Showing posts with label প্ৰযুক্তি. Show all posts
Showing posts with label প্ৰযুক্তি. Show all posts

Tuesday, July 29, 2014

বহিঃজগতৰ জীৱৰ সন্ধানত...

এই বিশ্বব্ৰহ্মাণ্ডত আমি অকলশৰীয়া নেকি? আমাৰ এই পৃথিৱীৰ বাদে আন কোনো গ্ৰহ-উপগ্ৰহত জীৱ আছেনে? এই প্ৰশ্নই আমাক অনাদি কালৰ পৰা আমনি কৰি আহিছে৷ মানুহে অতীজৰ পৰাই বহিঃজগতৰ জীৱক কৈ কল্পনা-জল্পনা কৰি আহিছে৷ আধুনিক যুগতো এনে কল্পনাৰ ভিত্তিতেই বহুতো চলচিত্ৰও তৈয়াৰ হৈছে৷ কিন্তু বিজ্ঞানে বাৰু এই দিশত কিমান আগ বাঢ়িছে? শেহতীয়াকৈ কিছুমান বিশেষ দূৰবীক্ষণ যন্ত্ৰ আৰু অত্যাধুনিক পদ্ধতিৰ সহায়ত বিজ্ঞানীসকলে এই দিশত বহুতো আগবাঢ়িব পাৰিছে৷ এই বিষয়ে দুআষাৰ লিখিবলৈ ওলাইছোঁ৷

বহিঃজগতৰ জীৱ সন্ধান কৰিবলৈ প্ৰথমে বিজ্ঞানীসকলে বসবাসৰ উপযুক্ত কোনো গ্ৰহ বিচাৰিব লাগিব৷ এই উদেশ্যই আগত ৰাখি "কেপলাৰ মহাকাশ দূৰবীক্ষণ" (Kepler Space Telescope) নিৰ্মাণ কৰা হয়৷ মহাকাশৰ এক সৌৰকেন্দ্ৰিক কক্ষপথত স্থাপন কৰা এই দূৰবীণটোৱে একেথৰে আমাৰ হাটিপতি তাৰকাৰাজ্যৰ এক নিৰ্দিষ্ট অংশ অহৰ্নিশে চাই থাকে৷ এদিন নহয়, দুদিন নহয়; এসপ্তাহ, নহয়, দুসপ্তাহ নহয়; কেইবাবছৰো ধৰি স্থিৰ হৈ আকাশৰ মাত্ৰ সৰু অংশ অহৰ্নিশে নিৰীক্ষণ কৰি থাকিবলৈ ৰূপাঙ্কণ কৰা এই দূৰবীক্ষণ যন্ত্ৰটোৱে নক্ষত্ৰবোৰৰ উজ্জ্বলতাৰ তাৰতম্য অতি সুক্ষ্মভাৱে নথীভূক্ত কৰি থাকে৷ পৰিভ্ৰমণ কৰি থকা কোনো গ্ৰহ নক্ষত্ৰটোৰ সন্মূখেৰে পাৰহৈ গ’লে তাৰ উজ্জ্বলতা কমি যায়৷ এই ধাৰণাটোৰ সহায়ত ই নতুন নতুন বহিঃগ্ৰহ (exo-planet) অৰ্থাৎ সৌৰজগতৰ বাহিৰৰ আন কোনো নক্ষত্ৰৰ গ্ৰহ আবিস্কাৰ কৰাত ব্যতি হৈ আছে৷ ২০০৯ চনৰ মাৰ্চ মাহত নিক্ষেপ কৰা এই দূৰবীণটোৱে আজিলৈকে (জুলাই ২০১৪)  প্ৰায় ২০০০ বহিঃগ্ৰহ আবিস্কাৰ কৰিবলৈ সক্ষম হৈছে৷ বিভিণ্ন আকাৰ-প্ৰকাৰৰ এই গ্ৰহবোৰৰ মাজৰ পৰা বসতিৰ উপযুক্ত গ্ৰহসমূহ বিচাৰি উলিওৱাত বিজ্ঞানীসকল ব্যস্ত হৈ আছে৷

Saturday, July 26, 2014

বৰ্তমানৰ গভীৰ মহাকাশ অভিযানসমূহ

ৰহস্যময় মহাকাশখনত সৃষ্টিকৰ্তাই ক’ত কি যে সৃষ্টি কৰি থৈ গৈছে৷ প্ৰাচীন কালৰ পৰা আজিলৈকে মানুহৰ কৌতূহলক জোকাৰি অহা গ্ৰহ-নক্ষত্ৰক বুজিবলৈ আধুনিক মানুহে বহুতো মহাকাশযান প্ৰেৰণ কৰিছে৷ বিভিন্ন দেশৰ কেইবাটাও মহাকাশ প্ৰতিষ্ঠান বৰ্তমান কেতবোৰ "গভীৰ মহাকাশ" (deep space) অভিযানত ব্ৰতী হৈ আছে৷ "গভীৰ মহাকাশ" বুলিলে আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণৰ বাহিৰৰ অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাহিৰৰ মহাকাশখন বুজোৱা হয়৷  কাৰিকৰী দিশৰ পৰা উন্নত আৰু অতি আমোদজনক এই প্ৰকল্পসমূহৰ বিষয়ে ইয়াত দুআষাৰ লিখিবলৈ যত্ন কৰিলোঁ৷

নিউ হৰাইজ’ন্‌চ (New Horizons):

