Saturday, May 15, 2010

চীনদেশলৈ গৈছিলো - ৩ : চাওলিন বৌদ্ধ মন্দিৰ

বিশ্ব-বিখ্যাত 'কুং-ফু' ৰণকলাৰ (martial arts) জন্মস্থান চাওলিন বৌদ্ধ মন্দিৰ (shaolin temple) চান্নিহতঁৰ ঝংঝৌ চহৰৰ পৰা মাত্ৰ ২ ঘণ্টাৰ বাট৷ আমি তালৈও গৈছিলো৷ এই মন্দিৰ আচলতে কেইবাটাও সৰু ডাঙৰ মন্দিৰ, বৌদ্ধভিক্ষুক (monk) থকা ঘৰ, ৰণকলা আখৰাঘৰ আদিৰে এটা বিশাল এলেকাৰ বৌদ্ধ-বিহাৰ (monastery)চং পৰ্বতৰ সুমাজত সেউজীয়া গছ-গছনীৰে আবৃত বৌদ্ধ-বিহাৰখনৰ পৰিবেশ অতি মনোৰম৷

Wednesday, May 12, 2010

চীনদেশলৈ গৈছিলো - ২ : অভ্যৰ্থনা

পাপু-চান্নিৰ বিয়াৰ অভ্যৰ্থনা (ৰিচেপচন) পতা হৈছিল ঝেংঝৌ চহৰৰ ডাঙৰ ৰেষ্টোৰেণ্ট এখনত৷ ৰেষ্টোৰেণ্টখন ইমানেই ডাঙৰ আছিল যে ৰন্ধনশালাৰ পৰা বেহেৰাসকলে স্কেতিং শ্বু অৰ্থাৎ চকা থকা জোতা পিন্ধিহে আহাৰ আনিছিল৷
ৰেষ্টোৰেণ্টত আছিল বহুতো খোৱা কোঠালী৷ প্ৰতেক কোঠালীতে এখন ডাঙৰ ঘুৰনীয়া টেবুল, ১০-১২ জন মানুহ বহিব পাৰে, লগতে এটা attached পাইখানা (খাই খাই বৰপানী চুব লগা হ’লে বেছি দুৰ দৌৰ দিব নালাগে!) আৰু এজনী পৰিচাৰিকা৷

Tuesday, May 11, 2010

চীনদেশলৈ গৈছিলো - ১ : খাদ্যাভ্যাস

২০০৮ চনৰ জুলাই মাহত ফুৰিবলৈ আৰু 'মিতিৰ' খাবলৈ চীনদেশলৈ গৈছিলো৷ ভ্ৰমণ কাহিনী লিখিম লিখিম বুলি থাকোতে থাকোতে আজি দুবছৰ হৈ গ’ল৷ পলমকৈ হলেও তাৰ আচহুৱা অভিজ্ঞতাবোৰ লিখি থওঁ বুলি ভাবিছো৷

মোৰ খুলশালি সন্দিপ বা পাপুৱে আমেৰিকাত পঢ়ি থকোতে সহপাঠী চীনদেশৰ চইয়াং ঝাং (Shuoyang Zhang) বা 'চান্নি'ক বিয়া কৰাবলৈ মনস্থ কৰিলে৷ সেই সুত্ৰে নিমিশতে মোৰ বহুতো চীনা মিতিৰ-কুতুম হৈ গ’ল৷ ২০০৮ চনৰ জুলাই মাহত তেওঁলোকে চীনা প্ৰথাৰে পতা বিয়াত আমি দৰা ঘৰীয়া হৈ গৈছিলো৷ দৰা ঘৰীয়াত আছিলো আমি মাত্ৰ তিনিটা প্ৰাণী - আমাৰ তিনি বছৰীয়া প্ৰিতু, মোৰ পৰিবাৰ অৰ্থাৎ দৰাৰ বায়েক আৰু মই৷

Wednesday, May 5, 2010

ৰংপুৰৰ ৰঙালী ডেকা

কোনো কামত এঠাইলৈ যাব লগা হোৱাত, আবুধাবী চহৰৰ ৰাষ্টাৰ ভিৰৰ ভয়ত নিজৰ গাড়ীখন উলিওৱাৰ সলনি টেক্সীতে যাওঁ বুলি সিদ্ধান্ত ল’লো৷ ঘাইপথৰ দাঁতিত হাত বাউলি দি টেক্সী এখন ৰখালো৷ আগ চিটতে বহি লৈ চিটবেল্ট্ লগাই ড্ৰাইভাৰজনক গন্তব্যস্থান ক’ত ক’লো৷ এজন ৰঙীয়াল ডেকা, গাড়ীৰ ৰেডিঅ’টোত বাজি থকা বলিওডৰ সংগীৰৰ তালে তালে মূৰ জোকাৰি জোকাৰি তেওঁ ভিৰ নেওঁচি, যান-জঁট ভাঙি গন্তব্যস্থানলৈ গৈ থাকিল৷

Sunday, May 2, 2010

ককাদেউতাৰ সাধুকথা আৰু কিছু চিন্তা...

জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা ল’ৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