Saturday, May 28, 2016

পথত পালনীয় নিয়মাৱলী (Rules of the Road)

  1. পথত গাড়ী চলাওতে গাড়ীখন যিমান পাৰে বাওঁপিনে ৰাখিব আৰু সন্মূখৰ পৰা অহা গাড়ীবোৰ সোঁপিনেৰে পাৰ হৈ যাবলৈ দিব৷
  2. বাওঁপিনে ঘূৰিবলগীয়া হ’লেও পথৰ বাওঁকাষেৰে আগবঢ়াব আৰু কোনো পথৰ সোমাবলগীয়া হ’লেও বাওঁফালেৰেই আগবাঢ়িব৷
  3. সোপিনে ঘুৰিবলঘিয়া হ’লে পথৰ সোঁমাজভাগেৰে যাব যদিও পথত উঠাৰ পিছতেই বাওঁপিনে আগবাঢ়িবলৈ নাপাহৰিব৷
  4. সোঁপিনে ঘুৰিব বিচৰা এখন গাড়ী পথৰ সোমাজলৈ নিব লাগে আৰু পিছত থকা অন্য গাড়ীবোৰ বাওঁপিনেৰে পাৰ হৈ যাবলৈ দিব লাগে৷
  5. একে দিশে গৈ থকা গাড়ীবোৰে আগে আগে গৈ থকা গাড়ীক সোঁফালৰ পৰা অভাৰটেক কৰিব লাগে৷
  6. যদিহে কোনো এখন গাড়ীয়ে একে দিশে গৈ থকা আন এখন গাড়ীক নেওচি যাব (overtake কৰিব) খোজে, তেন্তে গাড়ীখনে (যিখনক নেওচি যোৱা হ’ব) গতিবেগ বঢ়াই নিদি আনখন গাড়ীক ভালদৰে নেওচি যোৱাৰ সুবিধা কৰি দিব লাগে৷
  7. পথৰ সংযোগস্থলত গাড়ীৰ গতিবেগ কমাব আৰু তেনে স্থান, জংচন বা ক্ৰছিং নিৰাপদ নোহোৱা পৰ্য্যন্ত প্ৰবেশ নকৰিব৷
  8. উপ-পথৰ পৰা যান-বাহান  নিয়ন্ত্ৰণত নথকা প্ৰবেশ পথত প্ৰবেশ কৰাৰ সময়ত সেই পথেৰে যাতায়ত কৰা যান-বাহনবোৰৰ প্ৰতি অগ্ৰাধিকাৰ দিব৷
  9. অগ্নিনিৰ্বাোক বহিনীৰ গাড়ী বা এম্বুলেন্স দেখিলে নিজেই পথৰ বাওঁফালে গৈ সেই গাড়ীবোৰক পথ এৰি দিব৷
  10. খোজকাঢ়ি যোৱা বা চাইকেল চালকৰ বাবে থকা ফুটপাথেৰে কেতিয়াও গাড়ী চলাই নাযাব৷
  11. ইউটাৰ্ন (U-Turn),  লোৱা নিষেধ কৰা স্থানত টাৰ্ন নল’ব৷ ইউটাৰ্ন লোৱাৰ সুবিধা থাকিলে ছিগনেল দি আৰু ‘ৰিয়েৰ ভিউ’ত চাইহে টাৰ্ন ল’ব৷
  12. গাড়ীৰ গতিবেগ কমালে সোঁহাতখন বাহিৰ উলিয়াই হাতৰ পতাখন কেবাবাৰো তল-ওপৰ কৰি ইংগিত দিহে গতিবেগ হ্ৰাস কৰিব৷
  13. ৰৈ যাব খুজিলে সোঁহাতখন কান্ধৰ সমান্তৰালকৈ সোঁফালে মেলি দি ইংগিত দিব লাগে৷
  14. সোঁফালে ঘুৰিলে বা আন এখন গাড়ীক নেওচি গ’লে (অভাৰটেক কৰিলে) সোঁহাতখন আনুভূমিক (ভূমিৰ সৈতে সমান্তৰালকৈ) দিশত মেলি দি হাতৰ তলুৱালখন সন্মুখৰ পিনে ঘুৰাই দিব লাগে৷
  15. বাওঁপিনে ঘুৰোতে সোঁহাতখন মেলি দি ঘড়ীৰ কটাৰ বিপৰীত দিশত হাতখন ঘুৰাই ইংগিত দিব লাগে৷
  16. গাড়ীৰ পঞ্জীয়ন নম্বৰ তথা অন্য চিহ্নবোৰ স্পষ্টকৈ চিনি পোৱাকৈ লিখিব লাগে৷
  17. একদিশীয়া পথত (‘ৱান ৱে’ত) কেতিয়াও যেনিতেনি গাড়ী নচলাব৷ সঠিক পথত/দিশত চলাওক৷
  18. যদিহে পথত গাড়ী অহা-যোৱাৰ বাবে লেইন-ঠিক কৰি দিয়া থাকে, তেন্তে সেই লেইনেৰে যাব৷ লেইন সলনি কৰিবলেও উপযুক্ত সংকেত দিহে কৰিব৷
