Saturday, August 26, 2017

বিলুপ্তি-১ (এক ভয়ানক কল্প-বিজ্ঞান ধাৰাবাহিক)

-"হেল্লো, আকাশ-হাৱেলী!"
-"স্বাগতম, ৰংঘৰ"
-"সংযোজনৰ বাবে দ্বাৰ সাজু আছেনে?"
-"নিশ্চয়, ৰংঘৰ৷ দ্বাৰ নং-২ সাজু আছে৷"
-"ধন্যবাদ৷ আমি দ্বাৰ নং-২ দিশে  আগবাঢ়ি আহিছো৷"
-"সেউজ-চাকি, আগবাঢ়ক৷ আমি আপেক্ষা কৰি আছো৷"

কেই মিনিট মানৰ পিছত -
-"ৰংঘৰ! ৰংঘৰ!"
-"হয়, কওক, আকাশ-হাৱেলী"
-"আপোনালোক আমাৰ দৃষ্টিগোচৰ হৈছে৷ ৰাডাৰ-তথ্য মতে আপোনালোক ২.৬৭ কিমি নিলগত আছে৷"
-'হয়, আপোনালোকো আমাৰ দৃষ্টি-গোচৰ হৈছে৷ দ্বাৰ নং-২ আমাৰ দিশে আছেনে?"
-"ইতিবাচক৷ দ্বাৰ নং-২ আপোনালোকৰ দিশে আছে৷ পাৰষ্পৰিক দূৰত্ব ১.৩৪ কিমি৷"
-"ধন্যবাদ, আকাশ-হাৱেলী!"

আৰু কেই মিনিট মানৰ পিছত -
-"আকাশ-হাৱেলী, কাষ চাপি আহিছো৷ পাৰষ্পৰিক দূৰত্ব ২০২ মিটাৰ৷"
-'ৰংঘৰ, সঁহাৰি জনাইছো৷ পাৰষ্পৰিক দূৰত্ব ১৯০ মিটাৰ৷ দ্বাৰ নং-২ সাজু৷ চাপ-সন্তুলক কোঠা প্ৰস্তুত৷ 'মহাবাহু-৩' প্ৰস্তুত৷"
-"ধন্যবাদ, আকাশ-হাৱেলী৷ আমি 'মহাবাহু-৩' এ ঢুকি পোৱা দূৰত্বত উপস্থিত৷ গতিবেগ সন্তুলনকাৰী ৰকেট প্ৰজ্বলন আৰম্ভ৷"
-"স্বয়ংচালিত নিয়ন্ত্ৰণ সক্ৰিয়৷ মহাবাহু-৩ এ আপোনালোকক খামুছি ধৰিবলৈ চেষ্টা চলাইছে৷ সাৱধান, ধৰ্য্য ধৰক৷ সাৱধান, ধৰ্য্য ধৰক৷"

কিছু মুহূৰ্ত সকলো নিঃশব্দ৷
-"প্ৰথম প্ৰয়াসতে সফল্য"
-"বাংগালুৰু, বাংগালুৰু ...."
-"হয়, আকাশ-হাৱেলী আৰু ৰংঘৰ, বাংগালুৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহাঁৰি জনাইছো৷"
-"বাংগালুৰু, আকাশ-হাৱেলীয়ে কৈছো৷ মহাবাহু-৩এ সফলতাৰে কাৰেংঘৰ খামুছি ধৰিলে৷ সকলো নিয়ন্ত্ৰণত৷ এতিয়া দ্বাৰ  নং-২ত ৰংঘৰ সংযোজন কৰাৰ অনুমতি বিচৰা হ’ল৷"
-"আভিনন্দন দুয়োকো৷ অনুমতি দিয়া হ’ল৷"
-"ধন্যবাদ, বাংগালুৰু৷"
-"ৰংঘৰ, ৰংঘৰ!"
-"হয় আকাশ-হাৱেলী, আমি পৰবৰ্তী নিৰ্দেশৰ বাবে প্ৰস্তুত৷"
-"ভাল বাৰু৷ মহাবাহু-৩ ইতিমধ্যে আপোনালোকক দ্বাৰ নং-২ সমিপলৈ লৈ আহিছে৷ ৰংঘৰৰ মুখ্য-দ্বাৰ প্ৰস্তুত নে?"
-"হয়, প্ৰস্তুত৷"
-"ধন্যবাদ৷ সংযোজন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ দুই দ্বাৰৰ খলপাসমূহ খাপ-খোওৱা হৈছে৷ সফলতা৷ বায়ু পথৰুদ্ধ কৰা হ’ল৷  সফলতা৷ এতিয়া আকাশ-হাৱেলীৰ চাপ-সন্তুলক কোঠা সক্ৰিয় কৰি দিয়া হৈছে৷"
-"ধন্যবাদ, আকাশ-হাৱেলী৷ ৰংঘৰৰ চাপ-সন্তুলক কোঠা সক্ৰিয় কৰি দিয়া হৈছে৷"

কেইচেকেণ্ড মানৰ পিছত৷
-"চাপৰ ব্যৱধান শূন্য হ’ল৷ দ্বাৰ নং-২ মুকলি কৰা হৈছে৷"
-"চাপৰ ব্যৱধান শূন্য - ইতিবাচক৷ ৰংঘৰৰ মূখ্যদ্বাৰ মুকলি কৰা হ’ল৷"

এইদৰেই সম্পাদন হ’ল দক্ষিন এছিয়া মহাকাশ প্ৰতিস্থানৰ মহাকাশ আস্থান - "আকাশ-হাৱেলী" আৰু অসম-মডিউল "ৰংঘৰ"ৰ কক্ষপথস্থ সংযোজন - মহাবাহু-৩ নামৰ 'যান্ত্ৰিক হাত' খনৰ সহায়ত৷

"আকাশ-হাৱেলী"-ৰ কামাণ্ডাৰ কেপ্টেইন খান্নাই ৰংঘৰত অহা মহাকাশচাৰী দুজন - ড. য়ুমনা হাজৰিকা আৰু জেকব ৰংপিক আকুৱালী ল’লে ৷

"বাংগালুৰু, ৰংঘৰৰ দুয়ো মহাকাশচাৰী আকাশ-হাৱেলীত সুকলমে উপস্থিত হ’লহি৷" - কেপ্টেইন খান্নাই ঘোষণ কৰিলে৷

বাংগালুৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা শুণিব পোৱা গ’ল - "সহৃদয় অভিনন্দন, বাংগালুৰু মিচন কন্ট্ৰ’ল, আকাশ-হাৱেলীৰ কৰ্মীদল আৰু ৰংঘৰৰ মহাকাশচাৰীদ্বয় - সকলোকৈ সহৃদয় অভিনন্দন৷"

মাতটো অলপ চিনাকী, চিনাকী লাগিল, কিন্তু সেইটো মিছন-কন্ট্ৰল ড. ৰাংগাৰেড্ডীৰ মাত নাছিল৷ আকাশ-হাৱেলীত উপস্থিত সকলোৱে আচৰিত হৈ ইজনে-সিজনৰ ফালে চালে৷  এনেতে জীৱন্ত-চিত্ৰ আহিবলৈ আৰম্ভ কৰিলে৷ সেই দেখুন প্ৰধানমন্ত্ৰী ৰিজুজু !! মিচিকিয়া হাঁহিটিয়ে তেওঁ হাত-চাপৰি দি পৰ্দাত বিৰাজ কৰিলে৷ কাষত ড. ৰাংগাৰেড্ডী আৰু আন বিজ্ঞানীসকল৷

আগলৈ...