'নিউ হৰাইজ’ন্‌চ' (নতুন দিগন্ত) মানৱসৃষ্ট আটাইতকৈ বেগী যান৷ যোৱা ১৯-জানুৱাৰী-২০০৬ তাৰিখে নিক্ষেপ কৰা এই মহাকাশ যানখন প্ৰতি চেকেণ্ডত ১৬.৩ কি.মি. বেগেৰে বামন গ্ৰহ (draft planet) প্লুট’ৰ দিশত গতি কৰি আছে৷ 

ইতিমধ্যে বৃহস্পতি আৰু তাৰ উপগ্ৰহসমূহৰ বিভিন্ন জোখ-মাখ আৰু চিত্ৰ গ্ৰহণ কৰি ই বৰ্তমান প্লুট’ৰ ফালে গতি কৰি আছে৷ ১৪-জুলাই-২০১৫ তাৰিখে ই প্লুট’ আৰু তাৰ উপগ্ৰহসমূহ যেনে - চেৰন, স্তিক্স, নিক্স আৰু হাইদ্ৰা (Charon, Styx, Nix & Hydra)  আদিৰ পৰিয়ালটিৰ অতি কাষেৰে মানে প্ৰায় ১০,০০০ কি.মি. দূৰেৰে পাৰ হৈ যাব৷ আশা কৰা হৈছে যে ই বিশেষকৈ প্লুট’ আৰু উপগ্ৰহ চেৰনৰ পৃষ্ঠভাগৰ অতি সূক্ষ্ম চিত্ৰ (50m/px) আৰু আন বহুতো জোখ-মাখ ল’ব পাৰিব আৰু বহুতো নতুন নতুন তথ্য আবিস্কাৰ কৰিব পাৰিব৷ ইয়াৰ দ্বাৰা ৰহস্যময় প্লুট’-পৰিয়ালৰ বহুতো কথা আমি জানিব পাৰিম৷

নিউ হৰাইজ’ন্‌চে প্লুট’পৰিয়ালৰ সবিশেষ জোখ-মাখ লৈ সৌৰজগতৰ সীমান্তৰ 'কুইপাৰ পেটি' (Kuiper Belt)ৰ ফালে গতি কৰিব৷ 'কুইপাৰ পেটি' হৈছে অগণন গ্ৰহাণু, মহাকাশীয় শিলা আদিৰ এক বৃহৎ সমষ্টি৷ আশা কৰা হৈছে, ভয়েজাৰ-১, ভয়েজাৰ-২-ৰ দৰেই এই মহাকাশ যানখনেও বহিঃসৌৰজগতৰ বহুতো ৰোমাঞ্চক তথ্য আমালৈ পঠিয়াব পাৰিব৷



জুন’ (Juno)

আমেৰিকান মহাকাশ প্ৰতিষ্ঠান 'নাচা' (NASA)-ৰ গভীৰ মহাকাশলৈ নিক্ষেপ কৰা আন এখন যান হ’ল 'জুন’'(Juno)৷ ই বৃহস্পতি গ্ৰহৰ চাৰিওফালে এক কক্ষপথত নিজকে স্থাপন কৰি সেই গ্ৰহটোৰ সবিশেষ অধ্যয়ন কৰিব৷ বিভিন্ন বাৰংবাৰতাৰ ৰেডিঅ’ সংকেত, চুম্বক তৰংগ, মধ্যাকৰ্ষণৰ তাৰতম্য আদি জুখিব পৰা কেইবাটাও সংবেদকেৰে সমৃদ্ধ এই যানখনে ৫বছৰীয়া এক দীঘলীয়া যাত্ৰাৰ অন্তত ২০১৬ চনৰ জুলাই মাহত নিজৰ কৰ্মস্থল বৃহস্পতি গ্ৰহৰ ওচৰত উপনীত হ’বগৈ৷ 

সংবেদকসমূহৰ সহায়ত ই গেছীয় গ্ৰহটোৰ গঠন (composition) আৰু সৃষ্টিৰ বিষয়ে নতুন তথ্য পোহৰলৈ আনিব পাৰিব বুলি আশা কৰা হৈছে৷ 


ৰচেট্টা (Rosetta)

ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠান প্ৰেৰণ কৰা 'ৰচেট্টা' (Rosetta) নামৰ এই মহাকাশ যানখনে চাৰয়ুমভ-গেৰাচিমেনক’ (67P/Churyumov–Gerasimenko) নামৰ ৪ কি.মি. ব্যাসৰ ধূমকেতু এটা বিশদভাৱে অধ্যয়ন কৰিব৷ ২০০৪ চনতেই নিক্ষেপ কৰা এই যানখন ১০ বছৰৰ যাত্ৰাৰ অন্তত ২০১৪ চনৰ মাজভাগত ধূমকেতুটোৰ ওচৰ পাইছেহি৷ মূল যানখনে ধূমকেতুটোক পৰিভ্ৰমণ কৰি সূৰ্যৰ ওচৰ চপাৰ লগে লগে হোৱা পৰিবৰ্তনসমূহ নিৰিক্ষণ কৰিব৷ আনহাতে ই কঢ়িয়াই লৈ যোৱা 'ফিলাই' (Philae) নামৰ যান্ত্ৰিক যান এখন ধূমকেতুটোৰ শিলাময় পৃষ্ঠত অবতৰণ কৰি তিনিখন স্ক্ৰু-যুক্ত ভৰিৰ সহায়ত থিতাপি ল’ব৷ তাৰ পিছত ই ধূপকেতুটোৰ ৰাসায়নিক গঠন, চুম্বক শক্তি, কম্পন আদি বিভিন্ন ধৰণৰ জোখ-মাখ ল’ব৷

