Monday, December 9, 2013

অ’ত ত’ত য-কাৰ

অসমীয়াত ইংৰাজী শব্দ কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে বহুতো তৰ্ক-বিৰ্তক চলি আছে৷ ই এটা বিশাল বিষয়৷ সকলো ইয়াত আলোচনা কৰিব বিচৰা নাই৷ কিন্তু এটা বিশেষ দিশ ইয়াত উল্লেখ কৰিব বিচৰা হৈছে -- 'য-কাৰ'ৰ ব্যৱহাৰ৷ বাংলাত বহু ইংৰাজী শব্দ লিখোতে য-কাৰ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে - দ্যা/দ্য (the), জ্যাম (jam), ব্যাংক (bank), ব্যাটিং (batting[cricket]), ন্যশ্যনেল (national),  ক্যাম্পাস (campus)  আদি৷

আজি কিছুবছৰ আগলৈকে অসমীয়া কাকত আলোচনীসমূহত এক পৃথক শৈলী অৱলম্বন কৰা দেখা গৈছিল৷
the = দা / দি
jam = জাম
bank = বেংক
batting = বেটিং
national = নেচ’নেল
campus = কেম্পাচ
আদি৷ এইটো অসমীয়া সহজ-সৰল আৰু পোন-পতিয়া উচ্চাৰণৰ লগত মিল থকা শৈলী৷ ই অসমীয়া ভাষাৰ এক নিজস্বও বহন কৰে যেন লাগে৷

কিন্তু শেহতীয়া ভাৱে অসমীয়া কাকত-আলোচনীসমূহে এই বাংলা শৈলী অনুকৰণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ the শব্দটো 'দ্য' এনেকৈ লিখিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ ই বাংলা শৈলীৰ অন্ধ অনুকৰণ নহয়নে? বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ সেয়ে 'অন্য' শব্দটো তেওঁলোকে 'annwa' এনে ধৰণৰ উচ্চাৰণ কৰে৷ সেয়ে 'the' শব্দটো 'দ্য' এইধৰণে লিখিলে ইংৰাজী উচ্চাৰণটোৰ প্ৰায় ওচৰত উচ্চাৰিত হয়৷

আনহাতে অসমীয়াত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ y-ৰ দৰে, সেয়ে 'অন্য' শব্দটো 'annya' এনে ধৰণে উচ্চাৰিত হয়৷ গতিকে 'দ্য' বুলি লিখিলে অসমীয়াভাষী এজনে যেন 'dya' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ 'the' শব্দটোত 'য়'/'য' নাই, তেনে স্থলত 'য-কাৰ' ব্যৱহাৰ কৰাৰ যুক্তি বুজিবলৈ অলপ কঠিন৷