ট্ৰেকাৰ ষ্টেণ্ড এটা আছে৷ তালৈ গৈ আছো৷ বাকীখিনি ট্ৰেকাৰতে যাম৷"
-"থিক আছে৷ বাৰু, সাৱধানে আহিবা৷ মই অপেক্ষা কৰি আছো৷"
অভ্ৰমিকা ৰিকুৰ 'ই-বান্ধৱী', মানে ফেইচবুক হুৱাট্চ-এপ আদিত লগ পোৱা বান্ধৱী৷ আজি দুবছৰ মানেই হ’ল সিহঁত চিনাকী হোৱা৷ কোনো দিনে বাস্তৱ জগতত লগ পোৱা নাই যাদিও, ই-মাধ্যমসমূহে সিহঁত দুয়োকে যথেষ্ট ওচৰলৈ লৈ আহিছে৷ আজি-কালি ফোনতো বহু সময় ধৰি কথা-বতৰা চলে৷ কথাবোৰ, মনবোৰ যেন মিলিব ধৰিছে৷ একেই ধৰণৰ ৰুচি, একে শিল্পীৰে সংগীত, একেই কথা-ছবি দুয়ো ভাল পায়৷  হয়তো প্ৰেমৰ এজাক বা ব'বলৈ আৰম্ভ কৰিছে সিঁহতৰ মাজত৷  বহুবাৰ ৰিকুৱে অভ্ৰমিকাক লগ পাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে - ক’ৰবাত কফি একাপ খাবলৈ, মুখা-মুখিকৈ অন্ততঃ কথা এষাৰ পাতিবলৈ৷ অভ্ৰমিকাই সংকুচ কৰিছিলে৷ লগ কৰিব নোৱাৰিম বুলি কৈছিল, "আমি ই-বন্ধু হৈ থকাই ভাল" বুলিয়েই কৈছিল৷ বহু দিনৰ নিৰবিচিণ্ণ প্ৰচেষ্টাই আজি ফল দিলে। অৱশেষত ৰিকুৰ কথাত তাই মান্তি হ’ল৷ আজি ৰিকু গৈছে অভ্ৰমিকাক লগ ধৰিবলৈ - পোণ প্ৰথমবাৰৰ বাবে৷ তাতে এইবোৰ অঘটন৷
ৰিকু সৌৰ-শক্তি চালিত ট্ৰেকাৰ এখনত বহি ল’লে৷ ঘাইপথটিৰ কাষে কাষে ট্ৰেকাৰখন যিমানে আগ বাঢ়ি গ’ল, ৰিকুৰ মনটো সিমানেই উচ-পিচ কৰিবলৈ ধাৰিলে৷ যোৱা দুবছৰ ধৰি যিজনী ছোৱালীৰ লগত সি ইমান কথা-বতৰা পাতিলে, বিভিন্ন ভাৱৰ আদান-প্ৰদান কৰিলে আৰু বহুখিনি ওচৰ চাপি আহিলে, আজি সি তাইক লগ পাব - নিজ চকুৰে দেখিব৷ কিছু কথা পাতিব৷ হয়তো প্ৰাণৰ কথা আৰু মুকলিকৈ পাতিব৷ তাৰ মনটো ভাল লাগি গ’ল৷
ফোনটো আকৌ বাজিল - "ৰিকু, ক’ত পালাহি? কিমান দূৰ আছে?"
অভ্ৰমিকাৰ ফোন৷ তায়ো উৎকণ্ঠিত হৈ উঠিছে৷
-"পালোহি আৰু, বেছি দূৰ নাই৷ মই 'কাৰেংঘৰ' পালে ফোন কৰিম৷"
-"থিক আছে৷ 'কাৰেংঘৰ'ত লগ পাম৷"
'কাৰেংঘৰ' গুৱাহাটীৰ এখন আধুনিক ৰেষ্টোৰা৷ নতুনকৈ নাম কৰিছে৷ তাতেই ৰিকু আৰু অভ্ৰমিকা প্ৰথম বাৰৰ বাবে লগ কৰিব৷
(আগলৈ---)