ধূমকেতুত অৱৰতণ কৰা ই হ’ব সৰ্ব প্ৰথম মানৱ-নিৰ্মিত যান৷ ধূমকেতুবোৰে সৌৰজগতৰ অতি প্ৰাচীন বাসিন্দা, সেয়ে এই অভিযানে আমাৰ সৌৰজগতখনৰ উৎপত্তিৰ বিষয়ে বহু কথা জানিবলৈ দিব বুলি আশা কৰা হৈছে৷

ৰচেট্টাই গ্ৰহণ কৰা ভিডিঅ’ ইয়াত চাওক ৷


ভেনাচ্‌ এক্সপ্ৰেচ্‌ (Venus Express)

২০০৫ চনৰ নবেম্বৰ মাহতে আৰম্ভ হোৱা এই অভিযান এতিয়াও চলি আছে৷ ইউৰোপীয় মহাকাশ প্ৰতিষ্ঠানৰ এই যানখনে ২০০৬ চনৰ এপ্ৰিল মাহত শুক্ৰ গ্ৰহত উপনিত হয়গৈ আৰু তেতিয়াৰ পৰা গ্ৰহটোক পৰিভ্ৰমণ কৰি বিভিন্ন তথ্য আমালৈ পঠিয়াইছে৷ ইয়াৰ দ্বাৰা শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলৰ তথ্য আহৰণ কৰি, জলবায়ু নিৰীক্ষণ কৰি পৃথিৱীৰ জলবায়ু-পৰিবৰ্তনৰ বিষয়ে বিজ্ঞানীসকলে অধিক বুজিব পাৰিছে৷

যোৱা জুন মাহৰ শেষৰ ভাগত পৰীক্ষামূলকভাৱে যানখন শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগৰ বহু ওচৰলৈ নি ইয়াৰ অতি ঘন বায়ুমণ্ডলত প্ৰবেশ কৰোৱাই বায়ব্য গতিৰোধ (aerobraking) কৰায়৷

দ’ন (Dawn)

'নাচা'ৰ আন এখন গভীৰ মহাকাশ অন্বেষণকাৰী যান হ’ল "দ’ন" (Dawn, মানে পুৱতিনিশা)৷ ২০০৭ চনৰ চেপ্তেম্বৰ মাহত এই যানখনক মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজৰ গ্ৰহাণু বলয়ত (asteroid belt) থকা ভেস্তা (Vesta) আৰু চেৰেচ (Ceres) নামৰ দুটা গ্ৰহাণু অধ্যয়ন কৰিবলৈ পঠিওৱা হয়৷ ই ভেস্তাক ২০১১ চনৰ জুলাই মাহৰ পৰা ২০১২ চনত ডিচেম্বৰ মাহলৈকে অধ্যয়ন কৰি এতিয়া চেৰেচৰ ফালে গতি কৰি আছে৷ ২০১৫ চনত মাৰ্চ-এপ্ৰিল মাহত ই চেৰেচৰ ওচৰ পাবগৈ৷ 

চেংএ-২ (Chang`e-2)

২০১০ চনৰ অক্টোবৰ মাহত নিক্ষেপ কৰা  চীনদেশৰ এই যানখনে প্ৰথমে চন্দ্ৰক প্ৰদক্ষিণ কৰে৷ তাৰ পিছত ই পৃথিৱীৰ পৰা ১৫লাখ কি.মি. নিলগত থকা L2 নামৰ বিন্দুটো পাই গৈ আৰু তাৰ পৰা বিভিন্ন তথ্য প্ৰেৰণ কৰে৷ ২০১২ চনৰ এপ্ৰিল মাহত ই এই বিন্দুটোৰ পৰা বিদায় লয় আৰু টাওটাটিচ্ (4179 Toutatis) নামৰ গ্ৰহাণুৰ ফালে ৰাওনা হয়৷  সেই বছৰৰ ডিচেম্বৰ মাহত ই টাওটাটিচৰ মাত্ৰ ৩.২ কি.মি. কাষেৰে পাৰ হৈ বিভিন্নধৰণৰ তথ্য সংগ্ৰহ কৰে৷ কোনো গ্ৰহাণুৰ ইমান ওচৰেদি পাৰ হৈ যোৱা ই প্ৰথম মহাকাশযান৷  এতিয়া গভীৰ মহাকাশৰ গভীৰতৰ স্থানলৈ গতি কৰি আছে৷ চীন দেশৰ গভীৰ মহাকাশৰ দূৰ-সংযোগ আৰু দূৰ-নিয়ন্ত্ৰণ যন্ত্ৰ-পাতিসমূহ পৰীক্ষা  কৰাত সহায় কৰিব৷

মংগলযান:

আমাৰ ভাৰতবৰ্ষও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ভাৰতীয় মহাকাশ প্ৰতিষ্ঠান ISRO-ৰ গভীৰ মহাকাশলৈ পঠিওৱা প্ৰথম আৰু একমাত্ৰ যান হৈছে - 'মংগলযান'৷ ৫-নবেম্বৰ-২০১৩ চনত নিক্ষেপ কৰা এই যানখনে  ৩০০ দিনৰো অধিক যাত্ৰা কৰি ২০১৪ চনৰ চেপ্তেম্বৰ মাহত মংগল গ্ৰহৰ কাষ পাবগৈ আৰু গ্ৰহটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিব৷  এই অভিযানে ভাৰতৰ গভীৰ মাহাকাশ অভিযান কৰিব পৰা কাৰিকৰী অৰ্হতা প্ৰদৰ্শন কৰাৰ লগতে মংগল গ্ৰহৰ পৃষ্ঠভাগৰ মানচিত্ৰ, বায়ুমণ্ডলৰ গঠন আদি অধ্যয়ন কৰিব৷
ফটো: commons.wikimedia.org

Thursday, January 2, 2014

উইনড’জ-৮ লেংগুৱেজ পেক্ট (আচামিজ)

