Wednesday, May 12, 2010

চীনদেশলৈ গৈছিলো - ২ : অভ্যৰ্থনা

পাপু-চান্নিৰ বিয়াৰ অভ্যৰ্থনা (ৰিচেপচন) পতা হৈছিল ঝেংঝৌ চহৰৰ ডাঙৰ ৰেষ্টোৰেণ্ট এখনত৷ ৰেষ্টোৰেণ্টখন ইমানেই ডাঙৰ আছিল যে ৰন্ধনশালাৰ পৰা বেহেৰাসকলে স্কেতিং শ্বু অৰ্থাৎ চকা থকা জোতা পিন্ধিহে আহাৰ আনিছিল৷
ৰেষ্টোৰেণ্টত আছিল বহুতো খোৱা কোঠালী৷ প্ৰতেক কোঠালীতে এখন ডাঙৰ ঘুৰনীয়া টেবুল, ১০-১২ জন মানুহ বহিব পাৰে, লগতে এটা attached পাইখানা (খাই খাই বৰপানী চুব লগা হ’লে বেছি দুৰ দৌৰ দিব নালাগে!) আৰু এজনী পৰিচাৰিকা৷
সূৰ্য পোহৰ আহিব পৰা স্বচ্ছ প্লাচটিকৰ আটাল (ceiling) আৰু ধুনীয়া প্ৰাকৃতিক গছ-গছনীৰে ভৰা পৰিবেশটো বৰ ভাল লাগিছিল৷ কিবা আৰডাৰ দিয়াৰ লগে লগে পৰিচাৰিকা গৰাকীয়ে ৰন্ধনশালাত ফোনেৰে জনাই দিয়ে আৰু কেই মূহুৰ্তৰ ভিতৰতে স্কেতিং শ্বু পিন্ধা ডেকা এজনে ভু ভু শব্দ কৰি হাতত আহাৰ আনি লৈ উপস্থিত হয়হি! পৰিচাৰিকা গৰাকীয়ে দুৱাৰ মূখতে তেওঁৰ পৰা আহাৰ লৈ টেবুলত সজাই দিয়েহি৷
আহাৰ শেষ হোৱাৰ পিছত আন কোঠালীবোৰত উপস্থিত আলহি সকলৰ লগত চিনাকি হ’বলৈ আমাক লৈ গ’ল৷ মুঠতে ১৫-২০ টা মান কোঠালী তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে সংৰক্ষণ কৰা হৈছিল৷ কোঠালীয়ে কোঠালীয়ে ভিন ভিন প্ৰকাৰৰ অতিথি - এটাত যদি কইনাৰ বন্ধু-বান্ধৱ, আনটোত মোমায়েকৰ পৰিয়ালটো৷ এটাত বৰদেউতাক আৰু আনটোত খুড়াকহতঁৰ পৰিয়ালটো৷ আনহাতে আন এটা কোঠালীত কইনাৰ ভায়েকৰ বন্ধুবৰ্গ... আমি প্ৰতেক কোঠালীয়ে কোঠালীয়ে গৈ মানুহবোৰ চিনাকি হ’লো আৰু হাতত এপিয়লা লৈ একেস্বৰে "কান বে" (=bottom's up) কৈ পিয়লা উজাৰিলো৷ তেওঁলোকৰ প্ৰথা - নকৰিলে বেয়া পাব!

সদৌশেষত আমাক যিটো কোঠালীলৈ নিলে তাৰ বিষয়ে নকলে কথাখিনি আধৰোৱা হৈ ৰ’ব৷ এইটো কইনাৰ দেউতাক শ্ৰীমান ঝাঙৰ (Mr. Zhang, কাষৰ ছবিত ৰঙীন চোলা পিন্ধাজন) বন্ধু-বান্ধৱ আৰু সতীৰ্থসকলৰ কোঠা৷ তেখেত আছিল চীনা বায়ু্সেনাৰ এজন পাইলট৷ এতিয়া অৱসৰপ্ৰাপ্ত৷ বৰ্তমান নিজৰ হাহঁ, কুকুৰা, গাহৰি আদিৰ পাম এখন আছে৷ কোঠাটোত থকা সকলো বায়ুসেনাৰে অৱসৰপ্ৰাপ্ত তেওঁৰ সতীৰ্থ পাইলট, বিষয়াসকল৷ সকলোকে চিনাকি কৰি দিয়াৰ পিছত শ্ৰীমান ঝাঙে ক’লে যে এতিয়া আমাৰ মাজত থকা আটাইতকৈ উচ্চখাপৰ বিষয়াজনে দুআষাৰ ক’ব৷
তেখেতে থিয় হৈ এটা দীঘলীয়া ভাষণ দিলে! চান্নিয়ে তৰ্জমা কৰি গ'ল৷ বহুতো কথা ক’লে - ১৯৬২ চনত বোলে তেওঁলোকে ভাৰত আক্ৰমণ কৰিবলৈ অসমৰ উত্তৰ দিশৰ সীমাৰ তেনেই ওচৰত যুঁজাৰু বিমানৰ ভিতৰত বহি সাজু হৈ আছিল৷ কেৱল ওপৰৱাল্লাৰ নিৰ্দেশ পাবলৈ বাকী - সৌভাগ্যবশত সেই নিৰ্দেশ কেতিয়াও নাহিল৷ তেওঁৰ সতীৰ্থসকলে (শ্ৰীমান ঝাঙেও) কথাত হয় ভৰ দি গ’ল৷ তেওঁ আজি এই দিন দেখি বৰ আনন্দিত - এজনী চীনা গাভৰুৱে ভাৰতীয় ডেকা এজনক স্বামীবৰণ কৰিছে৷ এনে ঘটনাই দুই দেশৰ মিত্ৰতা বৃদ্ধি কৰিব৷ ইত্যাদি ইত্যাদি ইত্যাদি ইত্যাদি ....... ১৫-২০ মিনিটমান ধৰ্য্যেৰে থিয় হৈ মুৰ জুকাৰি জুকাৰি ভাষণ শুনিলো৷ প্ৰিতুয়েও প্ৰথমতে ভাষণ শুনিবলৈ চেষ্টা কৰিছিলে, কিন্তু পিছলৈ সি মোৰ কান্ধতে শুই পৰিল !
 
এতিয়া মোৰ মনলৈ প্ৰশ্ন আহিছে... চানিয়া-চয়ৱৰ শুভ-বিবাহে ভাৰত-পাকিস্থানৰো মাজত মিত্ৰতা আনিব পাৰিবনে?

1 comment:

  1. Dharmananda MazumdarMay 12, 2010 at 4:11 PM

    Maramar Bikram,
    Tumar likhakhini parhi, bar bhal lagil. Gotei prithibi khanak, ekhan GLOBAL VILLAGE-at rupantar karatu, enekua cross-country marriage-bore nishyai xahai kariba. Likhi-Juwa.

    Subheshare
    Dharma

    ReplyDelete