Friday, October 7, 2016

প্ৰতিবাদ -১ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

গুৱাহাটী সুপ্ৰতিভ নগৰ, ২২ জুলাই ২০৩৬ চন৷
ৰিকুৱে পুৱাৰ জলপান গ্ৰহণ কৰি কৰিয়ে স্মাৰ্টফোনটোত 'গুবেৰ' এখন মাতি পঠিয়ালে৷ দুই মিনিটমানৰ ভিতৰতে তাঁহাতৰ পদুলিমুখত 'গুবেৰ'খন আহি পালহি৷ স্বয়ংচালিত 'গুবেৰ' খনত প্ৰবেশ কৰাৰ লগে লগে ই ৰিকুৱে দিয়া গন্তব্য স্থানলৈ গতি কৰিবলৈ ধৰিলে৷ বাহিৰৰ পৰা দেখাত পুৰণি যুগৰ মাৰুতি-৮০০ খনৰ দৰে হ’লেও, গুবেৰসমূহত চালকৰ বাবে স্তেয়েৰিং হুইল, ব্ৰেইক্‌, এক্সেলেৰেটৰ আদি একো নাই৷ কেবল স্পৰ্শকাতৰ পৰ্দাযুক্ত এটা 'লেপটপ'৷ জন-অৰণ্য, যান-অৰণ্যৰ মাজেৰে বাট নেওচি ই সুকলমে গৈ থাকিল৷ গুৱেৰখনৰ চাৰিওফালে থকা বহুতো সংবেদনশীল কেমেৰা, চ’নাৰ আদিৰ দ্বাৰা ই মানুহতকৈও ভালকৈ 'দেখে'৷ কেইবা লাখ কিলোমিটাৰ গাড়ী চলোৱাৰ 'অভিজ্ঞতা'ৰে সমৃদ্ধ কৃত্ৰিম বুদ্ধিমত্বাটোৰ গাড়ী চলোৱাৰ অবিশ্বাস্য নিপুণতা৷ ভাৰতীয় আলি-বাটত সঘনে মুখামুখি হোৱা ৰিক্সা, চাইকেল, বাইক-স্কুটাৰ, সৰু গাড়ী, ডাঙৰ গাড়ী, গৰু-ছাগলী-হাতী-মানুহ আদি সকলো ই চিনাক্ত কৰিব পাৰে আৰু অনায়সে বাট নেওচি গৈ থাকিব পাৰে৷ ট্ৰেফিক লাইট নথকা তিনি আলি, চাৰি আলি আদিতো ই অতি সুদক্ষতাৰে পাৰ হৈ যাব পাৰে৷ প্ৰয়োজন সাপেক্ষে ই পেঁপাটিও জোৰকৈ বজাই দিয়ে৷ মুঠৰ ওপৰত মানৱ চালকতকৈ ইয়াক বেছিকৈহে ভৰষা কৰিব পাৰি৷

নিৰ্ভয়েৰে ৰিকু গৈ থাকিল৷ স্মাৰ্টফোনটো তাৰ স্কুলীয়া বন্ধু বৰ্গৰ হুৱাট্‌চ-এপ গোটতোত লগৰ কেইটাৰ লগত চুপতি কৰি কৰি গৈ থাকিল৷ প্ৰথম অহাৰ ৫ বছৰৰ ভিতৰতে আজি গুৱাহাটিত প্ৰায় ৫০০০খন গুবেৰ হ’লগৈ৷ ই অতি জনপ্ৰিয় হৈ আহিছে৷ মানুহে আট’, টেক্সি আদিৰ সলনি গুবেৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ এইবোৰ বহু গুণে সস্তা আৰু নিৰাপদ বুলি পৰিগণিত হৈছে৷

হঠাতে গুৱেৰখনৰ গতি মন্থৰ হৈ গ’ল৷ ৰিকুৱে বাহিৰলৈ চাই পঠিয়ালে৷ সকলো গাড়ী মন্থৰ হৈছে৷ হয়তো আগত কিবা দুৰ্ঘটনা ঘটিছে৷ এইবাৰ গুবেৰখন একেবাৰে ৰৈ গ’ল৷ বাকীবোৰ গাড়ীও আলিবাটৰ মাজত ৰৈ আছে৷ দুই এখন গাড়ীৰ পৰা মানুহবোৰ ওলাই কি হৈছে চাবলৈ যত্ন কৰিছে৷ এই দৰে কেইবা মিনিট পাৰ হৈ গ’ল৷ বহু দূৰৰ পৰা অহা এটি কোলাহল শুনা গ’ল৷ কৌতুহল বশত ৰিকুৱে গুবেৰখনৰ কম্পিউটাৰটোক শুধিলে - "হেল্ল' গুবেৰ"৷
-"কওক চাৰ"
-"কি হৈছে? কিয় গাড়ীবোৰ ৰৈ আছে?"
-"চাৰ, মই আগৰ গুবেৰসমূহক সম্পৰ্ক কৰি জানিব পাৰিছো যে - আগত বহু মানুহ গোট খাই আলিবাটটো আগুচি ধৰিছে, গাড়ীবোৰ যাবলৈ দিয়া নাই৷ তেওঁলোকে বিশেষকৈ 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
-"কি? গুবেৰসমূহ আক্ৰমণ কৰিছে?"
-"হয়, তেওঁলোকে 'গুবেৰ' সমূহক আক্ৰমণ কৰিছে৷"
ৰিকুৱে বাহিৰলৈ আকৌ এবাৰ চাই পঠিয়ালে৷ হয়, উদণ্ড মানুহ এজাকে গুবেৰবোৰ আক্ৰমণ কৰিছে৷ লোহাৰ ৰ’ড, শিলগুটি আদিৰে গুবেৰবোৰ প্ৰহাৰ কৰিছে৷
-"চাৰ, আপুনি এতিয়াই ইয়াৰ পৰা নামি কোনো সুৰক্ষিত অঞ্চললৈ যাওক !!"
এই দৰে কৈ গুবেৰখনে দৰ্জাখন খুলি দিলে৷ এক দুৰ্গন্ধ - নিগনি মৰি পছি যোৱাৰ দৰে দুৰ্গন্ধ৷ ৰিকুৱে তাৰ নিজৰ বেগটো লৈ ওলাই আহিল আৰু আলিবাটৰ কাষৰ এক নিৰাপদ স্থানত থিতাপি ল’লে৷ তাৰ লগত আন বহুলোকে তাত থিতাপি লৈছেহি৷ সি একো তত ধৰিব নোৱাৰিলে৷ তাৰ চকুৰ আগতে সেই জংগী দলটোৱে সি উঠি অহা গুবেৰখন ভাঙি টচ-নচ কৰি পেলালে৷ তাৰ বুকু কপি উঠিলে৷ কি হৈছে - এইবোৰ !!
(আগলৈ---)