দুদিনমান আগতে উইনড'জ-৮ৰ  অসমীয়া সংকৰণটি নমালোঁ আৰু মোৰ কোলাতলোৱাটোত স্থাপন কৰিলোঁ৷ মোৰ পৰিকলন যন্ত্ৰটো ১০০% নহ’লেও ৮০% খাৰ খোৱা অসমীয়া হৈ পৰিল৷ মনটো বৰ ভাল লাগি গ’ল৷ মাক্ৰচফ্টৰ ই এক অতি প্ৰসংশনীয় পদক্ষেপ৷ প্ৰতিজন অসমীয়াক গৌৰৱ অনুভৱ ই কৰাব পাৰিব বুলি ভাৱোঁ৷ ইয়াৰ পৰা এই সুক্ষ্মতন্ত্ৰক নমাব পাৰি ---
Windows-8 Language Pack (Assamese )
http://windows.microsoft.com/en-us/windows/language-packs#lptabs=win8

কিছুপৰ ব্যৱহাৰ কৰাৰ পাছত অৱশ্যে এনে লাগিল যেন, ইয়াক আৰু উন্নত কৰিব পৰা গ’লহেতেঁন, আৰু অলপ 'অসমীয়াত্ব' প্ৰদান কৰিব পৰা গ’লহেতেঁন৷ মই ভাৱিলোঁ মোক এই সংকৰণৰ সম্পাদক পতা হ’লে মই ইয়াৰ কি কি সাল-সলনি কৰিলোহেতেঁন? এই জালপঞ্জীত ইয়াকেই কৰিবলৈ যত্ন কৰিলোঁ, মানে নিজকে ভাবি ল’লো মাক্ৰচফ্টৰ কোনো কাৰ্যলয়ত বহি মই যেন সম্পাদনৰ কাম কৰিছোঁ৷

মোৰ অনুবাদসমূহ দেখি মাজে মাজে আপোনালোকৰ হাঁহি উঠিব পাৰে, কাৰণ মই কিছুমান অতি চহা শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ৷ যেনে "settings" -ৰ বাবে "গত" শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে "তাৰ গতটো চোৱা!" যেনেকৈ কৈ "অৱস্থা" বুজাওঁ, তেনেকৈ৷ মোৰ শব্দটো ব্যৱহাৰ কৰি নিজৰে হাঁহি উঠিছিলে৷ কিন্ত ভাৱি চালো, অৰ্থটোতো উলাইছে!!

মই এইটো কোৱা নাই যে এইবোৰ গ্ৰহণযোগ্য, কিন্তু অনাহকতে অন্ধভাৱে ইংৰাজী শব্দটো লিপ্যান্তৰ কৰাতকৈ কিছুমান সহজ-সৰল বা প্ৰচলিত অসমীয়া শব্দ ব্যৱহাৰ কৰিব পাৰি তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে৷

প্ৰথমতে উইণ্ডজৰ "Start" পৃষ্ঠাখনলৈ গ’লো৷ পৃষ্ঠাখনক "আৰম্ভ" বুলি কোৱাত বৰ শুৱাইছে৷ কিন্তু "ফাইনেঞ্চ", "ষ্টৰ", "মেপ", "মেইল" আদি শব্দবোৰে যেন পৃষ্ঠাখনৰ সৌন্ধৰ্য হ্ৰাস কৰি পেলাইছে৷ কিছুমান Propoer Noun বা নামবাচক বিশেষ্য সলনি কৰাৰ যুক্তি নাই৷ কিন্তু বিত্ত, দোকান, মানচিত্ৰ, ই-পত্ৰ আদি ভাৱ প্ৰকাশ কৰা শব্দবোৰ অসমীয়াতে লিখিলে ভাল লাগিব যেন লাগিলে৷



পৰিকলনটোৰ "মেজ" (Desktop) সোঁফালে স্পৰ্শকাতৰ পৰ্দাখনত চোলে এখন সৰু ক’লা খিৰিকিয়ে ভুমুকি মাৰে৷ তাতো কিছুমান শব্দ সাল-সলনি কৰিলে ভাল হ’ব  যেন লাগিলে৷


তাৰ পিছত মই "গত" মানে setting-ত চোলো৷ আন এখন খিৰিকিয়ে ভুমুকি মাৰিলে৷ ইয়াতো কিছুমান সাল-সলনি কৰিলোঁ৷


এইবাৰ মই "কণ্ট্ৰল পেনেল" মানে মোৰ ভাষাত "নিয়ন্ত্ৰণ ফলি" পালোগৈ৷ তাতো বহুতো শুদ্ধ কৰিবলগীয়া পালো৷ এইবোৰক বাৰু ঠিক "ভুল" বুলিব নোৱাৰি, কিন্তু ঠিক "অসমীয়া" বুলিও কবলৈ টান লাগে৷ 


ইয়াত "Touch" শব্দটোক "টাচ্চ" বুলি কোৱাৰ কিবা প্ৰয়োজন আছিলনে? "স্পৰ্শ" বুলি ক’লেই হয়৷ তেনেকৈ system-ক "প্ৰণালী", pen-ক "কলম" বুলি ক’লেই হয়৷  এনে বহু শব্দ পোৱা যায়,  য’ত সুন্দৰ প্ৰচলিত অসমীয়া শব্দ থাকোতে ইংৰাজী শব্দ এটা লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাৰ কোনো যুক্তি বুজি নাপালোঁ৷