  19. যেতিয়া পথ হালধীয়া ৰেখাৰে বিভক্ত কৰা হয়, তেনে হালধীয়া ৰেখা স্পৰ্শ কৰি আন গাড়ীক নেওচি নাযাব৷
  20. যেতিয়া পথ সংযোগস্থলত যিকোনো ৰেখা বগা, কলা বা হালধীয়া ৰঙেৰে অংকন কৰা হয়, তেনে গাড়ী ৰাখোতে ৰেখাডাল স্পৰ্শ নকৰিব৷
  21. মাথোঁ যান্ত্ৰিকভাৱে অক্ষম যান-বাহন, পঞ্জীকৃত টেইলাৰ সংলগ্ন বাহন আৰু অসম্পূৰ্ণ যান-বাহনকহে ডেলি-ভাৰীৰ বাবে, ফিলিং ষ্টেচন বা পেট্ৰল পাম্পলৈ  আৰু গেৰেজলৈ টানি নিয়াৰ অনুমতি আছে৷
  22. বৈধ চালকৰ অনুজ্ঞাপাত্ৰ অবিহনে কোনো গাড়ীতে চালকক উটিবলৈ অনুমতি নিদিব৷
  23. দুখন বাহনৰ মাজত যথেষ্ট ব্যৱধান ৰাখক যাতে সন্মূখত ৰখাই দিলে বা বন্ধ হৈ গ’লে দুৰ্ঘটনা হ’ব নোৱাৰে৷
  24. হঠাৎ ব্ৰেক ব্যৱহাৰ নকৰিব, যদিহে ইয়াৰ প্ৰয়োজন নহয়৷
  25. পাহাৰীয়া আৰু ওখ পথত ওপৰৰ দিশৰ পৰা অহা গাড়ীখনক ঠাই উলিয়াই অগ্ৰাধিকাৰ দিয়ক।
  26. গাড়ী চালনাত ব্যাঘাত জন্মোৱা কোনো ঠাইতে কোনো ব্যক্তিক বহা বা থিয় দিবলৈ নিদিব।
  27. শোভাযাত্রা বা ৰাস্তাত পথ মেৰামতি কৰি থকা লোকক অতিক্রম কৰিবলৈ হ'লে ২৫ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী নচলাব।
  28. কোনো ব্যক্তিকে উঠাই ট্ৰেক্টৰ নচলাব।
  29. মালবাহী গাড়ীৰ চালকৰ কক্ষত অনুমতি প্রদান কৰা সংখ্যাতকৈ আধিক লোকক বহিব নিদিব।
  30. পঞ্জীয়ন নম্বৰৰ ফলক আৰু হেড লাইটত দেখা নোপোৱাকৈ সামগ্রী বোজাই নিদিব।
  31. মালবাহী গাড়ীত অনুমতি প্রদান কৰা নির্দ্ধাৰিত সীমাতকৈ অধিক সামগ্রী, পিছফালে বা কাষত ওলাই থকাকৈ বহন নকৰিব।
  32. বাহনৰ প্রয়োজনীয় ইন্ধন বা তেলজাতীয় সামগ্রীৰ বাহিৰে কোনো বিস্ফোৰক বা দাহ্য সামগ্ৰী নকঢ়িয়াব৷
  33. পিছফালৰ বাহন বা পথিকৰ বিপদ হব পৰা দূৰত্বলৈ গাড়ী পিছুৱাই নিনিব ('বেক' নকৰিব)৷
  34. দুচকীয়া বাহন চলোৱাৰ সময়ত প্রতিজন আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। হেলপেট আই. এছ. আই. চিহ্নযুক্ত হ'ব লাগিব। পাগুৰি পিন্ধা শিখ সষ্প্রদায়ৰ লোক আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰেহাই দিয়া লোকৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহয়।
  35. গাড়ী চলোৱাৰ সময়ত অনুজ্ঞাপত্র, পঞ্জীয়নৰ প্রমাণপত্র, বীমাকৰণৰ প্রমাণপত্র, প্রদূষণমুক্ত প্রমাণপত্র থকাটো বাধ্যতামূলক। তদুপৰি কৰ্তৃত্বশীল বিষয়াক গাড়ীৰ অনুমতি পত্ৰ বা সক্ষমতাৰ প্রমাণপত্র দেখুওৱাটো বাধ্যতামূলক।
  36. প্রতিজন চালকে যান বাহন আইন ১৯৮৮-ৰ ১১২, ১১৩, ১২১, ১২২, ১২৫, ১৩২, ১৩৪, ১৮৫, ১৮৬, ১৯৪, ২০৬ আৰু ২০৭ ধাৰাৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী।
উৎস: Guwahati Traffic Police

No comments:

Post a Comment