Tuesday, February 28, 2017

বিৱৰ্তন (এক বিজ্ঞানভিত্তিক কল্প-কাহিনী)

A science fiction story authored by me published in famous Assamese fortnightly Prantik 1-15 March 2017. In this story, I am talking about a new species - "Homo Cyber Sapiens", a new country -"United States of South Asia" and hinting who would be the prime minister. The story revolves around the lives of two childhood buddies - Rakibul Ahmed and Nripen Sharma, who became Advanced Physics researchers and  hardcore non-believers.

গুৱাহাটী সুপ্ৰতিভ নগৰ, ২০৩৬ চনৰ এটা দেওবাৰৰ ৰাতিপুৱা৷

আজি নিৰ্বাচনৰ দিন৷ ৰিকুৱে পুৱাৰ জলপান গ্ৰহণ কৰি কৰিয়ে মতদান দি দিনটোলৈ আজৰি হৈ লওঁ বুলি ভাৱিলে৷ নিজৰ 'আধাৰ' একক চিনাকী পত্ৰ (Unique Identity Card) খনৰ সহায়ত ঘৰতে বহি বহি মতদান কৰিব পাৰি৷ নিৰ্বাচন আয়োগ আৰু ভাৰতীয় বিশিষ্ট চিনাকী প্ৰাধিকৰণৰ এই নতুন যুটীয়া প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ চাৰিওফালে বিজ্ঞাপন৷ ফেইচভোটৰ (FaceVote.Com) জালস্থানত প্ৰবেশ কৰিবলৈ বিচাৰোতে ৰিকুৰ কোলাতলোৱাটোৰ (laptop computer) পৰ্দাত বাৰ্ত্তা আহিলে - "আধাৰ ব্যৱহাৰ কৰক"৷ কোলাতলোৱাটোৰ সোঁফালে থকা অকনমানি ফাকটোত 'আধাৰ'-পত্ৰখন ভৰাই দি "হ’ব দিয়ক" বুটামটোত টিপি দিলে৷

"স্বাগতম!!" বাৰ্ত্তাৰে তাক জালস্থানৰ সুৰক্ষিত অঞ্চললৈ আদৰণি জনোৱা হ’ল৷ তাত তাৰ সমষ্টিত প্ৰতিদন্দ্বিতা কৰা প্ৰাৰ্থীকেইজনৰ সবিশেষ তালিকা এখন পোৱা গ’ল৷ প্ৰতেকৰে জীৱন বৃত্তান্ত, পাৰ্থিৱ-অপাৰ্থিৱ সম্পদৰ সবিশেষ,  অপৰাধ-(অভি)লেখ আদিৰ লগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পোৱা গ’ল৷ কথাবোৰ ভাৱি-গমি ৰিকুৱে এজনক ভোট দিলে৷ নিৰ্দিষ্ট স্থানত টিপা মৰাৰ লগে লগে এখন নিশ্চিতকৰণ পৃষ্ঠা আহিল৷ তাতো "হ’ব দিয়ক" বুটামটোত টিপি দিলে আৰু তাৰ গোপন ভোট নথিভুক্ত হৈ গ’ল৷

ভোট দি, জলপান শেষ কৰি, গা-পা ধুই তৈয়াৰ হোৱাত লাগি গ’ল৷ আজি তাৰ দিনৰ ভোজনৰ বাবে এক বিশেষ নিমন্ত্ৰণ আছে৷ এই নিমন্ত্ৰণটোলৈ ৰিকুৱে বহু দিনৰ পৰা যেন বাট চাই আছিল৷ ভাল পোছাক এযোৰ উলিয়াই সি পিন্ধিলে৷ স্মাৰ্টফোনটোৰ সহায়ত 'গুৱাপ' এখন মাতি পঠিয়ালে৷ দুই মিনিটমানৰ ভিতৰতে তাঁহাতৰ পদুলিমুখত 'গুৱাপ' এখন আহি পালহি৷ স্বয়ংচালিত ' গুৱাপ' খনত প্ৰবেশ কৰাৰ লগে লগে ৰিকুৱে দিয়া গন্তব্য স্থানলৈ ই গতি কৰিবলৈ ধৰিলে৷ গুৱাহাটীৰ স্বয়ংচালিত ৰাজহুৱা যান বা Guwahati Autonomous Public Vehicle বা চমুকৈ ‘গুৱাপ’ (GUAPV) বিলাক বাহিৰৰ পৰা দেখাত পুৰণি যুগৰ মাৰুতি-৮০০ খনৰ দৰে হ’লেও, ইয়াৰ চালকৰ বাবে স্তেয়েৰিং হুইল, ব্ৰেইক্‌, এক্সেলেৰেটৰ আদি একো নাই৷ কেবল স্পৰ্শকাতৰ পৰ্দা এখন৷ জন-অৰণ্য, যান-অৰণ্যৰ মাজেৰে বাট নেওচি ই সুকলমে গৈ থাকিল৷ 'গুৱাপ'খনে ইয়াৰ চাৰিওফালে থকা বহুতো সংবেদনশীল কেমেৰা, চ’নাৰ আদিৰ সহায়ত মানুহতকৈও ভালকৈ 'দেখে'৷ কেইবা লাখ কিলোমিটাৰ গাড়ী চলোৱাৰ 'অভিজ্ঞতা'ৰে সমৃদ্ধ কৃত্ৰিম বুদ্ধিমত্বাটোৰ গাড়ী চলোৱাৰ অবিশ্বাস্য নিপুণতা৷ ভাৰতীয় আলি-বাটত সঘনে মুখামুখি হোৱা ৰিক্সা, চাইকেল, বাইক-স্কুটাৰ, সৰু গাড়ী, ডাঙৰ গাড়ী, গৰু-ছাগলী-হাতী-মানুহ আদি সকলো ই চিনাক্ত কৰিব পাৰে আৰু অনায়সে বাট নেওচি গৈ থাকিব পাৰে৷ ট্ৰেফিক লাইট নথকা তিনি আলি, চাৰি আলি আদিতো ই অতি সুদক্ষতাৰে পাৰ হৈ যাব পাৰে৷ প্ৰয়োজন সাপেক্ষে ই পেঁপাটিও জোৰকৈ বজাই দিয়ে৷ মুঠৰ ওপৰত মানৱ চালকতকৈ ইয়াক বেছিকৈহে ভৰষা কৰিব পাৰি৷

নিৰ্ভয়েৰে ৰিকু গৈ থাকিল৷ প্ৰথম অহাৰ ৫ বছৰৰ ভিতৰতে আজি গুৱাহাটিত প্ৰায় ৫০০০খন 'গুৱাপ' হ’লগৈ৷ ই অতি জনপ্ৰিয় হৈ আহিছে৷ মানুহে আট’, টেক্সি আদিৰ সলনি 'গুৱাপ' ব্যৱহাৰ কৰিবলৈ লৈছে৷ এইবোৰ বহু গুণে সস্তা আৰু নিৰাপদ বুলি পৰিগণিত হৈছে৷