আনহাতে কিছুমান শব্দক  অসমীয়াত লিপ্যান্তৰ কৰোঁতে কেতিয়াবা 'চ' আৰু কেতিয়াবা 'ছ' ব্যৱহাৰ কৰা দেখা গৈছে, যেনে processor=প্ৰেচেছৰ, system = ছিষ্টেম৷ কিন্তু আমি জানো, অসমীয়াত চ/ছ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ এনে স্থলত সকলোতে প্ৰথম 'চ' ব্যৱহাৰ কৰিলে বহু খেলি-মেলি কমিব৷
---- 

Tuesday, February 26, 2013

মঙ্গলযান

বিজ্ঞান, প্ৰযুক্তিয়ে মোক সদায়েই আকৰ্ষিত কৰে, উত্তেজিত কৰে৷ ভাৰতে এই বছৰৰ (২০১৩) নবেম্বৰ মাহত মঙ্গল গ্ৰহলৈ এখন মহাকাশ যান পঠিয়াব৷ নামটো 'মঙ্গলযান'৷ যোৱা বছৰ প্ৰধান মন্ত্ৰী শ্ৰীমনমোহন সিং, আৰু এইবাৰ ৰাষ্ট্ৰপতি মহোদয় প্ৰণৱ মুখাৰ্জীয়েও কথাটো ঘোষণা কৰিলে৷

মঙ্গল যাত্ৰাৰ সকলোতকৈ জটিল কাৰিকৰী প্ৰত্যাহ্বান হ’ল - ইয়াৰ ইঞ্জিনটো প্ৰায় ৩০০ দিন বন্ধ হৈ থকাৰ পিছত আকৌ পূনঃ সজীৱ কৰি তুলাটো৷ পৃথিৱীক অৱৰ্তণ কৰি অৱস্থাত এই ইঞ্জিন ৱ্যৱহাৰ হ’ব কক্ষপথৰ ব্যাস ক্ৰমান্নয়ে বৃদ্ধি কৰিবলৈ৷ তাৰ ৩০০ দিনৰ পিছত মঙ্গল গ্ৰহৰ ওচৰ চপাৰ লগে লগে এই গ্ৰহৰ মধ্যাকৰ্ষণৰ কবলত আহিবলৈ আকৌ  ইঞ্জিনটো চলাব লাগিব৷ ইমান দিন অতিপাত শীতল মহাকাশৰ মাজেৰে যোৱাৰ পিছত ইয়াক সজীৱ কৰিব পৰা যাবনে?

বহু বিদেশী সমালোচকে এই বছৰৰ নবেম্বৰ মাহত এই মহাকাশ যান তৈয়াৰ হৈ উঠিব পাৰিব নে নাই সন্দেহ প্ৰকাশ কৰা দেখা যায়৷ তেওঁলোকৰ মতে সময় বৰ টাকৰ - ইমান কম সময়ৰ ভিতৰত বিভিন্ন কাৰিকৰী আহিলাৰ তৈয়াৰ আৰু পৰীক্ষা হৈ উঠাটো প্ৰায় অসম্ভৱ৷ প্ৰকল্পটোৰ পৰিকল্পনাৰ ওপৰতেই ই নিৰ্ভৰ কৰিছে৷ প্ৰতিস্থানৰ কৰ্মকৰ্তাসকলে নিশ্চয় সু-পৰিকল্পিত আচঁনি লৈছে বুলি আশা কৰিছো৷

আমোদজনকভাৱে মই বাতৰি-কাকত আদিৰ বাহিৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিস্থানৰ কোনো চৰকাৰী জালপৃষ্ঠা বিচাৰি পোৱা নাই৷ কোনো পঢ়োৱৈয়ে পালে মোক জনালে নথৈ আনন্দিত হ’ম৷


তথ্যসূত্ৰ:

Saturday, March 10, 2012

দিঠকৰ পথৰ সপোনবোৰ...

সপোন-১: মই কলম এটা লৈ কাগজ এখনত অসমীয়াতে কবিতা এটা লিখিলো৷ ইয়াক কেমেৰাটোৰ  আগত ডাঙি ধৰাৰ লগে লগে ই সলসলীয়াকৈ আবৃত্তি কৰি দিলে৷ 
নেপথ্যত: মই এটা সাধাৰণ কলম লৈ অসমীয়াত এটা লিখা কবিতাটো কম্পিউটাৰটোৰ কেমেৰাটোৱে স্কেন কৰি 'শব্দ'লৈ পঠিয়াই দিলে৷ শব্দৰ "অপ্টিকেল কেৰেক্টাৰ ৰিকগ্নিচন" (Optical Character Recognition)-ৰ দ্বাৰা ইয়াক ইউনিকোড অসমীয়ালৈ ৰূপান্তৰ কৰা হ’ল৷  অৱশেষত টেক্স-টু-স্পিটচ্ (Text-to-Speech) প্ৰণালীৰ সহায়ত আবৃত্তি কৰি দিলে৷

সপোন-২:  মোৰ ব্যৱসায়ৰ চীনা অংশীদাৰ (Business Partner) এজনৰ লগত ভিডিঅ’-ছেটিঙৰ সহায়ত কথা পাতি আছো৷ 
নেপথ্যত:  মই কোৱা অসমীয়া কথাবোৰ 'শব্দ'ৰ ৱইচ-ৰিকগনিচন (Voice Recognition) প্ৰণালীৰ অংকীয়কৃত হ’ল৷ সেইবোৰ অসমীয়া-চীনা যান্ত্ৰিক অনুবাদনৰ সহায়ত চীনা ভাষালৈ ৰূপান্তৰ কৰা হ’ল৷ অৱশেষত সেইবোৰ চীনা টেক্স-টু-স্পিটচ্ এটাই পঢ়ি দিলে৷ আনহাতে গয়াং ঝাঙে কোৱা চীনা কথাবোৰ মই অসমীয়াত শুনিবলৈ পালো৷

সপোন-৩: মই লিখা উপন্যাসখনৰ ৩০০ পৃষ্ঠাৰ পণ্ডুলিপি ফটোকপি যন্ত্ৰটোত ভৰাই দিলো৷ মূহুৰ্ততে গোটেইখন ইংৰাজী, বঙালী, বড়ো, তামিল আদি বিভিন্ন ভাষালৈ অনুবাদ হৈ ওলাই আহিল৷

Thursday, September 29, 2011

প্ৰত্যাবৰ্তন

The greatest achievement in my endeavor to write Sci-Fi stories is the publication of a story called 'Pratyahbartan' (The Return) published on 01-Oct-1999 issue of the 'Prantik', a popular magazine in Assamese. It is written in a futuristic backdrops of the 2050s when people use Robomobiles manufactured at Deka Robomobiles Limited (DRL) and Guwahatians travel by the GuMet systems that connects North Guwahati with proper Guwahati via a tunnel under the mighty Brahmaputra. In this story, scientists at GERO (Generic Engineering Research Organization) attempts to make a clone of Srimanta Sankardeva, the great saint of the 15th Century. While carrying out this ambitious project, a fellow scientist discovers something really unbelievable!

* Reproduced in "অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন", compiled and edited by শ্ৰৌমান শান্তনু তামূলী, published by Sahitya Akademi, New Delhi.






পৃষ্ঠা-২



পৃষ্ঠা-৩

 পৃষ্ঠা-৪
 পৃষ্ঠা-৫


Thursday, September 1, 2011

ঘূৰ্ণাক্ষবীক্ষণ যুক্ত চলচিত্ৰ-খেল

মোৰ ৬ বছৰীয়া ল’ৰাটোক জন্মদিনৰ উপহাৰ কি দিম একো ভাবি নাপাই, তাকেই সুধিলো - কি লাগিব? সি ক’লে - "মোক 'ৱুঈ' এটা লাগিব৷"

"ৱুঈ" ??? কেতিয়াও নাম শুণা নাছিলো৷ এইটো আকৌ কি বস্তু? তাক আৰু বহলাই ক’বলৈ ক’লো৷ সি বিৰক্তিভাৱ দেখুৱাই ক’লে - "ৱঈ" আকৌ! মানে ডেব্লিউ, আই, আই ("Wii") !! তুমি মোক দোকানলৈ লৈ যাবা, মই দেখুৱাই দিম এইটো কি বস্তু৷" সি আৰু বিশেষ মোক নক’লে৷

তাক দোকানলৈ লৈ গ’লো৷ সাধাৰণ উপন্যাস এখন যিমান ডাঙৰ সিমানমান ডাঙৰ এটা বগা বাকচ সি দেখুৱাই দি ক’লে - "এইটো!" বস্তুটো দেখাৰ পিছত দোকানৰ বিক্ৰি-কৰ্মীজনৰ লগত কথা পাতিহে বস্তুটো কি বুজিলো৷

ই এটা চলচিত্ৰ-খেল মানে ভিডিঅ’ গেইমৰ আহিলা৷ ইয়াৰ দূৰনিয়ন্ত্ৰকডাল বিশেষধৰণৰ - ঘূৰ্ণাক্ষবীক্ষণ যুক্ত৷ চলচিত্ৰ-খেলৰ চৰিত্ৰটোৰ হাত-ভৰি ল’ৰে দূৰনিয়ন্ত্ৰকডাল যেনেকৈ লৰাইছো তেনেকৈ! মানে তাৰোৱাল চলোৱা চৰিত্ৰটোৰ তাৰোৱাল চলাবলৈ খলুৱৈজনে দূৰনিয়ন্ত্ৰকডাল তৰোৱাল চলোৱাৰ দৰে ঘূৰাই-পকাই শত্ৰুক মাৰিব লাগিব৷ চলচিত্ৰ-খেলৰ পিং-পং খেলা চৰিত্ৰটোৰ হাত চলাবলৈ আপুনি দূৰনিয়ন্ত্ৰকডাল লৈ সেইমতে হাত চলাব লাগিব৷

মই সাধাৰণতে চলচিত্ৰ-খেল কিনাৰ পক্ষপাতি নাছিলো - কাৰণ এইবোৰৰ পৰা শাৰীৰিক কষ্ট একো নহয়৷ কিন্তু "ৱুঈ"ৰ ক্ষেত্ৰত এনে নহয়৷ খেলিলে মানুহ একেবাৰে ঘামি যায়৷ গতিকে মই এইটো কিনিবলৈ সিদ্ধান্ত ল’লো৷ ঘৰত বাকচটো খুলি দেখো এডাল নহয়, দুডাল দূৰনিয়ন্ত্ৰক আছে৷ এতিয়া মোৰ ৬ বছৰীয়াটোৰ প্ৰতিনায়ক হ’ও মই৷ এখন তৰোৱাল তাৰ হাতত, আনখন মোৰ হাতত !!

কথাটোত মোৰ শ্ৰীমতীৰো সমৰ্থন আছে - ফেঁচাৰ নিচিনা চকুকেইটা ৰঙা আৰু ডাঙৰ কৰি মাজ-নিশালৈকে কোলাতলোৱা"জনী"ৰ লগত লীলা কৰি থকাতকৈ "ৱুঈ" খেলিলে শ্ৰীমতীয়ে বেছি ভাল পাই - অন্ততঃ বহুমুত্ৰ ৰোগ, উচ্চ ৰক্তচাপ আদিৰ সম্ভৱনা কমি থাকিব৷

Tuesday, July 19, 2011

হাঁহিমিতি

"হাঁহি" জুখিব পাৰিনে?
বিশ্বাস কৰিবলৈ টান যতিও আজি ই সম্ভৱ হৈ উঠিছে৷ যোৱাকালি মই এটা "চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ" (চগ্ৰয) কিনিলো৷ মই যেতিয়া চগ্ৰযটো খুলি ইফালে যিফালে আলৈ-তালৈ টোঁৱালো, এটা আমোদজনক বৈশিষ্ট্য আবিষ্কাৰ কৰিলোঁ৷ কোনোৱা মানুহৰ মুখমণ্ডললৈ টোঁৱালে, ই প্ৰথমে মুখখন চিনাক্ত কৰি তাক আগুৰি এটা পাতল হালধীয়া বাকচ আঁকি দিয়ে৷ তাৰ পিছত তাক বিশ্লেষণ কৰি কিমান শতাংশ হাঁহিছে বাকছটোৰ কাষতে লিখি দিয়ে৷ একেবাৰে বত্ৰিছটা দাঁত উলিয়াই হাঁহিলে ৯০-১০০%, মিচিকিয়ালে ৫০%, মূখ ওফোন্দাই থাকিলে ০-১০% !! কথাটো আমোদজনক নহয়নে? মই ধেমালি কৰা নাই, একেবাৰে সঁচা কথা৷ আৰ্হি নং হ’ল জে ভি চি কোম্পানীৰ এভেৰিঅ’ (JVC Everio) --- "Smile Meter" বা "হাঁহিমিতি" থকা দেখিলেনে? কি যে প্ৰযুক্তিবোৰ বজাৰত উলাইছে !!

Wednesday, December 15, 2010

মোৰ বেতাঁৰ নিগনিটো...

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে "মাউচ্" বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি' বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷

এই কথা কওঁতে এজন বন্ধুৱে মোক যুক্তি দিলে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ৱ৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো' বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷

আন এজন বন্ধুৱে ক’লে এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰিব৷ মই ভাৱো প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালীৰ সৃষ্টি নহয়৷ কিন্তু ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷

আন এটা শব্দ - "সতাঁৰ"৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ কিয় বাৰু? আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত উদ্যমী নহওঁ কিয়?

যাহওঁক,  তথ্যপ্ৰযুক্তি সমন্ধীয় কিছুমান ন-পুৰণি অসমীয়া শব্দ আপোনালোকৰ নিজস্ব জালপঞ্জী বা আন লিখনিত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো৷
১৷ নিগনি
২৷ নিগনি(ৰ)-দলিচা
৩৷ কঠিনতন্ত্ৰ
৪৷ স্নিগ্ধতন্ত্ৰ
৫৷ পৰ্দা
৬৷ পৰশ-পৰ্দা
৭৷ বিনোদ-দণ্ড
৮৷ চাবিফলি
৯৷ কোলাতলোৱা
১০৷ মেজতথোৱা
১১৷ আন্তঃজাল
১২৷ জালস্থান
১৩৷ জালপৃষ্ঠা
১৪৷ স্মৃতি
১৫৷ সতাঁৰ
১৬৷ পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭৷ সন্ধানযন্ত্ৰ
১৮৷ যান্ত্ৰিক মকৰা
১৯৷ জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০৷ সতাঁৰ
২১৷ বেতাঁৰ
২২৷ মুদ্ৰক
২৩৷ নিবেশপেৰা
২৪৷ নিৰ্গমপেৰা
২৫৷ প্ৰেৰিতপেৰা
২৬৷ চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭৷ আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮৷ জুলিয়া ষ্ফটিক পৰ্দা

আদি৷ অৰ্থসমূহ মই ইয়াত লিখি নিদিও৷ যদি অৰ্থ ধৰিব পৰা নাই, তেন্তে ই ভাল শব্দ নহয়, গতিকে ব্যৱহাৰ নকৰিব৷

ব্যৱহাৰেহে কোনটো শব্দ গ্ৰহণীয় হ’ব বা নহ’ব তাক নিৰূপণ কৰিব৷ গতিকে just ব্যবহাৰ কৰক, শব্দটো জনপ্ৰিয় কৰি তোলক, বছ, আন কোনো তৰ্ক-বিৰ্তক, যুক্তি-অযুক্তি কৰাৰ প্ৰয়োজন নাই৷ সময়ৰ অগ্নি-পৰীক্ষাত এইবোৰে যদি উত্তীৰ্ণ হয়, সমাজে যদি গ্ৰহণ কৰে, এসময়ত এইবোৰে অভিধানত স্থান পাব৷ অন্যথা ভাষানৈয়ে পাৰত এৰি থৈ যাব আৰু ক্ৰমান্নয়ে সময়ৰ বুকুত জাহ যাব৷

ইয়াকে কৈ আজি মই বেতাঁৰ নিগনিটোৰ বাওঁবুটামটোত টিপা মাৰিলো৷

Thursday, October 14, 2010

কপিয়াপৌ খনি দুৰ্ঘটনা

যোৱা ৫ আগষ্টত ছিলি দেশৰ কপিয়াপৌ চহৰৰ নিকতবৰ্তী "চান হ’চে" নামৰ তাম আৰু সোনৰ খনি এটাৰ সুৰংগৰ শিলাস্তৰ খহি পৰাত ৩৩জন খনিকটীয়া ভূগৰ্ভৰ তলিত আৱদ্ধ হৈ পৰে৷ ভূপৃষ্ঠৰ পৰা ৭০০ মিটাৰ তলৰ কঠিন শিলাস্তৰৰ মাজৰ পৰা তেওঁলোকক ৬৯ দিনৰ অন্তত সফলতাৰে উদ্ধাৰ কৰা হয় ১৩-অক্টোবৰৰ দিনা৷ 


"Los 33" নামেৰে প্ৰখ্যাত হৈ পৰা এই ৩৩ জন লোকৰ অসাধাৰণ সাহস, জী থকাৰ অদম্য ইচ্ছা, দৃহ আত্মবিশ্বাস, ধীৰতা আৰু নেতৃত্বৰ হৃদয়স্পৰ্শী কাহিনীয়ে সমগ্ৰ বিশ্বৰ জন-গণক আজি দুমাহ ধৰি আবেগিকবাৱে চুই গৈছে৷

Thursday, June 3, 2010

মেস্কিক’ উপসাগৰৰ তৈল বিভিষিকা !

যোৱা ২০ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত মেস্কিক’ উপসাগৰৰ সমুদ্ৰতলিত থকা তৈলখাদ এটাৰ পৰা প্ৰতি দিনে অনুমানিক ৫০০০ বেৰেলকৈ খনিজ তেল অনিয়ন্ত্ৰিতভাৱে অনগল ওলাই আছে৷ পাৰিপাৰ্শ্বিকতাৰ বিভিষিকা সৃষ্টি কৰা এই খনিজ তেল নিৰ্গত হোৱাৰ হাৰ খাদটোৰ ভিডিঅ’ বিশ্লেষণ কৰি কোনো কোনোৱে ১০০,০০০ বেৰেল প্ৰতি দিন হ'ৱ পাৰে বুলিও অনুমান কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানা নগৰৰ সমুদ্ৰতীৰৰ পৰা ৬৪ কিলোমিটাৰ নিলগত, ১৫০০ মিটাৰ দ পানীত খনিজ তেলৰ বাবে ব্যধন কৰি থকা Deepwater Horizon-নামৰ এখন ওপঙা ব্যধন চাঙত (floating drilling platform) দুৰ্ঘটনাক্ৰমে এটা বিষ্ফুৰণ ঘটে৷ ফলত চাংখনত জুই লাগে আৰু ১১জন কৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ দুদিন ধৰি এই ভয়ংকৰ জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল৷ ফলত লো-তীখাৰ প্ৰকাণ্ড চাংখন ২২ এপ্ৰিলৰ দিনা পানীত ডুবি যায় আৰু তৈলখাদটো অনিয়ন্ত্ৰিত হৈ পৰে৷ প্ৰযুক্তিবিদ্যাৰ আগশাৰীৰ 'বিপি'-নামৰ আন্তঃজাৰ্তিক তৈল কোম্পানীটোৰ দ্বাৰা পৰিচালিত এই খাদটো অবিৰাম প্ৰচেষ্টাৰ অন্ততো নিয়ন্ত্ৰণৰ অধিনলৈ অহা নাই৷ কোম্পানীটোৱে খাদটো নিয়ন্ত্ৰণ কৰিব কাৰনে আৰু ক্ষতিপুৰণ হিচাপে ইতিমধ্যে প্ৰায় এক বিলিয়ন ডলাৰ ব্যয় কৰিব লগাত পৰিছে৷

প্ৰদূষণঃ

এই দূৰ্ঘটনাই সমূদ্ৰৰ আলফুলীয়া জীৱজগতত অবিৰত ভাৱে ডাঠ কলা খনিজ তেল সিচি দি তাৰ প্ৰকৃতিক ভাৰসাম্য হেৰুৱায় পেলাইছে৷ মেস্কিক’ উপসাগৰৰ উপকূলত ইতিমধ্যে কিছুমান আলকাতৰাৰ লদা (tar ball) আৰু ডাঠ খনিজ তেল দেখিবলৈ পোৱা গৈছে৷ সাগৰীয় মাছ-কাছ, চৰাই-বৃক্ষ আদি হানি কৰাৰ লগে লগে মাছ মৰীয়া, মস্যপাম, নিমখ বনোৱা কাৰখানা, সাগৰ তীৰৰ বিনোদন উদ্যোগ আদিত আৰ্থিক ভাৱে বহু হানি কৰিছে৷
পৰিষ্টিতি ইমানেই গম্ভীৰ ৰূপ লৈছে যে স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই নিজে ইয়াৰ দৈনিক খতিয়ান লৈছে৷ খাদটো নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিৰাময় কৰিবলৈ সকলো ব্যৱস্থা যাতে লোৱা হয় তাৰ বাবে তেওঁ সুনিশ্চত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷
  
নিয়ন্ত্ৰণঃ
সমূদ্ৰপৃ্ষ্ঠৰ পৰা ১৫০০ মিটাৰ তলত পানীৰ চাপ ইমানেই বেছি যে কোনো ডুবাৰু তালৈ যাব নোৱাৰে৷ সকলো কাম অত্যাধুনিক ৰবট-বাহুযুক্ত দূৰৰ পৰা পৰিচালিত যানৰ (ROV = remotely operated vehicles) সহায়তে কৰিব লগা হয়৷
এই দ পানীৰ তলিত থকা খাদটো নিয়ন্ত্ৰণ কৰিবলৈ চালি থকা প্ৰচেষ্টাৰ চলন্ত ভিডিঅ’ দেখিবলৈ পোৱা যায় বিপিৰ জালস্থানত বৰ্তমান এটা প্ৰকাণ্ড ওলোটাই থোৱা চুপিৰ দৰে আহিলা (lower marine riser package)ৰ সহায়ত খাদটো কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিব পৰা হৈছে৷ ইয়াৰ চলচিত্ৰ-বিৱৰণ এই সংযোগত পোৱা যায়৷




প্ৰসংগপুঠি / উত্সঃ
১. www.bp.com
২. www.wikipedia.org